ৰাষ্ট্ৰীয় প্রতীক চিহ্নসমূহ ৰাষ্ট্ৰীয় পতাকা (National Falg) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন (National Flag) সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত: ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। ইয়াৰে গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্রতীক; মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক; তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্রতীক। মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্রটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত ২৪ ডাল দাণ্ডি আছে। এই ২৪ ডাল দাণ্ডিয়ে বৌদ্ধ দর্শনৰ ২৪ টা আদৰ্শক নির্দেশ কৰে। পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩: ২। ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। ৰাষ্ট্ৰীয় প্রতীক (National Symbol) সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্রতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকৰ (National Emblem) মর্যাদা দিয়া হৈছে। এই প্রতীকটোৰ ওপৰৰ অংশত তিনিটা মুখ মেলি থকা সিংহ (চতুর্থ সিংহটো সম্মুখৰ ফালৰ পৰা দেখা নাযায়), তাৰ তলত সোঁমাজত এটি চক্র (অশোক চক্র); চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে। জন্তু দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা 'সত্যমের জয়তে' (সত্যৰ সদায় জয়) নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকটো গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় সংগীত (National Anthem) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'জন গণ মন অধিনায়ক' গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ (National Anthem) মর্যাদা দিয়া হৈছে। এই গীতটি ১৯১১ চনৰ ২৭ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। মূল গীতটিত পাঁচটা স্তৱক আছে। তাৰে প্ৰথম স্তৱকটিক ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। প্রায় ৫২ ছেকেণ্ডৰ ভিতৰত আমাৰ এই ৰাষ্ট্ৰীয় সংগীতটি গাই শেষ কৰা হয়। কোনো কোনো বিশেষ উপলক্ষ বা প্রয়োজনত ৰাষ্ট্ৰীয় সংগীতটিৰ প্ৰথম আৰু শেষৰ শাৰী দুটা গোৱা বা বজোৱা হয়। এনে অৱস্থাত গীতটি ২০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীতটি হ'ল: জন-গণ-মন অধিনায়ক জয়হে, ভাৰত-ভাগ্য-বিধাতা, পঞ্জাৱ-সিন্ধু-গুজৰাট-মাৰাঠা-দ্রাবিড় উৎকল বংগ বিন্ধ্য-হিমাচল যমুনা-গংগা উচ্ছল জলধি তৰংগ। তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গাহে তব জয়গাথা। জনগণ মংগল-দায়ক জয়হে, ভাৰত-ভাগ্য-বিধাতা। জয় হে, জয় হে, জয় হে, জয় জয় জয় জয় হে বংকিম চন্দ্ৰ চেটার্জীৰ 'বন্দে মাতৰম' গীতটিকো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সম-মর্যাদাৰে বাষ্ট্রীয় গীতৰূপে (National Song) স্বীকৃতি দিয়া হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা প্রয়াসী জনগণৰ বাবে এই গীতটি আছিল প্রবল প্ৰেৰণাৰ উৎস। ১৮৯৬ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনত এই গীতটি পোন প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। গীতটি হ'ল: বন্দে মাতৰম। সুজলাম্ সুফলাম্ মলয়জশীতলাম্ শস্যশ্যামলাম মাতৰম্। শুভ্র জ্যোৎস্না পুলকিত যামিনীম্ ফুল্ল কুসুমিত দ্রুম দল শোভিনীম্ সুভাসিনীম সুমধুৰ ভাষিণীম্ সুখদাম্বৰদাম্ মাতৰম্। ৰাষ্ট্ৰীয় পশু (National animal) উজ্জ্বল দীপ্তিশীল ৰাজকীয় গাম্ভীর্যপূর্ণ পশু ঢেকীয়াপতীয়াবাঘক ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ (National Animal) মর্যাদা দিয়া হৈছে। এই বাঘ ভাৰতৰ প্ৰায়বোৰ অঞ্চলতেই পোৱা যায়। ৰাষ্ট্ৰীয় পক্ষী(National bird) সুন্দৰ জাকজমকীয়া চৰাই ম'ৰাক ১৯৬৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ (National Bird) স্বীকৃতি দিয়া হৈছে। ৰাষ্ট্ৰীয় ফুল(National flower) ভাৰতত পানীৰ মাজত পোৱা ফুলৰ ভিতৰত পদুম ফুলেই আটাইতকৈ ডাঙৰ আৰু ধুনীয়া। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ (National Flower) মর্যাদা দিয়া হৈছে। ৰাষ্ট্ৰীয় বৃক্ষ (National Tree) বট গছ। ৰাষ্ট্ৰীয় ফল (National Fruit) আম। ৰাষ্ট্ৰীয় নদী (National River) গংগা। ৰাষ্ট্ৰীয় জলজ প্রাণী (National Aquatic Animal) শিহু (River Dolphin) | ৰাষ্ট্ৰীয় ঐতিহ্য প্রাণী (National Heritage Animal) এছীয় হাতী (Asiatic Elephant) | ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্রা (National Currency) ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্রাৰ প্ৰতীক ₹। ইয়াক দেৱনাগৰী 'হ' আৰু ৰোমান বৰফলা 'R' বৰ্ণৰ সংমিশ্রণত সৃষ্টি কৰা হৈছে। প্রতীকটোৰ ওপৰৰ অংশত দুডাল সমান্তৰাল ৰেখাই জাতীয় পতাকাৰ এক ৰূপকল্পৰ সৃষ্টি কৰিছে। এই প্রতীকটো অংকন কৰে আই আই টিৰ প্ৰাক্তন ছাত্র ডি উদয় কুমাৰে। ২০১০ চনৰ ১৫ জুলাইত এই চিহ্নটো (₹) ভাৰতীয় টকাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় স্মাৰক (National Monument) ইণ্ডিয়া গেট, নতুন দিল্লী। ৰাষ্ট্ৰীয় বাক্য (National Sentence) সত্যমের জয়তে।