১) ১৯৮০ চনৰ ছুইডিছ অ’পেনত কোনে তেওঁৰ ‘আইডল’ খেলুৱৈ ৰুডী হাৰ্টোনোক অন্তিম গেমত ১৫-০ ত হৰুৱাবলগীয়া হোৱাত ইচ্ছা কৰি এটা পইণ্ট হাৰিছিল?

উত্তৰ:- প্ৰকাশ পাডুকন|

২) ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ’ল শচীন তেণ্ডুলকাৰ| দেশৰ দ্বিতীয় সৰ্ব্বোচ্চ সন্মান পদ্মবিভূষণ লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈজনৰ নাম কি?

উত্তৰ:- বিশ্বনাথন আনন্দ|

৩) তিনিবাৰ ভাৰতৰ শ্ৰেষ্ট ফুটবলাৰ নিৰ্বাচিত হোৱা কোনজন খেলুৱৈয়ে ১৯৯৯ চনৰ ছাফ গেমছত ভূটানৰ বিৰুদ্ধে এখন খেলত মাত্ৰ ৰৰ ছেকেণ্ডত এটা গ’ল দিছিল, যিটো আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ অন্যতম দ্ৰুততম গ’ল?

উত্তৰ:- আই এম বিজয়ন|

৪) কাক হৰুৱাৰ বাবে পাকিস্তানৰ জেনেৰেল আয়ুব খানে মিলখা সিঙক ‘উড়ন্ত শিখ’ আখ্যা দিছিল?

উত্তৰ:-আব্দুল খালিকবা|

৫) দেখাত অতি সুন্দৰ হোৱা বাবে কোনজন ভাৰতীয় খেলুৱৈক ভাৰতীয় ডেভিদ বেকহাম বুলি অভিহিত কৰা হয়?

উত্তৰ:- বিজেন্দৰ সিঙক

৬) চাৰিখন বিশ্বকাপ, চাৰিখন অলিম্পিক, চাৰিখন চেম্পিয়ন কাপ আৰু চাৰিখন এছিয়ান গেমছত অংশগ্ৰহণ কৰা একমাত্ৰ ভাৰতীয় হকী খেলুৱৈ জনৰ নাম কি?

উত্তৰ:-ধনৰাজ পিল্লাই|

৭) ইংলিচ লীগত গ’ল কৰিবলৈ সক্ষম হোৱা এছিয়া মহাদেশৰ প্ৰথমগৰাকী খেলুৱৈ কোন?

উত্তৰ:-বাইচুং ভুটীয়া (এফ চি বাৰীৰ হৈ)|

৮) কোনজন বিখ্যাত বেটছমেনক টেষ্টত প্ৰথম বলতে জিঅ’ফ আৰ্নলড(১৯৭৪), মেলকম মাৰ্শ্বাল (১৯৮৪) আৰু ইমৰান খানে(১৯৮৭) শূন্য ৰানত আউট কৰিছিল?

উত্তৰ:-সুনীল গাভাস্কাৰ|

৯) ৬০ অ’ভাৰৰ, ৫০ অ’ভাৰৰ আৰু ২০ অ’ভাৰৰ বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱা একমাত্ৰ দেশখন কি?

উত্তৰ:-ভাৰত|

উৎস:-অসমীয়া প্ৰতিদিন