ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত আৰ্থিকভাৱে পিছপৰা (বাৰ্ষিক ঘৰুৱা উপাৰ্জন ৩ লাখ ৫০ হেজাৰ টকাৰ ভিতৰত) অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে NATIONAL MENS CUM MERIT SCHOLARSHIP (NMMS) SCHEME নামেৰে বাচনি পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। এই বৃত্তি পৰীক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা মন্ত্ৰালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি বছৰি ১২,০০০ টকাকৈ জলপানিৰ ধন নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ চাৰি বছৰৰ বাবে লাভ কৰে। আবেদনৰ প্ৰক্ৰিয়া : ছাত্ৰ-ছাত্ৰীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ WEB PORTAL https://madhyamik.assam.gov.in/frontimpotentdata/nmmss-scholarship দ্বাৰা অনলাইন যোগে আবেদন কৰিব পাৰিব। আবেদনৰ নিয়মাৱলী : ছাত্ৰ-ছাত্ৰী অষ্টম শ্ৰেণীত পঢ়ি থকা হব লাগিব। ছাত্ৰ-ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়নৰত হব লাগিব। NMMS পৰীক্ষাৰ বাবে আবেদন কৰাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে National Scholarship Portal (NSP) -ত one time registration কৰাটো বাধ্যতামূলক। আবেদনৰ সময়সীমা ২৫.০৭.২০২৫ তাৰিখৰপৰা ৩০.০৯.২০২৫ তাৰিখলৈ স্থিৰ কৰা হৈছে। পৰীক্ষাৰ সবিশেষ : Multiple Choice Question (MCQ) আৰু OMR ভিত্তিত সম্পাদান কৰা এই পৰীক্ষাৰ প্ৰশ্ন কাকত অতি উন্নত মানদণ্ডৰ হয়। ২০২৫ বৰ্ষৰ লিখিত পৰীত্ৰা অহা ১৫.১১.২০২৫ তাৰিখে অনুষ্ঠিত হব। প্ৰশ্নকাকত অসমীয়া, হিন্দী, বাংলা আৰু বড়ো ভাষাত উপলব্ধ হব। দুই ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনেধৰণৰ- প্ৰশ্ন কাকত পৰীক্ষাৰ নম্বৰ মুঠ নম্বৰ পপ্ৰথম প্ৰশ্নকাকত Mental Ability Test ৯০ দ্বিতীয় প্ৰশ্নকাকত Scholastic Aptitude test ৯০ আসনৰ সংখ্যা আৰু সংৰক্ষণ : অসম প্ৰদেশৰ বাবে মুছ সংৰক্ষিত আসন ২৪১১ খন প্ৰতিখন প্ৰশ্নকাকত উৰ্ত্তীণৰ বাবে প্ৰয়োজনীয় নম্বৰ এনেধৰণৰ- সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ৪০ শতাংশ, অনুসূচিত জাতি-জনজাতি আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে ৩২ শতাংশ পৰীক্ষাৰ মাচুল : সাধাৰণ শ্ৰেণী(UR) আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) বাবে ২০০ টকা, অনুসূচিত জাতি-জনজাতিৰ (ST/SC) বাবে ১৮০ টকা আৰু বিশেষভাৱে সক্ষম (PwD) ছাত্ৰ-ছাত্ৰীৰ বাবে ১৭৫ টকা। পৰীক্ষাৰ এডমিট কাৰ্ড : ই-এডমিট কাৰ্ড মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব পৰ্টেল https:/bidyarthi.co.in উপলব্ধ হব।