অসমৰ জিলাসমূহৰ পৰিচয় (An Introduction to the districts of Assam) অসম ৰাজ্য ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত। অসমত বৰ্তমান ৩৫ খন জিলা আছে। অসমৰ ৰাজধানী হৈছে দিছপুৰ। ভৌগোলিকভাৱে অসমখনক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। ভাগসমূহ হৈছে- · উজনি অসম · মধ্য অসম, · নামনি অসম উজনি অসমত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলা আছে। অসমৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক। এই নদী দুখনৰ দুয়োপাৰে অঞ্চলখিনি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা বুলি জনা যায়। উজনি অসমৰ জিলাসমূহ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। মাজুলী, লখিমপুৰ আৰু ধেমাজি জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। চাহ উদ্যোগৰ কাৰণে অসম বিখ্যাত। অসমৰ সৰহসংখ্যক চাহবাগান উজনি অসমতে আছে। উজনি অসমত মিচিং, দেউৰী, আহোম, ফাকে, টুৰুং, সোণোৱাল কছাৰী আদি জনগোষ্ঠীয়ে বসবাস কৰে। অসমৰ একেবাৰে পূব প্ৰান্তত আছে তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাৰ ডিগবৈত তেল শোধনাগাৰ আছে। এই শোধনাগাৰটো ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। ডিব্ৰুগড় জিলাৰ দুলিয়াজান, নাহৰকটীয়া, মৰাণ আদি ঠাই খাৰুৱা তেলৰ বাবে বিখ্যাত। শিৱসাগৰ এখন ইতিহাস প্ৰসিদ্ধ জিলা। ৰংঘৰ, কাৰেংঘৰ, শিৱদ’ল, শিৱসাগৰ পুখুৰী, জয়দ’ল, জয়সাগৰ পুখুৰী আদি আহোম ৰজাই নিৰ্মাণ কৰি গৈছে। আহোম ৰজাই ৬০০ বছৰ অসমত ৰাজত্ব কৰিছিল। চৰাইদেউ জিলাত আহোম ৰজাৰ বহু মৈদাম আছে। বৰ্তমান এই মৈদামসমূহে বিশ্বৰ ঐতিহ্যক্ষেত্ৰ হিচাপে স্থান লাভ কৰিছে। যোৰহাট শৈক্ষিক দিশত আগবঢ়া এখন জিলা। উত্তৰ পূব ভাৰতৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খন যোৰহাটত আছে। উত্তৰ পূব ভাৰতৰ একমাত্ৰ মহিলা বিশ্ববিদ্যালয়খনো যোৰহাটতে আছে। মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীৰ দ্বীপ। মাজুলী ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত অৱস্থিত। মাজুলীক সত্ৰনগৰী বুলি কোৱা হয়। সত্ৰীয়া সংস্কৃতি আৰু ৰাসৰ আকৰ্ষণৰ বাবে মাজুলীলৈ দেশ বিদেশৰ বহু পৰ্যটক আহে। গোলাঘাট আৰু নগাঁও জিলাত অসমৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য কাজিৰঙা আছে। এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত। অসমৰ পৰ্যটন উদ্যোগটো কাজিৰঙাই বহু চহকী কৰিছে। নগাঁও মৰিগাঁও, তেজপুৰ, হোজাই, বিশ্বনাথ- এইকেইখন জিলা মধ্য অসমত পৰে। মৰিগাঁও জিলাত তিৱাসকলে বসবাস কৰে। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাতে আছে। শোণিতপুৰ জিলাৰ তেজপুৰক ঊষানগৰী বুলি জনা যায়। ঊষাৰ দেউতাক বান ৰজাই এই নগৰীত নিৰ্মাণ কৰা কীৰ্তিসমূহ আজিও আছে। তেজপুৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। অসমৰ ৰাজধানী দিছপুৰ কামৰূপ জিলাৰ গুৱাহাটীত অৱস্থিত। গুৱাহাটীত কামাখ্যা মন্দিৰ আছে। অম্বুবাচী মেলাত কামাখ্যালৈ দেশ বিদেশৰ বহু ভক্তৰ আগমন হয়। অসম চৰকাৰৰ চিৰিয়াখানাখন গুৱাহাটীত আছে। পৃথিৱীৰ আটাইতকৈ সৰু নদীৰ দ্বীপ উমানন্দ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত আছে। কামৰূপৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কাৰণে বিখ্যাত। নলবাৰী, বৰপেটা, বঙাইগাঁও, ধুবুৰী জিলা নামনি অসমত পৰে। নলবাৰীত ৰাসপূৰ্ণিমাত দীৰ্ঘদিনীয়া ৰাস উৎসৱ পালন কৰে। বৰপেটাৰ কীৰ্তন ঘৰৰ দৌল উৎসৱ ফাকুৱাৰ বাবে বিখ্যাত। অসমৰ নামনিৰ এক বৃহৎ ভূখণ্ড বড়োলেণ্ড নামেৰে জনা যায়। বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, চিৰাং মিলি বড়োলেণ্ড অঞ্চল। বড়োলেণ্ডত প্ৰধানকৈ বড়োসকলে বসবাস কৰে। বড়োসকল অসমৰ এটা বৃহৎ জনগোষ্ঠী। বৰাক উপত্যকাত হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ অৱস্থিত। এই অঞ্চলটোত প্ৰধানকৈ বঙলা ভাষা প্ৰচলিত। কাছাৰ জিলাৰ শিলচৰত অসম বিশ্ববিদ্যালয় আছে। এইখন অসমৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। কাৰ্বি আংলং, উত্তৰ কাছাৰ, ডিমা হাচাও-এই জিলাকেইখনক অসমৰ পাৰ্বত্য অঞ্চল বুলি কোৱা হয়। অসমৰ জিলাকেইখনৰ নাম ১. তিনিচুকীয়া, ২. ডিব্ৰুগড় ৩. ধেমাজি, ৪. চৰাইদেউ ৫. শিৱসাগৰ, ৬. লখিমপুৰ, ৭. মাজুলী, ৮. যোৰহাট, ৯. গোলাঘাট, ১০. কাৰ্বি আংলং, ১১. শোণিতপুৰ ১২. নগাঁও, ১৩. কার্বি আংলং পশ্চিম, ১৪. ডিমা হাচাও, ১৫. কাছাৰ, ১৬. হাইলাকান্দি, ১৭. কৰিমগঞ্জ ১৮. মৰিগাঁও,১৯. ওদালগুৰি, ২০. দৰং, ২১. কামৰূপ মহানগৰ ২২. বাক্সা, ২৩. নলবাৰী, ২৪. কামৰূপ, ২৫. বৰপেটা, ২৬. চিৰাং, ২৭. বঙাইগাঁও, ২৮. গোৱালপাৰা, ২৯. কোকৰাঝাৰ ৩০. ধুবুৰী ৩১. দক্ষিণ শালমাৰা-মানকাচৰ ৩২. বিশ্বনাথ ৩৩. বজালী ৩৪. তামুলপুৰ ৩৫. হোজাই