চমু বিৱৰণ

ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এনে এটা বিভাগ, য’ত পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে বিভিন্ন ধৰণৰ ৰাজনীতি আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়| এই বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰখন খুবেই বহল আৰু জটিল| এই বিষয় অধ্যয়নৰ জৰিয়তে বিভিন্ন দেশৰ তথা বিভিন্ন ধৰণৰ ৰাজনীতিৰ বিষয়ে জানিবলৈ পোৱাৰ উপৰি বিখ্যাত ৰাজনীতিসকলৰ ৰাজনৈতিক তত্ব, সমাজতন্ত্ৰ, ৰাজতন্ত্ৰ, হিন্দুত্ব আদিৰ বিষয়েও জানিব পাৰি| তদুপৰি ব্যক্তি স্বাধীনতা, কৰ্তব্য, ন্যায়, শান্তি, বৈদেশিক নীতি, বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় সংস্থা আদিৰ বিষয়ে জানিবলৈ হ’লে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ প্ৰয়োজন আছে|

কেৰিয়াৰ সুযোগ

বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা,- যেনে- আই এ এছ, আই পি এছ আদিৰ পৰীক্ষাৰ্থীৰ বাবে এই বিষয় অধ্যয়ন কৰাটো প্ৰয়োজনীয়|এই বিষয়ত ছাত্ৰ-ছাত্ৰীয়ে স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে স্নাতকোত্তৰ তথা এম ফিল, পি এইচ ডি আদিও কৰিব পাৰে| এই বিষয়টো অধ্যয়ন কৰিবৰ বাবে ভাৰতৰ আগশাৰীৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ভিতৰত আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত এল এছ আৰ, মিৰাণ্ডা, ইন্দ্ৰপ্ৰস্থ কলেজ আৰু হিন্দু কলেজ, হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, কলকাতা বিশবিদ্যালয় আদি|

লেখক:- অৰুপ কুমাৰ ডেকা

উৎস:-সম্ভাৰ