ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদ্য অনুষ্ঠিত শিক্ষক প্ৰশিক্ষণ প্ৰৱেশিকা পৰীক্ষাত বহুতো ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে। এই পৰীক্ষাৰ মাধ্যমেৰে সফল হোৱা প্ৰাৰ্থীসকলে ৰাজ্যৰ বিভিন্ন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত নামভৰ্ত্তিৰ জৰিয়তে এই মহান বৃত্তিটোত অন্তৰ্ভূক্তি হোৱাৰ প্ৰয়াস কৰিব। উল্লেখনীয় যে পূৰ্বতে এই বি এড পাঠ্যক্ৰমৰ সময়সূচী আছিল এক বছৰ। কিন্তু যোৱা ২০১৫ চনৰ পৰা National Council for Teacher Education(NCTE)ৰ পৰামৰ্শ অনুসৰি বি এড পাঠ্যক্ৰমৰ সময় পৰিক্ৰমা দুবছৰলৈ বঢ়াই দিয়া হয়। প্ৰতিবছৰৰ জুলাই-আগষ্ট মাহৰ মধ্য সময়ত এই দুবছৰীয়া পাঠ্যক্ৰমৰ বছৰেকীয়া পৰীক্ষাসমূহ আনুষ্ঠানিকভাৱে সংশ্লিষ্ট বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰে। বি এড পাঠ্যক্ৰম শিক্ষক বৃত্তিৰ অতি গুৰুত্বপূৰ্ণ অংগ। গতিকে পাঠ্যক্ৰমৰ লগত নিজকে জড়িত কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলে নিজকে মানসিক, আৱেগিক আৰু বৃত্তিগতভাৱে সাজু কৰিব লাগিব। তেওঁলোকে নিজকে একো একোজন উপযুক্ত শিক্ষক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ দৃঢ় সংকল্প যুগুত কৰিব লাগিব। কিদৰে শিক্ষক-ছাত্ৰসকলে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে এই মহান বৃত্তিটোৰ লগত জড়িত হ’ব তাৰে কিছু আভাস তলত দাঙি ধৰা হ’ল- প্ৰশিক্ষাৰ্থীসকলে বি এডৰ পাঠ্যক্ৰমণিকাখনৰ সৈতে পৰিচিত হ’ব লাগিব, তেওঁলোকে দুবছৰীয়া পাঠ্যক্ৰমৰ বিতং তথ্য পাব। তথ্য বিষয়ৰ লগতে ব্যৱহাৰিক বিষয়/প্ৰকল্পসমূহ উপযুক্ত সময়ত, উপযুক্ত ধৰণে প্ৰস্তুত কৰিবলৈ সাজু হ’ব লাগিব। সংশ্লিষ্ট বিদ্যালয়সমূহত নিজকে শিক্ষক হিচাপে প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ শাৰীৰিক-মানসিকভাৱে প্ৰস্তুত হ’ব লাগিব। তথ্যমূলক বিষয়সমূহ আয়ত্ত কৰিবলৈ প্ৰশিক্ষাৰ্থীসকলে শ্ৰেণীত পাঠদানত উপস্থিত থকাৰ লগতে বিভিন্ন শিক্ষামূলক পুথিৰ সহায় ল’ব লাগিব। শিক্ষা বিষয়টোৰ সৈতে অপৰিচিত বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰিক আৰু তাত্ত্বিকভাৱে বিষয়সমূহৰ সৈতে সাঙোৰ খাই পৰিব লাগিব। মহাবিদ্যালয়সমূহৰ দ্বাৰা মাহেকীয়াভাৱে অনুষ্ঠিত তাত্ত্বিক আৰু ব্যৱহাৰিক বিষয়ৰ মূল্যায়নে শিক্ষাৰ্থীসকলক বিষয়সমূহ আয়ত্ত কৰাত সহায় কৰিব। মাহেকীয়া ভিত্তিত প্ৰস্তুত কৰি উলিয়াবলগীয়া বিভিন্ন বিষয়ৰ গৃহকৰ্ম(Assignment)সমূহ বিশেষ গুৰুত্বপূৰ্ণ। মূলতঃ শিক্ষক বৃত্তিটোত নিয়োজিত হ’বলৈ প্ৰশিক্ষাৰ্থীসকলে বি এড পাঠ্যক্ৰমক কেৱল এক ‘বিকল্প’ বুলি নাভাবি, দেহে-মনে এজন আদৰ্শ শিক্ষক হোৱাৰ ‘মাধ্যম’ হিচাপে বিবেচনা কৰা উচিত। লেখিকা : অৰ্চনা অধিকাৰী বৰা(শিক্ষা বাৰ্তা)