১ হৈছে আটাইতকৈ সৰু স্বাভাবিক সংখ্যা। ই মৌলিকো নহয়, যৌগিকো নহয়। ই এটা অযুগ্ম স্ংখ্যা। ১ক ১ৰে পূৰণ কৰিলে পূৰণফল সদায় ১ হয়। ১ক ১ৰে একাধিকবাৰ পূৰণ কৰিলেও পূৰণফল ১ৱেই হ’ব। কোনো সংখ্যাক ১ৰে হৰণ কৰিলে হৰণফল সেই সংখ্যাটোৱেই হ’ব। কোনো সংখ্যাৰ লগত ১ যোগ দিলে তাৰ পাছৰ সংখ্যাটো আৰু ১ বিয়োগ কৰিলে তাৰ আগৰ সংখ্যাটো পোৱা যায়। কোনো যুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে অযুগ্ম স্ংখ্যা পোৱা যায়। কোনো অযুগ্ম সংখ্যাৰ লগত ১ যোগ বা বিয়োগ কৰিলে যুগ্ম সংখ্যা পোৱা যায়। কেৱল ১ অংকযুক্ত সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ সহজ। যেনে- ১×১=১ ১১×১১=১২১ ১১১×১১১=১২৩২১ ১১১১×১১১১=১২৩৪৩২১ ১১১১১×১১১১১=১২৩৪৫৪৩২১ ১১১১১১×১১১১১১=১২৩৪৫৬৫৪৩২১ ১১১১১১১×১১১১১১১=১২৩৪৫৬৭৬৫৪৩২১ ১১১১১১১১×১১১১১১১১=১২৩৪৫৬৭৮৭৬৫৪৩২১ ১১১১১১১১১×১১১১১১১১১=১২৩৪৫৬৭৮৯৮৭৬৫৪৩২১ লিখক: ড০ ৰফিক আলী।