ঘৰখনেই ল’ৰা-ছোৱালীৰ প্ৰথম শিক্ষাৰ ঠাই। মাক-দেউতাকৰ আচাৰ-ব্যৱহাৰ, মাত-কথাৰ ওপৰত ল’ৰা-ছোৱালীৰ আচৰণ গঢ় লৈ উঠে। এখন ঘৰত যদি মাক দেউতাকে সদায় ভাল বাৰ্তা, আলোচনা আদি কৰে বা পৰচৰ্চাৰ পৰা আঁতৰি থাকে তেনে এখন ঘৰত ল’ৰা বা ছোৱালীজনীয়ে সদায় ভাল অভ্যাস বা ভাল মাত-কথাৰেই ডাঙৰ হ’ব।

সিহঁতে অইনৰ দোষবোৰ কেতিয়াও দেখা নাপায়। সৰুৰে পৰা মাক-দেউতাকে তেওঁলোকক আনৰ প্ৰশংসা কৰিবলৈ শিকোৱা উচিত।

কোনো মানুহৰ গুণ বা আদৰ্শসমূহহে ঘৰখনত আলোচনা হোৱা উচিত। তদুপৰি মহৎ লোকসকলৰ বাণীসমূহ বা তেওঁলোকৰ জীৱন চৰ্চাৰ বিষয়ে আলোচনা হোৱাটো অত্যন্ত আৱশ্যকীয়।

পৰিপাটি জীৱন শৈলী আৰু পঢ়াশুনাত মনোযোগেৰে আগ বাঢ়ি যাবলৈ মাক-দেউতাকে ল’ৰা-ছোৱালীক সৰুৰে পৰা শিকাব লাগে।

ঘৰখনৰ সৰু-সুৰা কাম-কাজবোৰো সৰুৰে পৰা ল’ৰা-ছোৱালীক শিকাব লাগে বা কৰিবলৈ দিব লাগে যাতে ডাঙৰ হ’লে সিহঁতৰ কোনো ক্ষেত্ৰতে অসুবিধা নহয়।

জ্যেষ্ঠজনক সন্মান কৰা বা সৰুজনক মৰমৰ চকুৰে চোৱাটোও এটা গুৰুত্বপূৰ্ণ কথা।

ওচৰচুবুৰীয়া সকলোৱে ভাল ব্যৱহাৰ কৰিবলৈ মাক-দেউতাকে ল’ৰা-ছোৱালীক সৰুৰে পৰাই শিক্ষা দিব লাগে।

তদুপৰি এটা বৰ দৰকাৰী কথা যে মাক-দেউতাকে ল’ৰা-ছোৱালীক সৰুৰে পৰা সঁচা কথা ক’বলৈ শিকাব লাগে, তাৰ বাবে মাক বা দেউতাকৰ আগত খোলাকৈ পাতিব পাৰে।

আজিকালি প্ৰায়েই দেখা যায় যে বহু মাক-দেউতাক নিজৰ ল’ৰা-ছোৱালীক পঢ়াশুনাত অত্যন্ত হেঁচা দিয়ে, কিন্তু বাকী সু-অভ্যাস গঢ়ি উঠাত আওকাণ কৰে।

পঢ়াশুনাৰ লগতে ওপৰত উল্লেখ কৰা অভ্যাসবোৰ গঢ়্ দিব পাৰিলে ল’ৰা বা ছোৱালীজনীয়ে গোটেই জীৱন কষ্ট অনুভৱ নকৰে আৰু সমাজতো সন্মানৰ এজন ব্যক্তি হ’ব বুলি আশা কৰিব পাৰি।

লেখিকা: নেহা ৰহমান(অসম বাণী)