সেইদিনা আছিল দেওবাৰ। বন্ধৰ দিন। জিতু আৰু ৰিতু ঘৰতেই আছিল। বিয়লি তিনিমান বজাত দীপক আৰু ৰতনো সিহঁতৰ ঘৰলৈ আহিল। জিতুৱে সিহঁতক উদ্দেশ্যি ক’লে-আহ। পিছে ক’ৰ পৰানো আহিলি? দীপকে ৰিতুৰ ওচৰতে থকা চকীখনত বহি ক’লে-ক’ৰ পৰানো আহিম আৰু্! ঘৰ পৰাই আহিলো। ভাবিলো, তহতৰ লগতে কিছু সময় খেলা-ধূলা কৰোঁ। কি খেলিবি ক’!-ৰিতুৱে সুধিলে। চোৰ-পুলিচ-ৰতনে ক’লে। এহ, এইটো বহু পুৰণি খেল। অন্য কিবা এটা খেলো দে-জিতুৱে ক’লে। তেনেহ’লে “ৰেলগাড়ী” খেলো-দীপকে ক’লে। ৰে’লগাড়ী? আমি চাৰিজনহে আছো; আৰু কেইজনমান বন্ধু থকা হ’লে ৰেলগাড়ী খেলি ভালেই লাগিলহেতেন। মই এনেকুৱা ৰেল চলালোহেতেন, তহঁতে ভেবা লাগি চায়ে থাকিলিহেতেম-জিতুৱে ক’লে। তেন্তে খেলিবিনো কি! ৰতনে কিছু বিৰক্ত হৈ সুধিলে। ক্ষন্তেক সময় চিন্তা কৰি জিতুৱে ক’লে-নতুন খেল এটাকে খেলোঁ। নতুন খেল্! ক’ত শিকিছ জিতু!- দীপকে সুধিলে। ক’তো শিকা নাই। কিন্তু আজি একেবাৰে নতুন খেল এটাকৈ খেলিম।– জিতুৱে উৎসাহেৰে ক’লে। সোনকালে ক’চোন, কেনে ধৰণৰ খেল সেইবিধ!- দীপকে আগ্ৰহ প্ৰকাশ কৰিলে। জিতুৱে ক’লে-চা, আমি ইয়াত চাৰিজন আছো। চাৰিওজনে নাটকৰ এটি এটি চৰিত্ৰত অভিনয় কৰি দেখুৱাম আৰু যাৰ অভিনয় সকলোতকৈ ভাল হ’ব, তেওঁল বাকী কেইজনে মিঠাই খুৱাব। বা: বা: বঢ়িয়া হ’ব। কিন্তু অকলে মিঠাই খাব আৰু আমিবোৰে তাৰ মুখলৈ চাই থাকিম নেকি! নহ’ব, আমি আটায়ে মিলি খাম। ৰতনে অভিমানে কৰি ক’লে। ঠিক আছে। ৰিতুৱে ৰতনৰ কথাত সমৰ্থন জনালে। জিতুৱে ক’লে-তই ক’ কিহৰ অভিনয় কৰিবি! ৰিতুৱে ক’লে-ওহো, এনেদৰে ঠিক নহ’ব। তেন্তে?- জিতুৱে পুনৰ প্ৰশ্ন কৰিলে। তেতিয়া ৰিতুৱে উকা কাগজ এখিলাক চাৰি ভাঁজ কৰি তাৰে চাৰিটা টুকুৰা কৰি লৈ ক’লে যে এই চাৰিওখন কাগজতে নাটকৰ একোটিকৈ চৰিত্ৰৰ নাম আৰু ক্ৰমিক সংখ্যা লিখা থাকিব। পাছত প্ৰতিখন কাগজকে বেলেগে বেলেগে জাপি লাড়ু কৰি আটাইৰে সন্মুখত ৰখা হ’ব। প্ৰত্যেকেই একোটিকৈ টুকুৰা তুলি ল’ব আৰু সেইমতে এজন এজনকৈ সকলোৱে অভিনয় কৰি যাব। অতি সুন্দৰ হ’ব। ৰতনে উল্লাসেৰে চিঞঁৰি উঠিল। ৰিতুৱে কাগজ-কলম লৈ লিখিব ধৰিলে- ১) ওজা, ২) চিকিৎসক, ৩) শিক্ষক, ৪) নেতা। তাৰ পিছত কাগজৰ টুকুৰাকেইটা জাপি সিহতৰ সন্মুখত ৰাখিলে আৰু প্ৰত্যেকেই তাৰ পৰা একোটিকৈ টুকুৰা তুলি লৈ নিজৰ নিজৰ বিষয়বোৰ পঢ়ি হাহিব ধৰিলে। তেনেতে দীপকে ক’লে-কিন্তু-! জিতুৱে আচৰিত হৈ সুধিলে- আকৌ কি হ’ল? এঘাৰ কথা তহতে ভাবি চাইছনে- চা, আমি বাৰু অভিনয় কৰিলো, কিন্তু কোনে বেছি ভাল কৰিলে, ইয়াৰ বিচাৰ কোনে কৰিব! হয়তো, আচল কথাষাৰ আমি পাহৰিয়ে গৈছিলো। বিচাৰ কৰিবলৈ এগৰাকী বিচাৰকৰ প্ৰয়োজন-জিতুৱে ক’লে। তেতিয়া ৰিতুৱে ক’লে-সৌৱা চা, পেহীয়ে বাৰান্দাত বহি মাখি মাৰি আছে। তেওঁকে বিচাৰক হ’বগৈ কওঁগৈ ব’ল। ভবা মতেই কাম। চাৰিও বন্ধুৱে পেহীয়েকৰ ওচৰলৈ গ’ল। পেহী, আজিকালি মাখিৰ উপদ্ৰৱ বৰকৈ বাঢ়িছে, নহয়নে? ৰিতুৱে হাঁহি হাঁহি ক’লে। অ’ বোপাই। কিন্তু তহঁতে ইয়ালৈ মাখি মাৰিবলৈয়ে আহিলিনে? নহয় পেহী, আমি খেলিবলৈহে ওলাই আহিছো। পিছে আপুনি যদি কয় আপোনাৰ ওচৰে পাজৰে পৰি থকা মাখিকিটা মাৰি দিও!- জিতুৱে উৎসাহেৰে ক’লে। হ’ব নালাগে। তই মাখি মাৰিবলৈ গৈ মূৰ্খ লগুৱাটোৰ দৰে মোকেই মাৰি পেলাবি। নাই পেহী, এনে পাপ আমি কেতিয়াও নকৰো-দীপকে ক’লে। আচলতে আমি আপোনাক বিচাৰকৰ দায়িত্ব দিবলৈহে আহিছো- জিতুৱে ক’লে। তহতঁৰ মাজত কিবা কাজিয়া-পেচাল হ’ল নেকি? তেনে কথা নহয় পেহী-ৰিতুৱে ক’লে। তেন্তে বিচাৰকৰ প্ৰয়োজন কিহৰ কাৰণে হ’ল? পেহীয়ে আচৰিত হৈ সুধিলে। জিতুৱে ক’লে- পেহী, আমি নাটক কৰিব বিচাৰিছো। আপুনি প্ৰত্যেকৰে অভিনয় চাই বিচাৰ কৰিব লাগে যে কোনো সকলোতকৈ বেছি ভাল কৰিলে। তাৰ পিছত তেওঁক আমি মিঠাই খুৱাম তাৰ মানে তহঁতে নাটক কৰিবি আৰু মই বিচাৰ কৰিম! ইয়াৰ পৰা মোৰ কি লাভ হ’ব। তহতে মিঠাই খাবি আৰু মই? পেহী, আপোনাকো মিঠাই খুৱাম- ৰিতুৱে ক’লে। তেনেহ’লে ঠিক আছে; আৰম্ভ কৰ-পেহীয়ে আদেশ কৰিলে। জিতুৱে আৰম্ভ কৰিলে-নম্বৰ এক-ওজা। ৰতন লগে লগে থিয় হ’ল আৰু চুলিকোছাত হাত ফুৰাই আউল বাউল কৰি লৈ মুখমণ্ডল সোঁফালৰ পৰা বাওঁফাললৈ লাহে লাহে ঘূৰাই ক’ব ধৰিলে। কোন দামোদৰ! বহ। তোৰ ল’ৰাৰ গাত ভূত লম্ভিছে। ৰহ, মই তাক এতিয়াই বটলৰ ভিতৰত সুমুৱাই থ’ম। বাবা, ই বৰকৈ আমনি কৰে। অ, মই সকলো জানো। এইটো চা, (বটলটো দেখুৱাই) তোৰ ল’ৰাৰ গাত ইমান দিনে লাগি থকা ভূতটো। কিন্তু মোৰ পূজাৰ সামগ্ৰী আৰু দক্ষিণা আনিছনে নাই! আনিছো। কি কি আনিছ? অযোৰ পাৰ চৰাই, এক কিলো সন্দেশ আৰু নগদ একৈশ টকা। দেৱীৰ চৰণত ৰাখ। হাঁ-হাঁ- ঠিক আছে বাবা! ‘জয় শিৱ শংকৰ, আমনি নকৰ।’ জয় মা কালী, তোৰ বচন নাযায় খালি। যা ভূত যা, বটলত সোমাই যা-। দামোৰদ এয়া ল’, ভষ্মখিনি তোৰ ল’ৰাৰ গাত সানি দে আৰু এই তাবিজটো ক’লা সূতাৰে ডিঙিত পিন্ধাই দে। প্ৰণাম বাবা! মোৰ ছোৱালীজনীৰ কালিৰে পৰা জ্বৰ। এইক জাৰি ফুঁকি দিয়ক। বেয়া নজৰত পৰিছে যেন পাঁও। হু-হু- চু-চু চু----চু-----চু-----ফুঁ দেৱীৰ ভষ্ম তাইৰ গাত ভালদৰে সানি দে; দক্ষিণাটো দি যাবি। দক্ষিণা দিছোৱেই বাবা, আপোনাৰ আদেশ উলংঘা নকৰো। ঠিক আছে, ঠিক আছে। তাৰ পিছত নিজৰ অভিনয় শেষ কৰি ৰতনে পেহীয়েকৰ ওচৰলৈ গৈ বহিল। জিতুৱে ক’লে, নম্বৰ দুই-চিকিৎসক। ৰিতুৱে গহীন গম্ভীৰ খোজেৰে আহি সকলোৰে সন্মুখত থিয় হ’ল আৰু অভিনয় আৰম্ভ কৰিলে- ডাক্তৰ বাবু-ডাক্তৰ বাবু-মোৰ ছোৱালীজনীৰ অৱস্থা খুব বেয়ালৈ গৈছে। তাইক যেনে তেনে বচাওক। আজি চাৰিদিনমানেই হ’ল, জ্বৰ কমাৰ কোনো লক্ষণেই দেখা নাই। ওজাৰ ওচৰলৈ গৈছিলো কিজানি! তোমালোকৰ চিন্তা-ধাৰা কেতিয়া যে সলনি হ’ব নাজানো। এই ঠগ-প্ৰৱঞ্চকসকলক এশিকনি দিবলৈ কোনো নোলাবই নেকি! যেতিয়া বেমাৰ বাঢ়ে তেতিয়াহে ডাক্তৰৰ ওচৰ চাপে। যোৱা, তেওঁৰ ওচৰলৈ, মই ঔষধ দিব নোৱাৰো। এনে কথা নক’ব ডাক্তৰ বাবু। মোৰ ছোৱালীজনীৰ জীৱন ৰক্ষা কৰক। আজিৰ পৰা মই ভুলতো ওজাৰ ওচৰলৈ নাযাওঁ। সঁচাকৈয়ে কৈছো ডাক্তৰ বাবু। বেজি লগাব লাগিব। ঔষধ দিব লাগিব। পঞ্চাশ টকা ভৰিব লাগিব। দিম ডাক্তৰ বাবু, পঞ্চাশ টকা দিম। ডাক্তৰ বাবু, ডাক্তৰ বাবু, মোক কিবা এটা ভাল ঔষধ দিয়ক। মোৰ সাংঘাতিক বেয়া বেমাৰ এটা হৈছে’। কি বেমাৰনো? আজিকালি মোৰ একোৱে মনত নৰয়, কেতিয়াবা নিজৰ ঘৰটোকে পাহৰি যাঁও। খোৱা-বোৱা কৰিবলৈও পাহৰি থাকে। নিজৰ তিৰোতা, ল’ৰা-ছোৱালীকো পাহৰো। নিজৰ ঘৰ বুলি অন্যৰ ঘৰতে সোমাই যাওঁ। বেমাৰ ঠিক হৈ যাব। আগেয়ে মোৰ ফীজ এশ টকাটো দিয়া। তাৰ পিছত ঔষধ দিম। ফীজ-ফীজ-। অ’ – ফীজ অৱশ্যেই দিম। কিন্তু ডাক্তৰ বাবু, টকা বেংকতহে আছে। ৰ’ব, এতিঅয়ই গৈ উলিয়াই লৈ আহো। কেনে মূৰ্খ ৰোগীবোৰ আহে! ডাক্তৰ বাবু নমস্কাৰ নমস্কাৰ। ডাক্তৰ বাবু, আপোনাক মই কি বুলিনো কওঁ। আজিকালি মোৰ শৰীৰটো খুব দুৰ্বল হৈ পৰিছে। অলপমান খোজ কাঢ়িলেই মূৰ ঘূৰাই। খোজটো আগলৈ দিও যদি পিছলৈ গুচি আহে। দিনত তৰা, ৰাতি সূৰ্য্য দেখিবলৈ পাওঁ। খাওঁ যদিও গাত নালাগে। কি খোৱা? দাইল-ৰুটি আৰু? চাহ-পানী। তেন্তে তোমাৰ মূৰঘূৰণি হবই। দুৰ্বল হবাই। নহ’লে কি বলবান হ’বা। হেৰা, গাখীৰ খোৱা। দৈ খোৱা। ফল-মূল খোৱা, বিলাহী যদি খাব পাৰা বিলাহীৰ দৰে দেহটো তেজাল হ’ব। যোৱা, দুৰ্বল হৈ পৰাটো কোনো বেমাৰ নহয়। নিজৰ খোৱা-বোৱা ঠিকমতে কৰা গৈ। ভাল বাৰু ডাক্তৰ বাবু, আপুনি যি খাবলৈ দিহা দিছে তাকেই খাম। এইবুলি কৈ ৰিতুৱে পুনৰ আগৰ ঠাইত গৈ বহি পৰিল। নম্বৰ তিনি- শিক্ষক। জিতুৱে ক’লে। দীপকে শিক্ষকে অভিনয় কৰিবলৈ সাজু হ’ল। জিতু, হোমৱৰ্ক কৰিছানে নাই? মুখেৰে নামাতা কিয়? তাৰ মানে কৰা নাই, নহয় নে! দিনৰ দিনটো ক্ৰিকেট খেলিয়েই থাকিলা হ’বলা! কপিলদেৱ হ’ব খুজিছা নেকি! যোৱা বেঞ্চৰ ওপৰত থিয় হোৱা। ৰতন, কবিতা মুখস্থ কৰি আহিছানে? কি কৈছা! মুখস্থ কৰিছিলা কিন্তু পাহৰি গ’লা। খেলিবলৈ, খাবলৈ নাপাহৰা? কবিতা পাহৰি যোৱা। মূৰত গোবৰ আছে নেকি! উঠি আহা। আঁঠু কাঢ়ি থাকা আৰু কবিতা মুখস্থ কৰিবলৈ যত্ন কৰা। প্ৰনাম মাস্তাৰ চাহাব। আপুনি মাতি পঠিয়াইছিল নেকি? অ’ মাতিছিলো মহেশ। তোমাৰ ল’ৰাজন দেখোন আজি পাঁচ-ছয় দিন ধৰি স্কুললৈ অহা নাই, কিয়? সি গৰু ছাগলী চৰাবলৈ যায়, মাস্তাৰ চাহাব কি! তোমালোক জন্তুতকৈও অধম হৈ আছা হে। প্ৰথমতে তাক পঢ়ি শুনি শিক্ষিত হ’বলৈটো দিয়া। মাস্তাৰ চাহাব, পঢ়ুৱালেনে কি হ’ব! সি নো ক’ত উকিল হাকিম হ’বলৈ যাব। দুবেলা দুসাজ খোৱাৰ কাৰণে হাজিৰা কৰিবলৈ লাগিব। তোমালোক সঁচাকৈয়ে অবুজন। হেৰা, তোমাৰ শিক্ষিত হ’লে তোমাৰেই নাম উজ্জ্বলিব। উপাৰ্জন বাঢ়িব। সুখে সন্তোষে থাকিব পাৰিবা। তোমাৰ ল’ৰা পঢ়া-শুনাতো ভাল। তীক্ষ্ণ বুদ্ধিও আছে। সেইকাৰণেই কৈছো। বুজি পাইছানে? বুজিব পৰা শক্তি থকা হ’লে মই জানো লিখা পঢ়া নিশিকিলো হেতেন মাস্তাৰ! তোমাৰ যদি ইচ্ছা আছে এতিয়াও পঢ়াৰ সময় আছে। কি ক’লে! মই পঢ়িম! আধা চুলি পকিল। মানুহে শুনিলে মোক ঠাট্টা কৰি ক’ব যে বুঢ়া শালিকাই পঢ়িব ওলাইছে। তুমি সন্ধিয়াৰ সময়ত মোৰ ঘৰলৈ আহিবা। তোমালোকৰ দৰে বয়সৰ মানুহৰ মই সন্ধিয়া ঘৰতেই পঢ়ুৱাওঁ। মাস্তাৰ, এতিয়ানো মই পঢ়ি কৰিম কি? এইটো মোৰ পঢ়াৰ বয়স নহয়। যিয়ে পঢ়িব লাগে সি আকৌ মন কাণেই নিদিয়ে! এইবোৰতেই তোমালোকৰ মূৰ্খামি। তুমি হয়তো গমেই পোৱা নাই- চৰকাৰে গাঁৱে গাঁৱে প্ৰাপ্ত বয়স্ক শিক্ষাকেন্দ্ৰ স্থাপন কৰিছে, তোমালোকৰ দৰে মানুহ খিনিৰ কাৰণে আৰু তুমি! গৰু-ছাগলীৰ পিছে পিছে দৌৰি আছা। এই বয়সত পঢ়িলে কিবা জানো লাভ হ’ব। তুমি অনাথ ককাক চিনি পোৱা নহয়! অ’, ভালদৰে চিনি পাওঁ। তেওঁৰ কথা তুমি সম্ভৱ নাজানা! মহাজনে তেওঁৰ পৰা সুদৰ বাবদ সৰহকৈ পইচা ল’ব নোৱাৰিলে। অনাথে হিচাপ বিচাৰোতে মহাজনে ভয় খালে। তুমি হোৱা হ’লে। তেওঁক যি কয় তাকেই চকু মুদি দি থৈ আহিলা হেতেন। তথাপিতো হুঁচ অহা নাই। গতিকে তোমালোকৰ দৰে মূৰ্খ কোন আছে! ঠিকেই মাস্তাৰ। আপুনি উচিত কথাই কৈছে। মই এতিয়াহে বুজিব পাৰিছো। আজিয়েই মই আপোনাৰ ঘৰলৈ আহিম। কাইলৈৰ পৰা ল’ৰাটোকো স্কুললৈ পঠিয়াম। এতিয়া আহোঁ। কৃষ্ণ! কৃষ্ণ! এইবুলি দীপকে এখোজ দুখোজকৈ আতৰি গৈ পেহীয়েকৰ নিচেই ওচৰত বহিল গৈ। চাৰি নম্বৰত জিতুৰ নাম লিখা আছিল। সি পেহীয়েকৰ ফলে এবাৰ কেৰাহীকৈ চাই। নেতাৰ অভিনয় কৰিবলৈ সন্মুখলৈ আগবাঢ়িল। হাত যোৰ কৰি ক’লে-ভাই-ভনীসকল, মোক ক্ষমা কৰিব। আহি পাওঁতে কিছু পলম হ’ল। হ’ব, হ’ব, এইবোৰ আকৌ কিহৰ কাৰণে! মইতো আপোনালোকৰ মাজৰেই এজন। ইমানবোৰ ফুলৰ মালা পিন্ধোৱা কি প্ৰয়োজন। আপোনালোকে মোক মাতিছে, অভিনন্দন জনাইছে। মোৰ ফালৰ পৰাও সকলোকে হিয়া উজাৰি ধন্যবাদ জনাইছো। আপোনালোকৰ এই গাঁওখনলৈ আহি মই সঁচাকৈয়ে আনন্দিত হৈছো। আপোনালোকে গাঁওখনৰ যথেষ্ট উন্নতি সাধিছে। আমাৰ চৰকাৰে বিচাৰে যে প্ৰতিখন গাঁৱেই সোণত সুৱগা হওক। সকলোৱে সুখ-শান্তিৰে থাকক। আপোনালোকৰ কিবা সমস্যা থাকিলে আমাক জনাওঁক। মোৰ ঘৰ আৰু মোৰ মনৰ দুৱাৰ আপোনালোকৰ কাৰণে সদায় খোলা আছে। আপোনালোকে নিজৰ গাঁওখনক শস্য-শ্যামলা কৰাৰ সিদ্ধান্ত লৈছে- ই সঁচাকৈয়ে মহৎ প্ৰচেষ্টা। গাঁৱৰ প্ৰতিজন শিশু আৰু বৃদ্ধ আৰু যুৱকে একোডালকৈ গছপুলি ৰুব আৰু সেই গছৰ চোৱা-চিতা কৰিব। ই কম ডাঙৰ কথানে! সঁচাকৈয়ে আপোনালোকে মহা পূণ্যৰ কাম কৰিবলৈ ওলাইছে। এডাল গছ ৰুৱাটো হাজাৰ জনৰ অন্নদান কৰাৰ সমানে পুণ্যৰ কাম।