১) ক – কমাৰকুছিৰ কণক কুমাৰ কলিতাই কলিকতা কলেজৰ কাষৰ কপাহ কাৰখানাত কাম কৰি কোনোমতে কাল কটাইছিল৷ (এই বাক্যটোৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটো ‘ক’)
ঠিক সেইদৰে-

২) খ – খগেন খুৰাই খুব খাৰলি খায়৷

৩) গ – গণকপুখুৰিৰ গজেন গগৈৰ গেঞ্জীটো গৰমকালি গেলা গেলা গোন্ধায়৷

৪) ঘ – ঘনকান্তই ঘৈণীয়েকক ঘাজিয়াবাদত ঘোঁৰাগাড়ীতেই ঘূৰালে৷

৫) চ – চন্দ্ৰ, চাবি চাবি চমিৰৰ চাইকেলৰ চকাটোৱে চেপিব৷

৬) ছ – ছোৱালীজনীয়ে ছয়টা ছাগলীৰ ছবি ছপাইছে৷

৭) জ – জেৰেঙাপথাৰৰ জয়মতীয়ে জগত জিনিলে৷

৮) ট – টুটকীয়া টেপুৰামটোৱে টুলখনতে টোপনিয়ালে৷

৯) ঠ – ঠেলামৰা ঠাইখন ঠাণ্ডা৷

১০) ড – ডম্বৰুধৰ ডেকাই ডালিমীক ডাঙৰকৈ ডবিয়ালে৷

১১) ঢ – ঢুলীয়াজনে ঢোলমাৰীৰে ঢিলাকে ঢকিয়ালে৷

১২) ত – তৰুলতা তোমাতকৈ তিনিশ্ৰেণী তলত, তথাপি তাই তোমাতকৈ তীক্ষ্ণ৷

১৩) থ – থানেশ্বৰে থুঁবোৰ থুৱাই থাকে৷

১৪) দ- দীপকৰ দেউতাকে দুজন দাৰোৱানক দৈনিক দুশকৈ দৰ্মহা দিয়ে৷

১৫) ধ – ধনশিৰীৰ ধাৰতেই ধোবাটোৱে ধৰ্মেন্দ্ৰৰ ধূতিখন ধুলেগৈ৷

১৬) ন – নন্দিনীৰ ননদজনীৰ নাম নমিতা নহয়নে ?

১৭) প – পানীগাঁৱৰ পৃথু পণ্ডিতৰ পুতেকে পৰহি পদুম পুখুৰীৰ পাৰত পাঁচটা পাতিপইচা পাইছিল৷

১৮) ফ – ফাগুনীহতৰ ফুলনিখনৰ ফুলবোৰ ফুলিছে৷

১৯) ব – (সেই যে অকনিৰ কুঁহিপাঠখনত থকা মনোৰম কবিতাটি…)

বগাকৈ বগলী বহলাই বহিছে

বলুকাত বিয়লি বেলা

বকুল বাগৰিছে ববছা বনতে

বুটলি বিলাওঁগৈ ব’লা৷

অনুসন্ধিৎসু আৰু অনুভৱী মানুহৰ ৰস-ৰুচি, প্ৰজ্ঞা-মেধা, অভিজ্ঞতা-অনুভৱ, কল্পনা-ধাৰণা তথা৷ শ্ৰম সাধনাক লিপিবদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাত যে পৰ্য্যাপ্ত শব্দ-সম্ভাৰ আছে আৰু লগতে অন্যান্য ভাষাৰ পৰা তৎসম তদ্ভৱ ৰূপত প্ৰয়োজন সাপেক্ষে বিবিধ ৰসময় শব্দক আদৰি আনি অসমীয়া ভাষাৰ ঠাচঁত মিলাই লৈ নিজৰ পুষ্টিগত গুণেৰে জীন নিয়াব পৰা শক্তিৰে অসমীয়া ভাষাটো যে মহীয়ান আৰু আলোকময়ী হ’ব পাৰিছে, এই কথা অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ্ণাঢ্য ক্ষেত্ৰসমূহ বিচৰণ কৰিলেই সুন্দৰভাৱে উপলব্ধ হয়৷

সুৱদী-সুৰীয়া গীত-মাত, বাদ্য- নৃত্য, বাৰেৰহণীয়া জীৱন-জীৱিকা, মনোৰম কাব্য-গল্প- আখ্যান-উপাখ্যান, মননশীল গ্ৰন্থ-লিখনী সমূহে ইমান সুন্দৰ, সৰল, মধুৰ, ৰসাল, মাৰ্জিত, অনুভৱী আৰু আস্থাশীল ৰূপত প্ৰকাশমান হোৱাৰ কাৰণটো হৈছে অসমীয়া ভাষাৰ ‘শব্দ’ৰ আবেদনময়ীতা৷ ‘শব্দ’ৰ মোহনীয় ৰূপ আৰু ‘শব্দ-বিন্যাস’ৰ কমনীয় ৰূপ থকা বাবেই তাহানি আমি নেওতা মুখস্থ কৰোতে নেওতাখনো কবিতাৰ ছন্দ যেন লাগিছিল, গণিতৰ পাঠ্যপুথিখনো সাহিত্যৰ ৰসেৰে চপ্চপীয়া হৈ উঠিছিল৷

বিজ্ঞানৰ কথাবোৰ সুন্দৰ শব্দৰে কলাৰ ৰূপ ধৰিছিল আৰু ভূগোল হৈ পৰিছিল প্ৰকৃতিৰ নান্দনিক ৰূপৰ চিত্ৰমঞ্জৰী৷ বুৰঞ্জীৰ মাজেৰে অতীতলৈ ভূমুকি মাৰি আমাৰ জাতীয় সত্বাক শব্দ-বাক্য ভাষাৰ যহতেই উপলব্ধি কৰিছিলো৷ বাকী কবিতা, সাধু, গল্প, আখ্যান, উপখ্যান, নীতি কথা, উপন্যাসৰ কি মোহ, কি মাদকতাই আমাক শব্দৰ মায়াময় জগতখনৰ সন্ধান দিলে, ক’বই নালাগে৷

শব্দৰ মাহাত্ম্য তাতেই, যি শব্দক লিৰিকি-বিদাৰি শিশুৱে খেলাৰ তৃপ্তি ল’ব পৰা হয়, যি শব্দক দেখি-শুনি-পঢ়ি-লিখি কিশোৰ-কিশোৰীৰ মেধা উন্মোচিত হয়, যি শব্দই যুৱক-যুৱতীক ৰূপ-গুণ শক্তি সামৰ্থ্য দি জগত জিনাৰ সপোন দেখুৱায়, যি শব্দই মন-মগজু-হৃদয় আৰু বিবেকক জগাই তুলি মানুহক আমৃত্যু মানুহ হিচাবে বৰ্ত্তাই ৰাখে৷

ভাষাই মানুহৰ সংস্কৃতি গঢ়ে৷ গতিকে ভাষাই উদ্ৰেক কৰিব পৰা এই সাংস্কৃতিক প্ৰবৃত্তিটো আমি ভাষাত নিহিত থকা জ্ঞান-মেধা, তত্ত্ব-তথ্য, ভাৱ-অনুভৱবোৰৰ পৰা আহৰণ কৰিব লাগিব, আৰু তাৰ বাবে ভাষাৰ ৰস আস্বাদন কৰাৰ আসক্তিটো প্ৰথমেই আনি ল’ব লাগিব৷

পিছে জুতি নোহোৱা আঞ্জা খাবলৈ মন নোযোৱাৰ দৰে ‘শব্দ’বোৰকো যদি যথাযথভাবে সজাই পৰাই জোখমতে উপকৰণ তথা ইন্ধন দি ৰন্ধাবঢ়া কৰি সুস্বাদু কৰি নলওঁ, ঠিকমতে পৰিৱেশন নকৰো, তেন্তে শব্দবোৰত নিহিত থকা জুতিখিনিৰ প্ৰসংগও আমাৰ মনলৈ নাহিব৷ এনেকৈয়ে ‘জুতি’ৰ অভাৱত শব্দবোৰ পৰিত্যাজ্য হ’বলৈ ধৰে আৰু ভাষাৰ গৰিমাও এইদৰে ম্লান পৰি আহে৷

সেইবাবে অসমীয়া ভাষাৰ শব্দৰ মাজত কিনো ‘জুতি’ লুকাই আছে, তাকেই খুঁচৰিবলৈ পোনতে লঘু পৰ্য্যায়ৰ কিছু বিনোদনেৰে আৰম্ভ কৰি অসমীয়া শব্দ-বাক্য-ভাষাৰ ৰসময় দিশটোত আলোকপাত কৰি যাম বুলি ভাবিছো৷ কিবা ত্ৰুটি আঁসোৱাহ দেখা পালে বা বে-সুৰা যেন লাগিলে আঙুলিয়াই দি ক্ৰমশঃ উৎকৰ্ষৰ ফালে যাবলৈ প্ৰেৰণা দিয়ে যেন৷

এতিয়া আকৌ বাকী থকা বৰ্ণকেইটাৰে সজোৱা বাক্য কেইটালৈ ঘূৰি আহিছো-

২০) ভ – ভাৰত ভূষণ ভট্টাচাৰ্য্যৰ ভাৰ্য্যা ভাৰতীৰ ভৰি ভাগি ভালেবছৰে ভুঞ্জিলে৷

২১) ম – মন-মগজু, মেধা-মানৱতা, মোহ-মাধুৰ্য্য, মৰম-মমত্ববোধেইতো মৰ্ত্যৰ মানুহৰ মূল মায়াবন্ধন৷

২২) য – যেয়ে য’লৈকে যাৱ, যাগৈ৷

২৩) ৰ – ৰজাই ৰাজ্যৰ ৰূপহী ৰমণীসকলক ৰাজৰাণী ৰূপে ৰাজঅন্তেষপুৰতেই ৰাখিলে৷

২৪) ল – লেতেৰা ল’ৰাটোক লগত ল’বলৈ ললিতাৰ লাজ লাগিল৷

২৫) শ – শনিবাৰে শাওনীয়ে শুদাপেটেই শিশুটোক শেতেলীত শুৱালেগৈ৷

২৬) ষ – ষাঠিবছৰীয়া ষড়াননটো ষোলঅনাই ষড়যন্ত্ৰকাৰী৷

২৭) স – সোমবাৰে সন্ধিয়া সময়ত সনাতনদাই সপৰিয়ালে সংগীত সমাৰোহত সোমাল৷

২৮) হ – হে হৰি ! হেমলতাৰ হেঁপাহৰ হীৰাৰ হাৰডাল হেনো হঠাতে হেৰাল৷

এইদৰে অসমীয়া ভাষাৰ বিভিন্ন বৰ্ণাঢ্য শব্দবোৰ যে কত বিচিত্ৰ আমোদৰ সমল হৈ উঠিব পাৰে, তাৰে গোটাচেৰেক নিদৰ্শন তুলি ধৰা হ’লঃ-

নিৰ্দিষ্ট একোটা বৰ্ণেৰে গঠিত শব্দেৰে বাক্য ৰচনা -

(ক)
i) ক – ককা, কুকি কি?

ii) দ – দিদি, দাদাক দৈ দে৷

iii) ন – ননী নে৷

iv) ব – বৌটি, বাবাচোন বোবা৷

v) ল – লালে লিলিলৈ লং লৈ ল’লে৷

নিৰ্দিষ্ট দুটা বৰ্ণ থকা শব্দৰ বাক্য -

i)কালি কলিতাক কি ক’লা? (ইয়াত ‘ক’ আৰু ‘ল’ ৰ বাহিৰে অন্য ব্যঞ্জনবৰ্ণ নাই)

ঠিক তেনেদৰে

ii) জ আৰু ন – জোনে জানো নিজে জানে?

iii) ম আৰু ন – মীনা, মনে মনে নামা৷

iv) হ আৰু ল – লীলা লাহে লাহে লাহী হ’লহি৷

v) ৰ আৰু ত – ৰীতা তাৰ তিৰোতা৷

vi) ন আৰু ত – নীতা নিতৌ তেন্তে ননৈত তিতে৷

vii) ল আৰু গ – লগে লগে গলি গ’ল৷

viii) ন আৰু চ – নাচনী চোন নানাচে৷

ix) ক আৰু ন – কোন? কানু নেকি?

x) ম আৰু ৰ – মৰমৰ মীৰা, ৰাম মোৰ মাৰ মামা৷

xi) প আৰু ট – পেটটো টিপ৷

নিৰ্দিষ্ট তিনিটা আখৰযুক্ত শব্দৰ বাক্য -

i)ক , ত আৰু ল – তিলকে লতাক কোলাত লৈ লতিকাক ক’লে-

“ললিত কলিতাতকৈ তুলিকা ক’লা৷”

ii) হ ন আৰু গ – হাঁহে হাঁহে নে নেঁহাহে•

iii) ব , ৰ আৰু ক – বিৰ্ বিৰ্ বিৰ্ বিৰকৈ বাৰে বাৰে কি বকা বাৰু ৰুবী বৌ?

শব্দৰ সৈতে চিনাকি যিমানেই বাঢ়ি থাকিব, এনেধৰণৰ বিন্যাস ৰচনা কৰাটোও সহজ হৈ আহে৷ উদাহৰণ স্বৰূপে চাওঁ আহকচোন, ‘ক’, ‘ম’, ‘ল’ এই তিনিটা বৰ্ণৰ ভিন্ন বিন্যাসত কিমানটা যে শব্দ ওলাব পাৰে-

কমল, কমলা, কমলী, কমলে, কমালা, কমালি, কমালে, কমিল, কমিলে, কামলৈ, কামাল, কামিলা, কুমলি, কোমল, কোমলে, কলম, কলমৌ, কলিমা, কালাম, কালিমা, কালীমা, কিলাম৷

মল্লিক, মল্লিকা, মল্লিকে, মালাক, মালিক, মালিকে, মিলাকৈ, মিলামিলিকৈ, মুলুক, -মূলক, মৌলিক, মক্কেল, মা-কালী, মুকলি, লুকাম, লেকাম আদি

২৷ তলত দিয়া বাক্য-বাক্যাংশ কেইটাৰ বৰ্ণবোৰ সোঁফালৰ পৰাও পঢ়ি চাওকচোনঃ-

i)কিনে নেকি?

ii) গৈছা ছাগৈ!

iii) চাবা বাচা!

iv) সদা দাস

v) ৰুবা বাৰু!

‘কাজিৰঙাৰ জিকা’, ‘নাপিতৰ তপিনা’ আদিক লৈও পৰীক্ষা এটা কৰিব পাৰি৷

৩৷ একবৰ্ণীয় শব্দেৰে বাক্যঃ

i)ঐ চা, কি যে সি!

ii) কি যে দ নৈ মা!

iii) বৌ বা মা ৰৈ দে৷

iv) অ’ বা, মৌ খা৷

v) সৌ যে! পো নে জী?

৪৷ পদ্যত নহয় কথাতেই ছন্দঃ-

i)কুলেনে শুলেনে?

ii) চানেকী মানে কি?

iii) দিবাকৰে কিবা কৰে!

iv) গিৰিজা, ফিৰি যা!

v) দলৈ ক’লৈ গ’ল ঐ? (দলৈ উপাধি)

vi) পেহাই সেঁহায়৷

vii) দীপালি, কি পালি?

viii) শংকৰে খং কৰে৷

ix) মেদিনীয়ে খেদি নিয়ে৷

x) হেলেনে খেলেনে?

আকৌ চাওক (xi) ইচমাইলৰ ঘৰ ২০মাইল দূৰৈত৷

(xii) ‘জোনাব’ক কথাটো জনাব৷

(xiii) সনাতনৰ বৰ অনাটন৷

(xiv) দুই সতিনীয়ে ২০৩ (দুই শ তিনি) টকা পালে৷

(xv) ধুবুৰীৰ সৌ চুবুৰীত সি উবুৰি হৈ পৰিছে৷

(xvi) নাতিনীক মাতি নি খেলাগৈ৷

(xvii) কেঁকুৰিটোত একুৰি মেকুৰী৷

(xviii) বকুলৰ তলতেই নকুলৰ ঘৰ৷

(xix) গতিকে ফটিকে শ্ৰীমতীকে এজাউৰি দিলে৷

প্ৰসংগতঃ উল্লেখ কৰিলো যে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতেই পৃথিৱীৰ বিভিন্ন মহাদেশ, দেশ তথা ঠাইৰ আচহুৱা নামবোৰ আমাৰ মনত থকাৰ বাবেই নেকি, বিভিন্ন নামৰ সৈতে ছন্দ মিলাই লিখা সৰু সৰু পদ্য কিছুমান পঢ়িবলৈ পাইছিলো৷ যেনে-

i)আফ্ৰিকাৰ জাম্বেচি

তামোলৰ দাম বেছি৷

ii) গুৱাটেমালা

পুৱাতে খালা

iii) নন্দেৰ নন্দন

বিলাতৰ লণ্ডন

iv) বাঘ থাকে কুকুৰনেছিয়া

দেশ থাকে ইন্দোনেছিয়া

আদি (পুথি-আলোচনীৰ নাম মনত নাই)

৫৷ ভিন্নাৰ্থক শব্দ

i) কালি ক’লা কালী ক’লা বুলি

আজি ক’লা কলাই কলাই মাহডৰাত সোমোৱা বুলি

আকৌ কৈছা চন্দ্ৰকলা, শিল্পকলাৰ কথা,

কোলা-ক’লা একেই শুনি, লিখোতে লাগে লেঠা৷

কালিদাসে কালি নবজাই হ’ল মহাকবি

মাটি-কালিৰ অংক নুবুজিলে, মোক কথাটি কবি৷

(ইয়াত থকা কালি, কালী, কলা, ক’লা, কবি, কোলাৰ অৰ্থ ভেদ কৰি চাওক)

সেইদৰে-
ii) নাটকখনৰ প্ৰথম অংকত, অংকশায়িনীৰ দৃশ্য৷

চাৰিটা অংকৰ যোগ-বিয়োগৰ অংক

কৰিব নোৱাৰা যদি হেৰা টংক

কিদৰে হ’বা মোৰ গণিতৰ প্ৰিয় শিষ্য৷

iii) টুটুৱে তিতি তিতি তিতাকেৰেলা চিঙি তাতে থৈ তাঁতত বহিল৷

iv) অৰ্থৰ অৰ্থ নুবুজি সি কৰি আছে অৰ্থহীন অৰ্থব্যয়৷

v) আ-কাৰ ডালৰ আকাৰ কেনেকুৱা?

vi) কেঁকোৰাৰ ঠেংবোৰ কেঁকোৰা৷

vii) ঘণ্টাটো এঘণ্টা বাজি থাকিল৷

viii) ম’হটোৰ খুৰাত লাগি খুৰাৰ পীৰাখনৰ খুৰা এটা ভাগিল৷

ix) টকা পালে হেনো বিপিন পালে

ভেড়া কিনিব পালে পালে

পাল পাতি ৰখীয়াই পহৰা দিব

পালতৰা নাৱত উঠি বনিজলৈ যাব৷

ইয়াৰ লগতে আন এটা বাক্য তুলি দিলো, যিটো নিজৰ নহ’লেও ভাল লগা বাবে মনত থাকি গ’ল-

চাপৰী বুঢ়ীজনীয়ে চাপৰি চাপৰি চাপৰিয়েদি চাপৰি বজাই গৈ আছিল৷

ঠিক তেনেদৰে, জতুৱা ঠাচঁ-ফকৰা যোজনা-প্ৰবাদ-প্ৰবচনবোৰৰ আচল অৰ্থ নুবুজিলে পয়মাল ঘটি যাব পাৰে৷ তেনে দুটামান প্ৰচলিত কৌতুক এনে ধৰণৰ-

i)ছাত্ৰ এজনক বাক্য ৰচনা কৰিবলৈ দিয়া হ’ল- নপতা ফুকন, আকাশত চাং পতা, আলাসৰ লাৰু, আটোমটোকাৰি, বিনামেঘে বজ্ৰপাত, দাঁতে-ওঁঠে লগা৷

ছাত্ৰজনে লিখিলে, নপতা ফুকন ডাঙৰীয়াই আকাশত চাঙ পাতি আলাসৰ লাৰু খাই খাই আটোমটোকাৰিটো বজাই থাকোতে হঠাতে বিনামেঘে বজ্ৰপাত হোৱাত দাঁতে-ওঁঠে লাগি মৰি থাকিল৷

সেইদৰে,
গাই বাই চা – বলধটো হালত নেযায় যদি গাই বাই চা৷

খাই পাত ফলা – খাই পাত ফলা মানুহক কাঁহীত ভাত দিব লাগে, যাতে ফালি পেলাব নোৱাৰে৷
পানীত হাঁহ নচৰা হোৱা – পানীত হাঁহ নচৰা হ’লে হাঁহবোৰ গড়ালত ৰাখি থব লাগে৷ ইত্যাদি-

৫৷ তলৰ প্ৰশ্নবোৰৰ উত্তৰকেইটা চাওকচোন৷ প্ৰতিটো প্ৰশ্নৰ শেষৰ শব্দতেই যে উত্তৰটো সোমাই আছে, নক’লে কোনে গম পাব?

প্ৰশ্ন = উত্তৰ:

i)সীতাৰ আন এটা নাম তই জান কি? = জানকী

ii) চাইফুদ্দিন আহমেদে লিখা কিতাপখনৰ নাম জানানে? = জানানে

iii) ৰ টো মৌলিক সংখ্যা হয় নে নহয়? = নহয়

iv) বাৰু হৰেণ, কবিতা লিখা লোক এজনক তই কি বুলি কবি? = কবি

v) What মানে কি? = কি

vi) ভাৰতৰ চুবুৰীয়া কোন দেশে অলিম্পিকত পদক নেপালে? = নেপালে

৭৷ শব্দৰ ক্ষেত্ৰতো মনত ৰাখিব- “স্থান হেৰালে মান হেৰায়৷”

(বাওঁফালৰ বাক্যবোৰৰ সৈতে সোঁফালৰ বাক্যবোৰৰ ৰিজনি কৰি চাওকচোন, বৰ্ণবোৰৰ স্থান সলনি তথা যতিচিহ্ন প্ৰয়োগত অসাৱধানতাই কিদৰে অৰ্থ সলনি কৰি পেলাইছে)৷

i)অ’, আইদেউ আহিছে – অ’ আই, দেউ আহিছে৷

ii) দৰাক মান ধৰে – দৰাক মা নধৰে৷

iii) টকাখিনি নিদিয়া? – টকাখিনি নি দিয়া৷

iv) বাতিটোত বাকি দিলে৷ – বাতিটোত বা কি দিলে?

v) কল পকাই নাই – কল্প কাই নাই৷

vi) হৰিদাসে মোক ক’লে৷ – হৰি, দাসে মোক ক’লে৷

vii) এহালিচা মাটিহে মাথো আছে৷ – এ, হালি চা, মাটিহে মাথো আছে৷

viii) মইনাজানো মণিকাৰ লগত গৈছে৷ – মই নাজানো, মণি কাৰ লগত গৈছে৷

৮৷ ওপৰঞ্চিঃ-

(ক) যুক্তাক্ষৰৰ শব্দ ৰূপ, উচ্চাৰণ আৰু অৰ্থৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্যেশ্যে)

i)নৰ্মদা বৌ নৰ্দমাত পৰিল৷

ii) বজ্ৰ পৰি ব্ৰজ ঢুকাল৷

iii) শত্ৰুৰ বিক্ৰমত ত্ৰ্যস্তমান বৃত্ৰাসুৰে শিৰস্ত্ৰাণ খুলি ক্ৰুব্ধ গুৰু শুক্ৰাচাৰ্য্যক সকাতৰে আহবান কৰি নিজৰ ত্ৰুটি ক’ত সুধিব ধৰিলে৷

iv) প্ৰকৃততে প্ৰাকৃতিক প্ৰক্ৰিয়াবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰে প্ৰাক্কালতেই প্ৰকৃতি-পুৰুষ উভয়কে ঔৎসুক্য প্ৰবৃত্তিৰে প্ৰবৃত্ত কৰাই আনিছিল৷

v) প্ৰজ্ঞাঞ্জলিৰ প্ৰজ্বলিত প্ৰতিভাৰ দীপ্তিয়ে স্নিগ্ধামঞ্জৰীৰ বস্ত্ৰালংকাৰৰ সাজ-সজ্জাকো ম্লান কৰি দিলে৷

vi) শৌৰ্য্য-বীৰ্য্য, ঐশ্বৰ্য্য-মাধুৰ্য্য, চিন্তা-মেধা, প্ৰজ্ঞা-অনুভৱৰ অস্থি-প্ৰাণ-ৰক্ত-মাংস-মন-মগজু-বিবেক-হৃদয়ৰ সংযুক্তিৰে উদ্ভৱ হোৱা অসমীয়া ভাষাক কোমল শব্দই কমনীয়তা যিদৰে আনি দিয়ে, যুক্তাক্ষৰৰ শব্দবোৰে আকৌ বলিষ্ঠতাও আনি দিছে৷

লেখক :- কবীন্দ্ৰ কুমাৰ ডেকা

উৎস: সাহিত্য.অৰ্গ