উদ্ভিদেই হওক, প্ৰাণীয়েই হওক বা খালী-চকুৰে নেদেখা অনুজীৱই হওক, জীৱ এটাৰ বিভিন্ন দোষ-গুণ-চৰিত্ৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ যায় । সেইবাবেই জহাধানৰ গছ এজোপাত জহাধানেই লাগে, কোনো শিশু এটাৰ মুখৰ গঢ় মাক বা দেউতাকৰ নিচিনা হয় ইত্যাদি । অৱশ্যে, এই দোষ-গুণ-চৰিত্ৰবিলাকৰ এই বংশগতিত বিভিন্ন বাহিৰা (যেনে, জীৱ এটাৰ খাদ্যাভাস) বা ভিতৰুৱা (যেনে, জীৱ এটাৰ অন্যান্য চৰিত্ৰবিলাক) কাৰকেও প্ৰভাৱ পেলোৱাৰ বাবে শিশু এটা মাক দেউতাকৰ লগত সাইলাখ একে প্ৰায়েই নহয় । জীৱৰ বংশগতিৰ প্ৰক্ৰিয়াটো যথেষ্ট জটিল । বংশগতিৰ বিজ্ঞানসন্মত অধ্যয়ন- বংশগতিৰ বিজ্ঞানসন্মত অধ্যয়ন প্ৰকৃতাৰ্থত আৰম্ভ হয় ১৮৬৬ চনতহে । অষ্ট্ৰিয়াৰ এটা গীৰ্জাৰ পুৰোহিত গ্ৰেগৰ জোহান মেণ্ডেলেই (চিত্ৰ - ১) আছিল আজিৰ বংশগতি-বিদ্যাৰ প্ৰতিষ্ঠাতা । ১৮৫৬ৰ পৰা ১৮৬৫ চনৰ ভিতৰত মটৰ মাহৰ গছ আৰু গুটিৰ বিভিন্ন চৰিত্ৰৰ বংশগতি অধ্যয়নৰ দ্বাৰা তেওঁ ১৮৬৬ বংশগতিৰ দুটা মূল সূত্ৰ আগবঢ়াইছিল । পিছে, ১৯০০ চনলৈকে মেণ্ডেলৰ অধ্যয়নে বিজ্ঞানী-সমাজৰ বিশেষ গুৰুত্ব পোৱা নাছিল; সেই বছৰহে হিউগ’ ডি ভ্ৰিছ (নেডাৰলেণ্ডছ্), কাৰ্ল কৰেন্স (জাৰ্মানী) আৰু এ’ৰিক ভন শ্বাৰমাৰ্ক (অষ্ট্ৰিয়া) নামৰ তিনিজন বিজ্ঞানীয়ে মেণ্ডলৰ কামৰ প্ৰকৃত মূল্যায়ন কৰে (ইয়াকে কোৱা হয় মেণ্ডেলৰ পুনঃআৱিষ্কাৰ বুলি) । গুৰুত্বপূৰ্ণ কথাটো হ’ল – বংশগতি বহন কৰা প্ৰকৃত পদাৰ্থ আৰু তাৰ ভৌতিক ধৰ্মসমূহ সেই সময়ত বুজাই হোৱা নাছিল যদিও মেণ্ডেলে আগবঢ়োৱা এই দুটা বংশগতিৰ সূত্ৰৰ কিছু সাল-সলনি তথা পৰিস্থিতি-সাপেক্ষে অলপ ব্যতিক্ৰম হ’লেও সূত্ৰ দুটা মোটামোটিভাবে আজিও প্ৰযোজ্য । বংশগতিৰ বাহক হিচাপে নিউক্লিক এছিডে কাম কৰাৰ কথা ১৯২৮ চনতহে বিজ্ঞানী গ্ৰিফিথৰ পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছিল । মেণ্ডেলৰ প্ৰথমটো সূত্ৰমতে জীৱৰ প্ৰত্যেকটো চৰিত্ৰ বহন কৰাৰ বাবে দুটা বা এযোৰ ভৌতিক কাৰক থাকে আৰু এই কাৰক দুটা জীৱটোৰ নতুন প্ৰজন্মলৈ যাওঁতে ভাগ ভাগ হৈ যায় । ফলত জীৱ এটাৰ পৰা জন্ম হোৱা অপত্যই এই কাৰক দুটাৰ এটাহে লাভ কৰে । পিতৃ আৰু মাতৃৰ পৰা লাভ কৰা এটাকৈ কাৰক অপত্যৰ প্ৰথম কোষটোত আৰু তাৰপৰা বিভাজন হৈ সৃষ্টি হোৱা ভৱিষ্যতৰ কোষবিলাকত এযোৰ হৈ পৰে । জীৱৰ বংশগতিৰ কাৰক হিচাপে নিউক্লিক এছিডৰ আৱিষ্কাৰ আৰু ১৯৫৩ চনত জেম্চ ৱাটচন আৰু ফ্ৰাঞ্চিছ ক্ৰিকৰ দ্বাৰা ডি এন এ’ নামৰ নিউক্লিক এছিডবিধৰ গঠন নিৰ্ণয়ৰ পিছত বৰ্তমান আমি জানো যে দৰাচলতে মেণ্ডেলে কোৱা এই দুটা কাৰক দুডাল যুৰীয়া ক্ৰ’ম’জ’মৰ বাদে একো নহয় । এই ক্ৰ’ম’জ’ম দুডাল জীৱৰ প্ৰজনন কোষত (পুং অথবা স্ত্ৰী) এডাল এডালকৈ ভাগ হৈ যায় (কাজেই, জীৱৰ প্ৰজনন কোষত দেহকোষৰ আধা সংখ্যক ক্ৰ’ম’জ’মহে থাকে) আৰু পিছত, প্ৰজননৰ দ্বাৰা পুং আৰু স্ত্ৰী প্ৰজননকোষৰ মিলনৰ পিছত এই ক্ৰ’ম’জ’ম দুডালে যোৰ পাতে । উল্লেখনীয় যে আজি আমি জানো যে অধিকভাগ ওপৰখাপৰ জীৱ (উদ্ভিদ আৰু প্ৰাণী)ৰ ক্ষেত্ৰতে এইদৰে যুৰীয়া ক্ৰ’ম’জ’ম থাকে যদিও কিছুমান বিশেষ বিশেষ জীৱৰ ক্ষেত্ৰত এযোৰতকৈ বহু বেছি যোৰ ক্ৰমজ’মো থাকিব পাৰে । এনে জীৱৰ উদাহৰণ চেপেটা-কৃমি, জোক, কল, আলু, কুহিঁয়াৰ ইত্যাদি, আৰু এনেবোৰ জীৱৰ ক্ষেত্ৰত বংশগতি সামান্য জটিল । মেণ্ডেলৰ দ্বিতীয়তো সূত্ৰৰ মতে জীৱৰ প্ৰত্যেকটো চৰিত্ৰৰ বাবে এইদৰে এযোৰ এযোৰ কাৰক থাকে আৰু পিতৃ-মাতৃৰ পৰা অপত্যলৈ যোৱাৰ সময়ত সেইবোৰ নিজৰ নিজৰ মতে যায়, অৰ্থাৎ এযোৰ কাৰকৰ বংশগতিৰ লগত আন এযোৰ কাৰকৰ বংশগতিৰ কোনো সম্পৰ্ক নাথাকে । বৰ্তমান সময়ত অৱশ্যে আমি জানো যে এযোৰ কাৰকৰ আন এযোৰ কাৰকৰ লগত সম্পৰ্কহীনতাৰ ধাৰণাটো এশ শতাংশই সত্য নহয় । সৌভাগ্যক্ৰমে, মেণ্ডেলে তেওঁৰ গৱেষণাত ব্যৱহাৰ কৰা সাতটা চৰিত্ৰৰ আটাইকেইটাই ইটো সিটোৰ লগত সম্পৰ্কহীন আছিল যদিও জীৱৰ কিছুমান চৰিত্ৰ অন্য চৰিত্ৰৰ লগত কেতিয়াবা কম-বেছি পৰিমাণে যুক্ত হৈও থাকে । দৰাচলতে, ওপৰত কোৱা ক্ৰ’ম’জ’ম এডালে কেৱল এটা চৰিত্ৰই বহন নকৰে । ক্ৰ’ম’জ’ম এডালৰ একোটা একোটা সৰু-ডাঙৰ অংশইহে এটা বিশেষ চৰিত্ৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বহন কৰে; অৰ্থাৎ এডাল ক্ৰ’ম’জ’মেই বহুকেইটা চৰিত্ৰ বহন কৰে । এইদৰে চৰিত্ৰবিলাক পিতৃ-মাতৃৰ পৰা অপত্যলৈ যাওঁতে দুটা চৰিত্ৰ যদি ক্ৰ’ম’জ’ম এডালৰ দুটা দূৰৰ অংশত অৱস্থিত হয়, তেন্তে দুইটা চৰিত্ৰ ‘ক্ৰছিং অ’ভাৰ’ নামৰ এক বিশেষ প্ৰক্ৰিয়াৰে মেণ্ডেলে কোৱাৰ দৰে ইটো সিটোৰ পৰা স্বাধীনভাবে বাহিত হ’ব পাৰিলেও সেই দুটা চৰিত্ৰক ক্ৰ’ম’জ’মডালৰ দুটা তেনেই ওচৰা-ওচৰি অংশই নিয়ন্ত্ৰণ কৰিলে সিহঁত পিতৃ-মাতৃৰ পৰা অপত্যলৈ একেলগে বাহিত হোৱাৰ সম্ভাৱনা বেছি থাকে । কাজেই, দুটা চৰিত্ৰ নিয়ন্ত্ৰণকাৰী এডাল ক্ৰ’ম’জ’মৰ এনে দুটা অংশৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰি দুটা চৰিত্ৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক বেছি বা কম হয় । দুটা চৰিত্ৰ যদি দুডাল বেলেগ বেলেগ ক্ৰ’ম’জ’মৰ দুটা অংশই নিয়ন্ত্ৰণ কৰে, তেন্তে চৰিত্ৰ দুটা এটাৰ পৰা আনটো সম্পূৰ্ণৰূপে স্বাধীন হয় । গতিকেই, এইখিনিতে এটা কথা বুজিব পৰা যায় যে মেণ্ডেলে গৱেষণাৰ ব্যৱহাৰ কৰা চৰিত্ৰকেইটা সম্পূৰ্ণৰূপে ইটোৰ পৰা সিটো সম্পৰ্কবিহীন আছিল বাবেই তেওঁ নিজৰ গৱেষণাত আশা কৰা ধৰণৰ ফলাফলেই পাবলৈ সক্ষম হৈছিল । ওপৰত কোৱা, একো একোটা চৰিত্ৰ নিয়ন্ত্ৰণ কৰা ক্ৰ’ম’জ’মবিলাকৰ সৰু-ডাঙৰ অংশবিলাককেই কোৱা হয় একো একোটা ‘জিন’ বুলি । অৰ্থাৎ, অন্যধৰণে ক’বলৈ গ’লে, সাধাৰণভাবে, জীৱৰ একো একোটা চৰিত্ৰ একো একোটা জিনে নিয়ন্ত্ৰণ কৰে । ওপৰত উল্লেখ কৰা হৈছে যে ১৯২৮ চনত জীৱৰ চৰিত্ৰৰ বাহক হিচাপে নিউক্লিক এছিড আৱিষ্কৃত হ’ল আৰু ১৯৫৩ চনত ডি এন এ’ৰ ভৌতিক গঠনো ধৰা পৰিল । লগে লগে এই কথা স্পষ্ট হৈ পৰিল যে দৰাচলতে এই ক্ৰ’ম’জ’মবিলাক ভৌতিকভাবে একো একোটা দীঘল ডি এন এ’ৰ অনু আৰু এই ডি এন এ’ডালৰ একো একোটা অংশই আচলতে একো একোটা জিন হিচাপে কাম কৰে । প্ৰশ্ন উঠে, - একেডাল ডি এন এ’ৰ বেলেগ বেলেগ অংশইনো কিদৰে বেলেগ বেলেগ চৰিত্ৰ নিয়ন্ত্ৰণ কৰে । প্ৰকৃততে ডি এন এ’ৰ (আৰ এন এ’ নামৰ অন্যবিধ নিউক্লিক এছিডৰো) দীঘল অনুটো এটা বহুযোজী পদাৰ্থ (polymer); নিউক্লিয়’টাইড নামৰ সৰু সৰু গোট কিছুমান এটাৰ পিছত এটা লগ লাগি নিউক্লিক এছিডৰ দীঘল অনু এটা গঠিত হয় । এই নিউক্লিয়’টাইডবিলাকৰ তিনিটা অংশ – এটা ফছ্ফেট মূলক, এটা পাঁচটা কাৰ্বন থকা শৰ্কৰাৰ অনু আৰু এটা নাইট্ৰ’জেন-জাতীয় (নাইট্ৰ’জেনৰ বহুকেইটা পৰমাণু থকাৰ বাবে এইদৰে কোৱা হয়) ক্ষাৰৰ অনু (চিত্ৰ – ২) । সকলো নিউক্লিয়’টাইডৰ ফছ্ফেট আৰু শৰ্কৰাৰ অংশটো একেই হয়- সকলো নিউক্লিয়’টাইডৰ ফছ্ফেট আৰু শৰ্কৰাৰ অংশটো একেই হয়, কিন্তু নাইট্ৰ’জেন-জাতীয় ক্ষাৰৰ অংশটো চাৰিধৰণৰ হ’ব পাৰে । ডি এন এ’ত থকা চাৰিবিধ নাইট্ৰ’জেন-জাতীয় ক্ষাৰ হ’ল এ’ডিনিন, গুৱানিন, চাইট’চিন আৰু থাইমিন (আৰ এন এ’ত থাইমিনৰ সলনি থাকে ইউৰাচিল নামৰ ক্ষাৰবিধ) । এই চাৰিবিধ ক্ষাৰৰ কোনটো থাকে, তাৰ ওপৰত নিৰ্ভৰ কৰি নিউক্লিয়’টাইডবিলাকৰ নাম ভিন ভিন হয়; এ’ডিনিন থকা নিউক্লিয়’টাইডটোক কোৱা হয় এ’ডিন’চাইন নিউক্লিয়’টাইড, গুৱানিন থকা নিউক্লিয়’টাইডটোৰ নাম গুৱান’চাইন নিউক্লিয়’টাইড, চাইট’চিন থাকিলে সেইটো নিউক্লিয়’টাইডক কোৱা হয় চাইটিডিন নিউক্লিয়’টাইড আৰু থাইমিন যুক্ত হৈ থকা নিউক্লিয়’টাইডটো হ’ল থাইমিডিন নিউক্লিয়’টাইড । এতিয়া, ডি এন এ’ৰ অনু এটাত থকা এই চাৰিবিধ নিউক্লিয়’টাইড বেলেগ বেলেগ কিন্তু নিৰ্দিষ্ট ক্ৰমত সজ্জিত হৈ কোটি কোটি নিউক্লিয়’টাইড থকা ডি এন এ’ৰ দীঘল অনু এটাৰ সৃষ্টি হয় । জিন একোটাত, অৰ্থাৎ, নিৰ্দিষ্ট এডোখৰ ডি এন এ’ত থকা এই নিউক্লিয়’টাইডবিলাকৰ সংখ্যা আৰু ক্ৰমৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে বেলেগ বেলেগ চৰিত্ৰ বহন কৰে । পুৰুষাণুক্ৰমে এই ডি এন এ’ৰ অনুবিলাক (কিছুমান নিম্নস্তৰৰ জীৱ, যেনে, কিছুমান ভাইৰাছ আদিৰ ক্ষেত্ৰত আৰ এন এ’ৰ অনুবিলাক) একেই নিৰ্দিষ্ট ক্ৰমত সংবাহিত হৈ থাকে আৰু কাজেই সিহঁতে একোটাহঁত চৰিত্ৰই বহন কৰি গৈ থাকে । যদিহে জিনবিলাকে পুৰুষাণুক্ৰমে একেই চৰিত্ৰ বহন কৰে, তেন্তে পিতৃ-মাতৃৰ লগত অপত্যৰ সকলো গুণ একে নহয় কিয় ? ইয়াৰ কাৰণ হ’ল – জিনবিলাকৰ মাজত একধৰণৰ বিশেষ সম্পৰ্ক চৰিত্ৰ এটা প্ৰকাশৰ বাবে দায়ী (আচলতে বেছিভাগ সময়তে এটা চৰিত্ৰৰ প্ৰকাশৰ বাবে বহুকেইটা জিনৰ প্ৰয়োজন হয়) । এটা চিধা উদাহৰণৰ দ্বাৰা কথাটো বুজাবলৈ চেষ্টা কৰোঁ । আমি জানো, মানুহৰ তেজৰ গ্ৰুপ চাৰিটা – এ’ (A), বি (B), এ’বি (AB) আৰু অ’ (O) । দৰাচলতে, মানুহৰ তেজৰ গ্ৰুপ তিনিটা জিনে নিয়ন্ত্ৰন কৰে; তাৰে এটাৰ নাম A, এটা B আৰু এটা নিস্ক্ৰিয় জিন (O) । A জিনটোৱে A নামৰ এবিধ প্ৰ’টিন প্ৰস্তুত কৰে, Bয়ে প্ৰস্তুত কৰে B প্ৰ’টিন আৰু O নামৰ নিস্ক্ৰিয় জিনটোৱে একো প্ৰ’টিন প্ৰস্তুত নকৰে । গতিকে, এজন মানুহৰ যদি তেজৰ গ্ৰুপ হয় A, তাৰমানে তেওঁৰ তেজৰ গ্ৰুপৰ বাবে থকা জিনযোৰ হ’ব পাৰে AA বা AO । যদিহে এই জিনযোৰ হয় BB বা BO, তেন্তে তেওঁৰ তেজৰ গ্ৰুপ হ’ব B; কিন্তু যদিহে তেওঁৰ এই জিনযোৰ হয় AB, তেন্তে তেওঁৰ তেজৰ গ্ৰুপ হ’ব AB । আনহাতে, এই জিনযোৰ OO হ’লে মানুহজনৰ তেজৰ গ্ৰুপ হ’ব O । এতিয়া ধৰা হ’ল, A পুৰুষ এজন (অৰ্থাৎ, তেওঁৰ তেজৰ গ্ৰুপ A) আৰু BO মহিলা এগৰাকী (অৰ্থাৎ, তেওঁৰ তেজৰ গ্ৰুপ B)ৰ মাজত হোৱা যৌন-সম্পৰ্কৰ ফলত এটা শিশুৰ জন্ম হ’ল । এতিয়া, এই শিশুটোৰ তেজৰ গ্ৰুপ A, B, AB অথবা O – যিকোনো এটাই হ’ব পাৰে । চিত্ৰ – ৩য়ে এই কথাটো পাঠকসকলক বুজাত সহায় কৰিব । এইটো এটা সহজ উদাহৰণ; কিন্তু, কিছুমান জিনৰ বহুকেইটা ধৰণ বা এলিল (A, B, O – এইবোৰক এটা জিনৰ বেলেগ বেলেগ একোটাহঁত এলিল বুলি কোৱা হয় ) থাকিব পাৰে । বহুসময়ত আকৌ সেইবোৰৰ মাজৰ সম্পৰ্ক ওপৰত কোৱাৰ দৰে সহজ নহয় । এনেবোৰ কাৰণতে জীৱৰ চৰিত্ৰবিলাক পুৰুষাণুক্ৰমে কিছু পৰিমাণে সলনি হয় । তাৰোপৰি, পৰিৱেশ আৰু অন্যান্য কাৰকৰ প্ৰভাৱত হোৱা উৎপৰিৱৰ্তনৰ ফলতো জিন এটাৰ নতুন নতুন এলিল সৃষ্টি হ’ব পাৰে । আকৌ, কিছুমান জিনৰ চৰিত্ৰ প্ৰকাশৰ ক্ষেত্ৰত পৰিবেশৰ প্ৰভাৱো বেছি । দৰাচলতে, এটা জীৱক তাৰ সকলো জিন আৰু পৰিৱেশৰ উৎপাদন বুলিয়েই কোৱা হয় (দেখাই-শুনাই একে দুটা যঁজা সন্তানক দুটা বেলেগ বেলেগ সামাজিক, প্ৰাকৃতিক পৰিৱেশত ৰাখিলে তেওঁলোকৰ দোষ-গুণ-চৰিত্ৰবিলাক বেলেগ বেলেগ ধৰণে বিকশিত নহ’ব হৈ নপৰিব জানো?) । জিন, জিনৰ এলিল, ইটোৰ লগত সিটো জিনৰ সম্পৰ্ক – এইধৰণৰ কথাবিলাক তত্বগতভাবে সহজ হ’লেও ব্যৱহাৰিকভাবে এইবোৰৰ অধ্যয়ন অত্যন্ত জটিল । সেইবাবেই অদ্যপি এইধৰণৰ কথাবিলাক খোকোজা নথকাকৈ বুজি উঠা হোৱা নাই । উদাহৰণস্বৰূপে, মানুহৰ কোষত থকা তেইশযোৰ ক্ৰ’ম’জ’মৰ আটাইবোৰ নিউক্লিয়’টাইডৰ ক্ৰম বিজ্ঞানীসকলৰ জ্ঞাত হৈছে যদিও তাত থকা আটাইবোৰ জিন, সেইবোৰৰ কাম, সেইবোৰৰ ইটো সিটোৰ লগত থকা সম্পৰ্ক আদি অদ্যপি সম্পূৰ্ণৰূপে জনা হোৱাগৈ নাই (ঘৰিয়াল, ৰজা-ফেঁটী, পাৰ আদিকে ধৰি অন্য বহুকেইবিধ জন্তুৰ সকলো নিউক্লিয়’টাইডৰ ক্ৰমো ইতিমধ্যে জ্ঞাত হৈছে) । উল্লেখযোগ্য যে মানুহৰ তেইশযোৰ ক্ৰ’ম’জ’মত থকা মুঠ জিনৰ সংখ্যা বিশৰ পৰা ত্ৰিশ হাজাৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে । উদ্ভিদৰ ক্ষেত্ৰতো ধান, বিলাহী, বেঙেনা, জলকীয়া আদিৰ আটাইবিলাক নিউক্লিয়’টাইডৰ ক্ৰম বিজ্ঞানীসকলে জানিছে যদিও বহু কথা এতিয়াও জানিবলৈ, বুজিবলৈ বাকী । প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে মানুহৰ গণনাৰ ক্ষমতা দ্ৰুতভাবে বঢ়াই অনাৰ লগে লগে এইবোৰ কথা সহজে আৰু সোনকালেই বুজি পোৱা হ’ব বুলি আশা কৰা হৈছে । এনে হ’লে অদূৰ ভৱিষ্যতে মানৱ-সভ্যতা এক অন্যন্য ৰূপত উদ্ভাসিত হৈ পৰিব বুলি ধাৰণা কৰিবলৈ অসুবিধা নহয় । লিখক: ড° বসন্ত কুমাৰ বৰা সহকাৰী অধ্যাপক, কৃষি জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট – ১৩ ই-মেইল: basantabora@gmail.com; ফোন: ০৮০১১০৫০২৯৯