প্রাচীন মিচৰৰ উপাখ্যান মিচৰৰ ৰজা ৰামচিনিটচৰ ধন-সোণৰ লেখ-জোখ নাছিল। তেওঁৰ পাছৰ কোনো ৰজাৰেই ইমান ধন-সোণ নাছিল। ৰজাই এই ধন-সোণবিলাক থব'লৈ মিচৰৰ এজন প্রখ্যাত ৰাজমিস্ত্রীৰ হতুৱাই এটা শিলৰ ঘৰ কৰাইছিল। ৰাজ-কাৰেঙৰ গাতে লগাই ঘৰটো সজা হৈছিল আৰু বাহিৰ ফালৰপৰা সোমাবব কাৰণে কোনো দুৱাৰ বা বাট ৰখা নহৈছিল। কেৱল ৰজাৰ শোৱনি কোঠাৰপৰা ঘৰটোৰ ভিতৰলৈ যাবলৈ এটা গুপুত বাট আছিল। ৰাজমিস্ত্রীজনে কিন্তু শিল গাথোঁতে কোনেও নজনাকৈ এটা ডাঙৰ শিল এনেভাবে থৈছিল, যাতে এজন বা দুজন মানুহে শিলটো আঁতৰাই সুৰুঙাৰ মাজেদি ভিতৰলৈ সোমাই আহিব পাৰে। মিস্ত্রীৰ দুটা ডেকা পুতেক আছিল। মৰিবৰ সময়ত বাপেকে সিহঁতক মাতি আনি এই ৰহস্যৰ কথাটো কৈ যায়। তেওঁ আৰু কৈছিল যে চেষ্টা কৰিলে সিহঁত ৰাজ-ভঁৰালী হ'বগৈ পাৰিব। সিহঁতে কিন্তু বাপেক মৰাৰ পাছতে ধনৰ লোভ সামৰিব নোৱাৰি এদিন ৰাতি মনে মনে গৈ বাপেকে দি যোৱা সঙ্কেত অনুসৰি সেই শিলটো আঁতৰাই ৰাজ-ভঁৰালৰপৰা বহুত ধন-সোণ উলিয়াই আনিলে। যাওঁতে শিলটো আগৰ দৰে চিন-চাব নোহোৱাকৈ এনেকৈ থৈ গ'ল যে কাৰো মনত একো সন্দেহ নহ'ল। এদিন ৰজাই গুপুত বাটেদি শিলৰ ঘৰটোত সোমাই ধনৰ এটা ডাঙৰ পেৰা খালি হৈ থকা দেখি বৰ আচৰিত হ'ল। কেনিও মানুহ সোমোৱাৰ চিন নাই, অথচ ৰাজধন চুৰি হ'ল, ইয়াকে ভাবি ৰজা, মন্ত্রী সকলো বিমোৰ হ'ল। চোৰ ধৰিবলৈ ৰজাই এটা বুধি উলিয়ালে। কিছুমান ধনৰ বাকচৰ ওপৰত এবিধ কৌশলপূর্ণ জাল পতাই থৈ দিয়ালে। এইদৰে কিছুমান দিন যোৱাৰ পাছত চোৰ দুটা আকৌ আহিলে আগৰ দৰেই ডাঙৰ শিলটো এফলীয়া কৰি সুৰুঙাৰ মাজেদি সোমাই আহিল। কিন্তু এইবাৰ বাকচত হাত দিয়া মাত্রকে এটা চোৰ জালত লাগি ধৰিল। সেই অদ্ভুত জালৰপৰা এৰাবৰ কোনো উপায় নেদেখি চোৰটোৱে ইটো চোৰক ক'লে যে ৰাতিপুৱা ৰজাই তাক জালত পৰা দেখি চিনি পালে, অকল তাকেই নহয়, সিহঁতৰ গোটেই পৰিয়ালকে প্রাণদণ্ড দিব। সেই কাৰণে সি ককায়েকক তাৰ মূৰটো কাটি তাৰপৰা ওলাই যাবলৈ ক'লে। ককায়েকেও ভায়েকৰ কথামতে তাৰ মূৰটো কাটি মৰাশটো তাতে এৰি কটা মূৰটো লৈ ওলাই গ'ল। যাওঁতে শিল চপৰা কেৱে চিন ধৰিব নোৱৰাকৈ আগৰ দৰে থৈ গ'ল। পাছদিনা ৰজাই মূৰ নাইকিয়া মৰাশটো দেখি বিস্ময় মানিলে। কেনিও অহা-যোৱাব চিন নাই, আছে এটা মৰাশ, তাৰো মূৰটো নাই। ৰজাই মৰাশটো উলিয়াই নি বাজবাটত এডাল কাঠৰ ওপৰত আঁৰি থবলৈ হুকুম দিলে, আৰু সেইপিনে যাওঁতে যাৰে মুখত শোক বেজাবৰ চিন দেখে তাকে ধৰি ৰাখিবলৈ প্ৰহৰীবিলাকক আদেশ দিলে। ইফালে চোৰৰ মাকে পুতেকৰ দশা শুনি ইনাই-বিনাই কান্দিবলৈ ধৰিলে আৰু সাৰি যোৱা পুতেকটোক ভায়েকৰ মৰাশটো যেনে-তেনে আনি দিব লাগে বুলি আমনি কৰিবলৈ ধবিলে। মৰাশটো আনিবলৈ যোৱা কিমান বিপদজনক তাক বুজাই কোৱাটো মাকে তাৰ কথা নুশুনিলত চোৰটোৰ এটা বুধি উলিয়ালে। গোটাদিয়েক গাধৰ পিঠিত কিছুমান মদৰ বটল বোজাই দি সি মৰাশটো থকা বাটেদি যাবলৈ ধৰিলে। ওচৰ পালত সি কোনেও নেদেখাকৈ গোটাদিয়েক বটলৰ ঠিলা খুলি দিলে। বটলৰ মুখেদি মদ পৰা দেখি কেইটামান প্রহৰীয়ে লোভ সামৰিব নোৱাৰি হাতত ঘটি লৈ মদ ধৰিবলৈ গ'ল। চোৰটোৱে প্রথমতে খং কৰি দেখুৱালে, কিন্তু পাছত প্রহবীবিলাকক অবাধে মদ নিবলৈ দিলে। অলপ কথাবার্তা হোৱা পাছতে চোৰটোৱে সিহঁতৰ লগত ইমান মিতিৰালি পাতিলে যে সিহঁতে তাক একেলগে বহি মদ খাবলৈ মাতিলে। বহুত ৰাতিলৈকে মদ খাই পহৰীবিলাক যেতিয়া টোপনিত লালকাল হ'ল, তেতিয়া সি মৰাশটো লাহেকৈ নমাই গাধবিলাক খেদাই ঘৰলৈ গুচি আহিল। আহিবৰ সময়ত উপলুঙা কৰি প্ৰহৰীকেইটাৰ দীঘল ডাঢ়িৰ এফাল খুৰাই থৈ আহিল। পাছদিনা পুৱা ৰজাই শুনিলে যে মৰা-শটো নাই, প্রহৰীকেইটা ওচৰতে অচেতন হৈ পৰি আছে। ৰজাই বিমোৰ নহৈ চোৰ ধৰিবলৈ আৰু এটা বুধি উলিয়ালে। নগৰত ঘোষণা কৰি দিয়া হ'ল যে ৰজাৰ জীয়েকে ৰাজধানীৰ সাহসী ডেকাবিলাকক নিজে আদৰ অভ্যর্থনা কৰি গান-বাজনা শূনাব আৰু ভোজ খুৱাব। প্রত্যেক ডেকা গোপনে তেওঁৰ গুবিলৈ আহিব, কিন্তু নিমন্ত্রণ ৰক্ষা কৰাৰ আগতে ৰাজকুমাৰীক কোনো অসীম সাহসৰ কথা কৈ নিজৰ বীৰত্ব কাহিনী শুনাব লাগিব । আন আহক নাহক সেই চোৰটোৱে আহিম বুলি মনতে দৃঢ় সঙ্কল্প কৰিলে। এটা নতুন মৰা শৰপৰা এখন হাত কাটি আনি কাপোৰৰ তলত লুকুৱাই সি ৰাতি বাজকুমাৰীৰ নিমন্ত্রণ ৰক্ষা কবিবলৈ আহিল। ৰজাই জীয়েকক আগতে কৈ ৰাখিছিল যে সাহৰ কথা কওঁতে যেয়ে শিলৰ ঘৰত সোমাই ধনবস্তু নিয়াৰ কথা উলিয়ায় তাকে তেওঁ ঘপৰাই হাতত ধৰিব আৰু তৎক্ষণাৎ পালি প্ৰহৰীক মাতিব। চোৰটো আহিয়েই ৰাজকুমাৰীক তাব বীৰত্বৰ কথা ক'বলৈ ধৰিলে। সি শিলৰ ঘৰ সোমাই বয়বস্তু নিয়াৰ কথা ক'লে আৰু আন কি প্ৰহৰীবিলাক মদ খুৱাই মৰা-শটো নমাই নিয়াৰ কথাও ক'লে। ৰাজকুমাৰীয়ে ঘপৰাই হাতত ধৰিব খুজিলত চোৰটোৱে আন্ধাবত তেওঁৰ কাপোৰৰ তলত থকা হাতখন ধৰিবলৈ দি বিজুলী বেগেৰে তাৰপৰা গুচি আহিল। এই কথা শুনিলত ৰজাই আৰু চোৰ ধৰিবলৈ বুধি নুলিয়ালে; তেওঁ বুজিলে যে মিচৰ ৰাজ্যত ৰজাতকৈও বুধিয়ক প্রজা আছে। ৰজাই ঘোষণা কৰি দিয়ালে যে তেওঁ চোৰক অভয় দিছে। সি নিৰাপদে আহি তেওঁৰ আগত হাজিব হ'ব পাৰে। অভয় ঘোষণা শুনি চোৰটো ৰজাৰ গুৰিলৈ আহিলত ৰজাই জীয়েকক তালৈ বিয়া দিলে আৰু ক'লে বোলে যেনেকৈ আন দেশৰ মানুহতকৈ মিচৰৰ মানুহ শ্রেষ্ঠ, তেনেকৈ মিচবৰ মানুহতকৈ এওঁ শ্রেষ্ঠ। খৰতকীয়া বুদ্ধি, সাহ আৰু নির্ভীক আচৰণে অনেক সময়ত মানুহৰ বেয়া গুণবিলাক তল পেলাই উন্নতিৰ পথত সহায় কৰে। ৰচনা : কৃষ্ণকান্ত সন্দিকৈ সংগ্ৰহ: কৃষ্ণকান্ত সন্দিকৈ ৰচনা – সম্ভাৰ