সম্প্ৰতি চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰা এটা উদ্ভাৱন হ’ল ‘ত্ৰিমাত্ৰিক বায়’প্ৰিণ্টিং’| ত্ৰিমাত্ৰিক বায়প্ৰিণ্টিঙৰ উদ্ভাৱক হ’ল দক্ষিণ কেৰ’লিনাৰ ক্লেমছন বিশ্ববিদ্যালয়ৰ থমাছ ব’লাণ্ড আৰু তেওঁৰ সহযোগী সকল| ত্ৰিমাত্ৰিক বায়প্ৰিণ্টিং হ’ল ত্ৰিমাত্ৰিক প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি এক বেষ্টনীৰ ভিতৰত বিশেষ কেতবোৰ কোষীয় গঠন সৃষ্টি কৰা এক পদ্ধতি| এই পদ্ধতিত উক্ত বেষ্টনী তৈয়াৰ কৰা খোলত কোষবোৰৰ সজীৱতা আৰু সক্ৰিয়তা সংৰক্ষণ তথা সংবৰ্দ্ধন কৰা হয়| ‘থ্ৰী-ডি বায়’লজিকেল প্ৰিণ্টাৰ’ এ এটা নিৰ্দ্দিষ্ট অংগ তৰপে তৰপে গঠন হোৱাৰ ক্ষেত্ৰত আধাৰ বা খোলৰ কাম কৰে| এনে আধাৰত কোষবোৰ এক সুনিৰ্দ্দিষ্ট ৰুপত বিকশিত হয়| ব’লাণ্ড আৰু তেওঁৰ সহযোগী সকলে সম্পন্ন কৰা বায়’প্ৰিণ্টিংৰ প্ৰক্ৰিয়াটোত এক আধাৰত প্ৰতিষ্ঠা কৰা ত্ৰিমাত্ৰিক খোলত এক উন্নত প্ৰয়োগ পদ্ধতিৰে অকণ অকণকৈ কোষ জমা কৰি একোটা কোষীয় গঠনৰ ভিত্তি তৈয়াৰ কৰা হৈছে আৰু তাৰ অৱলম্বনতেই একোটা অংগ নিৰ্মাণৰ প্ৰচেষ্টা চলোৱা হৈছে| এনেদৰেই ত্ৰিমাত্ৰিক বায়’প্ৰিণ্টিঙৰ বেষ্টনীৰ মাজত কোষৰ বিকাশ ঘটাই বিভিন্ন প্ৰকাৰৰ কোষীয় গঠন তথা তৰংগ সৃষ্টি কৰাটো অদূৰ ভৱিষ্যতে সম্ভৱ হৈ উঠিব বুলি ভবা হৈছে| ত্ৰিমাত্ৰিক বায়’প্ৰিণ্টিঙৰ জৰিয়তে অংগ নিৰ্মাণ কৰিব খোজাৰ প্ৰাথমিক উদ্দেশ্যই হ’ল মানুহৰ শৰীৰৰ বিকল হৈ পৰা অংগৰ ঠাইত এই প্ৰক্ৰিয়াৰে গৱেষণাগাৰত নিৰ্মাণ কৰা অংগ প্ৰতিঠাপন কৰা| সম্প্ৰতি যকৃতৰ কোষ, তেজৰ প্লাজমা আৰু ব্লাডাৰ নিৰ্মাণ কৰাটো বিজ্ঞানীসকলৰ পক্ষে সম্ভৱপৰ হৈছে; তেওঁলোকে এতিয়া হৃদযন্ত্ৰ, হৃদযন্ত্ৰৰ কপাট, বৃক্ক আদি জটিল কোষীয় সংহতিৰ অংগ নিৰ্মাণ কৰি উলিয়াবলৈ প্ৰয়াস কৰি আছে| কলম্বিয়া বিশবিদ্যালয়ৰ অন্তৰ্গত ‘টিছু ইঞ্জিনীয়াৰিং এণ্ড ৰিজেনেৰেটিং মেডিচিন লেব’ত জেৰেমী মাও নেতৃত্বাধীন এটা দলে দাঁত অৰু হাড় মেৰামতিৰ ক্ষেত্ৰত বায়’প্ৰিণ্টিং ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱনৰ বাবে গৱেষণা চলাই আছে| তেওঁলোকে এটা এন্দুৰৰ দাঁতৰ পাৰিৰ হাড়ত বায়’প্ৰিণ্টৰ এক জালপহীয়া ত্ৰিমাত্ৰিক গাঁথনি প্ৰতিষ্ঠাপন কৰিছিল| এই গাঁথনি দেখাত ক্ষুদ্ৰ তথা পৰস্পৰ সংলগ্ন সূক্ষ্ম নলিকাযুক্ত-য’ত কাণ্ডকোষ বিকশিত হয়| এই গাঁথনি প্ৰতিষ্ঠাপনৰ ৯ সপ্তাহৰ পিছত দাঁতৰ বিকাশ আৰম্ভ হয়| এই গৱেষণাৰ হাত ধৰিয়েই অদূৰ ভৱিষ্যতে মানুহে কৃত্ৰিম দাঁতৰ পৰিৱৰ্ত্তে বায়’প্ৰিণ্টিঙৰ জৰিয়তে সৃষ্টি কৰা দাঁত ব্যৱহাৰ কৰিব পাৰিব বুলি আশা কৰা হৈছে| মাওৰ দলে কৰা আন এটা গৱেষণাত কিছুমান শহাৰ তপিনাৰ হাড়ৰ ঠাইত উক্ত বায়’প্ৰিণ্টৰ ত্ৰিমাত্ৰিক গাঁথনি প্ৰতিষ্ঠাপন কৰিছিল আৰু তাৰ পিছত তাত কোষৰ বিকাশ হোৱা উপাদান প্ৰয়োগ কৰিছিল| চাৰি মাহৰ ভিতৰত সেই আটাইবোৰ শহাৰে বায়’প্ৰিণ্টৰ গাঁথনি বহুওৱা অংশত স্বাভাৱিক হাড়ৰ সৃষ্টি হ’ল| উক্ত প্ৰতিষ্ঠাপন অস্ত্ৰোপচাৰৰ কেইসপ্তাহমানৰ পিছতে সেই শহাবোৰৰ ভিতৰত কিছুমানে হয় চলা-ফিৰা কৰিব পৰা হৈছিল, নহয় নতুনকৈ সৃষ্টি হোৱা হাড়ত শৰীৰৰ ভৰ ৰাখিব পৰা হৈছিল| ইয়াৰ পৰিপ্ৰেক্ষিতত আশা কৰা হৈছে যে অদূৰ ভৱিষ্যতে ‘বায়’প্ৰিণ্টেড গাঁথনি’ ব্যৱহাৰ কৰি মানৱ দেহৰ নিতম্ব বা আন কোনো অংশত প্ৰতিষ্ঠাপনৰ বাবে সহজে হাড় বিকশিত কৰিব পৰা যাব| আন এক গৱেষণাত ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্ছিটীৰ এদল গৱেষকে চাৰি বছৰ ধৰি কৰা গৱেষণাৰ ফলস্বৰুপে কিছুদিন পূৰ্বে ত্ৰিমাত্ৰিক প্ৰিণ্টাৰ্ছ ব্যৱহাৰ কৰি এক হাড় সদৃশ উপাদান তৈয়াৰ কৰিবলৈ সক্ষম হৈছে| ক্ষতিগ্ৰস্থ হাড় মেৰামতিৰ ক্ষেত্ৰত উক্ত হাড় সদৃশ উপাদান ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে| বায়’প্ৰিণ্টং প্ৰক্ৰিয়াত সাধাৰণতে এলগিনেট বা ফ্ৰিব্ৰিন প’লিমাৰ ব্যৱহাৰ কৰা হয়| কাৰণ এই প’লিমাৰবোৰ কোষবোৰৰ সৈতে বিশেষ ভাৱে সংযুক্ত হৈ পৰে, গাঁথনিৰ সমৰ্থ অটুট ৰাখিব পৰাকৈ এই প’লিমাৰবোৰক বিশেষ ৰুপ দিয়া হয় আৰু এইবোৰে কোষীয় সংহতিক ধৰি ৰাখে| বায়’প্ৰিণ্টিঙৰ গৱেষণাত ‘হাইড্ৰ’জেল এল্গিনেট্ছ’ বহুলভাৱে ব্যৱহাৰ কৰাৰ সুবিধা থকা বাবে সম্প্ৰতি এই গৱেষণাত এইবিধ উপাদানৰ ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া হৈছে| বিভিন্ন প্ৰকাৰৰ কলা বা অংগৰ গঠনৰ ক্ষেত্ৰত হাইড্ৰ’জেল এক অতি সুবিধা জনক আধাৰ উপাদান| বায়’প্ৰিণ্টিঙৰ উপযোগীতা জীৱ বিজ্ঞানৰ বিভিন্ন প্ৰকাৰৰ গৱেষণাত বায়’প্ৰিণ্টিং ব্যৱহাৰ কৰিব পাৰি| বিভিন্ন প্ৰকাৰৰ জটিল অংগ গঠন কৰা তথা কৰ্কট ৰোগ, হৃদৰোগ, সৰীসৃপ বিজ্ঞান, কাণ্ডকোষ আদিৰ গৱেষণাত বায়’প্ৰিণ্টিং ব্যৱহাৰ কৰিব পৰা যায়| এই পদ্ধতিত দুই বা ততোধিক প্ৰকাৰৰ কোষ পৰস্পৰ সম্পৰ্কিত ভিন্ন ঠাইত সংস্থাপন কৰি দুই বা তিনি তৰপ ডাঠ কোষীয় গঠন তৈয়াৰ কৰা হয় আৰু এনেদৰে সুসমন্বয়যুক্ত ভিন্ন প্ৰকাৰৰ কোষীয় গঠন পাব পাৰি| বায়’প্ৰিণ্টিঙৰ আন কেতবোৰ সুফল হ’ল এনেধৰণৰ: বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে অতি দুৰ্ভাগ্যজনক ভাৱে বিশ্বত প্ৰতিদিনে অংগ প্ৰতিষ্ঠাপনৰ প্ৰয়োজন হোৱা ৰোগীৰ ২০ শতাংশৰ মৃত্যু হয় অংগ দান নোপোৱা বাবে| সম্প্ৰতি হাজাৰ হাজাৰ দুৰ্ভগীয়া ৰোগীয়ে তেওঁলোকৰ দেহত প্ৰতিষ্ঠাপনৰ বাবে আৱশ্যক হোৱা অংগ একোটা পাবলৈ আশা পালি আছে যদিও এনেধৰণৰ ৰোগীৰ তুলনাত অংগদাতাৰ সংখ্যা কিন্তু তেনেই সীমিত| ইয়াৰ পৰিপ্ৰেক্ষিতত অদূৰ ভৱিষ্যতে বায়’প্ৰিণ্টিং প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কৃত্ৰিম অংগৰে প্ৰতিষ্ঠাপনৰ বাবে আৱশ্যক হোৱা অংগৰ চাহিদা পূৰাব পৰা যাব বুলি আশা কৰা হৈছে| সম্প্ৰতি বায়’প্ৰিণ্টিং প্ৰক্ৰিয়াৰ সহায়ত দহদিনৰ ভিতৰত এটা যকৃত তৈয়াৰ কৰিব পাৰি| কিন্তু এই প্ৰযুক্তিৰ অধিক বিকাশৰ পিছত মাত্ৰ এঘণ্টাতে এটা যকৃত তৈয়াৰ কৰিব পৰা যাব বুলি ভবা হৈছে| নতুন ঔষধবোৰৰ উপযোগীতা পৰীক্ষা কৰা হয় সেইবোৰ জন্তুৰ দেহত প্ৰয়োগ কৰি| এনেধৰণৰ পৰীক্ষা বোৰ যথেষ্ট ব্যয়বহুল হয়| অদূৰ ভৱিষ্যতে নতুন ঔষধবোৰ জন্তুৰ পৰিৱৰ্ত্তে বায়’প্ৰিণ্টিঙৰ জৰিয়তে তৈয়াৰ কৰা কৃত্ৰিম অংগত প্ৰয়োগ কৰি সেইবোৰৰ উপযোগীতা পৰীক্ষা কৰিব পৰা যাব আৰু সেয়া আপেক্ষিক ভাৱে যথেষ্ট কম খৰচী হ’ব| ভৱিষ্যতে নেন’ প্ৰযুক্তি আৰু জেনেটিক ইঞ্জিনীয়াৰিঙৰ লগতে বায়’প্ৰিণ্টিঙো দীৰ্ঘ জীৱন লাভৰ ক্ষেত্ৰত এক অতি ফলপ্ৰসূ উপায় হৈ পৰিব বুলি আশা কৰিব পাৰি| অমল ভাগৱতী