মৰুভূমিত জীৱ কেনেকৈ বাস কৰে? মৰুভূমিত অন্য ঠাইৰ তুলনাত গছ-গছনিৰ পৰিমাণ বহুগুণে কম। তেনেকৈ মানুহকে ধৰি অন্য প্ৰাণীৰ পৰিমাণো কম। এতিয়া কথা হ'ল গছ-গছনি নথকা বা কমকৈ থকা মৰুভূমিত প্রাণীসমূহ জীয়াই থাকে কেনেকৈ? প্রাণীবিলাকৰ এটা ডাঙৰ চৰিত্ৰ আছে, সেয়া হৈছে 'অভিযোজন' (Adaptation)। এই অভিযোজনৰ সহায়ত প্রাণীবোৰে স্বাভাৱিক অৱস্থাৰ পৰা চৌপাশে থকা পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত খাপ খুৱাবলৈ শৰীৰৰ অংগ-প্রত্যংগৰ কিছু সালসলনি কৰে, যাৰ ফলত সেই পৰিৱেশত জীয়াই থাকিবলৈ সক্ষম হয়। সেয়েহে অভিযোজনৰ দ্বাৰা আকৃতিৰ সালসলনি কৰিব পাৰে বা শৰীৰৰ আভ্যন্তৰীণ দিশতো সলনি ঘটাব পাৰে অথবা অন্য জীৱ-জন্তুৰ পৰা হাত সাৰিবলৈ দেহৰ কিছু পৰিবর্তন ঘটায়। মৰভূমিত বছৰত বৰষুণৰ পৰিমাণ ১০-১৫ চুঞ্চিতকৈ অধিক নহয়। কেতিয়াবা কেইবাবছৰো একেলগে বৰষুণ নোহোৱাকৈ থাকে। বেছিভাগ মৰুভূমিতে প্রতিবছৰে কিছু বৰষুণ হয় আৰু তাৰেই ইয়াত উৎপন্ন হোৱা উদ্ভিদ জগতে কিছু সকাহ পায়। মৰুভূমিত সাধাৰণতে পানীৰ অভাৱ, অধিক উষ্ণতা আৰু ধূলিময় বতাহ দেখা যায়। সেয়েহে এই পৰিবেশত থকাৰ বাবে প্রাণী আৰু উদ্ভিদবোৰে 'মৰুভূমি অভিযোজন' কৰে, যাৰ সহায়ত তেনে পৰিবেশত জীয়াই থাকিবলৈ সক্ষম হয়। পানী যিহেতু সকলো প্রাণীৰে আৱশ্যক সেয়েহে পানী অবিহনে প্রাণী জীয়াই থাকিব নোৱাৰে। আনহাতে, মৰুভূমিত যিহেতু পানীৰ অভাৱ সেয়েহে প্রাণীবোৰে কিছুমান পদ্ধতি অবলম্বন কৰে, যেনে- (১) অস্ট্রেলিয়াত কিছুমান মৰুভূমিৰ গাঁতত পানী জমা হৈ থাকে আৰু তাত থকা কিছুমান প্রাণীয়ে সেই গাঁতৰ পৰা পানী খায়। (২) কিছুমান প্রাণীয়ে নিয়ৰৰ টোপাল শুহি লয় বা গছ খায়। (৩) কিছুমান প্রাণী যেনে-মৰুভূমিৰ শহাপহু, কাছ আৰু কাঠ নিগনি (Wood Rat) আদিয়ে পানী পালে কেতিয়াও নাখায়। (৪) কেংগাৰু, নিগনি আদিয়ে শুকান গুটি বা উদ্ভিদ খায়। (৫) মাংসাহাৰী প্রাণীবোৰে আহাৰ ভক্ষণ কৰা প্ৰাণীৰ পৰা পানী ভাগ গ্রহণ কৰে। মৰুভূমিত বিচৰণ কৰা প্ৰাণীবোৰৰ ভিতৰত সকলোৰে জনাজাত প্রাণীবিধ হ'ল উট। উটক 'মৰুভূমিৰ জাহাজ' বুলি কোৱা হয়। উটবিলাকে অভিযোজনৰ সহায়ত দেহত এটি মোনা প্রস্তুত কৰি লয় আৰু যেতিয়াই সুবিধা পাই তেতিয়াই পর্যাপ্ত পৰিমাণৰ পানী মোনাটোত সুমুৱাই ৰাখে আৰু আৱশ্যক অনুসৰি মোনাৰ পৰা পানী উলিয়াই পিয়াহ আঁতৰায়। গৰম বালিৰ ওপৰেৰে খোজকাঢ়িব লগা হোৱা কাৰণে ভৰি কেইখন অভিযোজনৰ দ্বাৰা দীঘল কৰি লয় যাতে দেহত উত্তাপ কমকৈ পৰিব লগা হয়। অতিপাত গৰমৰ বাবে বেছিভাগ মৰুভূমিৰ প্রাণী নিশাচৰ হয়। ৰাতি গাঁতৰ পৰা ওলাই খাদ্য বিচাৰি ঘূৰি ফুৰে। আনপিনে যিবিলাক উদ্ভিদ আছে সেইবোৰেও অভিযোজনৰ দ্বাৰা বৰষুণ পৰিলে পানীখিনি জমা ৰাখিব পৰা ব্যৱস্থা কৰি লয়। বেছিভাগ উদ্ভিদৰ দেহত কাঁইট কিছুমান দেখা যায়, যাৰ বাবে জলীয় ভাগ বাষ্প হৈ উৰি যাব নোৱাৰে। গতিকে দেখা গ'ল যে অন্য পৰিবেশৰ তুলনাত মৰুভূমিত বিভিন্ন প্রাণী বা উদ্ভিদ জীয়াই থাকিব পাৰে, যিহেতু সেইবোৰ অভিযোজনৰ দ্বাৰা দেহৰ নানান সালসলনি কৰি সেই পৰিৱেশত নিজকে খাপ খুৱাই ল'ব পাৰে। সেয়েহে অন্য ঠাইৰ নিচিনা একে পৰিবেশ নহ'লেও মৰুভূমিত প্রাণী বা উদ্ভিদ জীয়াই থাকিব পাৰে।