কুইজ ১) অসমৰ পুৰণি নাম কি? উত্তৰঃ কামৰূপ । ২) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ? উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্ৱৰ্ণপিঠ আৰু 4) সৌমাৰ পিঠ। 3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰঃ ৰঘুনাথ চৌধাৰী। 4) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰঃ হেম সৰস্বতীৰ "প্ৰহ্লাদ চৰিত" 5) ইংৰাজৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ? উত্তৰঃ ছাৰ চৈয়দ চাদুল্লা। 6) সাহিত্য অকাডমী বঁটা লাভ কৰা "ককাদেউতাৰ হাড় " পুথিখনৰ লেখক কোন? উত্তৰঃ নৱকান্ত বৰুৱা। 7) সংস্কৃতৰ পৰা অসমীয়ালৈ অনৃদিত হোৱা প্ৰথম নাটকখন কি আছিল? উত্তৰঃ শকুন্তলা (লম্বোদৰ বৰা)। 8) অসমৰ প্ৰথম চনেট কবি কোন আছিল? উত্তৰঃ হেমচন্দ্ৰ গোস্বামী। 9)প্ৰাক্ বৈষ্টৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰঃ মাধব কন্দলি আৰু হেম সৰস্বতী। 10) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰঃ মাধৱদেৱ। 11) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? উত্তৰঃ 1948 চনত (গুৱাহাটী) । 12) প্ৰথম অসমীয়া অনাতাঁৰ নাট? উত্তৰঃ বীন বৰাগী। 13) 'বাঁহী' ৰ প্ৰথম সম্পদক কোন আছিল? উত্তৰঃ লক্ষ্মীনাথ বেজৱৰুৱা। 14) চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? উত্তৰঃ প্ৰেম অমৃতৰ নদী। 15) অসম সাহিত্য সভাৰ প্ৰতীতটো কোনে আঁকিছিল? উত্তৰঃ যুগল দাসে। 16) লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰঃ 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে। 17) "আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰঃ দীননাথ শৰ্মা । 18) অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন আছিল? উত্তৰঃ ৰবিন্সন (১৮৯৩ খ্ৰীঃ) 19) অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয় ? উত্তৰঃ 'জোনাকী' কাকত ওলোৱাৰ পিছত 20)অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল? উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ। 21) সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ' ৰং মিলিৰ হাঁহি ' উপন্যাসখনৰ ৰচক কোন? উত্তৰঃ ৰংবং তেৰাং। 22) শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ? উত্তৰঃ কীৰ্ত্তন ঘোষা । । 23) অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ? উত্তৰঃ চন্দ্ৰকান্ত অভিধান (১৯৩৩) । 24) বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি ? অত্তৰঃ জয়ভদ্ৰ হাগজে। 25) বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰঃ ১৯৫৫ চনৰ ১৬ নৱেম্বৰত । 26) অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰঃ 'ল'ৰাবন্ধু' (১৮৮৮), সম্পাদক ঃ কৰুণাভিৰাম বৰুৱা। 27) প্ৰথম অসমীয়া গল্প সংকলন কোন ? উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা 28) প্ৰথম কথা-কবিতাৰ ৰচক কোন আছিল? উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰ। 29) অসমৰ প্ৰথম মহিলা আলোচনী কি ? উত্তৰ ঃ ঘৰ জেউতি (১৯২৭) সম্পাদক কমলালয় কাকতি। 30) অসমীয়া ৰোমন্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন ? উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা। 31) প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি ? উত্তৰঃ অৰুনোদই (১৯৪৬-১৮৮২) সম্পাদক- নাথান ব্ৰাউন। 32) অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ নাম কৰি ? উত্তৰঃ "দৈনিক বাতৰি" (১৯৩৫-৩৬), সম্পাদক- নীলমণি ফুকন। 33) অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন ? উত্তৰ ঃ হেমচন্দ্ৰ বৰুৱা । 34) "অসমীয়া ভাষা-উন্নতি সাধিনী সভা"ৰ জন্ম কেতিয়া হৈছিল? উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগষ্টত, কলিকতাত। 35) সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি? উত্তৰঃ সুগন্ধি পখিলা। 36) অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰঃ আছাম ট্ৰিবিউন (১৯৪৬), প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন। 37) 'সাহিত্য অকাডেমী'পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখৰনৰ লাম কি? উত্তৰঃ সৌৰভ কুমাৰ চলিহাৰ 'গোলাপ' । 38) অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি? উত্তৰঃ বিন্দু। 39)কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? উত্তৰঃ যাদুৰাম ডেকা বৰুৱাই। 40) কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত? উত্তৰঃ 'উৰুলি' 41) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰঃ বাইবেল ।(১৮১৩ চনত ছপা হয় )। 42) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ'। 43) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন ? উত্তৰঃ নলিনীবালা দেৱী । 44) ৰঘুনাথ চোধাৰীৰ ৰথা কবিতা গ্ৰন্থখনৰ নাম কি ? উত্তৰঃ নৱমল্লিকা । 45) 'জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা । 46) 'অনুৰাধাৰ দেশ ' উপন্যাসখন কোনে ৰচনা কৰিছিল? উত্তৰঃ ফণীন্দ্ৰ কুমাৰ দেৱ চোধুৰীয়ে। 47) 'পৃথিৱীৰ অসুখ' নামৰ গল্প পুথিখন কোনে লিখিছিল? উত্তৰঃ যোগেশ দাসে (সাহিত্য আকাডেমী বঁটাৰে পুৰস্কৃত) । 48) অসমৰ "সাহিত্যৰথী" কোন? উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা । 49) অসমীয়া নাট্য সাহিত্যৰ জন কোন? তেত্তঁৰ প্ৰথম নাটক খনৰ নাম কি ? উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ। নাটকখনৰ নাম 'চিহ্নযাএা' । 50) অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল ? উত্তৰঃ মেভিচ ডন। 51) অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ? উত্তৰঃ ১৯৪৮ চনত গুৱাহাটীত 52) অসম বিধানসভাৰ আসন কেইখন ? উত্তৰঃ ১২৬ খন । 53) অসমৰ লোকসভাৰ আসন কেইখন? উত্তৰঃ ১৪ খন। 54) কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয় ? উত্তৰঃ ১৯৭০ চনত । 55) নুমুলীগড় শোধানাগাৰৰ ধাৰণ ক্ষমতা (Installed capacity) আৰু মুঠ ব্যয়ৰ পৰিমান কিমান? উত্তৰঃ ৩ মিতাৰ টন ধাৰন ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমান ২,৩৫০ কোটি টকা । 56) উত্তৰঃ) হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি ? উত্তৰঃ বৰপেটা । 57) অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি ? উত্তৰঃ ধুবুৰী জিলাৰ মহামায়া পাহাৰ । 58) অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক'ত স্থাপিত কৰা হৈছিল ? উত্তৰঃ ১৯০১ চনত ডিগবৈত । 59) কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয় ? উত্তৰঃ মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি )। 60) অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ? অত্তৰঃ বনেলি খং মেন । 61) প্ৰথম ভ্ৰাম্যমণ থিয়েটাৰ খন কি? উত্তৰঃ নটৰাজ থিয়েটাৰ । 62) প্ৰথম অসমীয়া চলচ্চিএ পৰিচালক কোন ? উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা । 63) প্ৰথম অসমীয়া ৰঙীন ছবি কি? উত্তৰঃ ভাইটি (১৯৭২) । 64) প্ৰথম অসমীয়া শিশু চলচিএ খনৰ নাম কি ? উত্তৰঃ অবুজ বেদনা (১৯৯৩) । 65) অসমৰ প্ৰথম দূৰদশন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ? উত্তৰঃ ১৯৮৫ চনত। 66) বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন? উত্তৰঃ প্ৰমথেশ বৰুৱা । (ছবি দেৱদাস ) 67) অসমৰ প্ৰথম অঁনাতাৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰঃ ১৯৪৮ চনত । 67) ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল ? উত্তৰঃ ইটো সিটো বহুতো । 68) প্ৰথম অসমীয়া কথাছবিৰ নায়িকা গৰাকী কোন আছিল ? উত্তৰঃ আইদেউ সন্দিকৈ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নায়িকা আছিল ? 69) অভিনেতা বিজু ফুকনৰ প্ৰথম ছবি কি ? উত্তৰঃ বৰুৱাৰ সংসাৰ । 70) তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি ? উত্তৰঃ ১৯৮৪ চনত কৰা "সেন্দূৰ"। 71) অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰঃ ১৯৪০ চনত । 72) হিন্দী পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবি কি? উত্তৰঃ ভাগ্য । 73) প্ৰমথেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিএ কি ? উত্তৰঃ দেৱদাস (বঙালী) । 74) প্ৰথম অসমীয়া চলচিএ নিমান কোনে কৰিছিল ? উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা । 75) মহিলা পৰিচালকৰ পৰিচালাকা প্ৰথম অসমীয়া চলচ্চিএ খনৰ নাম কি? উত্তৰঃ নয়নমণি। 76) প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি খনৰ নাম কি? উত্তৰঃ জীৱন সুৰভি । 77) প্ৰথম অসমীয়া চলচিত্ৰ কি ? উত্তৰঃ জয়মতী (১৯৩৫)। 78) প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কি ? উত্তৰঃ শকুন্তলা (১৯৬১) । 79) জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হয় ? উত্তৰঃ ১৯৬৮ চনত । 80) দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কি? উত্তৰঃ বৃষ্টি । 81) স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি? উত্তৰঃ হালধীয়া চৰাইয়ে বাও ধান খায় (১৯৮৭) । 82) বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি কো ? উত্তৰঃ পূবেৰুণ (১৯৫৯ চনত বাৰ্লিনত প্ৰদৰ্শিত হয়। 83) "অসমৰ মানচেষ্টাৰ" বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰঃ শুৱালকুছিক। 84) অসমত মঞ্চৰ জন্মদাতা কোন ? উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ । 85) আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ? উত্তৰঃ চৰাইদেউ । 86) অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে ? উত্তৰঃ ১৯৬৮ চনত । 87) চুকাফা কোন চনত ৰাজপাটত উঠে ? উত্তৰঃ ১২২৮ চনত । 88) অসমলৈ মানসকলক কোনে আনিছিল? উত্তৰঃ বদন বৰফুকনে। 89) অসমত ৰ্সবপ্ৰথম বুৰঞ্জী কোনে লিখিছিল ? উত্তৰঃ আহোমসকলে । 90) মুছলমানে প্ৰথম অসম আক্ৰমন কেতিয়া কৰিছিল ? উত্তৰঃ ১২০৬ চনত।