সাগৰৰ মাজৰ দুৰ্গ পুৰাকালত আইলণ্ডত সাধু ব্রান্দান বুলি এজন পৰম ধার্মিক সন্ন্যাসী আছিল। তেওঁ এবাৰ কিছুমান শিষ্য গোটাই দিব্যভূমি আৱিস্কাৰ কৰিবৰ কাৰণে যাত্রা কৰিছিল। এখন সৰু নাৱত তেওঁ আৰু তেওঁৰ শিষ্যবিলাক সাগৰৰ মাজেদি গৈ আছিল। কিছুমান দিন এইদৰে যোৱাৰ পাছত এদিন হঠাৎ সাগৰৰ বতাহ মাৰিবলৈ ধৰিলে, পানীবিলাক যেন ডাঠ হ'বলৈ ধৰিলে, নাও নচলা হ'ল। ব'ঠা মাৰি মাৰি সন্ন্যাসীবিলাক ভাগবি পৰিল। উদ্ধাৰৰ উপায় নেদেখি ঈশ্বৰৰ নাম ল'বলৈ ধৰিলে। এইদৰে দুকুৰি দিন যোৱাৰ পিছত তেওঁবিলাকে এদিন ৰাতি দূৰৈত গোটাদিয়েক ৰঙা চাকি ঢিমিক্ ঢামাক কৰা দেখা পালে। সাধু ব্রান্দানে চাকিন কেইটাব প্রতি আশীর্বাদ জনাই সেইফালে নাও চলাবলৈ হুকুম দিলে। ৰাতিপুৱা তেওঁবিলাকে দেখিলে যে সাগৰৰ মাজত এটা প্রকাণ্ড দুৰ্গৰ কাষত নাও চাপিছেহি; দুর্গটোৰপৰা এটা কুকুৰ ওলাই অহা তেওঁবিলাকে দেখা পালে; যেন পোহনীয়া কুকুৰ এটাইহে গৃহস্থক নিবলৈ আহিছে। দুর্গৰ ভিতৰ সোমাই সন্ন্যাসীবিলাকে দেখিলে যে তাৰ কোঠাবিলাক ৰজাৰ কাৰেঙৰ দৰে সজোৱা আৰু নানা বহুমূলীয়া বস্তুৰে পৰিপূর্ণ। কিন্তু তাত জনপ্রাণী কোনো নাই। তেওঁবিলাকে আৰু দেখিলে যে তেওঁবিলাকৰ কাৰণে চকী মেজ পৰা আছে, ভৰি ধুবলৈ চৰিয়াত তপত পানী সজাই থোৱা আছে। হাত-ভৰি ধুই তেওঁবিলাকে আন এটা কোঠা সোমাই দেখে যে, মেজৰ ওপৰত মাছ, মঙহ, কটি আদি নানা খাদ্যই মোক খা মোক কৰি আছে। সন্ন্যাসীবিলাকে ভোকত কলমলাই আছিল। সেই সুন্দৰ আহাৰ আগত দেখি তেওঁবিলাকে হামোৰ কামোৰকৈ খাবলৈ ধৰিলে। কি আনন্দ! যিমান খায় সিমান আকৌ খালৰ ওপৰত পৰেহি। খাই বৈ উঠি আন এটা কোঠালৈ গৈ তেওঁবিলাকে দেখিলে যে শেতেলি পৰা আছে। দুকুৰি দিন একেৰাহে ব'ঠামাৰি সন্ন্যাসী কেইজন শ্রান্ত ক্লান্ত হৈ পৰিছিল। তেওঁবিলাকে লৰালৰিকৈ নিহালিৰ তলত সোমালগৈ। সাধু ব্রান্দান কিন্তু শুবলৈ নগ'ল। লাহে লাহে ৰাতি হৈ আহিছিল। তেওঁ তেওঁৰ লগৰীয়া কেইজন কেনেকৈ শুইছে তাক চাবলৈ গ'ল। ৰাতি এটা ঘটনা দেখি তেওঁ বৰ-আচৰিত হ'ল। এজন সন্ন্যাসী শোৱা পালেংখনৰ কাষত এটা ক'লা ভূতে হাতত এডাল লোৰ শিকলি লৈ নাচিব লাগিছে। এই দৃশ্য দেখি সাধু ব্ৰান্দানে লগৰীয়া সন্ন্যাসীৰ মঙ্গলৰ কাৰণে প্রার্থনা কৰি কটালে। পিছদিনা পুৱা সন্ন্যাসীবিলাকে আকৌ আগৰ দৰে সকলো বস্তু যতাই থোৱা পালে। মানুহ-দুনুহ, জন-প্রাণী কোনো নাই, অথচ দুৰ্গৰ ভিতৰত কোনোবাই আলহী সুধিছে। সাধু ব্রান্দানে ৰাতিৰ সেই অদ্ভুত দৃশ্যৰ কথা একো নুলিয়ালে আক এইদৰে তিনিদিন তিনি ৰাতি তেওঁবিলাকে বজাৰ দৰে দুৰ্গৰ ভিতৰত থাকিল। কিন্তু ৰাতি সন্ন্যাসীবিলাক টোপনি যোৱা মাত্রকে সেই ক'লা ভূতটোৱে লোৰ শিকলি এডাল হাতত লৈ সেই সন্ন্যাসীজনৰ পালেঙৰ কাষত নাচিবলৈ ধৰে। সাধু ব্রান্দানে সদায় তেওঁৰ লগৰীয়াজনব মঙ্গলৰ কাৰণে প্রার্থনা কৰিছিল, কিন্তু ভূতৰ কথা কাৰো আগত কোৱা নাছিল। তিনিদিনৰ পাছত সন্ন্যাসীৰ দলটো দুর্গ এৰি নাৱলৈ যাবলৈ ওলাল। সকলো বিলাক বাহিৰ ওলাই আহিলত সাধু ব্রান্দানে ক'লে, 'সাৱধান! ইয়াৰপৰা কোনেও কুটা এগছকে নিনিয়ে যেন। চোৰ নাম লৈ কোনেও যেন আগলৈকে আলহী অহাৰ বাট নামাৰে।' গুৰুৰ কথা শুনি শিষ্য কেইজনে একেলগে ক'লে, 'প্রভু, আমি লগত একোকে অনা নাই। আমাৰ ভিতৰত কোনো চোৰ নহওঁ।' সাধু ব্ৰান্দানৰ কিন্তু মনৰ খুকুৰি নাভাগিল। তেওঁ ক'লে, 'মোৰ বিশ্বাস হোৱা নাই। তোমালোকৰ ভিতৰত কোনোবা এটা চোৰ, দুৰ্গৰ ভিতৰৰপৰা যদি কিবা আনিছা এতিয়াই দিয়া; নহ'লে বিপদ হ'ব, সাৱধান।' গুৰুৰ মুখত এই ভয় লগা কথা শুনি এটা ডেকা সন্ন্যাসীয়ে কাপোৰৰ তলৰপৰা এডাল ৰূপৰ শিকলি উলিয়াই কঁপি কঁপি ক'লে, 'প্রভু, লোভ সামৰিব নোৱাৰি ময়েই এইডাল মনে মনে লৈ আহিছিলোঁ। মোক ক্ষমা কৰক, মই পাপী।' সাধু ব্রান্দানে দেখিলে যে, যিটো সন্ন্যাসীৰ শোৱাপাটীৰ ওচৰত সেই ক'লা ভূতটোৱে নাচিছিল ইয়েই সি। ইয়াৰ ঠিক পাছতে চোৰ সন্ন্যাসীৰ বুকুৰপৰা সেই ক'লা ভূতটো চিঞৰি চিঞৰি ওলাই আহিল। সি সাধু ব্রান্দনক কাকুতি-মিনতি কৰি ক'লে, 'প্রভু, আপুনি মোক কেলেই নিৰাশ্রয় কৰিলে। মই ইয়াৰ বুকুত আজি সাতবছৰে সুখেৰে আছিলোঁ, এতিয়া ক'লৈ যাম?' সাধু ব্রান্দানে ভূতটোক গুৰু গম্ভীব মাতেৰে ক'লে, 'তোৰ য'লৈকে মন যায় ত'লৈকে যাগৈ; কিন্তু সাৱধান, তই কাৰো অনিষ্ট নকৰিবি।' ইফালে চোৰ সন্ন্যাসীৰ আয়ুস টুটি আহিছিল। সাধু ব্রান্দানে সেই কেইদিন ৰাতি তাৰ সদাতিৰ কাৰণে প্রার্থনা কৰিছিল, তাৰ ফলতে স্বৰ্গৰপৰা দুজন দূত চোৰ সন্ন্যাসীৰ জীৱটো 'নিবলৈ নামি আহিল। সন্ন্যাসীৰ মৃতদেহ মাটিত পৰি থাকিল। সাধু ব্রান্দানে আৰু তেওঁৰ লগৰীয়াবিলাকে সেই দুর্গটোৰ কাষত মৰাশটো কবৰ দিলে। তাৰ পিছত তেওঁবিলাকে আকৌ অসীম সাগৰত নাও মেলি দিলে। ৰচনা : কৃষ্ণকান্ত সন্দিকৈ সংগ্ৰহ: কৃষ্ণকান্ত সন্দিকৈ ৰচনা – সম্ভাৰ