পবিতৰা অভয়াৰণ্য (অৱস্থিতি: মৰিগাঁও জিলা) মাটিকালি: ৩৮.৩১ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৮৭ চনত পবিতৰাক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়। উল্লেখযোগ্য বন্যপ্রাণী: গঁড়, ম'হ, বন গাহৰি, বিভিন্ন প্ৰজাতিৰ হাঁহ, হৰিণা, বিভিন্ন প্ৰজাতিৰ জলচৰ আৰু স্থলচৰ চৰাই। গৰমপানী অভয়াৰণ্য (অৱস্থিতি: কাৰ্বি আংলং জিলা) মাটিকালি: ৬.০৫ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৫২ চনত ইয়াক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হয়। এই অভয়াৰণ্যত গৰমপানীৰ উঁহ আছে। উল্লেখযোগ্য বন্যপ্রাণী: হাতী, হৰিণা, বান্দৰ, বাঘ, বন গাহৰি, ধনেশ, ফেঁচা, দহিকতৰা, ডৰিক, ডাউক আদি। লাওখোৱা অভয়াৰণ্য (অৱস্থিতি: নগাঁও জিলা) নগাঁও জিলাত অৱস্থিত এখন অভয়াৰণ্য লাওখোৱা। এই অভয়াৰণ্যৰ মাটিকালি ৭০.১৩ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৭৯ চনত লাওখোৱাক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়। বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, মাছ আৰু চৰাইৰ বাবে এই অভয়াৰণ্য বিখ্যাত। লাওখোৱা এসময়ত বৃহৎ এশিঙীয়া গঁড়ৰ অন্যতম আবাসভূমি আছিল। বৰনদী অভয়াৰণ্য (অৱস্থিতি: ওদালগুৰি জিলা) মাটিকালি: ২৬.২৫ বর্গ কিলোমিটার (২০২১-২২)। ১৯৮১ চনত বৰনদীক অভয়াৰণ্যৰূপে স্বীকৃতি দিয়া হয়। উল্লেখযোগ্য বন্যপ্রাণী: নল গাহৰি, খটীয়া পহু, বান্দব, ম'হ, ভালুক, নাহৰফুটুকী বাঘ, বিভিন্ন প্রজাতিৰ চৰাই আদি। সোণাই-ৰূপাই অভয়াৰণ্য (অৱস্থিতি: শোণিতপুৰ জিলা) মাটিকালি: ২২০ বর্গ কিলোমিটাৰ (২০২১-২২)। উল্লেখযোগ্য বন্যপ্রাণী: গঁড়, হাতী, বাঘ, বিভিন্ন প্রজাতিব জলচৰ আৰু স্থলচৰ চৰাই আদি। পাভ অভয়াৰণ্য (অৱস্থিতি: লখিমপুৰ জিলা) মাটিকালি : ৪৯ বর্গ কিলোমিটাৰ (২০২১-২২)। এই অভয়াৰণ্য ঘাইকৈ বনৰীয়া ম'হ আৰু হাতীৰ বাবে বিখ্যাত। দীপৰ বিল পক্ষী অভয়াৰণ্য (অৱস্থিতি: কামৰূপ (মহানগৰ) জিলা) মাটিকালি: ৪.১০ বর্গ কিলোমিটাৰ (২০২১-২২)। উল্লেখযোগ্য বন্যপ্রাণী: প্রায় ১২০ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু হাঁহ, হলৌ বান্দৰ, হাতী, বাঘ আদি। বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য (অৱস্থিতি: লখিমপুৰ, ধেমাজি জিলা) মাটিকালি: ১১.২৫ বর্গ কিলোমিটাৰ (২০২১-২২)। লখিমপুৰ আৰু ধেমাজি জিলা সামৰি অৱস্থিত এই অভয়াৰণ্য বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণভূমি। পানীদিহিং পক্ষী অভয়াৰণ্য (অৱস্থিতি: শিৱসাগৰ জিলা) মাটিকালি: ৩৩.৯৩ বর্গ কিলোমিটাৰ (২০২১-২২)। ১৯৯৬ চনত অসম চৰকাৰে পানীদিহিঙক পক্ষী অভয়াৰণ্যৰূপে ঘোষণা কৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত শিৱসাগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অভয়াৰণ্যখন অৱস্থিত। ইয়াত বর্তমানলৈকে ১৬৫ বিধ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ সন্ধান পোৱা গৈছে। চৰাইসমূহৰ ভিতৰত দেওহাঁহ, শৰালি, চাকৈচকোৱা, ধৃতৰাজ, কামচৰাই আদি প্রধান। বিভিন্ন প্রজাতিৰ জলজ উদ্ভিদ আৰু ঘাঁহনিৰ বাবেও পানীদিহিং বিখ্যাত। বৰাক ভুৱন অভয়াৰণ্য (অৱস্থিতি: কাছাৰ জিলা) মাটিকালি: ৩২০.০০ বর্গ কিলোমিটাৰ (২০২১-২২)। বৰাক ভুৱন বৰাক উপত্যকাৰ দ্বিতীয়খন অভয়াৰণ্য (প্ৰথমখন বৰাইল অভয়াৰণ্য)। ২০২২ চনত অসম চৰকাৰে বৰাক ভুৱনক অভয়াৰণ্য হিচাপে ঘোষণা কৰে। উল্লেখযোগ্য বন্যপ্রাণী: লাজুকী বান্দৰ, পাহাৰীয়া বান্দৰ, হলৌ বান্দৰ, মলুৱা বান্দৰ, অসমীয়া বান্দৰ, টুপীমুৰীয়া বান্দৰ, সোণালী বান্দৰ, ৰজা ফেঁটী আদি। বিহালী অভয়াৰণ্য (অৱস্থিতি: বিশ্বনাথ জিলা) মাটিকালি: ১৫৭.২৫ বর্গ কিলোমিটাৰ (২০২১-২২)। ২০২২ চনৰ ৪ মে'ত বিহালী সংৰক্ষিত সাঞ্চলক বিহালী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য বন্যপ্রাণী: টুপিমূৰীয়া বান্দৰ, ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, লতামাকৰি বাঘ, হৰিণা, বনৰীয়া গাহৰি, দেওহাঁহ আদি। এই অভয়াৰণ্য শোণিতপুৰ হস্তী সংৰক্ষিত বনাঞ্চলৰো এটা অংশ। গড়ভঙা অভয়াৰণ্য (অৱস্থিতি: কামৰূপ মহানগৰ) জিলা) মাটিকালিঃ ১১৭.০০ বর্গকিলোমিটাৰ (২০২১-২২)। গড়ভাঙা অভয়াৰণ্য গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অসম-মেঘালয়ৰ সীমাত আৰু দীপৰ বিলৰ নিচেই কাষতে থকা এখন অভয়াৰণ্য। ২০২২ চনৰ ৭ এপ্ৰিলত অসম চৰকাৰে গড়ভাঙা সংৰক্ষিত বনাঞ্চলক বন্যপ্রাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। উল্লেখযোগ্য বন্যপ্রাণী: হাতী, হৰিণা, শিয়াল, সাপ, বন গাহৰি, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ, পখিলা, মকৰা আদি। প্ৰসংগ পুথি : নতুন জানানে