সকলো সংখ্যা 1 ত শেষ হয় যিকোনো সংখ্যা এটা লৈ খেলি চাব পাৰা । পিছে, ইয়াৰ বাবে এটা নিয়ম আছে । নিয়মটো হৈছে- সংখ্যাটো যদি অযুগ্ম হয়, তেন্তে 3ৰে পূৰণ কৰি 1 যোগ দিবা । সংখ্যাটো যদি যুগ্ম হয়, তেন্তে 2ৰে হৰণ কৰিবা। এতিয়া তুমি যি সংখ্যাই নোলোৱা কিয়, এই প্ৰ্ক্ৰিয়াৰে গৈ থাকিলে শেষত তুমি 1 পাবা। ধৰি ললোঁ, তুমি ভাবিছিলা 15 15টো অযুগ্ম সংখ্যা; গতিকে ৩ৰে পূৰণ কৰি 1যোগ দিলে পাম 46 46টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 23 23টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 70 70টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 35 35টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 106 106টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 53 53টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 160 160টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 80 80টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 40 40টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 20 20টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 10 10টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 5 5টো অযুগ্ম সংখ্যা; গতিকে 3ৰে পূৰণ কৰি 1যোগ দিলে পাম 16 16টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 8 8টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 4 4টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 2 2টো যুগ্ম সংখ্যা; গতিকে 2ৰে হৰণ কৰিলে পাম 1 সকলো সংখ্যাই এনে ধৰ্ম দেখুৱায় নে ? এই বিষয়ে বহুতো পৰীক্ষা-নিৰীক্ষা ১৯৩০ চনৰেপৰা চলি আছে । এই পৰ্যন্ত আধুনিক কম্পিউটাৰৰ সহায়ত 1018-1 লৈ অৰ্থাৎ ১৮টা ৯ একেলগে বহুৱালে যি হ’ব, সিমানলৈ দেখা গৈছে যে এই নিয়মটো খাটে । সংখ্যাজগতত এই সমস্যাটোক 3n+1 বুলি জনা যায়। 1ৰপৰা 20লৈকে সংখ্যাবোৰ লৈ এই নিয়ম খুটুৱাই চালে দেখা যায় যে সংখ্যাবোৰ সদায় 4-2-1ত শেষ হয় । 4পালেই 2ৰে হৰণ কৰি 2, আৰু 2ক 2ৰে হৰণ কৰি 1 পোৱা যায় । 1ক পুনৰ 3ৰে পূৰণ কৰি 1যোগ দিলে 4 পোৱা যায় । অৰ্থাৎ 4-2-1 চক্ৰতে ঘুৰি থাকিব । লিখক: ড০ ৰফিক আলী।