মালিতাৰ আন দুটি নাম হৈছে বেলাড বা গাথা। ফৰাচী শব্দ ‘Baller’ পৰা ‘বেলাড’ শব্দটিৰ উদ্ভৱ হৈছে। এই শব্দৰ অৰ্থ হ’ল নৃত্য। প্ৰাচীন কালত নৃত্যৰ লগত গোৱা গীতকে ‘বেলাড’ বোলে। বেলাডসমুহে কোনো প্ৰতিভাসম্পন্ন প্ৰাণৰ কাহিনী কোৱাৰ চেষ্টা কৰে। সকলো দেশতে কিছুমান মুখে মুখে প্ৰচলিত গীত তথা কাহিনী পোৱা যায়। এইবোৰত দিঁঠকৰ লগত কল্পনাৰ মিলন হয়, যিবোৰ সাধু নতুবা আখ্যানত প্ৰকাশ পায়। অসমীয়া সাহিত্যত ‘ফুলকোঁৱৰৰ গীত’ মালিতাৰ এক সুন্দৰ উদাহৰণ। ৰাজকোঁৱৰলৈ ফুলেৰে পত্ৰ লিখাৰ কথা আৰু ৰাজকোঁৱৰে কাঁঠৰ ঘোঁৰাত উঠি মালিনীৰ ফুলনিত পৰাৰ কথা সুন্দৰভাৱে ‘ফুলকোৱৰৰ গীত’ত প্ৰকাশ পাইছে। উদাহৰণ- কদম কুঁৱৰী বনৰে বাবৰী ফুলে জকমক্ কৰে বাঢৈয়ে সাজিলে কাঠৰ পকী ঘোঁৰা আকাশে উৰাৱত কৰে। চকুদি ওফৰে জুইৰে আঙনি নাকত বলি যায় ধোঁৱা, লেজৰ ছাটিতে বিজুলী সঞ্চাৰে কৰিলে আলাসত ৰোৱা। ‘ফুলকোঁৱৰৰ গীত’ৰ দৰে ‘জনা গাভৰুৰ গীত’ নামৰ মালিতাত জনাই তিৰি হৈ ৰাজপাট খোৱা এখন সুন্দৰ ৰাজ্যৰ আভাস দিছে। ঠিক সেইদৰে ‘বৰফুকনৰ গীত’ মালিতাৰ আন এক উৎকৃষ্ট নিদৰ্শন। যেনে- জৰাৰ কোমল জিম বগী বগী ছোৱালীবোৰ তোমালোকক দিম ‘মালিতা’ৰ ৰুপশৈলীত বহুতো বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবোৰ হ’ল- মালিতাৰ প্ৰকাশভংগী সহজ-সৰল। ৰুপশৈলীৰ কোনো এটি চৰণত বাৰম্বাৰ পুণৰ আবিৰ্ভাৱ ঘটে। ইয়াৰ সমগ্ৰ গীতটো এটি বিশিষ্ট ৰুপেৰে জিলিকি উঠে। মালিতাৰ বিভিন্ন বৈশিষ্ট্য থকাৰ সত্বেও সমালোচনাৰ পৰা মুক্ত নহয়। মালিতাত ঘটনাৰ উল্লেখ আছে কিন্তু, কাব্যৰীতিৰ বৰ্ণনা কৰা নহয়। ই বস্তুনিষ্ঠ কবিতা, ইয়াত লিখকৰ এক নিৰপেক্ষ কাহিনী কথনৰ প্ৰবৃত্তিহে পোৱা যায়। ইয়াত অলৌকিক ঘটনা থাকিব পাৰে কিন্তু, নীতিবচন কেতিয়াও নাথাকে। ইংলেণ্ডৰ ‘ৰবীনহুডৰ গাথা’ আৰু আমাৰ দেশৰ ‘জয়মতীৰ গীত’, ‘চিকন সৰিয়হৰ গীত’ ইত্যাদিৰ ভাৱধাৰা একেই। এই সকলোবোৰ মালিতাই সাধাৰণ মানুহক আনন্দ দিয়াৰ লগতে বহু বৰাগী গায়কৰ সৃষ্টি কৰিছিল। এই প্ৰাচীন মালিতাৰ বিচিত্ৰ কল্পনাৰ সহযোগতেই আধুনিক মালিতাৰ সৃষ্টি হৈছে। এইবোৰত অতি প্ৰাকৃত পৰিৱেশক স্বাভাৱিকভাৱে দাঙি ধৰা হয়। জাৰ্মান কবি হাইনৰিখ হাইনেৰ ‘লৰেলি’, ইংৰাজ কবি ক’লৰিজৰ ‘এনচিয়েণ্ট মেৰিনাৰ’, আৰু অসমীয়া সাহিত্যৰ বেজবৰুৱাৰ ‘ধনবৰ আৰু ৰতনী’, আনহাতে আগৰৱালাৰ ‘তেজীমলা’, জলকুঁৱৰী ইত্যাদি উল্লেখনীয় মালিতাৰ উদাহৰণ। কিন্তু প্ৰকৃততে এই সকলোবোৰ বেলাডৰ আৰ্হিত ৰচিত কবিতাহে য’ত কবিৰ চেষ্টা কবিতাৰ ৰুপত বিৰিঙি আছে। মধুস্মিতা দাস