কপৌ আৰু পৰুৱা গৰমৰ দিনত পৰুৱা এটাই এদিন পিয়াহঁত আতুৰ হৈ নিজৰাৰ পানী বিচাৰি ফুৰিছিল। পিচে পানী খাবলৈ লওঁতেই সি পানীত পৰি গ’ল। ওচৰৰে এজোপা গছৰ ডালত এটা কপৌ চৰাই বহি আছিল। কপৌৱে পৰুৱাটোক পানীত পৰি ককবকাই থকা দেখা পালে। কপৌটোৱে লগে লগে গছৰ পাত এটা ছিঙি পানীলৈ পেলাই দিলে। পৰুৱাটোৱে বগাই পাতটোৰ ওপৰত উঠি ললে। সি পাতটোৰে সৈতে পানীৰ সোঁতত উটি আহি পাৰ পালে । তাৰ জীৱন ৰক্ষা কৰাৰ বাবে পৰুৱাটো কপৌৰ ওচৰত বৰ কৃতজ্ঞ হ’ল। পৰুৱাই কপৌক আগলৈ সহায় কৰিব বুলি কথা দিলে । কিছুদিন পাচত এদিন ৰাতিপুৱা কপৌটো গছৰ ডালত বহি আছিল । পৰুৱাটো ওচৰতে মাটিত আছিল। তেনেতে সি দেখিলে যে এটা চিকাৰীয়ে কপৌলৈ কাঁড় মাৰিব খুজিছে। পৰুৱাই চকুৰ পলকতে আহি চিকাৰীৰ ভৰিত কামুৰি দিলে। চিকাৰীয়ে বিষত তত নাপাই কাঁড় মাৰিলে যদিও কপৌৰ গাত নালাগিলগৈ । পৰুৱাৰ সহায়তে কপৌ ৰক্ষা পৰিল। “সদায় পৰোপকাৰী হ’ব লাগে।” অনুশীলনী ১. উত্তৰ লিখাঁ। (ক) কোনে পিয়াহত পানী বিচাৰি ফুৰিছিল? (খ) কপৌ চৰাইটো ক’ত বহি আছিল? (গ) কোনে পৰুৱাটোৰ জীৱন ৰক্ষা কৰিলে? (ঘ) চিকাৰীটোৰ ভৰিত কোনে কামুৰিছিল? (ঙ) কোনে কপৌটোৰ জীৱন ৰক্ষা কৰিলে? ২. খালী ঠাই পূৰ কৰাঁ। (ক) গৰমৰ দিনত পৰুৱা এটাই এদিন পিয়াহঁত আতুৰ হৈ ------------------------ ফুৰিছিল । (খ) ওচৰৰে এজোপা গছৰ ডালত এটা ----------------------- বহি আছিল। (গ) কপৌৱে পৰুৱাটোক ------------------------ ককবকাই থকা দেখা পালে। (ঘ) এটা চিকাৰীয়ে ---------------- কাঁড় মাৰিব খুজিছে। (ঙ) পৰুৱাই চকুৰ পলকতে আহি ---------------- ভৰিত কামুৰি দিলে। ৩. সঁচা নে মিছা বিচাৰ কৰাঁ। (ক) পানী খাবলৈ লওঁতে পৰুৱাটো পানীত পৰি গ’ল। (সঁচা/মিছা) (খ) ওচৰৰে এজোপা গছৰ ডালত এটা কপৌ চৰাই বহি আছিল। (সঁচা/মিছা) (গ) কপৌৱে পৰুৱাটোক পানীত পৰি ককবকাই থকা দেখা নাপালে। (সঁচা/মিছা) (ঘ) পৰুৱাই কপৌক আগলৈ সহায় কৰিব বুলি কথা দিয়া নাছিল। (সঁচা/মিছা) (ঙ) পৰুৱাই চিকাৰীটোৰ ভৰিত কামুৰি দিছিল। (সঁচা/মিছা)