১। প্ৰাৰ্থমিক বিদ্যালয়ত থাকোতে দিশ নিৰ্ণয়ৰ এটা পৰীক্ষা বা উপায় পাইছিলোঁ। ফুৰিবলৈ গ’লে, নজনা ঠাইলৈ গ’লে এতিয়াও তাকে কঁৰো। পৰীক্ষাটো এনে- সূৰ্য উদয় হোৱা ফালে পূব, পিঠিফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাঁওহাতে উত্তৰ। পাছত গম পালোঁ, সূৰ্য সদায় পূবত উদয় নহয়। জাৰকালি সূৰ্যটো পূবৰপৰা কিছু সোঁহাতলৈ মানে দক্ষিণলৈ উদয় হয়। কেৱল ২ টা দিনত সূৰ্য উদয় শুদ্ধভাৱে পূবত উদয় হয়- ২১ মাৰ্চ আৰু ২১ ছেপ্তেম্বৰত। এই দুদিনত ওপৰৰ পৰীক্ষাটো শুদ্ধ। ২১ মাৰ্চৰ পাছত মানে গৰমকালি সূৰ্যটো পূবৰপৰা কিছু বাঁওহাতে বা উত্তৰ ফাললৈ উদয় হয়। তেনেহ’লে সম্পূৰ্ণ শুদ্ধকৈ পূব-পশ্চিম, উত্তৰ- দক্ষিণ দিশ কেনেকৈ নিৰ্ণয় কৰিম? ২। মোৰ বন্ধু এজনে ক’লে- কাঁটা (নে কাঁইটীয়া) কম্পাছ এডাল ল’লে উত্তৰ- দক্ষিণ নিৰ্ণয় হৈ যাব আৰু তাৰ লম্ব দিশত পূব-পশ্চিম। মই ক’লো মোটামুটি কাম চলি যায়। কিন্তু সঠিক নহ’ল। কিয়নো ভূচূম্বকীয় উত্তৰ-দক্ষিণ আৰু ভৌগোলিক উত্তৰ-দক্ষিণৰ মাজত কিছু তফাৎ আছে। প্ৰায় ১৭০। তেনেহ’লে- সঠিক দিশ নিৰ্ণয়ত ২ টা পৰীক্ষা ১। এইটো ফৰকাল ৰাতিহে প্ৰযোজ্য। আকাশৰ ধ্ৰুৱ তৰাটো বিচাৰি উলিয়াব লাগিব। সপ্তৰ্ষি মণ্ডল অথবা কাশ্যপী তাৰকা মণ্ডল, যিকোনো এটা চিনাক্ত কৰিব পাৰিলে, ধ্ৰুৱ তৰাটো চিনাক্ত কৰিব পাৰি। আকাশৰ তৰাৰ লগত অপৰিচিত লোকে ভবাৰ দৰে ধ্ৰুৱ তৰাটো অতি উজ্জ্বল তৰা নহয়। কম উজ্জ্বল তৰাহে। সি যি নহওক- ধ্ৰুৱ তৰাৰ দিশটো সম্পূৰ্ণ উত্তৰ দিশ। উত্তৰ-দক্ষিণ জানিলে, আমি পূব পশ্চিমো জানিম। ২। সূৰ্যৰ ছাঁৰ সহায়ত। এইটো পৰীক্ষাৰ কথা ক’বলৈ বাকীখিনি পাতনিৰ দৰে হ’ল। এটুকুৰা ৰ’দঘাই ঠাই আৰু এটি ফৰকাল বা ৰ’দাল দিন লাগিব। ঠাইটুকুৰা এখন সমান মসৃণ চোতাল বা ঘৰৰ চাঁদ হ’ব লাগিব। এডাল জোং (মাৰি বা খুটি) মাটিত উলম্বভাৱে পুতি লোৱা হ’ল। উলম্ব হৈছে নে নাই জানিবলৈ কাষত এডাল ওলম (পকা মিস্ত্ৰীয়ে পকা দেৱাল সাজোতে ব্যৱহাৰ কৰা পেণ্ডুলাম) ওলমাই থ’ব পাৰি। ৰাতিপুৱাই আৰম্ভ কৰিব লাগে। ধৰা পুৱা ৯ বজাৰপৰা। ছাঁৰ দৈঘ্যটো আঁকি দিলোঁ। বা ছাঁৰ মূৰত চিন এটা দিলোঁ। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে (১৫ বা ৩০) ছাঁ আঁকি গ’লোঁ। খুঁটিটোক কেন্দ্ৰ কৰি প্ৰথম ছাঁটোৰ সমান ব্যাসাৰ্ধ লৈ বৃত্ত বা বৃত্তাংশ আঁকিলো। পাছবেলা ৪ মান বজাত ছাঁটোৱে বৃত্তটো চুব। ছাঁৰ আগটোৱে ‘C’ আখৰটো সৃষ্টি কৰিছেনে? দিশ নিৰ্ণয় হৈ গ’ল। আটাইতকৈ চুটি ছাঁটোৰ দিশেই হ’ল- আটাইতকৈ চুটি ছাঁটোৰ দিশেই হ’ল- উত্তৰ- দক্ষিণ। নতুবা প্ৰথম ছাঁ ‘পক’ আৰু শেষ ছাঁ ‘পক’ই কৰা কপখ কোণক সমদ্বিখণ্ডিত কৰিলে উত্তৰ- দক্ষিণ পোৱা যাব আৰু তাৰ লম্ব দিশত পূব- পশ্চিম। প্ৰশ্নঃ সকলো দিনতে, সকলো মাহতে ছাঁ একে থাকিবনে? কৈ থওঁ ৪ৰ্থ মানৰপৰা দশমমান শ্ৰেণীলৈকে এইটো এটা অতি ভাল প্ৰকল্প হ’ব। ওপৰৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীয়ে প্ৰকল্পটো বছৰ জুৰি কৰিব পাৰে। নিজৰ ঘৰ বা ওচৰৰ গছৰ ছাঁ বছৰ জুৰি লক্ষ্য কৰিলেও বহু কথা জনা যাব। জানি থওঁ ‘মায়া’ সভ্যতাৰ লেখকসকলে/ বিজ্ঞানীসকলে কেলেণ্ডাৰ তৈয়াৰ কৰিছিল- এই ছা চাই। ইৰিষ্ঠস্থানিছে, পৃথিৱীৰ পৰিধি জুখিছিল (অতি শুদ্ধকৈ) এই ছাঁৰ সহায়ত। লিখকঃ তপন কুমাৰ শৰ্মা