চাৰি ব্ৰাহ্মণ সখা চাৰিজন নলে-গলে লগা ব্রাহ্মণ বন্ধু এখন নগৰত বাস কৰিছিল। তেওঁলোক চাৰিওজনে একেলগে একেজন গুৰুৰ ওচৰত শিক্ষা গ্রহণ কৰিছিল। তেওঁলোক চাৰিওজনে প্ৰাৰম্ভিক শিক্ষা শেষ কৰি উঠি উচ্চ শিক্ষাৰ বাবে আন ঠাইলৈ যাবলৈ ইচ্ছা প্রকাশ কৰিলে। অৱশেষত চাৰি বন্ধুৱে আলোচনা কৰি উচ্চ শিক্ষাৰ বাবে কনৌজলৈ যাবলৈ বুলি ঠিক কৰিলে। যেনে কথা তেনে কাম। তেওঁলোকে চাৰিওজনে কনৌজলৈ গৈ শিক্ষাগ্রহণ আৰম্ভ কৰিলে। দিন-ৰাতি কষ্ট কৰি অৱশেষত আটায়ে ঠিক সময়তে শিক্ষা সমাপ্ত কৰিলে। শিক্ষা সমাপ্ত কৰি কনৌজৰ পৰা ব্রাহ্মণ যুৱক চাৰিজন নিজৰ নগৰলৈ উভতি অহাৰ সময়ত তেওঁলোক প্রত্যেককে শিক্ষাগুৰুৱে একোখনকৈ ধার্মিক কিতাপ উপহাৰ হিচাপে দি ক'লে, 'হে মোৰ প্রিয় শিষ্যসকল, যেতিয়াই তোমালোকে কিবা অসুবিধা অনুভৱ কৰা নাইবা যদি কোনো সমস্যাৰ উপযুক্ত সমাধান বিচাৰি নোপোৱা তেনেহ'লে এই কিতাপখন পঢ়িবা। ইয়াত তোমালোকে সকলো সমস্যাৰ সমাধান পাবা।' ব্রাহ্মণ যুৱক চাৰিজন উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ল যদিও তেওঁলোকে কিন্তু ডাকৰ বচনসমূহক সদায় মানি চলিছিল। তাৰ পাছত যুৱক চাৰিজনে গুৰুৰ ওচৰৰ পৰা বিদায় লৈ নিজৰ নগৰলৈ বুলি ৰাওনা হ'ল। আহি থাকোঁতে তেওঁলোকে ৰাস্তাত এজন মৰা মানুহ পৰি থকা দেখিবলৈ পালে। তেওঁলোকে খবৰ কৰি গম পালে সেই মৃতক গৰাকী এজন মহাজন। মানুহবোৰে শৱদেহটো শ্মশানলৈ নিবৰ বাবে যো-জা চলাইছিল। সেই শৱদেহটো দেখি যুৱক চাৰিওজন চিন্তাত পৰিল। তেতিয়াই তেওঁলোকৰ শিক্ষাগুৰুৱে তেওঁলোকক দিয়া কিতাপলৈ তেওঁলোকৰ মনত পৰিল। এজন যুৱকে তৎক্ষণাত তেওঁৰ বেগৰ পৰা নিজৰ কিতাপখন উলিয়াই পঢ়িলে আৰু ক'লে যে, 'মোৰ কিতাপত লিখা আছে আমি মহান ব্যক্তিসকলক অনুসৰণ কৰা উচিত। সেয়ে আমিও এই শৱযাত্রাত অংশগ্ৰহণ কৰিব লাগিব।' তাৰ পাছত ব্রাহ্মণ যুৱক চাৰিজনেও আন আন মানুহৰ লগত শৱযাত্রাত অংশ লৈ শ্মশানলৈ বুলি ৰাওনা হ'ল। কিছুদূৰ যোৱাৰ পাছত আটায়ে গৈ শ্মশানত উপস্থিত হ'ল। শ্মশানত শৱদেহটো মাটিত থৈ মৃতকৰ ক্ৰিয়াকর্ম কৰি থকা সময়ত সেই যুৱক চাৰিজন কিছু বিমোৰত পৰিল। কিছু সময় তেওঁলোকে এনেয়ে বহি থাকিল। হঠাৎ আন এজন বন্ধুরে তেওঁৰ বেগৰ পৰা ধৰ্মপুথিখন উলিয়াই ল'লে আৰু বাকীকেইজন বন্ধুক শুনাই পঢ়িবলৈ ধৰিলে, 'ৰজাৰ দৰবাৰতে হওক নাইবা শ্মশানতে হওক বিপদত অচিনাকীজনৰ লগতো সদায় বন্ধুত্বপূর্ণ ভাবেৰে সহায়ৰ হাত আগবঢ়াব লাগে।' লগে লগে চাৰিও বন্ধুৱে কিতাপত দিয়া উপদেশ পালন কৰাৰ মানসেৰে ইফালে-সিফালে চাবলৈ ধৰিলে। কিন্তু ইতিমধ্যে মৃতদেহৰ অন্তিম সংস্কাৰ সম্পন্ন কৰি মানুহবোৰ উভতি গৈছিল। হঠাৎ শ্মশানত তেওঁলোকে গাধ এটা ঘূৰি ফুৰা দেখিবলৈ পালে। যুৱক চাৰিজনে গাধটোৰ ওচৰলৈ গৈ তাক সাবটি ধৰি গালে-মুখে চুমা খাই মৰম কৰিবলৈ ধৰিলে। তাৰ পাছত গাধটোকো তেওঁলোকে নিজৰ লগতে লৈ আহিল। গাধটোক লৈ গৈ থাকোঁতে তেওঁলোকৰ সন্মুখেৰে উট এটা খুব জোৰেৰে পাৰ হৈ গ'ল। ব্রাহ্মণ যুৱক চাৰিজনে আগতে উট দেখা নাছিল। সেয়েহে তেওঁলোকে উটটোক দেখি কিছু অসুবিধাত পৰিছিল। কিছুসময় আলোচনা কৰাৰ পাছত তৃতীয় যুৱকজনে তেওঁৰ বেগৰ পৰা ধৰ্মপুথিখন উলিয়াই লৈ পঢ়িলে। পঢ়ি উঠি তেওঁ বাকীকেইজন বন্ধুক ক'লে, 'ধর্ম হেনো খুব বেগাই যায়।' যিহেতু এই জন্তুটো ইমান বেগাই গৈছে, ই নিশ্চয় ধর্মই হ'ব। এই ধর্মক লগ পালে আমাৰ এই গাধটোও পৱিত্ৰ হৈ যাব। গতিকে, আমি ইহঁত দুয়োকে লগ লগাই দিওঁ।' তেওঁলোকে উটৰ নেজৰ লগত গাধৰ নেজডাল বান্ধি দিলে। উটটোৱে গাধটোক টানি নিওঁতে গাধই বৰ কষ্ট পালে আৰু চিঞৰিবলৈ ধৰিলে। গাধৰ চিঞৰ শুনি গাধটোৰ মালিকজনে কিছুমান পালোৱানক লগত লৈ তালৈ আহিল। মালিকজনক অহা দেখা পাই ব্রাহ্মণ যুৱক চাৰিজন তাৰপৰা পলাই পত্ৰং দিলে। তেওঁলোকে পলাই গৈ এখন নদী পালে। নদীখন কেনেকৈ পাৰ হ'ব-এতিয়া তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিল। তেতিয়াই তেওঁলোকে দেখা পালে যে পলাশৰ পাত এটা সেই নদীৰ পানীত উটি গৈ আছে। তেতিয়াই এজন যুৱকে পাতটোৰ পিনে আঙুলিয়াই আনকেইজনক ক'লে, মোৰ কিতাপত লিখা আছে যে 'পানীত ডুবিব ধৰা মানুহৰ বাবে খেৰ এডালো হেনো সহায় হয়।' কথাখিনি কৈয়ে যুৱকজনে নদীত জাঁপ মাৰি দিলে। নদীত সাঁতুৰিব নজনা যুৱকজনে সেই পাতটোক ধৰিবলৈ আহোপুৰুষাৰ্থ কৰিলে যদিও একো ফল নধৰিলে। লাহে লাহে যুৱকজন পানীত ডুবিবলৈ ধৰা দেখি তেওঁক বচোৱাৰ উদ্দেশ্যে আন এজন বন্ধুরে দিলে পানীত জাঁপ মাৰি। পানীত পৰা মাত্রকে তেওঁৰ নিজৰ কিতাপত লিখা কথা এটালৈ মনত পৰিল। তেওঁৰ কিতাপত লিখা আছিল যে, 'যদি কোনো বস্তু সম্পূৰ্ণকৈ নিজৰ আয়ত্তলৈ আনিব নোৱাৰা তেনেহ'লে তাৰ মূৰটোকে আয়ত্ত কৰিবলৈ যত্ন কৰিবা।' কথাষাৰ মনলৈ অহা মাত্রকে তেওঁ নিজৰ বন্ধুৰ মূৰটো কাটি পাৰলৈ উঠি আহিল। ফলত তেওঁলোকৰ এজন বন্ধুৰ মৃত্যু ঘটিল। তাৰ পাছত বাকী তিনি বন্ধুৱে গৈ গৈ এখন গাঁও পালে। ব্রাহ্মণ যুৱক তিনিজনক গাঁৱখনত দেখা পাই গাঁওবাসীৰ মনত বৰ আনন্দ লাগিল। তেওঁলোকৰ সন্মানার্থে গাঁৱৰ তিনিঘৰ মানুহে এজন এজনক দুপৰীয়াৰ আহাৰ গ্রহণ কৰিবলৈ নিমন্ত্ৰণ কৰিলে। প্রথম যুৱকজন যাৰ ঘৰলৈ গৈছিল তেওঁলোকে যুৱকজনক পোেন প্রথমে চেৱাই খাবলৈ দিলে। পাতলীয়া আৰু দীঘল চেৱাইবোৰ দেখা মাত্রকে ব্রাহ্মণ যুৱকজনে ভাবিলে, 'মোৰ ধর্মপুথিখনত লিখা আছে যে, পাতল আৰু দীঘলীয়া বস্তুবোৰ সহজতে নষ্ট হৈ যায়। যদিহে এই খাদ্য মই গ্রহণ কৰোঁ তেনেহ'লে ময়ো সোনকালে নষ্ট হৈ যাম।' কথাষাৰ মনত পৰাত প্ৰথম যুৱকজনে সেয়া গ্ৰহণ নকৰিলে। দ্বিতীয় যুৱকজন যাৰ ঘৰলৈ গৈছিল তেওঁলোকে সেই ব্রাহ্মণ যুৱকজনক প্রথমে ৰুটী খাবলৈ দিলে। ৰুটী দেখা মাত্রকে তেওঁ তৎক্ষণাত নিজৰ লগত থকা ধৰ্মপুথিখন উলিয়াই ল'লে। তাত লিখা আছিল যে, গোল আৰু চেপেটা বস্তু সোনকালে ভাঙি যায়। কথাষাৰ পঢ়ি উঠি তেওঁ ভাবিবলৈ ধৰিলে, 'যদিহে মই এই গোল আৰু চেপেটা আহাৰখিনি গ্রহণ কৰোঁ তেন্তে মোৰ শৰীৰ ভাঙি পৰিব আৰু অতি সোনকালে মোৰ মৃত্যু ঘটিব। নাই, মই কোনো বিপদ মাতি নলওঁ।' সেইবুলি তেৱোঁ খাদ্যবস্তু গ্ৰহণ নকৰিলে। এইবাৰ তৃতীয় যুৱকজনৰ পাল পৰিল। তৃতীয়জন যুৱক যিজন গাঁওবাসীৰ ঘৰলৈ গৈছিল, তেওঁলোকে তেওঁক প্রথমে দালিৰে বনোৱা বড় খাবলৈ দিলে। সেই বড়বোৰত কিছুমান সৰু সৰু ছিদ্র আছিল। 'ছিদ্রই সমস্যাৰ জন্ম দিয়ে'- তেওঁৰ ধৰ্মপুথিখনত লিখা থকা এই কথাষাৰ মনত পৰাত তৃতীয় যুৱকজনেও আহাৰ গ্ৰহণ নকৰিলে। অৱশেষত তিনি বন্ধু লঘোণে থাকিল। উৎস- পঞ্চতন্ত্ৰৰ সাধু