নুমলীয়া পো এহাল বুঢ়া-বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল’ৰা হ’ল। বুঢ়াই গুণি-ভাবি পুতেকৰ নাম কি থব বিচাৰি নাপাই, গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ’ল। গণকে বুঢ়াক সুধি-পুচি, তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰেই নুমলীয়া দেখি ল’ৰাৰ নাম নোমল দিলে। বুঢ়াই গণকক পানী-গামোছা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি “নোমল” “নোমল”কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত “নেমেল” “নেমেল” ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাঁৱৰ ওচৰাওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাওখন মেলিবলৈ নাৱৰীয়াহঁতক হুকুম দিলে। নাৱৰীয়াহঁতে নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোতেই “নেমেল” “নেমেল”কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক কলে, “দেউতা, কৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে।” নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি, সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে; বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ’লে কিজানি সিফালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি, মাথোন বাৰে বাৰে “নেমেল” “নেমেল” কৰিবলৈ ধৰিলে। সদাগৰৰ খং উঠিল— “উস্ কটা। ইমান দিন ইয়াতে থাকি আজি দিনবাৰ চাই নাওখন মেলিবলৈ হুকুম দিলো আপদীয়া এইটেৱে ক’ৰবাৰপৰা আহি মোৰ শুভ-যাত্ৰাত বিধিনি জন্মালে। কটা ধৰ ইয়াক।” এই বুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটা দিয়ালে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি “নহবৰ হ’ল”, “নহবৰ হ’ল” বুলিবলৈ ধৰিলে। বুঢ়াই “নহবৰ হ’ল” কৈ গৈ আছে, এনেতে সেই বাটেদিয়েই ভালকৈ সাজ-পাৰ পিন্ধি যোৱা মানুহ এটাক যি লগ পালে। মানুহটোৱে বুঢ়াৰ সেই “নহবৰ হ’ল” কথাটো শুনি ভাবিলে সি ভালকৈ ধুন-পেচ মাৰি সাজ-পাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি যি তাৰ হাতৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই “নহবৰ হ’ল” কথাষাৰো পাহৰি “সিটোতকৈ ইটোহে চৰা” বুলি যাবলৈ ধৰিলে। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল; সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুচুৰি-বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি কলত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে “বাৰু যি হ’ল হ’ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন?” বুঢ়াই কলে,—“কিলৰ তাপত মোৰ মনৰপৰা নাম-কাম সোপাই পলাই গ’ল; মই নামটো পাহৰিলোঁ।” বুঢ়াৰ কথা শুনি বুঢ়ীয়ে কলে, “পাহৰিলা যদি পাহৰিলা, কি কৰিম। ল’ৰাৰ নাম থোৱা হ’ল আৰু; এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠিয়া পাৰাগৈ যোৱা।” “নুমলীয়াকৈ” কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একোনাই হৈ বুঢ়ীক কলে,— “হয়, তয়েই যদি মোৰ ল’ৰাৰ নামটো জান, তেন্তে মোক কিয় ইমানখন মাৰ-কিল খুৱালি?” এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে। ইয়াৰ পিচত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম নোমল দি খাই-বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলো। উৎস : লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা