টোপনিত নাক কিয় বাজে বহু মানুহে শুই থাকোঁতে টোপনিত নিজে নজনাকৈ নাকৰ শব্দ হয়। তেতিয়া তাক নাকৰ ঘোর্ঘোৰণী বুলি কোৱা হয়। সাধাৰণতে শকত মানুহৰ নাকৰ শব্দ বেছি হয়। নাক কিয় বাজে জানিবলৈ চেষ্টা কৰোঁ আহা। আচলতে ঘোৰ্ঘোৰণি কি? আমি শুই থাকোঁতে উশাহত গ্ৰহণ কৰা বায়ুৰ প্ৰৱেশত আংশিকভাৱে বাধা পৰাৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ ফোৰোহনি আৰু গোৰগোৰণি মিহলি শব্দকে ঘোৰ্ঘোৰণি (Snoring) বুলি কোৱা হয় । উশাহ লোৱাৰ সময়ত বায়ু আমাৰ মুখৰ ভিতৰলৈ প্ৰৱেশ কৰি কোমল কলাৰে গঠিত অংশৰ মাজেদি পাৰ হৈ যায়। কোমল কলা বুলি আমি জিভা, কোমল তালু (Soft Palate), টনছিল, এডেনয়ড (Adenoid) আৰু আলজিভা (Uvula) এইবোৰক বুজি পাওঁ। এইবোৰক একেলগে 'ঘোৰ্ঘোৰণি সঁজুলি' (Snoring Apparatus) বুলিও কোৱা হয়। এই সঁজুলিৰ জোঁকাৰণি বা কম্পনেই হ'ল ঘোৰ্ঘোৰণিৰ মূল কাৰণ। ঘোৰ্ঘোৰণিৰ কাৰণ ১. মানুহে উশাহ লওঁতে বায়ু নাকৰ বিন্ধা আৰু মুখেদি প্ৰৱেশ কৰে আৰু তাৰ পিছত গ্রসনী বা ডিঙিৰ (Pharynx) ওপৰ অংশ, স্বৰযন্ত্র (Larynx) পাৰ হৈ পিছত শ্বাস নলীয়েদি আহি হাওঁফাওঁ পায়। খাদ্য গিলাৰ সময়ত জিহ্বামূলে (Epiglottis) স্বৰযন্ত্ৰৰ মুখখন ঢাকি ৰাখে। উশাহ লওঁতে যেতিয়া আলজিভা, টনছিল, এডেনয়ড বা জিভাৰ দৰে ওলমা বা শিথিল কলাবোৰ কঁপি উঠে, তেতিয়াই ঘোৰ্ঘোৰণি সৃষ্টি হয়। ২. এই শিথিল কলাবোৰে বায়ু সোমোৱা পথ বন্ধ কৰাৰ ফলত মানুহে 'বাধাযুক্ত নিদ্রা শ্বাসৰোধ'ত ভুগিব পাৰে। ৩. পেশীৰ দুৰ্বল গঠন বা ডিঙিৰ চৌপাশৰ অতিৰিক্ত মেদ বা ওজনে ওপৰ অংশৰ বায়ু সোমোৱা পথ ঠেক কৰাৰ ফলতো ঘোৰ্ঘোৰণি হ'ব পাৰে। সাধাৰণতে যেতিয়া এজন স্বাস্থ্যবান মানুহে তেওঁৰ মুখ বন্ধ কৰি শোৱে, তেওঁ নাকৰ বিন্ধাৰে উশাহ-নিশাহ লৈ থাকে। মানুহৰ নাকৰ শ্লেমা, এডেনয়েডর লোৱাৰ বেয়া অভ্যাসৰ বাবে মুখেদি বায়ু প্রৱেশ কৰে। তেতিয়া কোমল তালু, আলজিভা আৰু জিভাৰ আকাৰ বৃদ্ধি, নাকৰ ভিতৰত থকা অর্বুদ বা পলিপছ আদি কাৰণত নাক বন্ধ হৈ থাকিলে নাইবা উশাহ মুখেৰে ভূমিভাগৰ প্ৰসাৰণ ঘটে আৰু গ্ৰসনীৰ সংকোচন ঘটে। ফলত মুখ গহ্বৰৰ পিছৰ অংশত থকা 'ঘোৰ্ঘোৰণি সঁজুলি'টো সক্রিয় হৈ উঠে। মদ্যপান, ধূমপান, মেদবহুলতা, জড়তা বা এলেহুৱা স্বভাৱ আদিয়ে ঘোৰ্ঘোৰণিৰ সৃষ্টি কৰাত সহায় কৰাৰ উপৰি ইয়াৰ মাত্রা বঢ়ায়। ঘোৰ্ঘোৰণিৰ শব্দৰ প্রাবল্য গড়ে প্রায় ৬০ ডেচিবল। ই সাধাৰণ কথা পতা শব্দৰ সমান। কিন্তু কোনো কোনো ক্ষেত্রত ঘোৰ্ঘোৰণিৰ শব্দ ৯০ ডেছিবেল পর্যন্ত হ'বগৈ পাৰে। ই এখন চলন্ত ডিজেল ট্রাক বা ৰেলৰ শব্দৰ সমান। নক'লেও হ'ব, ঘোর্ঘোৰোৱা ব্যক্তিজনতকৈ আন মানুহখিনিৰহে অসুবিধা বৰ বেছি পৰিমাণে হয়। মানুহক ঘোৰ্ঘোৰণিৰ পৰা ৰক্ষা কৰিবলৈ বহুতো উদ্ভাৱকে বিভিন্ন ধৰণৰ যতন তৈয়াৰ কৰিছে আৰু বর্তমান কেইবাশও ঘোৰ্ঘোৰণি প্ৰতিৰোধী যতন বজাৰত পোৱা যায়। এই যান্ত্রিক ব্যৱস্থাবোৰত ঘোৰ্ঘোৰণিত ভোগা মানুহজনক ঘাইকৈ সহজভাৱে উশাহ-নিশাহ লোৱাৰ সুবিধা কৰি দিয়া হয়।