১) বেলুনৰ সহায়ত এটা গিলাছক ওপৰলৈ তুলিব পাৰিবানে? তোমাক কি লাগিব? ১। এটা বেলুন ২। এটা পৰিষ্কাৰ গিলাছ তুমি কৰিবা কি? ১। এটা বেলুন ফুলোৱা আৰু তাৰ পাছত সেই বায়ু বেলুনটোৰপৰা উলিয়াই দিয়া। ২। সেই বেলুনটো গিলাচৰ ভিতৰত ৰাখা। ৩। বেলুনটো ফুলাবলৈ আৰম্ভ কৰা। ৪। বেলুনটো গিলাছৰ বেৰত লাগি যোৱাকৈ ফুলোৱা। ৫। বেলুনটোৰ মুখখন ধৰি ৰাখা যাতে তাৰপৰা বায়ু ওলাব নোৱাৰে। ৬। এতিয়া বেলুনটো দাঙি তাৰ সহায়ত গিলাছটো দাঙিবলৈ চেষ্টা কৰা। আচৰিত যেন লাগিলেও তুমি এই কাম কৰিব পাৰিবা। কিয় এনে হ’ল? ইয়াৰ কাৰণ হ’ল বেলুনৰ ভিতৰত বায়ুৰ বৰ্ধিত চাপে বেলুনৰ ৰবৰক কাঁচৰ বেৰৰ লগত নিকপকপীয়াকৈ লগাই ধৰে। ইয়াৰ ফলত এক ঘৰ্ষণ বলৰ সৃষ্টি হয়। এই ঘৰ্ষণ বলৰ মান মাধ্যাকৰ্ষণিক বলতকৈও বেছি হয়। সেইবাবে বেলুনটো পিছলি নাযায় আৰু সেইটো দাঙোতে লগতে কাঁচৰ গিলাছটোও উঠি আহে। ২) বায়ুৰ পৰিৱেশত কাটি থোৱা আপেল কিয় মুগা বৰণৰ হয়? তোমাক কি লাগিব? ১। এটা আপেল ২। আধাফালকৈ কটা এটা নেমু ৩। পানী ৪। তিনিটা পাত্ৰ ৫। এখন কটাৰী তুমি কৰিবা কি? ১। কটাৰীৰে আপেলটোৰ বাকলি গুচোৱা আৰু তাক তিনিটা প্ৰায় সমান অংশ কৰি কাটা। ২। প্ৰতিটো অংশকে একোটা পাত্ৰত থোৱা। ৩। প্ৰথম পাত্ৰটোত পানী ঢালা। ৪। দ্বিতীয় পাত্ৰটোত নেমুটোৰ আধাফাল চেপি তাৰ ৰসবোৰ দিয়া। ৫। তৃতীয় পাত্ৰটোত আপেলডোখৰ যেনে আছে তেনেভাৱেই থাকিবলৈ দিয়া। ৬। চাৰি-পাঁচ ঘণ্টাৰ পাছত আপেলৰ টুকুৰাবোৰ নিৰীক্ষণ কৰা। তুমি দেখিবা যে তৃতীয়টো পাত্ৰত থোৱা আপেলডোখৰ মুগা পৰি গৈছে। কিয় এনে হ’ল? আপেলত ফেনল নামৰ এবিধ এনজাইম থাকে। যেতিয়া কটা আপেলটুকুৰা বাহিৰত বায়ুৰ পৰিৱেশত থাকে, তেতিয়া সেই এনজাইম আৰু ফেনলে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি এক মুগা বৰণৰ বৰকণাৰ সৃষ্টি কৰে। সেই বৰকণাই আপেলৰ উন্মুক্ত পৃষ্ঠ মুগা বৰণৰ কৰি পেলায়। ইয়াকে জাৰণ বুলি কোৱা হয়। প্ৰথম পাত্ৰত থকা আপেলটুকুৰাত মুগা বৰণ ধৰিবলৈ তৃতীয় পাত্ৰ আপেলটুকুৰাতকৈ বেছি সময় লাগে। তাৰ কাৰণ হ’ল যে পানীয়ে আপেলৰ টুকুৰাৰ পৃষ্ঠলৈ বায়ু অহাত যথেষ্ট বাধা দিয়ে। দ্বিতীয় পাত্ৰটোত থকা আপেলটুকুৰা আটাইতকৈ বেছি সময় মুগা বৰণীয়া নোহোৱাকৈ থাকে। তাৰ কাৰণ হ’ল- নেমু টেঙাৰ ৰসত এণ্টিঅক্সিডেণ্ট থাকে আৰু এই এণ্টিঅক্সিডেণ্ট বায়ুৰ অক্সিজেনক এনজাইম আৰু ফেনলৰ লগত ক্ৰিয়া কৰাত বাধা দিয়ে। সংগৃহীত