ধৰ্মৰ জয় প্রাচীন কালত কাশী আৰু কোশল নামে দুখন ৰাজ্য আছিল।কাশীৰাজ বৰ শান্তিপ্রিয় আৰু সকলো বিদ্যাত পাৰ্গত আছিল। দয়া, শান্তি, মৈত্রী প্রভৃতি গুণেৰে তেওঁ বিভূষিত আছিল। জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলোৰে কল্যাণ সাধন কৰি ৰাজধৰ্ম পালন কৰাই আছিল তেওঁৰ উদ্দেশ্য। এদিন কোশল ৰাজ্যৰ ৰজাই সৈন্য-সামন্ত লগত লৈ কাশী ৰাজ্য আক্ৰমণ কৰিবলৈ আহিল। দূতৰ মুখে এই বার্তা শুনি কাশীৰাজৰ এক হাজাৰ মহাযোদ্ধা বীৰে ৰজাৰ ওচৰলৈ গৈ ক'লে- 'অনুমতি দিয়ক মহাৰাজ, আমি তুৰন্তে কোশল ৰজাক বন্দী কৰোঁ।' তেতিয়া কাশীৰাজে তেওঁৰ সৈন্যসকলক এই কার্যত লিপ্ত নহ'বলৈ বাধা দি ক'লে- 'সঁচাকৈয়ে যদি তেওঁলোকে ৰাজ্য আক্ৰমণ কৰিব খুজিছে কৰক, মোৰ কোনো আপত্তি নাই। কিন্তু তোমালোকে যাতে কাৰো অন্যায় নকৰা এয়াই মোৰ চিৰকাম্য।' ইতিমধ্যে কোশল ৰাজ্যৰ ৰজাই ৰাজ্যৰ সীমা অতিক্ৰম কৰি ৰাজ্যত প্ৰৱেশ কৰিলে। তাতো কোনো বাধা নাপাই ৰাজধানীত উপনীত হ'লগৈ। কাশীৰজাৰ মহাযোদ্ধা বীৰসকলে কোশল ৰাজ্যৰ ৰজাক বন্দী কৰিবৰ বাবে পুনৰ আজ্ঞা বিচাৰিলে। তথাপি কাশীৰাজৰ মন বিচলিত নহ'ল। তেওঁ বীৰসকলৰ কথা আওকাণ কৰিলে। বৰং তেওঁ ৰাজদুৱাৰ খুলি দি আনন্দমনে সিংহাসনত বহি থাকিল। কোশল ৰজাই সৈন্য-সামন্তৰে সৈতে ৰাজসভাত প্ৰৱেশ কৰি কাশীৰাজ আৰু তেওঁৰ সৈন্যসকলক বন্দী কৰিলে। লগতে কোশলৰাজে আটাইকে পিঠীয়া-পিঠিকৈ বান্ধি শ্মশানৰ গাঁতবোৰত পুতি থ'বলৈ নির্দেশ দিলে। যাতে ৰাতি হ'লে শিয়াল-কুকুৰে আহি তেওঁলোকক খাই পেলায়। কোশল ৰজাৰ অনুচৰবোৰে ৰজাৰ হুকুম মতেই কাশীৰাজ আৰু সকলো লোককে পিঠীয়া-পিঠিকৈ বান্ধি শ্মশানৰ গাঁতত দেহৰ আধালৈকে পুতি ৰাখিলে। ইমান যমৰ যাতনা ভোগ কৰিও কাশীৰাজ অচল-অটল হৈ কোশল ৰজাৰ বিৰুদ্ধে অকণো খং ভাব নেদেখুৱালে। কেৱল তেওঁ সৈন্যসকলক ক'লে- 'বন্ধুসকল, হৃদয়ত মৈত্রী স্থাপন কৰা। আন কোনো অহং মনোভাৱে যাতে হৃদয়ত স্থান পাব নোৱাৰে।' মাজনিশা এজাক শিয়াল নৰমাংসৰ লোভত শ্মশানৰ গাঁতবোৰৰ ওচৰত উপস্থিত হ'ল। শিয়ালবোৰক দেখি কাশীৰাজ আৰু সৈন্যসকলে আতংকত চিঞৰি উঠিল। তেতিয়া শিয়ালবোৰ ভয় খাই পলাই গ'ল। কিন্তু কিছুদূৰ গৈয়ে শিয়ালবোৰে কোনো বিপদৰ আশঙ্কা নেদেখি আকৌ শ্মশানলৈ উভতি আহিল। আগৰ দৰেই ৰজা আৰু সৈন্যবোৰে সজোৰে চিঞৰি উঠিল। সেইবাৰো ভয় খাই শিয়ালবোৰ পলাই গুচি গ'ল। এইদৰে বাৰে বাৰে পলাই গৈ শিয়ালবোৰে বুজি পালে যে এই মানুহবোৰে সিহঁতক একো কৰিব নোৱাৰে আৰু সিহঁতে এইবাৰ নিৰ্ভয়ে আগবাঢ়িল। দলৰ মুখ্য শিয়ালটো ৰজাক বধ কৰিবলৈ গ'ল। উপায়বিহীন হৈ কাশীৰজাই শিয়ালক সন্মুখত দেখি ডিঙি পাতি দিলে। কিন্তু যেতিয়া শিয়ালে ৰজাক কামুৰিবলৈ মুখখন আগবঢ়াই দিলে তেতিয়া ৰজাই সজোৰে শিয়ালৰ ডিঙিত কামুৰি ধৰিলে। শিয়ালে মৃত্যুযন্ত্রণাত চট্ফটাবলৈ ধৰিলে আৰু বিকট চিঞৰ মাৰিলে। সেই চিঞৰ শুনি সকলোৱে পলাই পত্রং মাৰিলে। কাশীৰাজে শিয়ালটোক এনেদৰে কামুৰি ধৰিছিল যে তাৰ দদপনিত ৰজাৰ গাৰ চাৰিওকাষৰ মাটিবোৰ ছিটিকি দূৰত পৰিল। সেই কাণ্ড দেখি ৰজাই শিয়ালক এৰি দি সজোৰে নিজৰ শৰীৰেৰে বগুৱা বাই প্রথমে হাত দুখন মাটিৰ ওপৰলৈ উলিয়াই গাঁতৰ পৰা ওলাই আহিল। তাৰ পিছত সকলো সৈন্যক এইদৰে গাঁতৰ পৰা উলিয়ালে। এই শ্মশানতে অনেক নৰখাদক যক্ষ আছিল। প্রত্যেক যক্ষ শ্মশানৰ একোটি অংশৰ অংশীদাৰ আছিল। যাৰ অংশতে শৱ পৰে, সেই শৱ সেইজনেই ভক্ষণ কৰিব পাৰে। সেইদিনা এটা শৱ দুজন যক্ষৰ মাটিৰ সীমাতে থকাত সেই শৱ কোনজনৰ ভাগত পৰিব সিহঁতে স্থিৰ কৰিব নোৱাৰি দুইজন যক্ষই কাশীৰজাৰ ওচৰলৈ গ'ল আৰু কাশীৰাজক সেই শৱ ভাগ কৰি দিবলৈ অনুৰোধ জনালে। স কাশীৰাজে ক'লে- 'ঠিক আছে শৱ ভাগ কৰি দিম। কিন্তু মই অশুচি আৰু বৰ ক্ষুধাতুৰ। সেয়ে আগতে মোক স্নান কৰি কিছু আহাৰ খাবলৈ দে।' তেতিয়া দুয়োজন যক্ষই ৰাজপ্রাসাদলৈ নি ৰজাক সুগন্ধি পানীৰে স্নান কৰিবলৈ দিলে। লগতে দিব্য-বস্ত্ৰ আৰু নানা ৰত্নখচিত অলঙ্কাৰেৰে সজ্জিত কৰি তুলিলে। তাৰ পিছত পঞ্চামৃত ভোজন কৰিবলৈ দি যক্ষই ক'লে- 'আপোনাৰ বাবে আৰু কি কৰি দিব লাগিব কওক।' কাশীৰাজে ক'লে- 'কোশল ৰজাৰ ৰাজপ্রাসাদৰ ভিতৰত মোৰ তৰোৱালখন আছে, সেইখন মোক আনি দে।' তৎক্ষণাৎ যক্ষই তৰোৱালখন আনি দিলে। সেই তৰোৱালেৰে কাশীৰাজে শৱটোৰ মূৰটো দুভাগ কৰি যক্ষ দুজনক খাবলৈ দি ক'লে-'তহঁতে মোক কোশল ৰজাৰ শয়ন কক্ষত থৈ আহিব লাগিব।' কাশীৰাজৰ কথা মতেই যক্ষই তেওঁক কোশল ৰজাৰ শয়ন কক্ষত থৈ আহিলগৈ। কোশল ৰজা সেই সময়ত গভীৰ টোপনিত নিমগ্ন হৈ আছিল। কাশীৰাজে লাহেকৈ কোশল ৰজাৰ পেটত তৰোৱালেৰে আঘাত কৰিলে। লগে লগে কোশল ৰজাই সাৰ পাই উঠিল। চাকিৰ পোহৰত গভীৰ নিশা তেনে ৰূপত কাশীৰাজক দেখা পাই কোশলৰাজ আচৰিত হ'ল। চাৰিওফালে সশস্ত্ৰ প্ৰহাৰী! কক্ষৰ দুৱাৰ বন্ধ! অথচ আপুনি হাতত তৰোৱাল লৈ ইয়ালৈ আহিল কেনেকৈ? কাশীৰাজে সম্পূৰ্ণ ঘটনা কোশলৰজাক বিৱৰি ক'লে। এই ঘটনা শুনি কোশলৰজাৰ মনত চেতনা জাগিলে। তেওঁ অনুতপ্ত হৈ ক'লে- 'নিষ্ঠুৰ ৰাক্ষসেও আপোনাৰ মাহাত্ম্য বুজি পাই আপোনাকে সেৱা কৰি ধন্য হ'ল। অথচ মই মানুহ হৈও আপোনাৰ প্ৰতি এনে আচৰণ কৰিছোঁ।' কোশল ৰজাই নানা কাকুতি-মিনতি কৰি কাশীৰাজক সেই ৰাজশয্যাত শুবলৈ দিলে আৰু নিজে এখন সামান্য শয্যাত শুই ৰাতিটো পাৰ কৰিলে। পুৱা কোশল ৰজাই সৈন্য-সামন্ত, ব্রাহ্মণ, গুৰু, ৰজা-প্রজা সকলোকে সমৱেত কৰি কাশীৰাজৰ মাহাত্ম্য প্ৰকাশ কৰি পুনৰ তেওঁক ক্ষমা বিচাৰি ক'লে- 'মহাৰাজ আজিৰ পৰা এই ৰাজ্যৰ ভাৰো আপোনাৰ ওপৰত অর্পণ কৰিলোঁ।' কাশীৰাজে আনন্দিত হৈ কোশল ৰজাৰ সৈতে বন্ধুত্ব স্থাপন কৰি তেওঁৰ ৰাজ্য ঘূৰাই দি নিজ ৰাজ্যলৈ উভতি গ'ল।