<p style="text-align: justify; ">মোগলৰ স্থাপত্য শিল্পৰ নিদৰ্শন সমুহৰ ভিতৰত দিল্লীৰ লালকিল্লা উল্লেখযোগ্য| দিল্লীৰ যমুনা নৈৰ পাৰত ৰঙা (লাল) বালীয়া শিলেৰে নিৰ্মাণ কৰা দুৰ্গ (কিল্লা) বাবেই ই লালকিল্লা নামেৰে জনাজাত| মোগল সম্ৰাট চাহজাহানে ৰাজধানী দিল্লীৰ প্ৰতিৰক্ষাৰ স্বাৰ্থতেই এই দুৰ্গ নিৰ্মাণ কৰাইছিল| ওস্তাদ হামিদ আৰু হীৰা নামৰ দুজন স্থপতিবিদে ইয়াৰ নিৰ্মাণত প্ৰধান ভুমিকা পালন পালন কৰিছিল| <img class="image-right" src="https://static.vikaspedia.in/media_vikaspedia/as/images/education/childrens-corner/9959c198799c-9ae99e9cd99a/copy_of_RedForbuildingwithIndiaflagatthebackground.JPG" />১৬৩৯ চনত আৰম্ভ কৰা কাম ১৬৪৬ চনৰ ১৩ মে’ত সম্পুৰ্ণ হৈ উঠিছিল| পূৱা-পশ্চিমাকৈ ইয়াৰ দৈৰ্ঘ্য ১,৬০০ ফুট আৰু উত্তৰা-দক্ষিণাকৈ ৩,২০০ ফুট| প্ৰ্ৱেশ দ্বাৰৰ গেটখনক ‘লাহোৰ গেট’ নামে জনা যায়|প্ৰতি বছৰে ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱস এই লালকিল্লাতে পালন কৰি অহা হৈছে| লালকিল্লাৰ ভিতৰ ভাগত ৰং মহল, মতি মহল, দেৱান ই খাছ, দেৱান ই আম বগা পাথৰেৰে নিৰ্মিত অপুৰ্ব সৃষ্টি| চাহজাহানে নিৰ্মাণ কৰা বিখ্যাত ‘ময়ুৰ সিংহাসন’ এই লালকিল্লাতে আছিল|</p> <p style="text-align: justify; ">লালকিল্লাৰ প্ৰাংগনত সন্ধিয়া শব্দ আৰু পোহৰৰ এটি বিশেষ অনুষ্ঠান হয়| ইয়াত মোগল ৰাজত্বৰ আৰম্ভণিৰ পৰা ভাৰতে স্বাধীনতা পোৱালৈকে এই সময়ছোৱাৰ কাহিনী শব্দ আৰু পোহৰৰ সহায়ত প্ৰদৰ্শিত হৈ আহিছে| ইতিহাসৰ বিভিন্ন ঘটনাৰ সাক্ষী লালকিল্লা ভাৰতৰ অন্যতম উল্লেখনীয় দুৰ্গ|</p> <p style="text-align: justify; "><b>উৎস:- দৈনিক অসম</b></p>