পৃথিৱীৰ প্ৰতিগৰাকী মাক-দেউতাকে নিজৰ শিশুটিক লৈ নানা সপোন ৰচে। নিজক শিশুটি সকলোতে আগবাঢ়ি যাওক, সকলোতে শ্ৰেষ্ঠ হওক- মনে-প্ৰাণে সেয়াই কামনা কৰে। কিন্তু সপোন, কল্পনা, কামনাতেই মাক-দেউতাকৰ দায়িত্ব শেষ নহয়। আপোনাৰ শিশুটি কেনে হ’ব, কিদৰে আগবাঢ়ি যাব তাৰ বহুলাংশেই নিৰ্ভৰ কৰে মাক-দেউতাকৰ চিন্তা তথা সিদ্ধান্তৰ ওপৰত। এই ক্ষেত্ৰত নিম্নোক্ত দিশসমূহৰ প্ৰতি মাক-দেউতাকে চকু দিয়া উচিত- সৰুৰে পৰাই আপোনাৰ সন্তানটিক পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ দিয়াৰ লগতে পৰিষ্কাৰ হোৱাৰ প্ৰতি গুৰুত্ব দিব। তাৰ বাবে। নিজেও পৰিষ্কাৰ হোৱাৰ যত্ন কৰিব। সন্তানটিক সৰুৰে পৰা ডাঙৰ হ’লে ভাল মানুহ হ’ম জাতীয় ভাবনা ৰোপণ কৰিব। তাৰ বিপৰীতে কেতিয়াও চিকিৎসক, অভিযন্তা আদি কেৰিয়াৰসৰ্বস্ত হোৱাৰ ভাবনা ৰোপণ নকৰিব। ই শিশুটিৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব। শিশুটিয়ে যাতে কেতিয়াও অশ্লীল, কটু কথা নকয় তাৰ বাবে নিজে চকু দিয়াৰ লগতে নিজেও নক’বলৈ যত্ন কৰিব। শিশুটিৰ মনত সৎ আদৰ্শ গঢ় দিবলৈ হ’লে সুবিধা পালেই মহৎ ব্যক্তিৰ নানা কাহিনী, জীৱনী ক’বলৈ যত্ন কৰিব। কেৱল সেয়াই নহয়, তাৰ কোঠালীটোত মহৎ ব্যক্তিৰ নানা ফটো আঁৰি থ’ব, যিয়ে তাৰ মনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। শিশুটিক পাৰিলে সৰুৰে পৰাই টিভি আদিৰ পৰা দূৰত ৰাখি গ্ৰন্থৰে আৱৰা পৰিৱেশ দিয়াৰ লগতে সময়-সুবিধা পালেই গ্ৰন্থমেলা আদিলৈ নিয়াৰ চেষ্টা কৰিব। গ্ৰন্থৰ এই পৰিৱেশত তাক মুকলিমূৰীয়াকৈ এৰি দিলে কেনে গ্ৰন্থৰ প্ৰতি সি আকৰ্ষিত হয় তাৰ পৰা আপুনি তাৰ মনঃস্তাত্ত্বিক দিশটো জানিব পাৰিব। সন্তানটিৰ জন্মদিনত গ্ৰন্থ উপহাৰ দিয়াৰ অভিযান আৰম্ভ কৰিব। এনে অভিযান তথা সংস্কৃতিয়ে তাৰ শিশুমনক দৃঢ় আৰু শক্তিশালী কৰি তুলিব। শিশুটিৰ সংগ যাতে সৎ হয়, তাৰ বাবে মাক-দেউতাকে সৰুৰে পৰা নজৰ দিয়া উচিত। সৎ সংগই সৎ পথেৰে যোৱাত সহায় কৰে। আপোনাৰ শিশুটিক কেতিয়াও জোৰ কৰি আপোনাৰ মতে পৰিচালনা কৰিবলৈ নিবিচাৰিব। সি কি বিচাৰে সেইটো অনুধাৱন কৰিবলৈ যত্ন কৰিব। শিশুটিক সৰুৰে পৰাই কথা-বতৰা কোৱাত পটু কৰি তুলিবলৈ তাক কথা ক’বলৈ দি নিজে শুনাৰ চেষ্টা কৰিব। শিশুটিৰ কথা-বতৰা যাতে মধুৰ হয়, তাৰ বাবে মাক-দেউতাকে নিজেও মধুৰ কথা ক’বলৈ যত্ন কৰিব। লেখক: দিগন্ত বৈশ্য(অসম বাণী)