খেল-ধেমালি অসমত বহুধৰণৰ খেলৰ প্ৰচলন আছে। ম’হ যুঁজ, কণী যুঁজ, কড়ি যুঁজ, নাও খেল, ঘোঁৰা দৌৰ, তৰোৱাল খেল, শেন মেলা, হাতী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ ঘিলা খেল, সাঁতোৰ ইত্যাদি খেলসমূহ আহোম যুগৰ পৰাই প্ৰচলিত। আহোম স্বৰ্গদেউসকলে ক্ৰীড়াক বিশেষ গুৰুত্ব দিছিল। ভিন্ন খেলৰ বাবে বিষয়া আৰু প্ৰশিক্ষককো নিযুক্তি দিছিল। যেনে- শেন খেলৰ বাবে শেনচোৱা বৰা আৰু শেনচোৱা বৰুৱাক নিযুক্তি দিয়া হৈছিল। আহোম ৰাজত্বকালতে শিৱসাগৰত নিৰ্মাণ কৰা ৰংঘৰ হৈছে এছীয়াৰ প্ৰথমটো স্পৰ্টচ্ পেভিলিয়ন। অসমত বিহু আৰু খেলৰ সম্পৰ্ক মন কৰিবলগীয়া। বিহুৰ সময়ত অসমৰ ৰাইজে বিভিন্ন খেল খেলিছিল। ব’হাগ বিহুৰ সময়ত অসমত বৰ্তমানেও কণী যুঁজ পতা হয়। কাবাডী, হাউগুডু, ঢোপখেল, কাড় খেল, টাংগুটি, লুকাভাকু, ৰছী টনা, ভটা গুটি, টেকেলী ভঙা, হেতালি ইত্যাদি খেল ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰচলিত আছিল। বৰ্তমানেও এই খেলসমূহ নতুন ধৰনেৰে প্ৰচলিত হৈ আছে। যেনে- মল্লযুঁজক ৰেষ্টলিং, কাঁড় খেলক আৰ্চাৰী, তৰোৱাল খেলক ফেন্সিং খেলে প্ৰতিনিধিত্ব কৰিছে। ফুটবল, ক্ৰিকেট, মল্লযুঁজ, ভাৰাত্তোলন, বক্সিং, বেডমিন্টন, টেনিছ, খো-খো ইত্যাদি বিভিন্ন খেল অসমত জনপ্ৰিয়। খেল-ধেমালি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয়। সুস্বাস্থ্য ৰক্ষা কৰাত ই আমাক সহায় কৰে। অনুশীলনীঃ ১. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঁ। (ক) আহোম যুগত প্ৰচলিত দুবিধ খেলৰ নাম লিখা। (খ) শেন খেলৰ বাবে কোন বিষয়াক নিযুক্তি দিয়া হৈছিল? (গ) এছিয়াৰ প্ৰথমটো স্পৰ্টছ পেভিলিয়নৰ নাম কি? (ঘ) ব’হাগ বিহুৰ সময়ত পতা এবিধ খেলৰ নাম লিখা। (ঙ) ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে প্ৰচলিত দুবিধ খেলৰ নাম লিখা। ২. খালী ঠাই পূৰ কৰাঁ। (ক) ম’হ যুঁজ, কণী যুঁজ ইত্যাদি খেলসমূহ ................ যুগৰ পৰাই প্ৰচলিত। (খ) শেন খেলৰ বাবে .................... আৰু ......................ক নিযুক্তি দিয়া হৈছিল। (গ) ................... হৈছে এছীয়াৰ প্ৰথমটো স্পৰ্টচ্ পেভিলিয়ন। (ঘ) ব’হাগ বিহুৰ সময়ত অসমত বৰ্তমানেও ............. যুঁজ পতা হয়। (ঙ) ............................ আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয়।