মহাকাশ বিজ্ঞান ১) প্ৰশ্ন : মহাকাশ ভ্ৰমণ সম্পৰ্কীয় অধ্যয়ন কি কোৱা হয়? উত্তৰ : এষ্ট্ৰ’নটিকাছ। (Astronautics)। ২) প্ৰশ্ন : মহাকাশৰ পৰা স্পষ্টভাৱে দেখা মানুহে সজা পৃথিৱীৰ একমাত্ৰ বস্তুটো কি? উত্তৰ : চীনৰ প্ৰাচীৰ। ৩) প্ৰশ্ন : মহাকাশত ভ্ৰমণ কৰা পৃথিৱীৰ প্ৰথম প্ৰাণীটো কি? উত্তৰ : লাইকা নামৰ এটা কুকুৰ (যান০স্পুটনিক ২)। ৪) প্ৰশ্ন : ভষ্টক (Vostok) মহাকাশযানত উঠি কোনজন ব্যক্তি প্ৰথম মহাকাশচাৰী হিচাপে পৰিগণিত হৈছিল? উত্তৰ : ইউৰি গাগাৰিণ (১২/৪/৬১ চন)। ৫) প্ৰশ্ন : আমেৰিকাৰ প্ৰথম মানৱবাহী যান খনৰ নাম কি? উত্তৰ : ফ্ৰিডম-৭ (Freedom-7)। ৬) প্ৰশ্ন : মহাকাশলৈ যোৱা প্ৰথম মহিলা গৰাকী কোন? উত্তৰ : ভেলেণ্টিনা টেৰেস্ক’ভা (ভষ্টক-৬) (Vostok-6)। ৭) প্ৰশ্ন : উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? উত্তৰ : ৰাচিয়া (১৯৫৭ চন)। ৮) প্ৰশ্ন : টেলিফোন, ফেক্স, টেলিভিছন, ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। এই উপগ্ৰহবোৰৰ এটা চমু নাম আছে ; নামটো কি? উত্তৰ : ‘ছেটকম’। (Satcom)। ৯) প্ৰশ্ন : ‘ইনছেট – ১ ডি’ কৃত্ৰিম উপগ্ৰহটো কোনটো মহাকাশ ষ্টেচনৰ পৰা মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল? উত্তৰ : কেপ কেনাভেৰাল। ১০) প্ৰশ্ন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেণ্ণা সংস্থা নাছা’ (NASA)ৰ সম্পূৰ্ণ নাম কি? উত্তৰ : নেছনেল এৰোনটিকছ এণ্ড স্পেছ এডমিনিষ্ট্ৰেচন। ১১) প্ৰশ্ন : চন্দ্ৰ পৃষ্ঠত প্ৰথম খোজ পেলোৱা মহাকাশচাৰী ‘নীল আমষ্ট্ৰং’ চন্দ্ৰৰ মাটিত কিমান সময় আছিল? উত্তৰ : ২১ ঘণ্টা ৩৬ মিনিট ২১ ছেকেণ্ড। ১২) ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেচ শৰ্মাই মহাকাশ যাত্ৰাত ভাৰতভূমিৰ অলপ মাটি লগত নিছিল। মাটিখিনি কোন ঠাইৰ লগত আছিল? উত্তৰ : দিল্লীৰ ৰজঘাট। ১৩) প্ৰশ্ন : দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়? উত্তৰ : নিউক্লীয় ইন্ধন। ১৪) প্ৰশ্ন : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথম মহাকাশ ষ্টেচনটো কি? উত্তৰ : স্কাইলেব (১৯৭৩) পতন ইংৰাজী ১৯৭৯ চনত। ১৫) প্ৰশ্ন : মঙ্গল গ্ৰহৰ পৃষ্ঠভাগৰ ফটো লোৱা প্ৰথম মহাকাশ যানখনৰ নাম কি? উত্তৰ : মেৰিনাৰ – ৪ (আমেৰিকা যুক্তৰাষ্ট্ৰ) ১৬) প্ৰশ্ন : ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? আৰু ইয়াক ক’ৰপৰা কিমান চনত উৎক্ষেপণ কৰা হৈছিল? উত্তৰ : আৰ্যভট্ট, ৰাচিয়াৰ পৰা (১৯৭৫ চনৰ ১৯ এপ্ৰিল) ১৭) প্ৰশ্ন : ইছৰো আৰু ডছৰ সম্পূৰ্ণ নাম কি? উত্তৰ : ইছৰো (ISRO) – ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ডছ (DOS) – মহাকাশ দপ্তৰ। ১৮) প্ৰশ্ন : ৰকেট ইঞ্জিন এটাৰ চলনত নিউটনৰ গতিবিষয়ত সূত্ৰৰ কোনটো নীতি প্ৰয়োগ কৰা হয়? উত্তৰ : তৃতীয় সূত্ৰ। ১৯) প্ৰশ্ন : ৰকেট ইঞ্জিন এটা চলাচলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ব্যৱস্থাটো কি? উত্তৰ : অতি উচ্চচাপৰ গেছ উৎপন্ন কৰিব পৰা ব্যৱস্থা। ২০) প্ৰশ্ন : ‘পাথ ফাইণ্ডাৰ’ কি? উত্তৰ : মঙ্গল গ্ৰহৰ অভিমুখী এখন মহাকাশযান। বৰ্তমান ই মৃত। ২১) প্ৰশ্ন : উপগ্ৰহ এটাক কক্ষপথলৈ নিক্ষেপ কৰিবলৈ ব্যৱহাৰ কৰা যানখনক কি বোলে? উত্তৰ : স্পেছ শ্বাটল। ২২) প্ৰশ্ন : সুদূৰ সংবেদনৰ বাবে অকলশৰীয়াকৈ ব্যৱহাৰ কৰা প্ৰথমটো উপগ্ৰহৰ নাম কি? উত্তৰ :ই আৰ টি এছ- ১ (Earth Resources Technology Satelite-1) ২৩) প্ৰশ্ন : ‘সূৰ্যহে সৌৰজগতৰ কেন্দ্ৰ’ এই কথা বিজ্ঞান সন্মতভাৱে প্ৰথম কোনে ঘোষণা কৰিছিল? উত্তৰ : নিকোলাচ কপাৰনিকাছ। ২৪) প্ৰশ্ন : মহাকাশত জ্যোতিষ্কৰ দূৰত্ব জোখা একক কি? উত্তৰ : আলোকবৰ্ষ। ২৫) প্ৰশ্ন : মহাকাশযান এখনে কোনো গ্ৰহ বা চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণ এৰাই যাবৰ বাবে প্ৰয়োজন হোৱা গতিবেগত কি কোৱা হয়? উত্তৰ : নিৰ্গম বেগ বা পলায়নবেগ। ২৬) প্ৰশ্ন : টেলিসংযোগ ব্যৱস্থাৰ বাবে কোনবোৰ কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়? উত্তৰ : ভূ-স্থিৰ উপগ্ৰহ। ২৭) প্ৰশ্ন : সৌৰজগতৰ বৃহত্তম গ্ৰহানুটোৰ নাম কি? উত্তৰ : চিৰিচ। ২৮) প্ৰশ্ন : পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰে, এই ধাৰণাটো প্ৰথম কোনে দিছিল? উত্তৰ : গ্ৰীক জ্যোতিবিজ্ঞানী এৰিষ্টাৰ্কাছে। ২৯) প্ৰশ্ন : ‘Red Planet’ বুলি কোনটো গ্ৰহক জনা যায়? উত্তৰ : মঙ্গল গ্ৰহ। ৩০) প্ৰশ্ন : শনিগ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়? উত্তৰ : কাছিনি অঞ্চল। ৩১) প্ৰশ্ন : কৃত্ৰিমভাৱে গ্ৰহ, নক্ষত্ৰৰ স্থিতি, পৰিৱৰ্ত্তন আদি নিখুঁট ভাৱে দেখুৱাবলৈ সজা বিজ্ঞানসন্মত গৃহক কি কোৱা হয়? উত্তৰ : তাৰকাগৃহ। ৩২) প্ৰশ্ন : আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি? উত্তৰ : হাতীপটি। ৩৩) প্ৰশ্ন : সৌৰজগতৰ নীল গ্ৰহ কাক কোৱা হয়? উত্তৰ : পৃথিৱী। ৩৪) প্ৰশ্ন : পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্ব কিমান? উত্তৰ : ১৫০ নিযুত কিলোমিটাৰ। ৩৫) প্ৰশ্ন : আমাৰ সৌৰজগতখন হাতীপটি তাৰকা ৰাজ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত? উত্তৰ : ৩০ হাজাৰ আলোকবৰ্ষ দূৰত্বত। ৩৬) প্ৰশ্ন : পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান? উত্তৰ : ৩ লাখ ৮৫ হাজাৰ কিলোমিটাৰ। ৩৭) প্ৰশ্ন : মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? উত্তৰ : ফবছ আৰু ডিমছ্। ৩৮) প্ৰশ্ন : সূৰ্যত আটাইতকৈ বেছি পৰিমাণে থকা মৌলবিধ কি? উত্তৰ : হাইড্ৰ’জেন। ৩৯) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম প্লেনেটৰিয়ামটো ক’ত আৰু কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ : মিউনিখৰ মিউজিয়ামত, ১৯২৮ চনত। ৪০) প্ৰশ্ন : হেলিৰ ধুমকেতু পৃথিৱীৰ পৰা পুনৰ কোন চনত দেখা যাব? উত্তৰ : ২০৬১ চনত। ৪১) প্ৰশ্ন : বিগ বেং বা মহানাদ তত্ত্ব কি? উত্তৰ : বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি তত্ত্ব। ৪২) প্ৰশ্ন : আকাশৰ তৰাবোৰ জিলমিলাই থকা দেখা যায় কিয়? উত্তৰ : বায়ুমণ্ডলীয় প্ৰতিসৰনৰ বাবে। ৪৩) প্ৰশ্ন : এক মহাজগতিক বছৰ কি? উত্তৰ : সৌৰজগতখনে হাতীপটিত এপাক সম্পূৰ্ণ কৰিবলৈ যি সময়ৰ প্ৰয়োজন হয়। ৪৪) প্ৰশ্ন : এক আলোকবৰ্ষ বুলিলে কি বুজায়? উত্তৰ : পোহৰে ছেকেণ্ডত প্ৰায় ৩ লাখ কিলোমিটাৰ বেগত এবছৰত যিমান দূৰ অতিক্ৰম কৰে। ৪৫) প্ৰশ্ন : বিশ্ব সৃষ্টিৰ সম্পৰ্কে কোনখন প্ৰাচীন ভাৰতীয় গ্ৰন্থত চিন্তাৰ প্ৰমাণ পোৱা যায়? উত্তৰ : কপিল “মুনিৰ সংখ্যা সূত্ৰ”ত। ৪৬) প্ৰশ্ন : ভাৰত মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হয়৬? উত্তৰ : ১৯৬৯ চনত। ৪৭) প্ৰশ্ন : ভাৰতীয় মহাকাশ আয়োগৰ প্ৰথমজন মূৰব্বী কোন আছিল? উত্তৰ : ড° সতীশ ধাৱান। ৪৮) প্ৰশ্ন : ভাৰতবৰ্ষত চুপাৰন’ভাৰ ওপৰত গৱেষণা কৰা অনুষ্ঠানটোৰ নাম কি? উত্তৰ : ভাৰতৰ জ্যোতি পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান (বাঙ্গালোৰ) পৰিবেশ বিজ্ঞান ৪৯) প্ৰশ্ন : বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণ থকা গেছ বিধ কি? উত্তৰ : নাইট্ৰ’জেন ৭৮.০৮ শতাংশ। ৫০) প্ৰশ্ন : অজ’ন স্তৰৰ ক্ষতি সাধন কৰা মানৱ সৃষ্ট মুখ্য উপাদান দুটা কি কি? উত্তৰ : ক্ল’ৰ’ফ্লৰ’কাৰ্বন আৰু হেলন্চ। ৫১) প্ৰশ্ন : অ’জন স্তৰটোত বিন্ধা হোৱাৰ কথা প্ৰথম কোনটো কৃত্ৰিম উপগ্ৰহে ধৰা পেলাইছিল? উত্তৰ : নিমকছ – ৭। ৫২) প্ৰশ্ন : বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোক কি কোৱা হয়? উত্তৰ : ট্ৰপস্ফিয়াৰ। ৫৩) প্ৰশ্ন : অজ’ন গেছৰ তৰপটো বায়ুমণ্ডলৰ কোন অংশত আছে? উত্তৰ : ষ্টেট’স্ফিয়াৰ। ৫৪) প্ৰশ্ন : মানুহে কিমান কম্পনামহক লৈ শব্দ শুনিব পাৰে? উত্তৰ : ২০,০০০ হাৰ্জ। ৫৫) প্ৰশ্ন : যিবোৰ শব্দৰ কম্পনাংক ২০,০০০ হাৰ্জতকৈ বেছি তেনে শব্দক কি কোৱা হয়? উত্তৰ : অতি শব্দ। ৫৬) প্ৰশ্ন : এবিধ উত্তম কীটনাশকৰ বাবে চুইজাৰলেণ্ডৰ বিজ্ঞানী ড° মূলাৰক ১৯৪৮ চনত নবেল বঁটা দিতা হৈছিল। কিন্ত প্ৰদূষক হিচাপে ধৰা পৰাত বৰ্ত্তমান বহুদেশীই দৰব নিষিদ্ধ কৰিছে। এই কীটনাশক বিধৰ নাম কি? উত্তৰ : ডি. ডি. টি.। ৫৭) প্ৰশ্ন : বিশ্বৰ এদল পৰিবেশ বিজ্ঞানীৰ মতে পৃথিৱীৰ সামগ্ৰিক উষ্ণতা বৃদ্ধি পাইছে। প্ৰদূষণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱাটোৱেই ইয়াৰ মূল কাৰণ। এটা বিশেষ প্ৰক্ৰিয়াৰে CO2 ৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হয়। এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উত্তৰ : সেউজ গৃহ প্ৰভাৱ। ৫৮) বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ প্ৰদূষিত ১০ খন মহানগৰীৰ ভিতৰত এখন ভাৰততো আছে। সেইখন কি? উত্তৰ : দিল্লী। ৫৯) প্ৰশ্ন : পৰিবেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰং কোনটো? উত্তৰ : সেউজীয়া। ৬০) প্ৰশ্ন : “ভাৰত পৰিবেশ সংৰক্ষণ” আইনখন কেতিয়াৰ পৰা প্ৰযোজ্য কৰা হয়? উত্তৰ : ১৯৮৬/ ২৩ মে’। ৬১) প্ৰশ্ন : অসমৰ কাজিৰঙা আভয়াৰণ্যক কেতিয়া ‘ৰাষ্ট্ৰীয় উদ্যান’ হিচাপে ঘোষণা কৰা হয়? উত্তৰ : ১৯৭৮ / ১ জানুৱাৰী। ৬২) প্ৰশ্ন : বায়ুমণ্ডলৰ গুণাগুণ, বিস্তাৰ ইত্যাদিৰ সম্পৰ্কে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বোলা হয়? উত্তৰ : এৰ’গ্ৰাফী। ৬৩) প্ৰশ্ন : মাটিৰ পৰা জেটবিমান উৰোতে কিমান ডেছিবলৰ শব্দ সৃষ্টি হয়? উত্তৰ : ১৪০ ডেছিবল। ৬৪) প্ৰশ্ন : ‘নৰ্মদা বচাও’ আন্দোলনৰ গুৰি ধৰা ব্যক্তি গৰাকী কোন? উত্তৰ : মেধা পাটেকাৰ। ৬৫) প্ৰশ্ন : বিশ্বস্বাস্থ্য সংস্থাৰ মতে ভাৰতৰ জনসাধাৰণে ব্যৱহাৰ কৰা পানীৰ কিমান অংশ দূষিত? উত্তৰ : ৭০ শতাংশ। ৬৬) প্ৰশ্ন : “World Wild life Fund” ৰ প্ৰথম সভাপতিজন কোন আছিল? উত্তৰ : নেদাৰলেণ্ডৰ যুৱৰাজ বাৰ্ণহাৰ্ড। ৬৭) প্ৰশ্ন : বন্য জীৱ-জন্ত ৰক্ষণাবেক্ষণৰ উদ্দেশ্য কঠোৰ আইন প্ৰণয়ন কৰা প্ৰথম ভাৰতীয় ৰজাজন কোন? উত্তৰ : সম্ৰাট অশোক। ৬৮) প্ৰশ্ন : জনসাধাৰনক জল প্ৰদূষণ সম্পৰ্কে সচেতন কৰি দিয়া প্ৰথম ব্যক্তিজন কোন আছিল? উত্তৰ : প্ৰাচীন গ্ৰীক চিকিৎসা বিজ্ঞানী হিপক্ৰেটিছ্। ৬৯) প্ৰশ্ন : কৃত্ৰিম বৰষুণ কোনে কেতিয়া দিয়াইছিল? উত্তৰ : ভিনচেণ্ট জোচেফ শ্বেফাৰ (১৯৪৬ চনত)। পদাৰ্থ বিজ্ঞান ৭০) প্ৰশ্ন : টেপৰেকৰ্ডাৰৰ ফিটাডাল কিহেৰে তৈয়াৰী? উত্তৰ :চুম্বকৰ লেপন দিয়া এবিধ প্লাষ্টিক। ৭১) প্ৰশ্ন : ‘কোৱাণ্টাম তত্ত্ব’ৰ আৱিষ্কাৰক জনৰ নাম কি? উত্তৰ : মাক্স প্লাংক। ৭২) প্ৰশ্ন : পোহৰ কোন মাধ্যমৰ পৰা কোন মাধ্যমলৈ গতি কৰিলে আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলন ঘটে? উত্তৰ : ঘনতৰৰ পৰা লঘৰ্তৰলৈ। ৭৩) প্ৰশ্ন : তেজষ্ক্ৰিয়তাৰ (Radioactivity)গণনাৰ একক কি? উত্তৰ : কুৰি ci - (S.I. একক বেকৰেল)। ৭৪) প্ৰশ্ন : সূৰ্য্যত শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি কোৱা হয়? উত্তৰ : নিউক্লীয় সংযোজন (Nuclear fusion) ৭৫) প্ৰশ্ন : বিদ্যুৎ প্ৰবাহৰ একক কি? উত্তৰ : এম্পিয়াৰ (A)। ৭৬) প্ৰশ্ন : পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ : প্লাজমা। ৭৭) প্ৰশ্ন : পোহৰ বিজ্ঞানৰ ওপৰত ৰচনা কৰা নিউটনৰ অমৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ : অপটিক্স (Optics)। ৭৮) প্ৰশ্ন : লেজাৰ (LASER) শব্দটোৰ সম্পূৰ্ণ নাম কি? উত্তৰ : Light Amplication by stimulated Emission of Radiation (বিশেষ ধৰণৰ ধৰ্ম থকা পোহৰ উৎপন্ন কৰিব পৰা এটা বিশেষ পদ্ধতি) ৭৯) প্ৰশ্ন : পদাৰ্থ বিজ্ঞানত দুবাৰ নোবেল বঁটা লাভ কৰা বিজ্ঞানীজন কোন? উত্তৰ : জন বাৰ্তিন ( ১৯৫৬, ১৯৭২)। ৮০) প্ৰশ্ন : কি যন্ত্ৰৰ সহায়ত এ.চি. কাৰেণ্টক ডি.চি. কাৰেণ্টলৈ পৰিৱৰ্ত্তন কৰিব পাৰি? উত্তৰ : ৰেক্টিফায়াৰ বা ডায়ড ভালব্। ৮১) প্ৰশ্ন : ৰিফ্ৰিজাৰেটৰ কোনে, কেতিয়া আবিষ্কাৰ কৰিছিল? উত্তৰ : জেমচ্ হেৰিচনে, ১৮৫০ চনত। ৮২) প্ৰশ্ন : পৃথিৱীৰ মাধ্যাকৰ্ষনিক শক্তিৰ মন আটাইতকৈ ক’ত বেছি? উত্তৰ : দুই মেৰু অঞ্চলত। ৮৩) প্ৰশ্ন : “বেঘনীসেহাসুৰ” কি? উত্তৰ : বগা পোহৰত থকা সাতটা ৰঙৰ সমষ্টি। যেনে: বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা। ৮৪) প্ৰশ্ন : পৃথিৱীৰ প্ৰথম হাইড্ৰজেন বোমাটোৰ বিস্ফোৰণ কেতিয়া ঘটোৱা হৈছিল? উত্তৰ : ১৯৫২ / ১ নৱেম্বৰত (আমেৰিকা যুক্তৰাষ্ট্ৰ)। ৮৫) প্ৰশ্ন : ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি? উত্তৰ : ফ্ৰিয়ন। ৮৬) প্ৰশ্ন : “লিকুইড ষ্ক্ৰিষ্টেল” নামৰ পদাৰ্থবিধৰ কিহত ব্যৱহাৰ কৰা হয়? উত্তৰ : কেলকুলেটৰ, ডিজিটেল ডিচপ্লে’ৰ বাবে। ৮৭) প্ৰশ্ন : সমুদ্ৰৰ তলেদি কে’বলৰ জৰিয়তে প্ৰথম টেলিফোন বাৰ্তা বিনিময় কৰা দেশ দুখনৰ নাম কি? উত্তৰ : নিউজিলেণ্ড আৰু আইচলেণ্ড (১৮৫৮ / ৫ আগষ্ট)। ৮৮) প্ৰশ্ন : টিউব লাইটত নিয়ম গেছ প্ৰথমে কোনে কেতিয়া ব্যৱহাৰ কৰে? উত্তৰ : ফৰাচী বিজ্ঞানী ক্লাইভে (১৯১০ চনত)। ৮৯) প্ৰশ্ন : এটা পৰমাণুত ইলেকট্ৰন আৰু প্ৰট’নৰ সংখ্যা কিমান? উত্তৰ : সমান সমান। ৯০) প্ৰশ্ন : একে ভৰক্ৰমাংক কিন্ত বেলেগ বেলেগ পৰমাণু ক্ৰমাংক বিশিষ্ট পৰমাণুবোৰক কি কোৱা হয়? উত্তৰ : আইচ’বাৰ। ৯১) প্ৰশ্ন : পানীত বায়ুৰ বুৰবুৰণি ৰুপালী দেখা যায় কিয়? উত্তৰ : পোহৰৰ আভ্যন্তৰিণ পূৰ্ণ প্ৰতিফলনৰ বাবে। ৯২) প্ৰশ্ন : হাতঘড়ী প্ৰথম কেতিয়া ক’ত সাজি উলিওৱা হৈছিল? উত্তৰ : ১৭৯০ চনত চুইজাৰলেণ্ডত। ৯৩) প্ৰশ্ন : বৰ্ষাৰ আৰম্ভনিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰৰ্বুকুত কি এৰি দিয়ে? উত্তৰ : নাইট্ৰিক অক্সাইড। ৯৪) প্ৰশ্ন : সাগৰ তলিৰ গভীৰতা জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? উত্তৰ : ফেথ’মিটাৰ। ৯৫) প্ৰশ্ন : কিহৰ ওপৰত গৱেষণা কৰি এলবাৰ্ট আইনষ্টাইনে ১৯২১ চনত পাদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল? উত্তৰ : আলোক বিদ্যুৎ কোষ। ৯৬) প্ৰশ্ন : গ্ৰীনিজৰ মান মন্দিৰৰ পৰা এক ডিগ্ৰী দ্ৰাঘিমাত থকা কোনো এখন ঠাইৰ স্থানীয় সময় আৰু গ্ৰীনিজৰ মান মন্দিৰৰ সময়ৰ মাজৰ পাৰ্থক্য কিমান? উত্তৰ : ৪ মিনিট। ৯৭) প্ৰশ্ন : “ডুৰণ্ড ৰেখা” ই পৃথিৱীৰ কোন দুখন দেশৰ সীমা নিৰ্ধাৰণ কৰে? উত্তৰ : ভাৰত-আফগানিস্থান। ৯৮) প্ৰশ্ন : ৰাশি চক্ৰত থকা ১২ টা তাৰকামণ্ডলী আচলতে কি? উত্তৰ : কিছুমান নক্ষৰ থুপ। ৯৯) প্ৰশ্ন : জ্যোতিবিজ্ঞানত “ট্ৰজান” এ কি বুজায়? উত্তৰ : এদল গ্ৰহানুপুঞ্জ। ১০০) প্ৰশ্ন : পদাৰ্থ বিজ্ঞান বিষয়ত কোনে প্ৰথমে ন’বেল বঁটা পাইছিল? উত্তৰ : উইলহেল্ম কনৰাড ৰণ্টজেন। ১০১) প্ৰশ্ন : এজন বিজ্ঞানীয়ে ১৯৫৪ চনত ৰসায়ন বিষয়ত আৰু ১৯৬২ চনত শান্তিৰ বাবে ন’বেল বঁটা লাভ কৰিছিল। তেওঁ কোন? উত্তৰ : লিনাছ কাৰ্ল পাউলিং। ১০২) প্ৰশ্ন : প্ৰতিফলন / প্ৰতিসৰণ / বিচ্ছুৰন – এই কেইটাৰ ভিতৰত কোনটো পৰিঘটনাৰ বাবে আকাশত ৰামধেনুৰ সৃষ্টি হয়? উত্তৰ : বিচ্ছুৰন। ১০৩) প্ৰশ্ন : এটুকুৰা সোণ স্প্ৰিং তুলাৰে বায়ুত জোখাত ১০০ গ্ৰাম পোৱা গ’ল। টুকুৰাটো পানীত ডুবাই ধৰি একেডাল স্প্ৰিং তুলাৰে জুখিলে তাৰ ওজন কিমান পোৱা যাব? উত্তৰ : ১০০ গ্ৰামতকৈ কম। ১০৪) প্ৰশ্ন : প্ৰতিবছৰে ১০ ডিচেম্বৰৰ দিনাখনেই ন’বেল বঁটা প্ৰদান কৰাৰ বিশেষ কাৰণটো কি? উত্তৰ : এই দিনটোতেই আলফ্ৰেড ন’বেলৰ মৃত্যু হৈছিল। ১০৫) প্ৰশ্ন : মটৰ গাড়ীৰ পিছত আহি থকা গাড়ী চাবৰ বাবে চালকৰ আসনত কাষত কোনবিধ আয়না ব্যৱহাৰ কৰা হয়? উত্তৰ : উত্তল দাপোন। ১০৬) প্ৰশ্ন : ন’বেল বঁটা বিজয়ী বিজ্ঞানী পিয়েৰ কুৰিয়ে তেওঁৰ জন্মভূমি নামেৰে তেওঁ আৱিষ্কাৰ কৰা মৌলটোৰ নামাকৰণ কৰিছিল। মৌলটোৰ নাম কি? উত্তৰ : পল’নিয়াম। ১০৭) প্ৰশ্ন : হুইষ্টন ব্ৰীজ কি? উত্তৰ : বৈদ্যুতিক ৰোধ জুখিব পৰা এবিধ যন্ত্ৰ। ১০৮) প্ৰশ্ন : বিজ্ঞানত দুবাৰকৈ নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা গৰাকীৰ নাম কি? উত্তৰ : ম্যাডাম কুৰি। (১৯০৩ চনত পদাৰ্থ বিজ্ঞানত, ১৯১১ চনত ৰসায়ন বিজ্ঞানত)। ১০৯) প্ৰশ্ন : ডিজেল ইঞ্জিন কেতিয়া কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ : ১৮৯৩ চনত জাৰ্মান ইঞ্জিনিয়াৰ ৰুডল্ফ ডিজেলে। ১১০) প্ৰশ্ন : ইলেক্ট্ৰনৰ আধান নিৰ্ণয় কৰা বিজ্ঞানীজনৰ নাম কি? উত্তৰ : মিলিকান। ১১১) প্ৰশ্ন : মেৰু অঞ্চলৰ উৰ্ধ মৰিচিকাক কি কোৱা হয়? উত্তৰ : লুমিং। ১১২) প্ৰশ্ন : কেথড ৰশ্মি ব্যৱহাৰ কৰা জনপ্ৰিয় যন্ত্ৰটোৰ নাম কি? উত্তৰ : টেলিভিছন। ১১৩) প্ৰশ্ন : মহাকাশত কোনো বস্তুৰ ওজন কিমান? উত্তৰ : শূণ্য। ১১৪) প্ৰশ্ন : বাইফোকেল লেন্সৰ আৱিষ্কাৰক জনৰ নাম কি? উত্তৰ : বঞ্জামিন ফ্ৰেঙ্কলিন (১৭৮০)। ১১৫) প্ৰশ্ন : কোনো বস্তু বৃত্তাকাৰ পথত ঘূৰিবলৈ হ’লে তাৰ ওপৰত যিবল প্ৰয়োগ কৰা হয়, সেই বলক কি কোৱা হয়? উত্তৰ : অভিকেন্দ্ৰিক বল। ১১৬) প্ৰশ্ন : ‘অশ্বশক্তি’ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ : জেমচ্ ৱাটে। ১১৭) প্ৰশ্ন : সমুদ্ৰ পৰিবহন বা বিমান পৰিবহনত ব্যৱহৃত দূৰত্বৰ একক কি? উত্তৰ : নটিকেল মাইল (১ নটিকেল মাইল= ৬০৭৬.১ ফুট = ১.৮৫২ কিঃ মিঃ) ১১৮) প্ৰশ্ন : কোন গৰাকী প্ৰখ্যাত ভাৰতীয় পৰমাণু বিজ্ঞানীৰ প্ৰচেষ্টাৰ বম্বেত “Tata Institute of Fundamental Reserch” নামৰ নিউক্লীয় বিজ্ঞানৰ অনুষ্ঠানটো প্ৰতিষ্ঠিত হৈছিল? উত্তৰ : ড° হোমি জাহাঙ্গিৰ ভাবা। ১১৯) প্ৰশ্ন : ঘূৰ্ণন গতি সৃষ্টি কৰা ইঞ্জিনক কি কোৱা হয়? উত্তৰ : টাৰবাইন। ১২০) প্ৰশ্ন : গধুৰ পানী (Heavy water) কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ : পাৰমাণৱিক ৰিয়েক্টৰত মন্থৰক (moderator) হিচাপে। ১২১) প্ৰশ্ন : একমুখী ভ’ল্টেজক পৰিৱৰ্ত্তী ভ’ল্টেজলৈ পৰিৱৰ্ত্তন কৰিব পৰা ইলেক্ট্ৰনিক সজুলি বিধক কি কোৱা হয়? উত্তৰ : ইনভাৰটাৰ। ১২২) প্ৰশ্ন : ৰাইট ভাতৃদ্বয় সজা প্ৰথম প্লেনখনৰ নাম কি আছিল? উত্তৰ : ফ্লায়াৰ। ৰসায়ন বিজ্ঞান ১২৩) প্ৰশ্ন : কোনবিধ পদাৰ্থক ‘দাৰ্শনিক শিল’ বোলা হয়? উত্তৰ : জিংক অক্সাইড (Zno)। ১২৪) প্ৰশ্ন : কাঁহ ধাতুত কি কি মৌলিক উপাদান থকে? উত্তৰ : তাম (cu), টিন (Sn) আৰু দস্তা (Zn)। ১২৫) প্ৰশ্ন : সূৰ্য আৰু চন্দ্ৰৰ নামাকৰণ কৰা মৌল দুটা কি কি? উত্তৰ : হিলিয়াম (He) আৰু ছেলেনিয়াম (Se)। ১২৬) প্ৰশ্ন : নিষ্কলংক তীখাত (Stainless steel) থকা প্ৰধান প্ৰাকৃতিক মৈল দুবিধ কি কি? উত্তৰ : ক্ৰ’মিয়াম (Cr) আৰু কাৰ্বন (C)। ১২৭) প্ৰশ্ন : সীহৰ মূখ্য আকৰিক কি? উত্তৰ : গেলেনা (Pbs)। ১২৮) প্ৰশ্ন : বিজুলী বাতিৰ ফিউজ তাৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে কি পদাৰ্থ ব্যৱহাৰ কৰা হয়? উত্তৰ : টিন আৰু সীহৰ সংকৰ ধাতু। ১২৯) প্ৰশ্ন : বালিৰ পাউদাৰৰ ৰাসায়নিক নাম কি? উত্তৰ : চিলিকন ডাই অক্সাইড (Sio2)। ১৩০) প্ৰশ্ন : ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি? উত্তৰ : কেলচিয়াম অক্সি ক্ল’ৰাইড Ca(ocl)cl । ১৩১) প্ৰশ্ন : গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰটোৰ নাম কি? উত্তৰ : ইডিঅ’মিটাৰ। ১৩২) প্ৰশ্ন : ‘একুৱা ৰেজিয়া’ ত গাঢ় নাইট্ৰিক এচিদ আৰু হাইদ্ৰ’ক্লৰিক এচিড কি অনুপাতত থাকে? উত্তৰ : HNO3 Hcl [1:3] । ১৩৩) প্ৰশ্ন : ১৯৮৪ চনত ভূপাল গেছ দুৰ্ঘটনাত এবিধ বিষাক্ত গেছ নিৰ্গত হৈ শতাধিক লোকৰ মৃত্যু হৈছিল। সেই বিষাক্ত গেছ বিধৰ নাম কি? উত্তৰ : মিথাইল আইচ’ছায়েনাইড। ১৩৪) প্ৰশ্ন : “Hindu Chemistry” নামৰ মূল্যবান গ্ৰন্থখনৰ লিখক কোন? উত্তৰ : আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়। ১৩৫) প্ৰশ্ন : গেছৰ চাপ আৰু আয়তনৰ মাজৰ সম্পৰ্কটোক আচলতে কাৰ সূত্ৰ বুলি কোৱা হয়? উত্তৰ : বয়লৰ সূত্ৰ (Boyle’s law)। ১৩৬) প্ৰশ্ন : ৰসায়ন বিজ্ঞানৰ পৰিচিত নাম ‘এচিড’ শব্দটো মূলত কোন ভাষাৰ পৰা আহে? উত্তৰ : লেটিন ভাষাৰ ‘আচিভাচ’ শব্দৰ পৰা, যাৰ অৰ্থ অম্ল। ১৩৭) প্ৰশ্ন : আধুনিক ৰসায়ন বিজ্ঞানৰ জনক কোন? উত্তৰ : এণ্টনি লেভয়ছিয়াৰ। ১৩৮) প্ৰশ্ন : বুনছেন বাৰ্ণাৰ (Bunsen burner) ৰ আৱিষ্কাৰক কোন? উত্তৰ : ৰৰ্বাট ৱাইলহেম বুনছেন (জাৰ্মানী)। ১৩৯) প্ৰশ্ন : L.P.G. চিলিণ্ডাৰৰ উৰুখনি (Leakage) ৰ সম্ভেদ পাবলৈ এবিধ উগ্ৰ গোন্ধ যুক্ত যৌগ যোগ কৰা হয়। যৌগটোৰ নাম কি? উত্তৰ : ইথাইল মাৰকেপটান। ১৪০) প্ৰশ্ন : কেলেমাইনৰ ৰাসায়নিক সংকেত কি? উত্তৰ : Znco3 (জিংক কাৰ্বনেট)। ১৪১) প্ৰশ্ন : ৰন্ধন (L.P.G.) কি কি উপাদানৰ সমষ্টি? উত্তৰ : বিউটেন, অইচ’বিউটেন, বিউটিন, প্ৰপেন আৰু প্ৰপিনৰ সমষ্টি। ১৪২) প্ৰশ্ন : হাইড্ৰ’জেন গেছৰ নামাকৰণ কোনে কেতিয়া কৰিছিল? উত্তৰ : ১৭৮৩ চনত লেভইছিয়াৰে। ১৪৩) প্ৰশ্ন : চশমা তৈয়াৰ কৰা কাচত দুবিধ লেন্থানাইড ধাতু থাকে। ধাতু দুবিধৰ নাম কি? উত্তৰ : প্ৰেছিঅ’ডাইমিয়াম আৰু নিঅ’ডাইমিয়াম। ১৪৪) ‘প্লাষ্টাৰ অব পেৰিছ’ৰ ৰাসায়নিক সংকেত কি? উত্তৰ : 2CaSo4 H2O। ১৪৫) প্ৰশ্ন : পৃথিৱীৰ খোলাত সৰ্বাধিক পৰিমাণে থকা মৌল বিধ কি? উত্তৰ : অক্সিজেন (৪৯%)। ১৪৬) প্ৰশ্ন : ‘অয়ল অব ভিট্ৰিয়ল (Oil of Vitrial) কাক কিৱা হয়? উত্তৰ : চালফিউৰিক এছিদ (H2So4)। ১৪৭) প্ৰশ্ন : ফ্ল’ৰিণ, ক্লৰিণ, ব্ৰমিন আৰু আয়’ডিন এই চাৰিটা মৌলিক একত্ৰে কি কোৱা হয়? উত্তৰ : হে’লজেন। ১৪৮) প্ৰশ্ন : গধুৰ পানীৰ এটা অযুত কি কি উপাদান থাকে? উত্তৰ : দুটা ডয়টেৰিয়াম আৰু এটা অক্সিজেন পৰমাণু (D2O)। ১৪৯) প্ৰশ্ন : লাফিংগেছ বুলি কাক জনা যায়? উত্তৰ : N2O (নাইট্ৰ’জেন অক্সাইড)। ১৫০) প্ৰশ্ন : যুদ্ধক্ষেত্ৰত ধোৱাৰ পৰ্দা (Smoke screen) সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা যৌগ বিধৰ নাম কি? উত্তৰ : ফছফৰিন (PH3)। ১৫১) প্ৰশ্ন : ‘মিল্ক অৱ মেগনেছিয়া’ কোনবিধ পদাৰ্থক কোৱা হয়? উত্তৰ : মেগনেছিয়াম হাইড্ৰক্সাইড Mg (OH)2 । প্ৰাণী বিজ্ঞান ১৫২) প্ৰশ্ন : জীৱ বিজ্ঞান অৰ্থাৎ ‘Biology’ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ : জাঁ বেপিষ্ট লেমাৰ্কে। ১৫৩) প্ৰশ্ন : ছুইডেনৰ এজন প্ৰকৃতি বিজ্ঞানীয়ে প্ৰাণী আৰু উদ্ভিদৰ প্ৰথমে বৈজ্ঞানিক নামাকৰণ প্ৰথা আৰম্ভ কৰিছিল। বিজ্ঞানী জনৰ নাম কি? উত্তৰ : কেৰলাছ লিনিয়াছ। ১৫৪) প্ৰশ্ন : “Father of genetics’ (জেনেটিক্ছ)ৰ জনক কাক কোৱা হয়? উত্তৰ : গ্ৰেগৰ য়’হান মেণ্ডেলক। ১৫৫) প্ৰশ্ন : জীৱ প্ৰযুক্তি বিজ্ঞানৰ ইংৰাজী শব্দ কি? উত্তৰ : বয়’টেনকন্লজি (Biotechnilogy)। ১৫৬) প্ৰশ্ন : জীৱদেহত কোষৰ অস্তিত্ব কোনে আৱিষ্কাৰ কৰে? উত্তৰ : ৰবাৰ্ট হুকে (Robert Hook)। ১৫৭) প্ৰশ্ন : কণীৰ বগা বিজলীয়া অংশত কি প্ৰ’টিন থাকে? উত্তৰ : এলবুমিন। ১৫৮) প্ৰশ্ন : কণী পৰা একমাত্ৰ স্তন্যপায়ী প্ৰাণীবিধ কি? উত্তৰ : প্লাটিপাছ। ১৫৯) প্ৰশ্ন : আলচাৰেটিভ ডিজিজ চিনড্ৰম নামৰ মাছৰ মহামাৰী বিধ প্ৰথম ক’ত ধৰা পৰে? উত্তৰ : অষ্ট্ৰেলিয়াত। ১৬০) প্ৰশ্ন : আটাইতকৈ ক্ষুদ্ৰতম চৰাইবিধ কি? উত্তৰ : হামিং বাৰ্ড। ইহঁতৰ দৈৰ্ঘ প্ৰায় ১ ইঞ্চি। ১৬১) প্ৰশ্ন : জীৱনত কোনো সময়তে যোৰ নভগা চৰাইবিধ কি? উত্তৰ : চাকৈ-চকোৱা। ১৬২) প্ৰশ্ন : কোনবিধ প্ৰাণীয়ে পানী নোখোৱাকৈ জীৱন অতিবাহিত কৰে? উত্তৰ : অষ্ট্ৰেলিয়াৰ কোৱালা নামৰ প্ৰাণীবিধ। ১৬৩) প্ৰশ্ন : পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা ড’ড নামৰ চৰাই বিধ শেষবাৰৰ বাবে কেতিয়া ক’ত দেখা গৈছিল? উত্তৰ : ১৬৮১ চনত মৰিচাছ দ্বীপত। ১৬৪) প্ৰশ্ন : কোনবিহ পতঙ্গই সৰ্বাধিক বেমাৰৰ বীজাণু কঢ়িয়ায়? উত্তৰ : মাখিয়ে। প্ৰায় ৬৫ বিধ বীজানু কঢ়িয়ায়। ১৬৫) প্ৰশ্ন : ‘কড্ লিভাৰ অইল’ত কোনবিধ ভিটামিন থাকে? উত্তৰ : ভিটামিন-এ। ১৬৬) প্ৰশ্ন : কোনবিধ ভিটামিনৰ বাবে তেজ গোট মাৰে? উত্তৰ : ভিটামিন – কে। ১৬৭) প্ৰশ্ন : প্ৰাণীৰ দেহ আৰু ফল-মূল আদিৰ পৰা বাষ্পীভূত হৈ নিৰ্গত হোৱা এবিধ পদাৰ্থৰ কাৰণে এইবোৰত গোন্ধ পোৱা যায়। পদাৰ্থবিধৰ নাম কি? উত্তৰ : ফেৰ’মন। ১৬৮) প্ৰশ্ন : মুগা পলু আৰু উজ্জ্বল সোণালী মুগা সূতা উৎপাদন অসমৰ একচেটিয়া ব্যৱসায়। পিছে এই মূগা পলুৰ বৈজ্ঞানিক নাম কি? উত্তৰ : এন্থেৰিয়া আছামা। ১৬৯) প্ৰশ্ন : পাট পলুৰ প্ৰধান খাদ্য কি? উত্তৰ : নুনী গছৰ পাত। ১৭০) প্ৰশ্ন : বিষাক্ত সাপৰ বিষ গ্ৰন্থি ক’ত থাকে? উত্তৰ : উৰ্দ্ধহনুৰ দুয়ো দাঁতিত চকুৰ পিছফালে মোনাৰ আকাৰত এই গ্ৰন্থি থাকে। ১৭১) প্ৰশ্ন : সকলো জীৱদেহ অত্যন্ত সূক্ষ্ম অগণন কোষেৰে গঠিত আৰু এই কোষবোৰৰ ভিতৰত এবিধ অৰ্ধ জুলীয়া জীৱিত পদাৰ্থ থাকে। পদাৰ্থ বিধক কি কোৱা হয়? উত্তৰ : প্ৰট’প্লাজম। ১৭২) প্ৰশ্ন : “বম্বে নেচাৰেল হিষ্টৰি অব ছচাইটি” কেতিয়া গঠন কৰা হৈছিল? উত্তৰ : ১৮৮৩ চনত। ১৭৩) প্ৰশ্ন : কোনখন ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী সিংহৰ বাসস্থান? উত্তৰ : গুজৰাটৰ গিৰ অৰণ্য। ১৭৪) প্ৰশ্ন : জীৱৰ উৎপত্তি সম্পৰ্কত প্ৰাচীন গ্ৰীক্ দাৰ্শনিক এৰিষ্ট’টলৰ মত কি আছিল? উত্তৰ : স্বতঃস্ফূৰ্ত জনন অৰ্থাৎ বোকা বা গেলাপচা বস্তুৰ পৰা আপোনা আপুনি জীৱৰ উৎপত্তি হৈছিল। ১৭৫) প্ৰশ্ন : ভাৰতৰ আন্তজাৰ্তিক খ্যাতি সম্পন্ন পক্ষীবিদ চেলিম আলিৰ সম্পূৰ্ণ নাম কি? উত্তৰ : ড° চালিম মইজুদ্দিন অব্দুল আলি। ১৭৬) প্ৰশ্ন : এনোফিলিছ ম’হৰ পলু পানীত কিদৰে ওপঙি থাকে? উত্তৰ : পথালিকৈ। ১৭৭) প্ৰশ্ন : কণী পৰা প্ৰাণীক কি কোৱা হয়? উত্তৰ : অণ্ডজ। ১৭৮) প্ৰশ্ন : কোনবিধ কুকুৰৰ ঘ্ৰাণ শক্তি আটাইতকৈ প্ৰবল? উত্তৰ : ব্লাড-হাউণ্ড। ১৭৯) প্ৰশ্ন : কোন দেশত পইতাচোৰাক খাদ্য হিচাবে মানুহে খায়? উত্তৰ : চীন দেশত। ১৮০) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন? উত্তৰ : চাৰ্লচ ডাৰউইন। ১৮১) প্ৰশ্ন : সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে? উত্তৰ : জৰায়ুজ। ১৮২) প্ৰশ্ন : কৃত্ৰিম ভাৱে কণী উমনি দিয়া যন্ত্ৰটোৰ নাম কি? উত্তৰ : ইনকুবেটৰ। ১৮৩) প্ৰশ্ন : কেঁচুৰ সহায়ত প্ৰস্তুত কৰা পচন সাৰ বিধৰ নাম কি? উত্তৰ : ভাৰ্মিকমপোষ্ট। ১৮৪) প্ৰশ্ন : পৃথিৱীত কিমান বিধ লিজাৰ্ড বা জেঠী জাতীয় প্ৰাণীৰ প্ৰজাতি আছে? উত্তৰ : প্ৰায় তিনি হাজাৰ প্ৰজাতি। উদ্ভিদ বিজ্ঞান ১৮৫) প্ৰশ্ন : গছৰ বয়স কেনেকৈ নিৰ্ণয় কৰিব পাৰি? উত্তৰ : গা-গছৰ বছৰেকীয়া তৰপৰ আঙুঠিবোৰ গণনা কৰি। ১৮৬) প্ৰশ্ন : চোৰাত গছৰ পাতে ডাকিলে ছালৰ ভিতৰলৈ এবিধ এচিদ সোমাই যায়। সেই এচিদ বিধৰ নাম কি? উত্তৰ : ফৰমিক এচিড। ১৮৭) প্ৰশ্ন : বিশ্বত সৰ্বাধিক পৰিমাণৰ ব্যৱহাৰ হোৱা পাচলি বিধ কি? উত্তৰ : পিয়াঁজ। ১৮৮) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ বয়সীয়াল গছজোপা ক’ত আছে? উত্তৰ : কালিফ’নিয়াৰ হুইলাৰ শৃংগত থকা এজোপা পাইন গচগ। এইজোপা গছৰ বয়স পাচ হাজাৰ বছৰৰ অধিক। ১৮৯) প্ৰশ্ন : বিলাহী প্ৰকৃততে ফল নে পাচলি? উত্তৰ : ফল। ১৯০) প্ৰশ্ন : লাজুকীবন চুই দিয়াৰ লগে লগে গছজোপা জয় পৰি যায়। এই ধৰণৰ চলনক কি কোৱা হয়? উত্তৰ : কম্পানুকুঞ্চন। ১৯১) প্ৰশ্ন : আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন ঔষধ উদ্ভাৱন কৰা ভেকুঁৰ বিধৰ নাম কি? উত্তৰ : পেনিচিলিয়াম নটেটাম। ১৯২) প্ৰশ্ন : কচু গছৰ পাত, ঠাৰি আদিত এবিধ ৰাসায়নিক পদাৰ্থ থাকে যিটো গাত লাগিলে খজুৱায়। পদাৰ্থবিধৰ নাম কি? উত্তৰ : কেলচিয়াম অক্জেলেট। ১৯৩) প্ৰশ্ন : কফিত থকা ৰাসায়নিক পদাৰ্থ বিধৰ নাম কি? উত্তৰ : কেফেইন। ১৯৪) প্ৰশ্ন : অমিতা ফলত থকা এন্জাইম বিধৰ নাম কি? উত্তৰ : পেপেইন। ১৯৫) প্ৰশ্ন : নাৰিকল ফলৰ ভিতৰত থকা পানীখিনি প্ৰকৃততে কি? উত্তৰ : জুলীয়া ভ্ৰূণপোষক। ১৯৬) প্ৰশ্ন : সৰ্বাধিক পৰিমাণত ‘চি’ ভিটামিন থকা ফকবিধ কি? উত্তৰ : আমলখি। ১৯৭) প্ৰশ্ন : চয়াবিনত কিমান পৰিমাণৰ প্ৰ’টিন থাকে? উত্তৰ : শতকৰা ৪০ ভাগ। ১৯৮) প্ৰশ্ন : মাহজাতীয় শস্যৰ শিপাত থকা ‘ৰাইয’বিয়াম’ নামৰ বেক্টেৰিয়া বিধ কেতিয়া কোনে আৱিষ্কাৰ কৰে? উত্তৰ : ১৮৮৮ চনত বেইজেৰিনক নামৰ এজন হলেণ্ডৰ বিজ্ঞানীয়ে। ১৯৯) প্ৰশ্ন : মানুহৰ কোনো হস্তক্ষেপ নোহোৱাকৈ প্ৰাকৃতিকভাৱে থকা বনভূমিক কি কোৱা হয়? উত্তৰ : চৰম বন। ২০০) প্ৰশ্ন : গছৰ পাতৰ ৰং সেউজীয়া হয় কিয়? উত্তৰ : ক্ল’ৰ’ফিলৰ বাবে। ২০১) প্ৰশ্ন : শুকান বুটমাহ এটা পানীত থৈ দিলে কিছু সময়ৰ পিছত ই ফুলি উঠে। বাহিৰৰ পৰা পানী বুটটোৰ ভিতৰলৈ যোৱাৰ বাবে এনে হয়। এই পৰিঘটনাটোক কি কোৱা হয়? উত্তৰ : অন্তঃচোষণ। ২০২) প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলপাহ কি? উত্তৰ : ৰাফেল’চিয়া আৰনল্ডি। ২০৩) প্ৰশ্ন : কিছুমান উদ্ভিদৰ পৰাগৰেণুৱে মানুহৰ শৰীৰত এবিধ ৰোগৰ সৃষ্টি কৰে। ৰোগবিধ কি? উত্তৰ : এলাৰ্জি। ২০৪) প্ৰশ্ন : সূৰ্য্যৰ পোহৰৰ লগে লগে গতি কৰা ফুলক কি কোৱা হয়? উত্তৰ : আলোক দিশন। ২০৫) প্ৰশ্ন : চাহ গছৰ বৈজ্ঞানিক নাম কি? উত্তৰ : কেমেলিয়া চাইনেঞ্ছিছ। ২০৬) প্ৰশ্ন : উদ্ভিদত থকা কোনবিধ ৰাসায়নিক পদাৰ্থই পাতসৰা কাৰ্যত বাধা প্ৰদান কৰে? উত্তৰ : অক্সিন। ২০৭) প্ৰশ্ন : পতংগভোজী কলচী গছৰ পাচন ক্ষমতাৰ বিষয়ে প্ৰথম তথ্য উদঘাটন কৰা বিজ্ঞানীজন কোন? উত্তৰ : হুকাৰ (১৮৭৪ চন)। ২০৮) প্ৰশ্ন : বৰ্ত্তমান সময়ত কোনবিধ খাদ্যৰ উপযোগী কাঠফুলাৰ খেতি ভাৰতত সৰ্বাধিক পৰিমাণে কৰা হয়? উত্তৰ : এগাৰিকাছ বায়স্প’ৰাছ। ২০৯) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন গ্ৰন্থত উদ্ভিদৰ শ্ৰেণীকৰণৰ উল্লেখ আছে? উত্তৰ : ঋকবেদ। ২১০) প্ৰশ্ন : সেউজীয়া উদ্ভিদে সূৰ্য্যৰ কিৰণত কাৰ্বনডাই-অক্সাইড, পানী আৰু অন্যান্য পদাৰ্থ জটিল ৰাসায়নিক প্ৰক্ৰিয়াৰে একত্ৰিত কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰা কাৰ্য্যক কি কোৱা হয়? উত্তৰ : সালোক সংশ্লেষণ। ২১১) প্ৰশ্ন : ইজিপ্তৰ নীলনদীৰ উপত্যকা বিশেষকৈ ব-দ্বীপ অঞ্চলত থকা এবিধ তৃণভোজী উদ্ভিদ। প্ৰাচীন কালত এই উদ্ভিদৰ পৰা কাগজ প্ৰস্তুত কৰা হৈছিল। উদ্ভিদ বিধৰ নাম কি? উত্তৰ : পেপিৰাছ। ২১২) প্ৰশ্ন : উদ্ভিদৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতি কেতিয়াৰ পৰা প্ৰচলন হয়? উত্তৰ : ১৭৫৩ চনত উদ্ভিদ বিজ্ঞানী বলিফন লিনিৰ “স্পেচিছ পেণ্টাৰাম” প্ৰকাশৰ পিছত। চিকিৎসা বিজ্ঞান ২১৩) প্ৰশ্ন : চিকিৎসা বিজ্ঞানৰ সূৰ্যোদয় সময় বুলি কোনটো শতিকাক কোৱা হয়? উত্তৰ : খ্ৰীষ্টিয় পোন্ধৰ শতিকা। ২১৪) প্ৰশ্ন : চিকিৎসা বিজ্ঞানৰ গুৰু বুলি কাক কোৱা হয়? উত্তৰ : প্ৰাচীন গ্ৰীক চিকিৎসা বিজ্ঞান হিপক্ৰেটিছক। ২১৫) প্ৰশ্ন : হোমিঅ’পেথি চিকিৎসাৰ জনক কোন? উত্তৰ : জাৰ্মান চিকিৎসক চেমুৱেল জৰ্জ হেনিমেন (১৭৫৫-১৮৪৩)। ২১৬) প্ৰশ্ন : চিকিৎসা বিজ্ঞানত প্ৰথম নবেল বঁটা লাভ কৰা ব্যক্তিজন কোন? উত্তৰ : এমিলৱন বেৰিং (জাৰ্মানী)। ২১৭) প্ৰশ্ন : মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অঙ্গটো কি? উত্তৰ : ছাল। ২১৮) প্ৰশ্ন : মানুহৰ দেহকোষত কিমান ক্ৰ’মজ’ম থাকে? উত্তৰ : ৪৬ ডাল। ২১৯) প্ৰশ্ন : কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰিকণা ৰোগ হয়? উত্তৰ : ভিটামিন – এ। ২২০) প্ৰশ্ন : এজন পূৰ্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে? উত্তৰ : ৫-৬ লিটাৰ। ২২১) প্ৰশ্ন : বিজ্ঞানী ডেণ্টেনে ভোগা ‘ডেল্টনিজম’ ৰোগটি কি? উত্তৰ : বৰ্ণান্ধতা। ২২২) প্ৰশ্ন : জন্মতে শিশুৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? উত্তৰ : ৩০৫ ডাল। ২২৩) প্ৰশ্ন : মানৱ শৰীৰৰ খাদ্যনলী বা ইছ’ফেগাছ নলীডাল কিমান দীঘল? উত্তৰ : প্ৰায় ২৪ ছেঃমিঃ। ২২৪) প্ৰশ্ন : ৰক্তচাপ জোখা যন্ত্ৰবিধৰ নাম কি? উত্তৰ : স্ফিগম’-মেন’মিটাৰ। ২২৫) প্ৰশ্ন : কোনবিধ মৌলৰ অভাৱত দাঁতৰ ক্ষয় ৰোগ হয়? উত্তৰ : ফ্ল’ৰিন। ২২৬) প্ৰশ্ন : খৰ-খজুৱতি আদি ছালৰ ৰোগ সমূহৰ প্ৰধান কাৰণ কি? উত্তৰ : ভেকুঁৰ। ২২৭) প্ৰশ্ন : ৰেবিজ বা জলাতংকৰ ছিটা কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ : ১৮৮৫ চনত প্ৰথমবাৰৰ বাবে লুইপেষ্টৰে। ২২৮) প্ৰশ্ন : এনথ্ৰাক্স ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধ কি? উত্তৰ : বেছিলাছ এনথ্ৰাছিছ। ২২৯) প্ৰশ্ন : ‘এইডছ’ ৰ সম্পূৰ্ণ নাম কি? উত্তৰ : একুয়াৰ্ড ইমিউন ডেফিছিয়েন্সি ছিণ্ড্ৰ’ম। ২৩০) প্ৰশ্ন : পেনিছিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ : ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙে (১৯২৮ চনত)। ২৩১) প্ৰশ্ন : ‘স্কাৰ্ভি’ বেমাৰ কোনবিধ ভিটামিনৰ অভাৱত হয়? উত্তৰ : ভিটামিন ‘ছি’। ২৩২) প্ৰশ্ন : কলেৰা ৰোগ সৃষ্টি কেনেদৰে হয়? উত্তৰ : ‘ভাইব্ৰিঅ’ কলেৰি আৰু এলটৰ নামৰ পানীবাহিত বীজাণুৰ পৰা কলেৰা ৰোগক্সৃষ্টি হয়। ২৩৩) প্ৰশ্ন : ‘এইডছ’ ৰোগৰ ভাইৰাছ বিধৰ নাম কি? উত্তৰ : এইচ. আই. ভ.। ২৩৪) প্ৰশ্ন : সূৰ্য্যৰ ৰশ্মিত কি ভিটঅমিন পোৱা যায়? উত্তৰ : ভিটামিন – ডি। ২৩৫) প্ৰশ্ন : কোনটো গ্ৰুপৰ তেজৰ মানুহে যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে? উত্তৰ : গ্ৰুপ AB। ২৩৬) প্ৰশ্ন : শৰীৰত আয়’ডিনৰ অভাৱ হৈ থাইৰডৰ গ্ৰন্থি ফুলি থকা বেমাৰটোৰ নাম কি? উত্তৰ : গৰল ৰোগ। ২৩৭) প্ৰশ্ন : বসন্তৰ ছিটা পোন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ : এডৱাৰ্ড জেনাৰে (১৭৯৮ চন)। ২৩৮) প্ৰশ্ন : আকুপাংচাৰ কি? উত্তৰ : চীনদেশীয় চিকিৎসা পদ্ধতি। শৰীৰৰ বিভিন্ন অংগ ধাতুৰে বনোৱা বেজীৰে খুচি ৰোওগীক চিকিৎসা কৰা হয়। ২৩৯) প্ৰশ্ন : মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম কি? উত্তৰ : প্ৰমস্কিষ্ক (চেৰিব্ৰাম)। ২৪০) প্ৰশ্ন : চেতনা নাশক হিচাপে ৰোগীক ক্লৰ’ফৰ্ম (CHcl3) ব্যৱহাৰ কতা প্ৰথম চিকিৎসক জন কোন? উত্তৰ : ডাঃ জ’ন স্নো। ২৪১) প্ৰশ্ন : শিশু, তিৰোতা আৰু মতা মানুহৰ মাত, ইয়াৰ ভিতৰত কাৰ মাতৰ কম্পনাংক সাধাৰণতে বেছি? উত্তৰ : শিশু আৰু তিৰোতাৰ। ২৪২) প্ৰশ্ন : এণ্টিব’ডি কি? উত্তৰ : অনুজীৱ সংক্ৰমণ ৰোধ কৰিব পৰাকৈ উৎপন্ন হোৱা দ্ৰব্যই হৈছে এণ্টিব’ডি। ২৪৩) প্ৰশ্ন : শৰীৰত লোৰ পৰিমাণ কমিলে কি ৰোগে দেখা দিয়ে? উত্তৰ : ৰক্তহীনতা। ২৪৪) প্ৰশ্ন : দেহত পানী জমা হোৱা ৰোগক কি কোৱা হয়? উত্তৰ : ড্ৰপছি। ২৪৫) প্ৰশ্ন : মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা এবিধ প্ৰ’টিন থাকে। ইয়াৰ নাম কি? উত্তৰ : ইমুন’গ্ল’বুলিন। ২৪৬) প্ৰশ্ন : অস্ৰোপ্ৰচাৰ নকৰাকৈ বৃক্কৰ পাথৰ ভঙাৰ অত্যাধুনিক ছিকিৎসা ব্যৱস্থাটোক কি কোৱা হয়? উত্তৰ : লিথ’ট্ৰিপ্চী। ২৪৭) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পলিঅ’ প্ৰতিষেধক ঔষধৰ প্ৰয়োগ কৰা হৈছিল? উত্তৰ : কেৰেলাত। ২৪৮) প্ৰশ্ন : কোনবিধ শৌগই একে সময়তে বীজানুবাৰক আৰু বীজানুনাশী হিচাপে কাম কৰে? উত্তৰ : ফিন’ল। ২৪৯) প্ৰশ্ন : ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্য্যালয় ক’ত? উত্তৰ : নতুন দিল্লীত। ২৫০) প্ৰশ্ন : ভাৰতীয় পৰম্পৰা চিকিৎসা বিদ্যাক কি কোৱা হয়? উত্তৰ : আয়ুৰ্বেদ। ২৫১) প্ৰশ্ন : কোনজন প্ৰাচীন ভাৰতীয় চিকিৎসকে আধুনিক প্লাষ্টিক চাৰ্জাৰীৰ দৰে এক চিকিৎসা পদ্ধতিৰ উদ্ভাৱন কৰিছিল? উত্তৰ : সুশ্ৰুতই। ২৫২) প্ৰশ্ন : চিকিৎসাবিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা অনুষ্ঠানটোৰ নাম কি? উত্তৰ : ৰয়েল কেৰ’লিন মেডিক’চাৰ্জিকেল ইনষ্টিটিউট। ভূ-বিজ্ঞান ২৫৩) প্ৰশ্ন : পৃথিৱীৰ ভূ-খণ্ডৰ মুঠ কালি কিমান? উত্তৰ : ১৪৮.৯ নিযুত বৰ্গ কিঃমিঃ। ২৫৪) প্ৰশ্ন : কোন গৰাকী নাবিকে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰথম প্ৰমাণ কৰিছিল? উত্তৰ : ফাৰ্ডিনাণ্ড মেগেল্যান। ২৫৫) পৃথিৱীৰ বৃহত্তম জাগ্ৰত আগ্নেয়গিৰিটো কি? উত্তৰ : হাৱাই দ্বীপৰ মাউনা ল’ৱা। ২৫৬) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আগ্নেয়গিৰি থকা দেশখন কি? উত্তৰ : ইন্দোনেচিয়া (মুঠ ৯৬৭ টা)। ২৫৭) প্ৰশ্ন : তেজষ্ক্ৰিয় কাৰ্বনৰ সহায়ত বয়স নিৰুপন পদ্ধতি কোনে উদ্ভাৱন কৰে? উত্তৰ : মৰ্কিন বিজ্ঞানী উইলৰ্ড লিবিয়ে। ২৫৮) প্ৰশ্ন : ভূ-পৃষ্ঠৰ সৰ্বাধিক পৰিমাণত থকা ধাতুবিধ কি? উত্তৰ : এলুমিনিয়াম (৮.১ শতাংশ)। ২৫৯) প্ৰশ্ন : ভাৰতৰ ভৌগোলিক মানচিত্ৰ সমূহ কোনে প্ৰস্তুত কৰে? উত্তৰ : ছাৰ্ভে অব ইণ্ডিয়া। ২৬০) প্ৰশ্ন : চন্দ্ৰৰ পৰা অনা শিলাত কিমান বিধ ধাতু চিনাক্ত কৰা হৈছে? উত্তৰ : ১৬ বিধ। ২৬১) প্ৰশ্ন : ধাতুৰ ৰজা কাক কোৱা হয়? উত্তৰ : লো-তীখা। ২৬২) প্ৰশ্ন : আটাইতকৈ উৎকৃষ্ট মানৰ কয়লাবিধ কি? উত্তৰ : এনথ্ৰেছাইট। ২৬৩) প্ৰশ্ন : ভূমিকম্পৰ উৎসৰ পৰা নিৰ্গত হোৱা শক্তি সকলো দিশতে কিদৰে বিয়পি পৰে? উত্তৰ : স্থিতিস্থাপক তৰংগ হিচাপে। ২৬৪) প্ৰশ্ন : ‘Geology of India’ নামৰ পুথিখন কেতিয়া কোনে ৰচনা কৰিছিল? উত্তৰ : ১৯১৯ চনত দাৰোচা নচেৰান ৱাডিয়াই। ২৬৫) প্ৰশ্ন : আমেৰিকাৰ কল’ৰাডো নদীত থকা বিখ্যাত গ্ৰেণ্ড কেনিয়নৰ প্ৰস্থতা কিমান? উত্তৰ : ১৩১৫ মিটাৰ গভীৰতাত প্ৰায় ৩৪৯ মিটাৰ। ২৬৬) প্ৰশ্ন : অয়ল ইণ্ডিয়া (Oil India) কেতিয়া স্থাপিত হৈছিল? উত্তৰ : ১৯৫৯ চনত। ২৬৭) প্ৰশ্ন : O.N.G.C. কেতিয়া স্থাপিত হৈছিল? উত্তৰ : ১৯৫৬ চনত। ২৬৮) প্ৰশ্ন : অসমত কয়লা কোনে প্ৰথম আৱিষ্কাৰ কৰিছিল? উত্তৰ : উইলক্স নামৰ এজন সামৰিক বিষয়াই দিচাং নদীয়েদি উজাই গৈ কয়লাক্ষেত্ৰ আৱিষ্কাৰ কৰে। ২৬৯) প্ৰশ্ন : অসমৰ ডিগবৈত তৈলক্ষত্ৰৰ প্ৰকৃত আৱিষ্কাৰক কোন আছিল? উত্তৰ : এটা হাতী। ২৭০) প্ৰশ্ন : অসমত প্ৰথম তেলৰ কূপটো কোনে কেতিয়া খান্দিছিল? উত্তৰ : ষ্টুৱাৰ্ট কোম্পানীৰ গুড এনাফ নামৰ এজন বিষয়াই ১৮৬৬ চনত নাহৰপুং নামৰ ঠাইত। ২৭১) প্ৰশ্ন : অসমৰ আটাইতকৈ উচ্চ অঞ্চলটোৰ নাম কি? উত্তৰ : লাইছং (উত্তৰ কাছাৰ)। ২৭২) প্ৰশ্ন : ভূত্বকৰ দুখন ফলক বা প্লেটৰ সীমাত থকা অথচ ভূমিকম্প নোহোৱা অঞ্চলক কি কোৱা হয়? উত্তৰ : ভূকম্প ফাঁক। ২৭৩) প্ৰশ্ন : মৰুভূমিৰ মাটি অনুৰ্বৰ হয় কিয়? উত্তৰ : ছডিয়াম, পটেছিয়াম আদি খাৰধৰ্মী যৌগৰ প্ৰাচুৰ্য্যতাৰ বাবে। ২৭৪) প্ৰশ্ন : ভূত্বক ভেদ কৰি ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা উত্তপ্ত পদাৰ্থ শীতল হৈ সৃষ্টিহোৱা শিলক কি কোৱা হয়? উত্তৰ : বৰ্হিভেদী শিলা। কিছুমান বৈজ্ঞানিক যন্ত্ৰৰ নাম আৰু কামসমূহ ১) বেৰোস্কোপ - বায়ুৰ প্লাবিতা নিৰ্ণয় কৰা যন্ত্ৰ। ২) বেৰোমিটাৰ - বায়ুৰ চাপ জোখা যন্ত্ৰ। ৩) এনিম’মিটাৰ - বায়ুৰ গতি পৰিমাপক যন্ত্ৰ। ৪) ক্ৰেস্কোগ্ৰাফ - উদ্ভিদৰ জীৱনী শক্তিৰ জ্ঞান পাব পৰা যন্ত্ৰ। ৫) থাৰ্ম’মিটাৰ - শৰীৰৰ তাপ জোখা যন্ত্ৰ। ৬) লেক্টোমিটাৰ - গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰ। ৭) ওডোমিটাৰ - শব্দৰ তীব্ৰতা জোখা যন্ত্ৰ। ৮) ইডিঅ’মিটাৰ - গেছীয় পদাৰ্থৰ আয়তন জুখিব পৰা যন্ত্ৰ। ৯) স্পিৰ’স্কোপ - নোট জাল নে আচল বুজিব পৰা যন্ত্ৰ। ১০) ফেদম - পানীৰ গভীৰতা জোখা স্কেল। ১১) ডায়নামো - যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰিব পৰা যন্ত্ৰ। ১২) কম্পাছ - দিশ নিৰ্ণয় কৰা যন্ত্ৰ। ১৩) অল্টিমিটাৰ - কোনো ঠাইৰ উষ্ণতা মাপক যন্ত্ৰ। ১৪) চিচ্মোমিটাৰ - ভূমিকম্পৰ উৎপত্তি আৰু গতি নিৰ্ণয় কৰা যন্ত্ৰ। ১৫) এমিটাৰ - বৈদ্যুতিক প্ৰবাহ জোখা যন্ত্ৰ। ১৬) স্ক্ৰু-গজ - সৰু তাঁৰৰ ব্যাসাৰ্ধ জোখা যন্ত্ৰ। ১৭) স্পিৰিট-লেভেল - কোনো ঠাইৰ সমলতা পৰীক্ষা কৰিব পৰা যন্ত্ৰ। ১৮) ম্যান’মিটাৰ - গেছীয় পদাৰ্থৰ চাপ নিৰ্দ্ধাৰণ কৰা যন্ত্ৰ। ১৯) ফেদ’মিটাৰ - সাগৰৰ গভীৰতা জোখা যন্ত্ৰ। ২০) অক্সেন’মিটাৰ - বৃষ্টিপাতৰ পৰিমাণ নিৰ্দেশক যন্ত্ৰ। ২১) ষ্টেথিস্কোপ - হাওঁফাওঁ, হৃদপিণ্ড আদিৰ ক্ৰিয়াৰ পৰীক্ষাৰ বাবে চিকিৎসক সকলে ব্যৱহাৰ কৰা যন্ত্ৰ। ২২) কেথেটোমিটাৰ - দূৰত্বত থকা দুটা চিহ্নৰ মাজৰ ব্যৱধান নিৰ্ণয় কৰা যন্ত্ৰ। ২৩) কেল’ৰিমিটাৰ - কোনো বস্তুৰ তাপৰ পৰিমাণ জোখা যন্ত্ৰ। ২৪) চন’মিটাৰ - তাঁৰৰ কম্পনাংক উলিওৱা যন্ত্ৰ। ২৫) চলানুবীক্ষণ - তৰল পদাৰ্থৰ প্ৰতিসৰণাংক উলিওৱা যন্ত্ৰ। কেইটামান আৱিষ্কাৰ আৰু আৱিষ্কাৰক ১) ডিনামাইট - আলফ্ৰেড ন’বেল (চুইডেন)। ২) গ্ৰামোফোন - টমাচ আলভা এডিচন (আমেৰিকা)। ৩) ডিজেল ইঞ্জিন - ৰুডলফ্ ডিজেল (জাৰ্মানী)। ৪) ফাউণ্টেন পেন - লিউৱিচ ই ওৱাটোৰমেন (আমেৰিকা)। ৫) ছপাশাল - জন গুটেনবাৰ্গ (জাৰ্মানী)। ৬) ৰেলইঞ্জিন - জৰ্জ ষ্টিফেনচ্ন (ইংলেণ্ড)। ৭) জীৱ বিৱৰ্তন তত্ত্ব - চাৰ্লচ ডাৰউইন (ইংলেণ্ড)। ৮) টেলিফোন - আলেকজেণ্ডাৰ গ্ৰাহামবেল (স্কটলেণ্ড)। ৯) ডাইনামো - মাইকেল ফেৰাডে (ইংলেণ্ড)। ১০) নিউক্লিয়াচ - ৰাদাৰ ফোৰ্ড। ১১) আপেক্ষিকতাবাদ তত্ত্ব - এলবাৰ্ট আইনষ্টাইন (জাৰ্মানী)। ১২) ৰেডিয়াম - মেডাম কুৰী আৰু পিয়েৰ কুৰী (ফ্ৰান্স)। ১৩) টেলিভিচন - জন লগি বেয়াৰ্ড (ব্ৰিটেইন)। ১৪) ইলেকক্ট্ৰন - চাৰ যোছেফ টমছন (গ্ৰেট ব্ৰিটেইন)। ১৫) ৰিক্সিজাৰোটৰ - ফাৰ্ডিনান্দ কাৰে (ফ্ৰান্স)। ১৬) প্ৰেছাৰ কুকাৰ - ডেনিছ পেপিন (ফ্ৰান্স)। ১৭) গুইশলা (আধুনিক) - জন ৱাকাৰ (ইংলেণ্ড)। ১৮) ৰেডিঅ’ - গুগ্লিয়েল্মো মাৰ্কনি (ইটালী)। ১৯) মাধ্যাকৰ্ষণ সূত্ৰ - আইজাক নিউটন (ইংলেণ্ড)। ২০) ট্ৰেনজিষ্টৰ - জন বাৰ্ডিন (আমেৰিকা)। লেখিকা: প্ৰতিভা দেৱী, কুইজ মঞ্চ