পৰিচয় সূৰ্য আৰু তাৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা আঠটা গ্রহ (বধ, শুক্র, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন), সিহঁতৰ উপগ্রহসমূহ আৰু সিবিলাকৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্রহাণুৰ সমষ্টিয়ে হৈছে সৌৰজগত। সৌৰজগতৰ গ্ৰহবোৰক দুটা ভাগত ভাগ কৰা হৈছে। বুধ, শুক্র, পৃথিৱী আৰু মঙ্গল,-এই চাৰিটা গ্রহক আভ্যন্তৰীণ গ্রহ বুলি কোৱা হয়। আভ্যন্তৰীণ গ্রহবোৰৰ ভিতৰত পৃথিৱী আটাইতকৈ ডাঙৰ। এই গ্রহবোৰৰ বিশেষত্ব হ'ল, ইহঁত ওচৰা-উচৰিকৈ অৱস্থিত আৰু আটাইকেইটা শিল-মাটিৰ দৰে টান পদাৰ্থৰে গঠিত। বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন-এই গ্রহকেইটাক বাহ্যিক গ্রহবুলি কোৱা হয়। এই গ্রহকেইটা সাধাৰণতে গেছ আৰু বৰফেৰে গঠিত। গ্রহবোৰে নিজ মেৰুদণ্ডত আৱৰ্তন কৰাৰ লগে লগে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি সূর্য আকাশৰ অগণন তৰাৰ দৰে সূৰ্যটোও এটা তৰা বা নক্ষত্ৰ। ই আমাৰ আটাইতকৈ ওচৰত থকা তৰা। সূৰ্যটো অতি তপত গেছৰ এটা বাষ্পপিণ্ড। সূর্যটো ৯০% হাইড্রোজেন, ৮% হিলিয়াম আৰু মাত্র ২% আন গধুৰ মৌলেৰে গঠিত। অভ্যন্তৰত থকা হাইড্রোজেন ভাগ প্রচণ্ড তাপ আৰু চাপৰ ফলত হিলিয়ামলৈ পৰিৱৰ্তিত হয় আৰু এই বিক্রিয়াই সূর্যক বিপুল শক্তিৰ অধিকাৰী কৰি তুলিছে। সৌৰমণ্ডলৰ আন আন গ্রহবোৰৰ দৰে সুর্যৰো গতি আছে। ২৫ দিন আৰু ৮ ঘন্টা ৭মিনিটত ই নিজ অক্ষৰ ওপৰত আৱৰ্তন কৰাৰ উপৰি মহাকাশতে এটা নির্দিষ্ট দিশত গতি কৰে। সৌৰজগতৰ শক্তিৰ আধাৰ হৈছে সূর্য। সূৰ্যৰ শক্তিৰ অবিহনে কোনো জীব-জন্তু, গছ গছনি আদি জীয়াই থকা সম্ভৱ নহয়। বুধ আমাৰ সৌৰজগতৰ গ্ৰহবিলাকৰ ভিতৰত বুধ সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ। ই সৌৰজগতৰ আটাইতকৈ সৰু গ্রহ। বুধৰ ব্যাস প্রায় ৪,৮৫১ কিলোমিটাৰ। বুধে নিজ মেৰুদণ্ড ৰ ওপৰতে এবাৰ ঘূৰিবলৈ ৫৮.৬৫ পৃথিৱী-দিন সময় লয়। সূৰ্যৰ পৰা বুধৰ গড় দূৰত্ব প্রায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ বুধক ৮৭.৯৭পৃথিৱী-দিন সময় লাগে। বুধৰ পৃষ্ঠভাগ শিলাময়, শুকান। ইয়াত ঠায়ে ঠায়ে বহল সমভূমি, থিয় গৰা আৰু দ ফাঁক আদিও পোৱা যায়। বুধৰ বায়ুমণ্ডলত অতি কম পৰিমাণে হাইড্রোজেন, আর্গন, নিয়ন আদি গেছ আছে। বায়ুমণ্ডলৰ বেছিভাগেই হিলিয়াম গেছেৰে ভৰা। এনে বায়ুমণ্ডলত জীৱৰ স্থিতি অসম্ভৱ। বুধৰ কোনো উপগ্ৰহ নাই। শুক্র সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতত শুক্ৰৰ স্থান দ্বিতীয়। শুক্রই নিজ অক্ষত এবাৰ ঘূৰিবলৈ ২৪৩.০২ পৃথিবী-দিন সময় লয়। মন কৰিবলগীয়া কথা যে শুক্রই আন গ্রহবোৰৰ বিপৰীত দিশতহে ঘূৰে। সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ শুক্রৰ প্রায় ২২৪,৭ পৃথিবী-দিন সময় লাগে। ইয়াৰ আকাশত দিনতো সূর্য দেখা নাযায়। ৰঙচুৱা বৰণৰ শুক্ৰৰ আকাশখনত আনকি কোনো গ্রহ নক্ষত্রয়ো ৰাতি দেখা নিদিয়ে। গ্ৰহটোত যথেষ্ট পৰিমাণে কার্বন ডাই-অক্সাইড থকা বাবে গ্রহটো অতি উষ্ণ। শেহতীয়াকৈ শুক্র গ্রহত জীৱৰ স্থিতি সম্পর্কে কিছু সন্দেহজনক তথ্য পোৱা গৈছে। শুক্র গ্রহৰ কোনো উপগ্রহ নাই। পৃথিৱী সৌৰজগতৰ আটাইকেইটা গ্ৰহৰ ভিতৰত পৃথিৱীৰ মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। পৃথিৱীয়ে নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়। পৃথিৱীৰ এই আহ্নিক গতিৰ ফলতে আমাৰ দিন-ৰাতিও হয়। আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়। পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি বা পানী পোৱা যায়। এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্রমান্বয়ে তপত। পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়। তদুপৰি কাৰ্বন ডাই-অক্সাইড, জলীয়বাষ্প আৰু আন আন গেছো পৃথিৱীৰ বায়ুমণ্ডলত আছে। সৌৰমণ্ডলৰ সকলো গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতে জীৱ আছে। চন্দ্ৰ পৃথিৱীৰ একমাত্র উপগ্রহ। মঙ্গল সৌৰজগতত সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে মঙ্গলৰ স্থান চতুর্থ। ৬৭৪০.৮ কিলোমিটাৰ ব্যাসৰ এই গ্ৰহটোৱে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্রায় ৬৮৬.৯৮ পৃথিৱী-দিন সময় লয়। আনহাতে নিজ কক্ষত এপাক আৱৰ্তনৰ বাবে ইয়াক ২৪ ঘণ্টা ৩০ মিনিট ২২ ছেকেণ্ড সময় লাগে। মঙ্গলৰ পৃষ্ঠভাগত উষ্ণ মৰুভূমি, হিমালয়তকৈও ওখ পাহাৰ, গভীৰ উপত্যকা-এই সকলো বিৰাজমান। মঙ্গলৰ বায়ুমণ্ডলৰ চাপ অতি কম। এই বায়ুমণ্ডলৰ শতকৰা ৯৫ ভাগেই কার্বন ডাই-অক্সাইড। অৱশ্যে তেনেই সামান্য পৰিমাণে নাইট্রোজেন আৰু আর্গন গেছো আছে। পৃথিৱীৰ পৰা মঙ্গলক এখন ৰঙা চেপেটা কাঁহী যেন লাগে। সেয়ে ইয়াক লোহিত গ্রহ (Red Planet) বুলিও জনা মঙ্গলৰ উপগ্ৰহ দুটাঃ ফ'বোছ আৰু ডিমোছ। বৃহস্পতি বৃহস্পতি সৌৰজগতৰ বৃহত্তম গ্রহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে ইয়াৰ স্থান পঞ্চম। বৃহস্পতিয়ে নিজ কক্ষত এপাক ঘূৰিবলৈ ৯ ঘণ্টা ৫৫ মিনিট ৩৩ ছেকেণ্ড সময় লয়। ইয়াৰ আৱৰ্তনৰ বেগ আন গ্রহতকৈ তুলনামূলকভাৱে খৰ। আনহাতে সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে বহস্পি ৪,৩৩৩ পৃথিৱী-দিন সময় লয়। এই সময় পৃথিৱীৰ সময়ৰ জোখেৰে প্ৰায় ১২ বছৰ। বৃহস্পতি গ্ৰহটো মেঘৰ কেইটামান ডাঠ তৰপেৰে আৱৰা। গ্ৰহটোৰ গাত দেখা ৰঙা দা জ্যোতির্বিজ্ঞানীৰ বাবে অন্যতম আকর্ষণীয় বিষয়। শেহতীয়াকৈ পোৱা তথ্যমতে বৃহস্পতিৰ বায়ুমণ্ডলত হাইড্রোজেনৰ পৰিমাণেই বেছি। বর্তমানলৈকে আৱিষ্কৃত বৃহস্পতিৰ উপগ্ৰহ ৯৫ টা। শনি শনি সৌৰজগতৰ ষষ্ঠ গ্রহ। আকাৰৰ ফালৰ পৰা ইয়াৰ স্থান বৃহস্পতিৰ পিচতে। শনি গ্রহটোৰ বিশেষত্ব হ'ল ইয়াক আগুৰি থকা আঙঠিবোৰ। এইবোৰ অদ্যপি সৌৰমণ্ডলৰ এক বিস্ময়। এই আঙঠিবোৰ বৰফ আৰু শিলেৰে গঠিত। শনি গ্রহটো গোটমৰা জুলীয়া হাইড্রোজেনেৰে গঠিত। গ্ৰহটোৰ অন্তৰ্ভাগত কি আছে এই কথা এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু ই সৌৰমণ্ডলৰ আটাইতকৈ কম ঘনত্বৰ গ্রহ। গ্ৰহটো ইমানেই পাতল যে আনকি পানীতো ওপঙি থাকিব বুলি বিশ্বাস কৰা হৈছে। শনি গ্ৰহৰ উপগ্ৰহৰ সংখ্যা ১৪৬। ইউৰেনাছ ইউৰেনাছ সৌৰজগতৰ সপ্তমটো গ্রহ। ১৭৮১ চনত ছাৰ উইলিয়াম হার্চেলে এই গ্ৰহটো আৱিষ্কাৰ কৰি জ্যোতির্বিজ্ঞানৰ বুৰঞ্জীত এক নতুন যুগৰ সূচনা কৰে। দূৰবীক্ষণৰ সহায়েৰে আৱিষ্কাৰ কৰা এইটোৱেই প্রথমটো গ্রহ। সূৰ্যৰ পৰা ইউৰেনাছৰ গড় দূৰত্ব প্রায় ২৮৭ কোটি কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণৰ বাবে ইয়াক প্রায় ৮৪ বছৰ (৩০,৬৮৫ পৃথিৱী-দিন) সময় লাগে। এই গ্রহটো প্রায় কাতি হৈ থকাদি থাকে। সমতলৰ সৈতে কৰা ইয়াৰ কোণৰ জোখ ৯৮ ডিগ্রী। সেয়ে ইয়াৰ দিন-ৰাতিৰ দৈৰ্ঘও প্রায় ৪২ বছৰ। ইয়াৰ আৱৰ্তন কাল ১০ ঘণ্টা ৪৮ মিনিট। ইউৰেনাছৰ ২৭ টা উপগ্রহ আছে। নেপচুন সূর্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতত নেপচুনৰ স্থান হ'ল অষ্টম। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ৪৪১.৯২ কোটি কিলোমিটাৰ। দূৰবীক্ষণ যন্ত্ৰৰ অবিহনে ইয়াক লক্ষ্য কৰা নাযায়। কিন্তু ইয়াক আবিষ্কাৰ কৰা হৈছিল গণনাৰদ্বাৰাহে। ১৮৪৬ চনত ফৰাচী বিজ্ঞানী-গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে গ্ৰহটো আবিষ্কাৰ কৰে। নেপচুনে নিজ কক্ষত এবাৰ ঘৰিবলৈ প্ৰায় ১৬ ঘণ্টা ৬ মিনিট ৩৬ ছেকেণ্ড সময় লয়। সেইদৰে সূৰ্যৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ ইয়াক প্ৰায় ১৬৫ পৃথিৱী-বছৰ সময় লাগে। বিজ্ঞানীসকলৰ সিদ্ধান্ত অনুসৰি নেপচুনৰ গঠন দুতৰপীয়া। ভিতৰৰ তৰপটো শিল আৰু বৰফৰ। আনহাতে বাহিৰৰ তৰপটো হ'ল হাইড্রোজেন আৰু হিলিয়ামৰ। নেপচুন গ্ৰহটোৰবৰণ নীলা-সেউজীয়া বৰণৰ। এই কথাৰ পৰা বিজ্ঞানীসকল এই সিদ্ধান্তলৈ আহিছে যে নেপচুনৰ বায়ুমণ্ডল হাইড্রোজেন আৰু মিথেন গেছেৰে ভৰা। বৰ্তমানলৈকে নেপচুনৰ ১৪ টা উপগ্ৰহৰ সন্ধান পোৱা গৈছে।