ৰক্ষনাবেক্ষনৰ নীতিঃ সকলো ধৰনৰ অধিকাৰৰ বাবে সাধাৰন প্রয়োজন সমূহ

অনুচ্ছেদ ১

১৮ বছৰৰ তলৰ প্রত্যেকৰে বাবে আলোচনাৰ বাবে অধিকাৰ আছে।

অনুচ্ছেদ ২

এই আলোচনা জাতি, ধর্ম, সামর্থ, আপুনি যিয়েই নেভাবে কিয় আৰু যি ধৰণৰ পৰিয়ালৰ পৰাই আপুনি নাহে কিয় সকলো ক্ষেত্রতেও প্রযোজ্য হয়।

অনুচ্ছেদ ৩

শিশু সকলৰ বাবে চিন্তা কৰা সকলো ধৰণৰ প্রতিষ্ঠানেই প্রতিটো শিশুৰ সর্ব্বোচ্চ মঙ্গলৰ বাবে কাম কৰিব পাৰে।

অনুচ্ছেদ ৪

অনুচ্ছেদ ৬ জীৱণৰ প্রতি আপোনাৰ অধিকাৰ আছে। চৰকাৰে আপোনাৰ জীৱন আৰু উন্নতিৰ বাবে নিশ্চয়তা প্রদান কৰিব লাগে।

অনুচ্ছেদ ১২

আপুনি ভবা মতে কোনো কাম হ'ব বুলি কোৱাৰ আপোনাৰ অধিকাৰ আছে, যেতিয়া ডাঙৰ মানুহে কিবা মতামত দিয়ে আৰু তাৰ ফলত আপোনাৰ ওপৰত তাৰ প্রভাৱ পৰে আৰু আপোনাৰ মতামতটোক হিচাবত ধৰাৰ অধিকাৰ আপোনাৰ আছে।

জীয়াই থকাৰ আৰু উন্নয়নৰ অধিকাৰঃ জীৱণৰ প্রতি এজন মানুহৰ প্রাথমিক অধিকাৰ আৰু তেওঁৰ সম্পূর্ণ ক্ষমতা অর্জনৰ অধিকাৰ

অনুচ্ছেদ ৭

আইনমতে নথিভুক্ত এটা নাম আৰু দেশৰ প্রতি আপোনাৰ অধিকাৰ আছে। আপোনাৰ নিজৰ পিতৃ-মাতৃৰ দ্বাৰা যিমানখিনি সম্ভৱ চোৱা চিতা কৰিবৰ বাবে, আইন জনাৰ অধিকাৰ আপোনাৰ আছে।

অনুচ্ছেদ

নিজৰ ভালৰ অবিহনে আপোনাক নিজৰ পিতৃ-মাতৃৰ পৰা বেলেগ হ'ব নেলাগে, উদাহৰন হিচাবে, যদিহে এজন মাক-দেউতাকে নিজৰ সন্তানক অৱহেলা কৰে বা বেয়া ব্যৱহাৰ কৰে। যদি আপোনাৰ মা-দেউতাই বেলেগে থাকে, তেতিয়া হ’লে মা-দেউতা দূয়োজনৰ লগতেই আপুনি যোগাযোগ ৰক্ষা কৰিবৰ অধিকাৰ আছে, যেতিয়ালৈকে এই ব্যৱস্থাৰ বাবে আপুনি মনত আধাত নেপায়।

অনুচ্ছেদ ২০

যদি আপোনাৰ পৰিয়ালে চোৱা চিতা কৰিব নোৱাৰে, তেতিয়া হলে আপোনাৰ ধর্ম, সংস্কৃতি আৰু ভাষাক মৰ্য্যদা দিয়া মানুহ বিলাকক চোৱা চিতা কৰিব লাগে।

অনুচ্ছেদ ২২

যদি আপুনি কোনো এখন দেশৰ পৰা শৰণাগত হিচাবে আহে, তেতিয়া সেই দেশত জন্মা শিশুৰ দৰেই আপুনিও অধিকাৰ ভোগ কৰিব পাৰিব।

অনুচ্ছেদ ২৩

যদি আপোনাৰ কোনো ধৰণৰ অক্ষমতা থাকে, তেতিয়া আপোনাৰ বিশেষ সাৱধানতা আৰু সাহাৰ্য্যৰ প্রয়োজন হ'ব, যাতে আপুনিও আনৰ দৰে এটা ধুনীয়া আৰু স্বাধীন জীৱণ লাভ কৰিব পাৰে।

অনুচ্ছেদ ২৪

আপোনাৰ ভাল গুনমানৰ স্বাস্থ্য পৰিষেবা লাভ কৰাৰ অধিকাৰ আছে, চাফা পানী, স্বাস্থ্যকৰ খাদ্য আৰু এটা চাফ চিকুন পৰিবেশ লাগে যাতে আপুনি স্বাস্থ্যকৰ পৰিবেশত জীয়াই থাকিব পাৰে।

অনুচ্ছেদ ২৫

যদি আপোনাৰ নিজৰ পিতৃ মাতৃতকৈ স্থানীয় কতৃপক্ষই বেছিকৈ চোৱা চিতা কৰে, তেতিয়া হলে আপুনি পৰিস্থতিৰ পর্যালোচনা নিয়মিত ভাবে কৰি যাব লাগে।

অনুচ্ছেদ ২৬

যদি আপুনি নাইবা আপোনাৰ অভিভাৱক জন দুখীয়া হয় তেন্তে চৰকাৰৰ পৰা সাহায্য পোৱাৰ সম্পূর্ণ অধিকাৰ আছে।

অনুচ্ছেদ ২৭

প্রতিদিনৰ প্রয়োজনীয় শাৰীৰিক আৰু মানসিক চাহিদা খিনি পূৰাবলৈ আপোনাৰ এটা সাধাৰন মানযুক্ত জীৱণ ধাৰণৰ অধিকাৰ আছে। যদি এই সুবিধা খিনি পাব নোৱাৰে তেন্তে চৰকাৰে এই ক্ষেত্রত আপোনাৰ সহায় কৰা উচিত।

অনুচ্ছেদ ২৮

শিক্ষা লবৰ বাবে আপোনাৰ অধিকাৰ আছে। প্রাথমিক শিক্ষা বিনামূলীয়া হোৱা উচিত।

অনুচ্ছেদ ২৯

শিক্ষাই যিমান খিনি সম্ভৱ আপোনাৰ ব্যক্তিত্ব আৰু দক্ষতাৰ বিকাশ ঘটায়। এই শিক্ষায় আপোনাৰ পিতৃ-মাতৃৰ প্রতি সন্মান কৰাৰ কথা লগতে নিজৰ আৰু আন আন সংস্কৃতিৰ প্রতি সন্মান জনাবলৈ শিকায়।

অনুচ্ছেদ ৩০

আপোনাৰ নিজৰ পৰিয়ালৰ ভাষা আৰু ৰীতি নীতি শিকাৰ অধিকাৰ আপোনাৰ আছে, সেইয়া দেশৰ অধিকাংশ মানুহৰ হওঁক বা নহওঁক।

অনুচ্ছেদ ৩১

এক বিশাল সংখ্যক কর্মকাণ্ডৰ লগত যুক্ত হোৱাৰ, জিৰনি লোৱাৰ আৰু খেলাৰ অধিকাৰ আপোনাৰ আছে।

অনুচ্ছেদ ৪২

চৰকাৰে প্রত্যেকগৰাকী অভিভাৱক আৰু ছাত্রৰ এটা আলোচনা সভাৰ আয়োজন কৰি বিষয়টো সকলোকে জনাব লাগে।

ৰক্ষাকৰাৰ অধিকাৰঃ ক্ষতিৰ পৰা দূৰৈত থাকক

অনুচ্ছেদ ১৯

চৰকাৰে নিশ্চিত হ'ব লাগে যে অত্যাচাৰৰ পৰা আপুনি সুৰক্ষিত, সাৱধান, নিজৰ পিতৃ-মাতৃৰ পৰা অৱহেলিত, বা আন যিকোনো মানুহ যিজনে আপোনাক চোৱা-চিতা কৰে।

অনুচ্ছেদ ৩২

যি বিলাক কামে আপোনাক বিপদত পেলাব পাৰে বা যিবিলাক কাম আপোনাৰ স্বাস্থ্য বা শিক্ষাৰ কাৰণে ক্ষতিকাৰক হয় সেই বিলাক কামৰ পৰা আপোনাক ৰক্ষা কৰাটো চৰকাৰৰ উচিত।

অনুচ্ছেদ ৩৬

আপোনাৰ উন্নয়নৰ পথ ভেটি ধৰা যিকোনো কার্যকেই চৰকাৰে প্রতিৰোধ কৰা উচিত।

অনুচ্ছেদ ৩৫

শিশু সকল যাতে অপহৰণ হৈ নেযায় বা শিশু বিক্রী নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা হাতত লোৱা উচিত।

অনুচ্ছেদ ১১

আপোনাক নিজৰ দেশৰ পৰা অবৈধ ভাবে বাহিৰ কৰি দিয়া নহয় তাৰ বাবে চৰকাৰে পদক্ষেপ লোৱা উচিত।

অনুচ্ছেদ ৩৪

যৌন শোষণৰ পৰা ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব।

অনুচ্ছেদ ৩৭

আপুনি কোনো ধৰনৰ হিংসামূলক, অমানুষিক বা অনৈতিক ব্যৱহাৰ বা শাস্তিমূলক আচৰণ পাব নেলাগে।

অনুছেদ ৪০

যদি আপুনি আইন ভঙ্গ কৰাৰ বাবে অভিযুক্ত হয়, তেন্তে আপুনি আইনি সাহাৰ্য্য পাব লাগে। আপোনাক বয়স্থ মানুহৰ লগত কাৰাগাৰত ৰাখিব নেলাগে আৰু তেনে অৱস্থাত আপোনাৰ পৰিয়ালৰ লগত যোগাযোগ ৰাখিব দিব লাগে। মাথোন কাৰাগাৰৰ ব্যৱস্থাটো অতিকৈ সাংঘাতিক কিছুমান দোষৰ বাবে ৰখা উচিত।

অর্ন্তভুক্তৰ অধিকাৰঃ এটা জাগ্রত আবেদন পাওক

অনুচ্ছেদ ১৩

নিজৰ বা আনৰ ক্ষতি নকৰি তথ্য পাবৰ বাবে আৰু তথ্য আদান প্রদানৰ বাবে আপোনাৰ অধিকাৰ আছে, এজনে আনজনৰ লগত বা দলগত ভাবে লগ হ'বলৈ আৰু কোনো প্রতিষ্ঠান প্রতিষ্ঠা কৰিবলৈ আপোনাৰ অধিকাৰ আছে।

অনুচ্ছেদ ১৪

আপুনি ভবা আৰু বিশ্বাস কৰা মতে কাম কৰিবলৈ আপোনাৰ অধিকাৰ আছে। আনক তেওঁলোকৰ ধর্ম বা আচৰণ পালন কৰিবলৈ বাধা দান নকৰি আপোনাৰ ধর্ম বা আচৰণ আপুনি পালন কৰিব পাৰে। এই বিষয় বিলাকত মা-দেউতাকে আপোনালোকক সাহায্য কৰা উচিত।

উৎস: আইএনডিজি দল।