খোৱা মেজত বহি অতিথিসকলে জীৱন সম্বন্ধীয় আলোচনাৰ পাতনি মেলিলে। এজন লোকে (তেওঁ কোনোবা এটা ডাঙৰ কোম্পানীৰ মুখ্য প্ৰৱন্ধক) বৰ্তমানৰ শিক্ষা ব্যৱস্থাত দেখা দিয়া সংকটৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে। তেওঁ তাচ্ছিল্য আৰু অভিযোগৰ সুৰত কলে, “এটা শিশুৱেনো সেইজন মানুহৰ পৰা কি শিকিবলৈ আশা কৰিব পাৰে, যাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিকল্পটোৱেই আছিল মাথো এজন শিক্ষক হোৱা!” ভোজমেলটোত উপস্থিত থকা অন্য অভ্যাগতসকললৈ চাই তেওঁ কৈ গ’ল, “শিক্ষকবোৰৰ বিষয়ে আমি কি কওঁ জানে - যিসকলে পাৰে, সেইসকলে কৰে। আৰু যিসকলে নোৱাৰে, সেইসকলে কি কৰে? তেওঁলোকে শিকায়!” নিজৰ বক্তব্যটো জোৰেৰে সাব্যস্ত কৰিবলৈ তেওঁ তাত উপস্থিত থকা অন্য এজন অতিথিলৈ আঙুলিয়াই ক’লে- “দত্ত, আপুনিতো এজন শিক্ষক। সঁচাকৈ কওকচোন, জীৱনটোত আপুনি বিশেষ কি কৰিব পাৰিলে?” সততা আৰু সৰলতাময় ব্যক্তিত্বৰ বাবে সমাজত দত্তৰ এক সুকীয়া পৰিচয় আছে, তেওঁ স্বাভাৱিক স্বৰেৰে উত্তৰ দিলে – “ডাঙৰীয়া, আপুনি জানিব খোজে নহয় জীৱনত মই কি কৰিলো, তেন্তে শুনক-” “মই লৰাহঁতক সিহঁতে জীৱনত কৰিব পাৰিম বুলি ভবাতকৈও কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকালোঁ। শিশুহঁতক পূৰা চল্লিছ মিনিট সময় সম্পূৰ্ণ নীৱৰতাৰে পঢ়া কোঠাত বহি থাকিব পৰা কৰি তোলাত মই সমৰ্থ হলোঁ। আপুনি আৰু জানিব খোজে নহয়, জীৱনত মই কি কৰিলোঁ? মই শিশুহঁতক বিস্মিত হ’বলৈ শিকালো। মই সিহঁতক প্ৰশ্ন সুধিবলৈ আৰু সমালোচনা কৰিবলৈ শিকালো। মই সিহঁতক ক্ষমা খুজিবলৈ আৰু ক্ষমা কৰিবলৈ শিকালো আৰু তাৰ মহত্ত্ব বুজালো। মই সিহঁতক লিখিবলৈ শিকালো। মই সিহঁতক পঢ়িবলৈ, পঢ়িবলৈ আৰু পঢ়িবলৈ শিকালো। মই সিহঁতক সকলো কাম বিজ্ঞান আৰু গণিতৰ মাধ্যমেৰে কৰিবলৈ আৰু সেইখিনি ভাষাৰে প্ৰদৰ্শন কৰিবলৈ শিকালো। মই সিহঁতক বুজিবলৈ শিকালো যে যদি তোমালোকৰ এটা মগজু থাকে আৰু তুমি নিজৰ হৃদয়ৰ কথামতে কাম কৰা, আৰু যদি কেতিয়াবা কোনোবাই জীৱনত তুমি কি কৰিলা তাৰ মাধ্যমেৰে তোমাক বিচাৰ কৰিব খোজে, তেতিয়া সেই কথাত গুৰুত্ব নিদিবা; কিয়নো এনে কথা সুধিব পৰাসকলে আচলতে জীৱনত একোৱেই নিশিকিলে। দত্ত অলপ ৰ’ল আৰু কৈ গ’ল, “আপুনি তথাপিও জানিব খোজে নহয়, জীৱনত মই কি কৰিলো? তেন্তে শুনি যাওক -” “মানুহে জীৱনত পাব পৰা আটাইতকৈ ডাঙৰ সন্মানটো পোৱা লোকজনৰ দৰে শিশুহঁতৰ সংস্পৰ্শত থাকি মই সন্তুষ্টি লাভ কৰিলো। এনে সন্তুষ্টি জানো জীৱনত আপুনি পালে? জীৱনত মই আনতকৈ বেলেগ এটা বিশেষ কাম কৰিলো – মই মানুহ গঢ়িলো। আপুনি কি গঢ়িলে?” প্ৰশান্ত কুমাৰ বৰা