ৰুছিয়াৰ সাধু এদিন পথাৰত হাল বাওঁতে এজন খেতিয়কৰ নাঙলৰ মুখত লাগি কলহ এটা ওলাল। কলহৰ ভিতৰত সোণৰ মোহৰ। গৰু-নাঙল পথাৰতে এৰি খেতিয়কে কলহটো লৈ ঘৰলৈ ঢাপলি মেলিলে। ঘৈণীয়েকক দুৱাৰমুখতে দেখি ক'লে- "চাচোন চা, মোৰ হাতত কি? আজি আমাৰ বৰ ভাগ্য। খুন্দ খোৱাকৈ ভৰা একলহ সোণৰ মোহৰ। পিছে এতিয়া কলহটো লুকুৱাওঁ ক'ত?" ঘৈণীয়েকে ভাবি-চিন্তি গহীনাই উত্তৰ দিলে- "কত থ'বা আৰু? ঘৰৰ মজিয়াৰ তলতে পুতি থোৱা, তেতিয়াহ'লে ওচৰ-চুবুৰীয়া কোনেও ভু নাপাব।" "এৰা, তই ঠিকেই কৈছ দে।” কথাষাৰ শলাগি গিৰীয়েকে কোৰখন লৈ মাজ মজিয়াত এটা গাঁত খান্দিলে। গিৰীয়েকে কলহটো পুতিবলৈ দিহা কৰোঁতেই ঘৈণীয়েকে লৰালৰিকৈ কাষত গাগৰিটো লৈ নৈ-ঘাটলৈ পানী আনিবলৈ গ'ল। খেতিয়কৰ মনত তেতিয়াহে চাঁত কৰে খেলালে, যে ঘৈণীয়েকক কথাটো কৈ ভাল নকৰিলে। ঘৈণীয়েকে নৈৰ ঘাটত কথাটো এতিয়াই ৰাষ্ট্ৰ কৰি দিবগৈ। ইয়াকে ভাবি গিৰীয়েকে ঘৈণীয়েক ঘাটৰপৰ ঘূৰি অহাৰ পূৰ্বেই কলহটো মজিয়াত নুপুতি বাৰীচুকত পুতি থৈ আহিলগৈ। খেতিয়কে আৰু এটা বুদ্ধি পাঙিলে। ঘৈণীয়েকে আহি গাগৰিটো নমোৱা মাত্রকে ক'লে- "শুনিছনে কালিলৈ গাঁৱৰ মূৰৰ হাবিখনলৈ মাছ মাৰিবলৈ যাম, ওলাবি।" "মাছ মাৰিবলৈ যাবা?” আচৰিত হৈ ঘৈণীয়েকে সুধিলে। "ও" খেতিয়কে ক'লে, "হাবিত মাছ ওলাইছে বুলি গাঁৱত কোৱা-মেলা কৰা শুনি আহিছোঁ।" পিছদিনা ঘৈণীয়েক পাটীত থাকোঁতেই খেতিয়ক ঘৰৰপৰা ওলাল। ঘৰৰ কাষৰে ডোবাটোৰপৰা এখৰাহি কাৱৈ-মাণ্ডৰ মাছ ধৰি হাবিলৈ গ'ল। গাঁৱৰ মূৰৰ দোকানৰপৰা কেইটামান আখৈ-মুড়িৰ লাডুও কিনিলে। মাছ খৰাহি হাবিৰ মাজত মেলি, আখৈ-মুড়িৰ টোপোলাটো লেটেকু গছ এজোপাত আঁৰি ঘৰলৈ উভতিল । কেইখোজমান আহোতেই শহাপহু এটা দেখি তাকো ফর্মুটিয়াই মাৰিলে। লগত নিয়া বৰশীৰ ডোলত শহাটো বিন্ধি ওচৰত থকা বিলখনত পেলালে। এই কাম শেষ কৰি ঘৈণীয়েক শুই উঠাৰ আগতেই খেতিয়ক ঘৰ সোমালহি। জা-জলপান খাই বেলি উঠাব লগে লগে দুয়ো মাছ মাৰিবলৈ ওলাল। হাবিত সোমাওঁতে নৌসোমাওঁতেই কাৱৈ মাছ এটা ঘৈণীয়েকৰ চকুত পৰিল। আগবাঢ়ি যোৱাৰ লগে লগে আৰু কেইটামান মাছ। ঘৈণীয়েকে খেপিয়াই খেপিয়াই মাছবোৰ ধৰি খালৈত ভৰালে। "চোৱাচোন," ঘৈণীয়েকে আচৰিত হৈ চিঞৰিলে "ভাল হাবিত মাছ ওলালহি।" অলপ গৈ দুয়ো লেটেকু গছৰ ওচৰ চাপিল। তাতে কৌপাতৰ টোপোলা দেখি নমাই চাই ঘৈণীয়েকে উত্রাৱল হৈ ক'লে- "চোৱা, কি আচৰিত কথাবোৰ। লেটেকু গছত এই লাডুৰ টোপোলাটো ক'ৰপৰাওলালহি।" "যোৱা নিশা লাডুৰ বৰষুণ দিছিল। তাৰে কোনোবাই কিছুমান বুটলি নিলে, কিছুমান টোপোলাত বান্ধি পাহৰি এৰি থৈ গ'ল হ'বলা" বুলি গিৰীয়েকে ক'লে। "লাড়ুৰ বৰষুণ?" বিশ্বাস কৰিবলৈ টান পাই ঘৈণীয়েকে ক'লে। দুয়ো গৈ বিলৰ কাষ চাপিল। "খন্তেক ৰ," খেতিয়কে নির্দেশ দিলে- "কালি বিয়লি এইখিনিতে বৰশী পেলাই গৈছিলোঁ। চাওঁচোন কিহবাই খুঁটিছে নে নাই?" ডোলত আঁজোৰ দিয়াৰ লগে লগে বৰশীত লাগি থকা শহাটো ওপৰলৈ উঠি আহিল। "চাওঁ, চাওঁ কি লাগিছে?” বৰশীত শহা লগা দেখি বিস্ময়ত ঘৈণীয়েকৰ চকু স্থিৰ। "বিলত শহাপহু। ভাল নোহোৱা-নোপজা কথাখন হৈছে দেও। নিশ্চয় এইবোৰ কোনোবা দেৱতাৰহে কাম। তোমাৰ ওচৰত প্ৰসন্ন হৈ এইদৰে সহায় কৰিছে।" ঘৰলৈ আহি মাছ-মঙহেৰে বঢ়িয়াকৈ ৰান্ধি-বাঢ়ি গিৰীয়েক-ঘৈণীয়েকে দুয়ো দুসন্ধ্যা খালে। কিছুদিন তেওঁলোকৰ সম্পত্তি লাভৰ কথা কোনোৱে নজনাকৈ গ'ল। কিন্তু এদিন হঠাৎ ৰজাঘৰৰ চৰিয়া আহি খেতিয়ক ঘৰত উপস্থিত। খেতিয়কে একলহ সোণৰ মোহৰ পাইছে বুলি ৰজাৰ কাণত পৰিছে। ৰজাই গিৰীয়েক ঘৈণীয়েক দুয়োকে বিচাৰৰ কাৰণে মাতি পঠিয়াইছে। গিৰীয়েক-ঘৈণীয়েক দুয়ো বাটচ'ৰাত উপস্থিত হ'ল। ৰজাই সুধিলে-“শুনিছোঁ, পথাৰত সোণৰ মোহ একলহ পাই তোমাৰ ঘৰৰ মজিয়াত বোলে পুতি থৈছা? মালিক নোহোৱা বস্তুৰ অধিকাৰী ৰজা বুলি নাজনা জানো?" "স্বৰ্গদেউ, কথাটো সঁচা নহয়।" খেতিয়কে ভয়ে ভয়ে উত্তৰ দিলে। "তোমাৰ ঘৈণীয়েৰাই দেখোন কথাটো সঁচা বুলিয়েই ওচৰ-চুবুৰীয়াৰ আগত ৰটি ফুৰিছে।" "মোৰ তিৰোতাজনীৰ মিছা কথা কোৱা আৰু বঢ়াই কোৱাৰ অভ্যাস আছে। মই বহুত চেষ্টা কৰিও তাইৰ এই দোষ এৰুৱাব পৰা নাই। তাইৰ স্বভাৱৰপৰা আমাৰ বহুত কষ্ট খাবলৈ আছে স্বৰ্গদেউ।" গিৰীয়েকে মিছলীয়া বুলি ক'বলৈ পালেহে মাথোন, ঘৈণীয়েকে খঙত টিক্কি-বিচি উঠি ক'লে "স্বৰ্গদেউ, তেওঁহে মিছা মাতিছে। আপুনি যি শুনিছে সি তেনেই সঁচা। ধনৰ কলহ আমাৰ ঘৰৰ মজিয়াত পুতি থোৱা আছে।" "কোন দিনানো পুতিছিলাহঁক- মনত আছেনে?" ৰজাই হাঁহি মাৰি সুধিলে। "কেলেই নাথাকিব স্বর্গদেউ? আমি হাবিত মাছ মাৰিবলৈ যোৱাৰ আগদিনা। সেইদিনা ৰাতিয়েই আখৈ মুড়িৰ লাড়ু বৰষুণ দিছিল নহয়।" ৰজাক পতিয়ন নিয়াবলৈ তাই পুনৰ ক'লে, "আমি সেইদিনা এখৰাহি মাছ ধৰিছিলোঁ, বিছিলোঁ, আহোঁতে তেওঁ আকৌ বিলত বৰশীৰে শহা এটাও ধৰিলে।" এই তিৰোতাজনীৰ এটা কথাও বিশ্বাস কৰিব নোৱাৰি। ৰজাই খঙতে ক'লে, "এই জধামূর্খজনীক মোক আগৰপৰা আঁতৰাই নিয়াহঁক। হাবিত মাছ! গছত লাড়ু। বিলত শহাপহু। মোক এই নাভূত-নাশ্রুত কথাবোন কছে! তাইৰো বৰ সাহ দেখিছোঁ। ঘৈণীয়েকৰ সৈতে খেতিয়কক বজাই ওভতাই খেদাই পঠিয়ালে। তেওঁলোক যোৱাৰ পাছত আকৌ ৰজাই মনে মনে ভাবিলে- "কিজানিবা মজিয়াখন খান্দিলে সোণৰ মোহৰৰ কলহ ওলায়েই।" বিষয়াসকলক খেতিয়কৰ মজিয়া খান্দিবলৈ আদেশ দিলে। গোটেই ঘৰৰ মজিয়া খান্দি কিছুমান ভগা খোলাকটিৰ বাহিলে তেওঁলোকে একো নাপালে। মিছাতে বিষয়াসকল লাজতহে পৰিল। তেওঁলোকে ঘূৰি আহি ৰজাক জনালে-'স্বৰ্গদেউ, সেইজনী গাঁৱৰ কথকী ছলাহী তিৰোতা; তাইৰ কথাত একো সঁজাত নাই। আমাক মিছাতে লটি-ঘটি কৰোৱাৰ বাবে শাস্তি বিহিব লাগে।" ৰজাই অৱশ্যে শাস্তি দিবলৈ মান্তি নহ'ল। বিষয়াসকল যোৱাৰ লগে লগে খেতিয়কে নিজৰ বুদ্ধিৰ প্ৰশংসা কৰি হাঁহিলে। সোণৰ মোহৰৰ কলহনো ক'ত লুকুৱালে সেই কথা পুনৰ ঘৈণীয়েকে সোধা সত্ত্বেও তাইক নজনালে। ভৱিষ্যতলৈ ঘৈণীয়েকৰ আগত খেতিয়কে কোনো বিশ্বাসৰ কথাকে নোকোৱা হ'ল। - -বিৰিঞ্চি কুমাৰ বৰুৱা