প্লাবিক ৰিলেচন বা জনসম্পৰ্ক বিষয়টো সম্বন্ধে কম-বেছি পৰিমাণে আমি আটায়ে শুনি আহিছো।আধুনিক ব্যৱস্থাপনাৰ এক বিশেষ অংশ হ’ল ‘প্লাব্লিক ৰিলেচন’।ব্যৱস্থাপনাৰ এই বিশেষ অংশটোৱে অনুষ্ঠান-প্ৰতিষ্ঠানসমুহৰ সৈতে ৰাইজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে পৰিকল্পিত আৰু সুসংগত ব্যৱস্থা গ্ৰহণ কৰে।আধুনিক জগতখনৰ অৰ্তনৈতিক তথা সামাজিক ক্ষেত্ৰসমুহৰ অভুতপুৰ্ব উন্নতি পৰিলক্ষিত হৈছে।এই উন্নতিৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাই এক বিশেষ ভুমিকা পালন কৰিছে।গতিকে অনুষ্ঠান-প্ৰতিষ্ঠানসমুহৰ উন্নতিৰ ক্ষেত্ৰত এক সুস্থ আৰু পৰিকল্পিত যোগাযোগ ব্যৱস্থা অপৰিহাৰ্য আৰু এই যোগাযোগ ব্যৱস্থাক ব্যৱসায়িক দৃষ্টিভংগীৰে আগুৱাই নিয়াত পাব্লিক ৰিলেচন বা জনসম্পৰ্ক বিষয়টোৰ প্ৰয়োজন আহি পৰে।সকলো ধৰণৰ অনুষ্ঠান সি চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক,সামাজিক ৰাজনৈতিক,শৈক্ষিক অনুষ্ঠান নহওক কিয়,ৰাইজৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আগুৱাই যাবই লাগিব,জনসম্পৰ্কৰক্ষী বিষয়া এগৰাকীয়ে অনুষ্ঠান একোটাৰ ভাবমুৰ্তি সুন্দৰভাৱে সমাজৰ আগত দাঙি ধৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থাপনা গ্ৰহণ কৰে।জনসাধাৰণৰ লগত প্ৰতিসঠান একোটাৰ যোগাযোগ উন্নত কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু মালিক পক্ষৰ সু-সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰতো জনসম্পৰ্ক ক্ষেত্ৰতো জনসম্পৰ্ক বিভাগটোৱে সহায় কৰিব পাৰে।বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত একো একোটা প্ৰতিষ্ঠানৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আৱশ্যম্ভাৱী।এই যুঁজত জিকিবৰ বাবে প্ৰতিসঠানসমুহে বিভিন্ন ধৰণৰ কৌশল গ্ৰহণ কৰিব লগা হয়,প্ৰতিষ্ঠান একোটাক ৰাইজৰ আগত অধিক গ্ৰহণযোগ্য কৰি তুলিবৰ বাবে বিভিন্ন বিজ্ঞাপন,দান-বৰঙণি,সাহায্য দিয়াৰ উপৰি প্ৰতিষ্ঠানটো অৱস্থান কৰা অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ বাবেও বহু আঁচনি ল’ব লগা হয়।এই বোৰ দিশ জনসম্পৰ্কৰক্ষী বিভাগটোৱেই চাব লগা হয়। আৱশ্যকীয় গুণ জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰখনত নিয়োজিত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী প্ৰাৰ্থীসকলৰ কেতবোৰ ব্যক্তিগত গুণৰ আৱশ্যক।জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত কৰ্মী এগৰাকী ব্যক্তিত্ব আৰু যোগাযোগ ক্ষমতাই কৰ্মক্ষেত্ৰখনৰ সফলতাৰ অন্যতম চাকি কাঠী।এক প্ৰাণৱন্ত ব্যক্তিত্বৰ লগতে কিছু পৰিমাণে অনুসন্ধিৎসু মনৰ প্ৰয়োজন।সহজে অইনৰ লগত মিলিব পৰা,মিঠামুখীয়া ,আত্মবিশ্বাসী,খোলা মনৰ যদিও কিছু পৰিমাণে কুটনৈতিক-এইবোৰ হ’ল কেতবোৰ অতি প্ৰয়োজনীয় গুণ।ইয়াৰ লগতে সুন্দৰকৈ লিখিব আৰু ক’ব পৰা গুণ আৰু ইংৰাজীৰ লগতে আঞ্চলিক ভাষাৰ জ্ঞানো প্ৰয়োজনীয়। নিয়োগৰ ক্ষেত্ৰ আৰু সম্ভাৱনীয়তা জনসম্পৰ্কৰ ক্ষেত্ৰত আজি কিছু বছৰ আগলৈ বেছি নিয়োগৰ ব্যৱস্থা নাছিল যদিও বৰ্তমান এই ছবিখন সম্পুৰ্ণ সলনি হৈছে।বেচৰকাৰী ক্ষেত্ৰখনত বৰ্তমান নিয়োগৰ সুবিধা যথেষ্ট পৰিমাণে বাঢ়ি গৈছে।বৰ্তমান প্ৰায় সকলো হাস্পতাল,স্কুল,কলেজ,বেংক,হোটেল আদিয়েই জনসম্পৰ্ক ৰক্ষা বিভাগ সুকীয়াকৈ ৰখা দেখা যায়।চৰকাৰী খণ্ডৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানত জনসম্পৰ্কৰক্ষী বিষয়া নিয়োগ নকৰা অথবা জনসম্পৰ্ক বিভাগ এটা নথকাটো ভাবিব নোৱাৰা বিষয়। ক’তনো পঢ়িব পাৰি এগৰাকী প্ৰশিক্ষিত জনসম্পৰ্কৰক্ষী বিষয়া হ’বৰ বাবে প্ৰাৰ্থী এগৰাকীয়ে বিভিন্ন দিশৰ পৰা অগ্ৰসৰ হ’ব পাৰে।স্নাতক উত্তীৰ্ণ হৈ প্ৰাৰ্থী এগৰাকীয়ে এম বি এ সমাপ্ত কৰিও ক্ষেত্ৰখনত প্ৰৱেশ কৰিব পাৰে।তেনেকৈ যিকোনো বিষয়ত নুন্যতম স্নাতক উত্তীৰ্ণ হৈ বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা এবছৰীয়া পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্ৰম পঢ়িব পাৰে।পাব্লিক ৰিলেচন বিষয়টো প্ৰকৃততে মাছ কমিউনিকেচন এণ্ড জাৰ্নেলিজম অৰ্থাৎ গণসংযোগ আৰু সাংবাদিকতা পাঠ্যক্ৰমৰে এক বিশেষ ভাগ।গতিকে নুন্যতম উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতক স্তৰত গণসংযোগ বিষয়টো অধ্যয়ন কৰিলে জনসম্পৰ্ক বিষয়টিও অধ্যয়ন কৰা হয়।তেনেকৈ গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত জনসম্পৰ্ক বিষয়টোৰ ওপৰত কিছু বিশদ ভাৱে অধ্যয়ন কৰাৰ সুবিধা পোৱা যায়। অসমৰ তিনিখন বিশ্ববিদ্যালয়ৰ অধীনত (গুৱাহাটী,তেজপুৰ আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়)গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়াৰ সুবিধা আছে।নুন্যতম যিকোনো বিষয়ৰ স্নাতক এগৰাকীয়ে বাছনি পৰীক্ষাত সফলতা লাভ কৰি এই তিনিখন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।তেনেকৈ গুৱাহাটীৰ দুখনমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে এবছৰীয়া ‘পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা ইন পাব্লিক ৰিলেচন’পাঠ্যক্ৰম আগবঢ়ায়। পাব্লিক ৰিলেচন শিক্ষা আগবঢ়োৱা দেশখনৰ কেইখনমান উল্লেখনীয় অনুষ্ঠান হ’ল- INDIAN Institute of Mass Communication Aruna Asaf Ali Marg,JNU New Campus,New Delhi-110067. Jamia Millia Islamia Jama Nagar,New Delhi-110025. Xavier Institute of Communication,St.Savire’sCollege,Mumbai-400001. Symbiosis Institute of Journalism & Communication,Senapati Bapat Marge,Pune-411004. The Indian Foundation for PR Education & Research (IFPR),S-237,Greater Kailash,New Delhi-110048. উৎস : ৰাইজৰ বাতৰি