এজন বৰ চতুৰ গ্ৰাহক আছিল। তেওঁ সামগ্ৰী কিনিছিল, কিন্তু তাৰ বিনিময়ত দোকানীক একো দিয়া নাছিল।অথচ তেওঁ সামগ্ৰী নাই কিনা বুলিও ক’ব নোৱাৰি। সেয়েহে তেওঁ চতুৰ গ্ৰাহক নামে জনাজাত আছিল। তেওঁক দেখিলেই দোকানীবোৰে ভয় খাইছিল। কাৰণ তেওঁ কাৰ দোকানৰ পৰা কি বস্তু পইছা নিদিয়াকৈ কিনি নিয়ে ঠিক নাই। লাহে লাহে গ্ৰাহকজন দোকানীবোৰৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিল। সেই চহৰতে এজন বেছ পঢ়া-শুনা কৰা ডেকাই নতুনকৈ এখন হোটেল খুলিলে। আন দোকানীবোৰে তেওঁক চতুৰৰপৰা সাৱধানে থাকিবলৈ পৰামৰ্শ দিলে। তাকে শুনি তেওঁ ক’লে, “মই ইমান বেঙা নহয়। তোমালোকক ঠগিব পাৰে, মোক নোৱাৰে।‘’’ এই কথা চতুৰৰ কাণত পৰিল। তেওঁ এদিন দিন-বাৰ চাই হোটেলৰ আগত থিয় হ’লগৈ। তাকে দেখি আন দোকানীবোৰো কাষ চাপি আহিল। নতুন ডেকাইনো কেনেকে বস্তু নিদিয়াকৈ চতুৰক বিদায় দিয়ে তাকে চাবলৈ। চতুৰে চিধাই গৈ ব্যস্তভাবে ডেকাক ক’লে, “চিঙাৰা আছেনে? গৰম হ’বনে?’’ বুলি খৰাহীত থকা চিঙাৰাবোৰ চুই চাই ক’লে, “দাম কিমান?” “এটাত পাচ টকা” “ঠিক আছে, চল্লিছটা বান্ধি দিয়া” বুলি চতুৰে পকেটত হাত ভৰালে। ইফালে ডেকাই চল্লিছটা চিঙাৰা বান্ধি দিলে আৰু ক’লে, “দুশ টকা’’ চতুৰে পইচা আগবঢ়াই দিও ঘূৰাই আনিলে। “ৰবাচোন, ৰবা। এই যে গোল্লা দেখিছো নতুন নে? দাম কিমান?” “হয় নতুন। এটাত ১০ টকা” “হয়নে? বৰ ভাল, বৰ ভাল। তেনে মোক চিঙাৰাৰ সলনি গোল্লাকে দিয়া। একে পইছাৰে। বিছটা পাম নহয়নে?” এইবাৰ ডেকাই বিছটা গোল্লা বান্ধি দিলে। চতুৰে থোঙাটো হাতত লৈ আকৌ ঘুৰাই দিলে। “এস নালাগে দিয়া। মোক গোল্লাৰ সলনি কলাকানকে দিয়া।” ডেকাৰ খং উঠিছিল। কিন্তু চতুৰেনো তেওঁক কেনেকৈ ঠগে দেখা যাওক বুলি ভাবিলে। তেওঁ ক’লে, “কালাকানৰ দাম এটাত বিছ টকা কিন্তু হ’লে দেই। কেইটা দিম?” এইবাৰ চতুৰে ডেকাক খঙেৰে ক’লে, “তোমাক ক’লোঁচোন গোল্লাৰ সলনি দিয়া। গতিকে দহটা নেপাম জানো? হিচাপ নাজানা নেকি হে?” ডেকাই নিৰবে কালাকান দহটা বান্ধি দিলে। টোপোলাটো লৈ চতুৰে গহীনত বাটলৈ খোজ দিলে। তাকে দেখি ডেকাই চতুৰক বাটৰ পৰা ধৰি আনিলে। “পইছা নিদিয়াকৈ ক’লৈ যায়? মোৰ লগত এই বোৰ লটৰ পটৰ নহ’ব।” ইতিমধ্যে চতুৰ ধৰা পৰা দেখি দোকানৰ সমুখত মানুহৰ জুম লাগিল। চতুৰে ৰাইজৰ ফালে চাই ক’লে, “কি আপদীয়া ডেকাহে তুমি? কথা নাই, বতৰা নাই পইছা খুজিছ?” “কেলেই, কালাকান নিয়া নাই এই মাত্ৰ মোৰ দোকানৰপৰা? সেই টোপোলাটোতে আছে। ক’ত সাৰিব আজি মোৰ হাতৰপৰা? ভালে ভালে ২০০ টকা দিয়ক।” “হেৰৌ মূৰ্খ। মই তোৰ পৰা কালাকান কিনিছোঁনে?” “অঁতো” “চাওকচোন ৰাইজ। ইহঁতি বৰু কেনেকৈ বেপাৰ কৰিব? মই কালাকান দহটা ২০টা গোল্লাৰ সলনিহে ললোঁ। হয় নে নাই ক’?” “হয়। তেন্তে ২০ টা গোল্লাৰ দামেই দিয়ক” “অকঁৰা। ২০ টা গোল্লা জানো মই ৪০ টা চিঙাৰাৰ সলনি লোৱা নাই?” “হয়, লৈছে লৈছে।” এইবাৰ ৰং চাবলৈ অহা দোকানী এটাই মাত লগালে। এই বাৰ চতুৰৰ জব্দ হোৱাৰ পাল। ডেকাই বিজয়ৰ হাঁহি মাৰি ক’লে, “মোক বেঙা বনাব নেলাগে। দহটা কালাকানৰ দাম নিদিয়ে যদি ৪০ টা চিঙাৰাৰ দামেই দিয়ক।” ৰাইজেও ভাবিলে আজি চতুৰৰ নিস্তাৰ নাই। কিন্তু অকণো বিচলিত নহৈ ৰাইজৰ ফালে মুখ কৰি সুধিলে, “ৰাইজ, মই বস্তু কিনিলেহে পইছা দিম। হয় নে নহয়?” “হয়, হয় ” ৰাইজে চিয়ঁৰিলে। এইবাৰ ডেকাজনৰ ফালে মুখ ঘূৰাই চতুৰে ক’লে, “এই ঠগটোলৈ চোৱা। মোক ঠগিবলৈ আহে। মই তেওঁৰ পৰা চিঙাৰা কিনাই নাই, তেওঁক আক’ চিঙাৰা ৪০টাৰ দাম দিব লাগে! ডকাইত নেকি হে তুমি?” ৰাইজেও ভাবিলে, হয়োতো! তেওঁ নিকিনা বস্তু এটাৰনো কিয় দাম দিব? “চাব হে, চাব ৰাইজ। এই নতুন দোকানীবোৰৰ পৰা সাৱধান হব।” বুলি কৈ কালাকানৰ টোপোলাটো জোকাৰি জোকাৰি চতুৰ গ’লগৈ। ডেকাই মূৰ খজুৱাই খজুৱাই হিচাপ কৰিব ধৰিলে, চিঙাৰাৰ সলনি গোল্লা…. গোল্লাৰ সলনি কালাকান…. লিখক: পংকজ নেওগ