প্ৰায়েগি স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে আমাক তেওঁলোকৰ ল’ৰা-ছোৱালী সম্পৰ্কে এটা অভিযোগ দিয়ে আৰু সেইটো হ’ল- সিহঁত বহু চঞ্চল, কথা নুশুনে, স্কুলত অইন ল’ৰা-ছোৱালীবোৰক দিগদাৰ দি থাকে। নিজেও পঢ়াত মন নিদিয়ে আৰু লগৰীয়াবোৰকো পঢ়াৰ সময়ত চিকুটা-চুকুটি কৰি থাকি অশান্তি কৰি থাকে ইত্যাদি।

এনে একেধৰণৰ সমস্যা লৈ মাক-দেউতাকেও আমাৰ ওচৰলৈ আহে। সন্তানৰ অস্থিৰ আচৰন আৰু উৎপাতে তেওঁলোকৰ অৱস্থা কাহিল কৰি পেলায়।

কিন্তু কথা হ’ল সৰু ল’ৰা-ছোৱালীবোৰে যদি উৎপাত নকৰে, হুলস্থূল নকৰে, তেন্তে আমি আমি ডাঙৰবোৰে কৰিম নেকি? নে সিহঁতে অনবৰতে শান্ত-শিষ্ট হৈ থাকিলে আমি সিঁহতক ঠিকে আছে বুলি ক’ম?

সাধাৰণতে স্বভাৱগতভাৱেই সৰু ল’ৰা-ছোৱালীবোৰ চঞ্চল হয় আৰু সেইটো সকলোৱে ভাল পায় আৰু উপভোগ কৰে। কিন্তু তাৰ মাত্ৰা বেছি হৈ গ’লে, তেতিয়া সেই একেবোৰ আচৰণকে আমি সমস্যা বুলি ধৰোঁ।

স্বাভাৱিক অৱস্থাবোৰ কেতিয়া শেষ হয় আৰু সমস্যামূলক আচৰণবোৰ কোনখিনিত আৰম্ভ হয়, সেইখিনি ধৰাটো এটা টান কাম। সেই পাৰ্থক্যখিনি বিচাৰি উলিওৱাটো ইমান সহজ নহয়।

এনেধৰণৰ সমস্যা লৈ অহা মানুহখিনিক মই এটা কথা সদায়েই সোধো- যেতিয়া ল’ৰাটো বা ছোৱালীজনীক সিহঁতে ভাল পোৱা কাম কৰি থাকিবলৈ দিয়া হয়- উদাহৰণস্বৰূপে ভিডিঅ’ গেম খেলিবলৈ দিয়া হয় বা ভাল পোৱা কাৰ্টূন প্ৰ’গ্ৰেন চাবলৈ দিয়া হয়, তেতিয়া সিমানখিনি সময় সিহঁতে সেই একেখিনি ঠাইতে থাকিব পাৰে নে নোৱাৰে?

যদিহে সিহঁতে কোনো অসুবিধা নোহোৱাকৈ সেই প্ৰ’গেমটো একেৰাহে চাই থাকিব পাৰে, তেন্তে আমি ক’ব পাৰিম যে তেনে শিশুকেইটিৰ সেই সমস্যাটো নাই।

কিন্তু যিয়ে নিজৰ ভাল লগা কামকেইটাও থিৰেৰে কৰিব নোৱাৰে, তেনেবোৰ শিশুৰ সমস্যা থকাটো নিশ্চিত। শিশু মানসিক চিকিৎসা বিজ্ঞানত এনে ধৰণৰ সমস্যাবোৰক এটেনচন ডেফিচিট হাইপাৰ এক্টিভ ডিজঅৰ্ডাৰ(Attention Deficit Hyperactive Disorder) বুলি কোৱা হয়।

সাধাৰণতে এনেকুৱা ল’ৰা-ছোৱালীবোৰৰ মাজত মনোযোগৰ অভাৱ হয় আৰু এক স্থিৰতাবিহীন আচৰণ দেখা যায়।

যিকোনো সৰু-সুৰা কথাই সিহঁতৰ মনোযোগ ভাঙিব পাৰে, সিহঁতৰ সহন শক্তি একেবাৰে কম, যিকোনো কথাতেই বা কামতেই সিহঁত উত্ৰাৱল হৈ পৰে। সেইবাবে কাম কৰিলে সিহঁতে একো ভাবি-চিন্তি নাচায় আৰু পিছত বিপদত পৰে।

আনৰ কথা মানি নচলে, সমনীয়া বন্ধু-বান্ধৱৰ লগত ভাল সম্পৰ্ক নাথাকে। ইহঁতৰ অস্থিৰ আৰু আনক দিগদাৰ দি থকা স্বভাৱৰ বাবে কোনোৱে ভাল নাপায় আৰু সেইবাবেই সিহঁতৰ লগৰীয়াৰ অভাৱ দেখা যায়। মনোযোগ কম বাবেই এনে ল’ৰা-ছোৱালীবোৰে পঢ়াত বিশেষ ভাল ফল দেখুৱাব নোৱাৰে।

স্কুল বা অইন পৰিৱেশতো এনেকুৱা ল’ৰা-ছোৱালী সতকাই দেখা পোৱা যায়। এখন প্ৰাইমাৰী স্কুলৰ ১০০ গৰাকী ল’ৰা-ছোৱালীৰ ভিতৰত এজনৰেই এই সমস্যাটো থাকে আৰু ল’ৰাৰ মাজত ই বেছিকৈ হোৱা দেখা যায়।

আচৰণৰ এই সমস্যাসমূহ সাধাৰণতে চাৰি বছৰৰ আগৰেপৰা আৰম্ভ হয়, কিন্তু এইবোৰ ভালদৰে চকুত ধৰা পৰে যেতিয়া সিহঁতে স্কুললৈ যাবলৈ আৰম্ভ হয়, কিন্তু এইবোৰ ভালদৰে চকুত ধৰা পৰে যেতিয়া সিহঁতে স্কুললৈ যাবলৈ আৰম্ভ কৰে আৰু অইন ল’ৰা-ছোৱালীৰ লগত মিলামিছা কৰিবলৈ আৰম্ভ কৰে।

হাইপাৰএক্টিভিটী স্কুল, ঘৰ আৰু অন্য সামাজিক আদি সকলো পৰিৱেশতে আৰু সকলো সময়তে হোৱা দেখা যায়। অৱশ্যে ইয়াৰ পৰিৱেশ অনুসৰি এই সমস্যাবোৰৰ ধৰণ আৰু তীব্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয়।

স্কুলত এনে শিশুৰ আচৰণ:

*একে ঠাইতে বা নিজৰ চকীত বহি থাকি একেটা কামকে অলপ সময়ৰ বাবে কৰি থাকিব নোৱাৰে।

*শিক্ষকে কৰিবলৈ দিয়া যিকোনো কাম এটা সিহঁতে একেবাৰে শেষলৈ বা সম্পূৰ্ণকৈ কৰিব নোৱাৰে।

*কামবোৰ যেনেকৈ-তেনেকৈ কৰে, কামবোৰ বা লিখাবোৰ পৰিপাটি নহয়।

*শ্ৰেণীত অইন কাৰোবাক কিবা সুধিলে নিজৰ পাল নপৰোতেই সিহঁতে ভুলে-শুদ্ধই উত্তৰ দিয়ে। খেলা-ধূলা কোনো ক্ষেত্ৰতেই নিজৰ পাল পৰালৈ সিহঁতে অপেক্ষা কৰিব নোৱাৰে।

*শিক্ষকে শ্ৰেণী লৈ থাকোতে তেওঁলোকক দিগদাৰ দি থাকে। ঠিক তেনেদৰে শ্ৰেণী হৈ থক সময়তে সিহঁতে লগৰবোৰক দিগদাৰ দি থাকে, বাহিৰলৈ ওলাই দৌৰ মাৰে ইত্যাদি।

*একে ঠাইতে কিছু সময় সিহঁতে বহি থাকিব নোৱাৰে, সেইবাবে বাহিৰলৈ ওলাই দৌৰ মাৰে। কোঠাৰ ভিতৰত থাকিলেও দৌৰা-দৌৰি, জঁপিয়াই থাকে। সিহঁতে একে ঠাইতে বহি থাকিলেও হাত-ভৰি লৰচৰ কৰি থাকে অনবৰতে।

ঘৰত এনে শিশুৰ আচৰণ:

*এনে শিশুৱে কথা শুনিব নিবিচাৰে।

*যিকোনো কাম এটা কৰি থাকিলে এক সামান্য কথা বা কামে সিহঁতৰ মনোযোগ ভাঙি দিয়ে। যদি সিহঁতে পঢ়ি থাকে আৰু সেই সময়ত কলিং বেল বাজে, তেতিয়া সিহঁতে দৌৰ মাৰি বাহিৰলৈ ওলাই আহিব।

*কোনো এটা কাম একে বহাতে সম্পূৰ্ণ কৰিব নোৱাৰে, ভাত খাই শেষ নৌহওঁতেই উঠি গৈ খেলা বস্তুকে আনিবলৈ যাব। সেইবাবেই পঢ়া-শুনাকে আৰম্ভ কৰি কোনোধৰণৰ কামেই ভালদৰে শেষ কৰিব নোৱাৰে।

*ঘৰৰ মানুহক অনবৰতে দিগদাৰ কৰি থাকে আৰু সেইবাবে তেনেকুৱা শিশু থকা ঘৰ এখনৰ দৈনিক ৰুটিনখন সময়মতে চলাত অসুবিধা হয়।

*এনে শিশু স্বভাৱতেই অস্থিৰ। সেইবাবে সিহঁতে আগ-পাছ নুগুণি দৌৰা-দৌৰি কৰি থাকে বাবে খুব সঘনাই আঘাত পায়।

অইন সামাজিক পৰিৱেশত এনে শিশুৰ আচৰণ:

*এনে শিশুবোৰৰ সামাজিক পৰিৱেশ আৰু অন্য ল’ৰা-ছোৱালীৰ লগত সিহঁতৰ আচৰণবোৰৰ পাৰ্থক্যবোৰ চকুত পৰে।

*সিহঁতে বহু বেছি চিঞৰ-বাখৰ কৰে, বিশেষকৈ সামাজিক পৰিৱেশবোৰত আৰু বহুত কথা কয়।

*সকলোৱে ভয় কৰা কাম-কাজতো সিহঁত আগবাঢ়ি যায়।

*দলবদ্ধ খেলবোৰ সিহঁতে খেলিব নোৱাৰে, য’ত কিছুমান নিয়ম মানি চলিব লাগে। কাৰণ কোনো কাম বা কথাৰ বাবে সিহঁতে অপেক্ষা কৰি থাকিব নোৱাৰে।

কাৰণ:

ADHD কিয় হয়, তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাথাকে। সাধাৰণতে কোৱা হয় মগজুত পোৱা কিছুমান আঘাতৰ বাবে, মৃগী ৰোগ বা অইন কিছুমান নিউৰোফিজি’অ’ল’জিকেল বিসংগতিৰ ফলত এনেবোৰ সমস্যা হ’ব পাৰে।

কিন্তু কাৰণ যিয়েই নহওক, সমাধানৰ পথ বিচৰাটোহে আমাৰ মুখ্য কাম হোৱা উচিত।

দেখা যায় যে এই সমস্যাবোৰ ডাঙৰ হোৱালৈকে থাকে, কিন্তু তাৰ প্ৰকাশভংগীবোৰ বেলেগ বেলেগ হয়। সৰুৰেপৰা যদি সঠিক আৰু পদ্ধতিগত অনুশীলন দিব পৰা যায়, তেন্তে হাইপাৰএক্টিভিটীৰ সমস্যাবোৰ একেবাৰে নাইকিয়া কৰিব পাৰি বা নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব পাৰি।

এই অসুখটোৰ লগত আন কিছুমান অসুবিধাও জড়িত হৈ থাকে। ইয়াৰ ভিতৰত আছে পঢ়া-শুনাৰ ক্ষেত্ৰত হোৱা অসুবিধা(Scholastic problems), কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰত হোৱা অসুবিধা(Specific learning disabilities), বিষাদগ্ৰস্ততা, হীনমন্যতা আদি।

শিশু এটাক এনেবোৰ সমস্যাৰপৰা মুক্ত কৰাৰ বাবে আভিভাৱক শিক্ষক- আটাইৰে সমূহীয়া প্ৰচেষ্টা প্ৰয়োজন।

প্ৰথম কথা, অভিভাৱকে সমস্যাটোৰ বিষয়ে অৱগত হ’ব লাগিব আৰু যদি কোনো বিশেষজ্ঞই এইটো আচৰণ সমস্যা বুলি মানি লোৱা উচিত। কাৰণ মাক-দেউতাকে যেতিয়ালৈকে এইবোৰ মানি নলয়, তেতিয়ালৈ তেওঁলোকক কথাবোৰ বুজাব নোৱাৰি।

ADHD সমস্যাটো নাইকিয়া কৰাৰ বাবে ছাইক’ল’জিষ্ট, ছাইকিয়াট্ৰিষ্ট সকলোৰে পৰামৰ্শৰ প্ৰয়োজন। শিশু এটিক এনেবোৰ সমস্যাৰপৰা মুক্ত কৰাৰ বাবে অভিভাৱক, শিক্ষক আটাইৰে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন।

কিছুমান দৰব আছে, যিয়ে মানসিক মনোযোগ বঢ়ায়, কিন্তু এয়া স্থায়ী নহয়। কিছু সময়ৰ পিছত পুনৰ অস্থিৰতা উভতি আহে। ছাইকিয়াট্ৰিষ্টে দৰব এইকাৰণেই ব্যৱহাৰ কৰে যাতে তাৰ প্ৰভাৱখিনি থকা সময়খিনিতেই সিহঁতে যদি স্কুলত থাকে, তেতিয়া পঢ়াত সিহঁতৰ অসুবিধা নহয়।

কিন্তু এইটো কথা সদায়েই মনত ৰখা উচিত যে দৰব একমাত্ৰ সমাধান নহয়, দৰবৰ লগতে অইন কথাবোৰো ইয়াৰ বাবে অতি দৰকাৰী।

প্ৰধানতঃ ADHD ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মনোযোগ বঢ়াব লাগে অৰু অস্থিৰতা কমাব লাগে, তাৰ বাবে কিছুমান ছাইক’ল’জিকেল কৌশল আছে। সিহঁতৰ মনোযোগ বঢ়োৱাৰ কৌশলবোৰ ঘৰত অভিভাৱকে আৰু স্কুলত শিক্ষক-শিক্ষয়ত্ৰীয়ে ব্যৱহাৰ কৰিব লাগে।

এনে শিশুবোৰ অত্যধিক দুষ্ট হোৱা বাবে সিহঁতে কৰা ভাল কামবোৰক আমি আওকাণ কৰোঁ। কিন্তু সেইটো একেবাৰেই কৰা উচিত নহয়।

বেয়া কাম কৰা বাবে সিহঁতক যেনেদৰে শাস্তি দিয়া হয়, ঠিক তেনেদৰে যেতিয়াই সিহঁতে সামান্য কিবা এটা ভাল কাম কৰে বা আচৰণ প্ৰদৰ্শন কৰে, লগে লগেই তাৰ বাবে সিহঁতক পুৰস্কৃত কৰা উচিত আৰু আগলৈও তেনে কাম কৰাৰ বাবে উৎসাহিত কৰা উচিত।

এনেধৰণৰ সকলোৰে চেষ্টাই ADHD ল’ৰা-ছোৱালীবোৰক সমস্যাৰপৰা মুক্ত কৰি এটা স্বাভাৱিক শৈশৱ ঘূৰাই আনিব পাৰে।

লেখিকা: ড° মৈত্ৰেয়ী দত্ত(দৈনিক অসম)