ভাৱ সম্প্ৰসাৰণ কৰা অচিন কাঠৰ থোৰাকো নলগাবা: ধান বানিবলৈ বা চিৰা খন্দিবলৈ টান, লিকটা কাঠৰ থোৰাৰ প্রয়োজন। সি নির্ভৰশীল, তদুপৰি নিৰাপদ। চিনি নোপোৱা, যি কোনো কাঠৰ থোবা এফালে নির্ভৰশীলো নহয়, আনফালে হঠাতে ভাঙি হাত ঘূণীয়া কৰাৰ সম্ভাবনাই আটাইতকৈ বেছি। সেইবাবে চিনাকি, সুকাঠী কাঠৰ থোৰা লগোৱাহে উচিত। সেইদৰে যি মানুহৰ স্বভাৱ-চৰিত্ৰ জনা নাযায় আৰু পৰিচয়ো পোৱা নাযায়, তেনে লোকৰপৰা বিপদ হোৱাৰো সম্ভাৱনা থাকে। গতিকে তেনে অপৰিচিত, অজ্ঞাতকুলশীল লোকক আশ্রয় দিয়াও উচিত নহয় আৰু সামান্য কামত হ'লেও সম্পৰ্ক ৰখা জ্ঞানী লোকৰ কাম নহয়। আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভংগ কৰা: যাত্ৰাৰ কালত অংগ-ক্ষত লোকক দেখাটো অমংগলজনক বুলি মানুহৰ বিশ্বাস। সেইবাবে যাত্ৰাৰ মুহূৰ্তত অংগ-ক্ষত লোক দেখিলে যাত্রা স্থগিত ৰখা হয়। সতিনীসকল স্বাভাৱিকতে ঈর্ষাপৰায়ণ। মাকৰ ঘৰলৈ যোৱাটো বৰ আনন্দৰ আৰু হেঁপাহৰ কথা; সেইবাবে কোনো সতিনী মাকৰ ঘৰলৈ যাবলৈ ওলোৱাটো অন্য সতিনীৰ বাবে অতিশয় ঈৰ্ষাৰ কথা হৈ পৰে আৰু কি উপায়েৰে যাত্রা ভংগ কৰাব, তাৰেই চিন্তাত মগ্ন হৈ পৰে। তেওঁলোকে কেতিয়াবা এনে ঈর্ষাপৰায়ণ হৈ পৰে যে যাত্রা ভংগ কৰাৰ কোনো উপায় নাপালে নিজ নাক কাটিও অংগ-ক্ষত অৱস্থাতে আনজনীয় সন্মুখত দেখা দি যাত্রা ভংগ কৰায়। অর্থাৎ নিজৰ মহা অনিষ্ট সাধন কৰি আন সতিনীৰ সামান্য অপকাৰ কৰিব পাৰিলেও মহা সন্তোষ পায়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে ঈর্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি হ'লেও আনৰ সামান্য অনিষ্ট কবি সন্তোষ লাভ কৰে। আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা: আদা উপকাৰী বস্তু; ই হজমকাৰক, তদুপৰি নানা ঔষধৰ উপকৰণ। ইয়াক আঞ্জাত আৰু আন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেঁতুৰি একে জাতীয় বস্তু হ'লেও ই মানুহৰ খাদ্যও নহয় আৰু কোনো কামতো নালাগে। আদাক মানুহে খোৱা দেখি কেঁতুৰিয়ে নিজক অভক্ষ্য বুলি জানিও মানুহে খাওক বুলি উপযাচিয়ে গা পাতি দিয়ে। তথাপি তাক মানুহে নাখায়। সেইদৰে, সংসাৰত এনে কিছুমান মানুহ আছে যি নিজে কোনো কামৰ অযোগ্য বুলি জানিও, নিজেই পৰিচয়। গুণ বখানি নিজৰ যোগ্যতা প্রতিপন্ন কৰিব বিচাৰে। জ্ঞানী লোকে তেনে লোকক অযোগ্য বুলি জানি সততে ত্যাগ কৰি চলে। উদক ভেঁটা ৰখীয়া পতা: চেঁপা পাতি মাছ ধৰিবলৈ মানুহে জান-জুৰি আদিত ভেটা মাৰে। ভেটাত বাধা পাই ডাঙৰ মাছবোৰে জঁপিয়াই পাৰ হ'বলৈ চেষ্টা কৰে। সেইবাৰে ভেঁটাত ৰখীয়া থাকে। উদ স্বভাৱতে মাছৰ লুভীয়া। তেনে ক্ষেত্রত উদক যদি ভেঁটা ৰখীয়া পতা যায়, তেনেহ'লে সি মাছক জঁপিওৱাত বাধা দিয়া দূৰৰ কথা, খায়েই অন্ত কৰিব। গতিকে উদক ভেঁটা ৰখীয়া পতাটো কোনো মতেই যুক্তিসংগত হ'ব নোৱাৰে। সেইদৰে লুভীয়া মানুহকো তেওঁলোকে ভাল পোৱা বস্তুৰ ৰখীয়া পাতিলেও একে অৱস্থাই হ'ব। এতেকে লুভীয়া লোকক ৰখীয়া পতা উচিত নহয়। উলুৰ লগত বগৰী পোৰা যোৱা : উলুৱনিৰ মাজত বগৰী গছ প্ৰায়ে থকা দেখা যায়। বগৰীৰ ফল হয়; ইয়াক জীৱ-জন্তু, মানুহে খায়, ই জীৱৰ উপকাৰী। উলৰপৰা মানুহৰ তেনে উপকাৰ নহয়, খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পোলোৱা হয়; সেই জুইয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কবে। আনৰ সংগত থকা বাবেই, আনৰ দোষতে বগৰীও পোৰা যায়। ইয়াৰ দ্বাৰা ইয়াকে বজাইছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসৎ সংগত থাকিলে সজ লোকো অনেক সময়ত বিপদত পৰিব লগা হয়। সেইবাবে মংগল কামনা কৰা লোকসকলে অসৎ সংগনপবা সদায় আঁতৰত থকা উচিত। ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি: স্বৰ্গৰাজ ইন্দ্ৰ দেৱতাৰ ৰজা। ইন্দ্ৰই ৰাজসভাত দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূৰ্ণ বিষয়বোৰ গভীৰভাৱে আলোচনা কৰে। ফেঁচা কুলক্ষণীয়া প্ৰাণী, ইন্দ্ৰৰ ৰাজসভাত কুৎসিৎ ফেঁচাৰ উপস্থিতিয়েই শোভা নাপায়, তাতে আকৌ কর্কশ আৰু অমংগলীয়া কুৰুলি আৰু অবাঞ্ছনীয়। তাত বিদ্যাধৰী, অপ্সৰী, গন্ধর্বসকলৰ সুললিত গীতহে শোভনীয়, ফেঁচাৰ কুকলি হাস্যাস্পদ, ঘৃণনীয় আৰু অশোভনীয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে গুৰু-গম্ভীৰ বিষয় আলোচিত গুৰুত্বপূর্ণ সভাত, অমংগলীয়া আৰু অপদার্থ লোকৰ উপস্থিতি আৰু বক্তৃতা অবাঞ্ছনীয়। অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্টঃ বান্দৰ অতি মূর্খ প্রাণী। বৰষুণত তিতি-বুৰি জৰুলি জুপুৰি হৈ কষ্ট পোৱা বান্দৰবোৰক টোকোৰা চৰাইবিলাকে নিজৰ উদাহৰণ দেখুৱাই বাহ সাজি ল'বলৈ উপদেশ দিছিল। কিন্তু মূর্খ বান্দৰবোৰে বিদ্রূপ কৰা বুলিহে ভাবি টোকোৰাৰ কণীবোৰো নষ্ট কৰিলে আৰু বাহবোৰো ভাঙি ছিঙি ধ্বংস কৰিলে। টোকোৰাবোৰে মূৰ্খ বান্দৰবোৰৰ উপকাৰৰ বাবে উপদেশ দিবলৈ যাওঁতে নিজৰহে ঘোৰ অনিষ্ট হ'ল। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে মুর্খবোৰক সজ উপদেশ দিলে সিহঁতে স্থলর উপদেশকাৰীৰহে অনিষ্ট সাধন কৰে। এতেকে মূর্খক উপদেশ দি লাভ নাই।