বীৰবলৰ খিচিৰি মোগল সম্রাট আকবৰ এসময়ত ভাৰতবৰ্ষৰ এক বিশাল সাম্ৰাজ্যৰ অধিপতি আছিল। তেওঁ-বিশেষ মন্ত্রী আছিল আৰু তেওঁলোকৰ ভিতৰত বীৰবল সম্ৰাটৰ অতি প্রিয় আছিল। এদিন বীৰবল আনসকল মন্ত্ৰীৰ সৈতে প্রাসাদৰ উদ্যানত ঘূৰি ফুৰোঁতে মহামতি আকবৰে মাজতে মন্ত্রীসকলক ক'লে-“মানুহে বেয়া কাম কৰিও ধনী হ'বলৈ বিচাৰে।” মন্ত্ৰীগণে কথাষাৰৰ অৰ্থ বুজিব নোৱাৰি ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৰিলে। ৰসিক বীৰবলে তাৰ মাজতে মাত লগালে, "কোনোৱে আকৌ বহুত কষ্ট কৰিহে ধনী হ'বলৈ বিচাৰে।" আকবৰে এই কথাত মান্তি হ'বলৈ টান পালে। তেওঁ হাত এখন উদ্যানৰ হ্ৰদৰ পানীত ভৰাই তৎক্ষণাৎ উলিয়াই আনি ক'লে, "এই পুহমহীয়া ঠেটুৱৈ ধৰা ৰাতি কোনোবাই একঁকাল পানীত থিয় হৈ কটাব পাৰে, তেন্তে মই পাঁচ হাজাৰ টকা পুৰস্কাৰ দিম।” বাকী মন্ত্রীসকলে হাঁহিবলৈ ধৰিলে। তাৰে এজনে ক'লে, "ক'বলৈ ভাল কিন্তু তেনে এজন বীৰবলে মনৰ মাজতহে পাব।” বীৰবলে তেনে এজন মানুহৰ সন্ধানত ৰজাৰ আজ্ঞা লৈ দিল্লীলৈ প্রস্থান কৰিলে। কেইদিনমান অতি দৰিদ্ৰ মাছমৰীয়া এজনক লৈ বীৰবল ৰাজসভাত উপস্থিত হ'ল। মানুহজনলৈ চাই সম্রাটে সুধিলে জাৰত গোটেই ৰাতি একঁকাল পানীত কটাবলৈ তুমি সাজুনে?” মানুহজন সম্মত হ'ল আৰু গোটেই ৰাতিটো একঁকাল পানীত ৰাজপ্ৰহৰীৰ পহৰাৰ মাজত কটালে। তাৰ পিচদিনা মাছমৰীয়াজনক সম্রাটৰ আগত হাজিৰা কৰোৱা হ'ল। মাছমৰীয়াজন জীয়াই থকা দেখা পাই সভাসদসকল আচৰিত হ'ল। আকবৰে সুধিলে, "এককাল পানীত গোটেই ৰাতিটো কেনেকৈ কটালা?" "মহাৰাজ, মই কেতিয়াও পানীৰপৰা উঠি অহা নাই। আপোনাৰ প্ৰহৰীকে সোধক কথাটো-সঁচানে মিছা।" "তেন্তে তুমিনো কেনেকৈ..." সম্রাটৰ কথাষাৰ অন্ত নহ'ল, "মহাৰাজ ৰাজপ্রাসাদৰ খিৰিকীৰে অহা পোহৰটোকে চাই মই গোটেই ৰাতি কটাই দিলোঁ”- মাছমৰীয়াই ক'লে। তেতিয়া সম্রাটে ক'লে, "অ' তাৰমানে তুমি সেই পোহৰৰপৰা কিছু তাপ পাইছিলা। গতিকে তুমি কোনো পুৰস্কাৰৰ পাত্ৰ নোহোৱা।" দুখীয়া মাছমৰীয়াজন সুদাহাতে উলটিল। তাৰ পিচদিনা ৰাজপ্রাসাদত বীৰবলৰ বাহিৰে সকলো মন্ত্রী উপস্থিত। আকবৰে বীৰবলৰ অনুপস্থিতিৰ কথা সভাসদসকলক সুধিলে। সভাসদসকল নিমাত। কাৰো মুখত মাত নাই। মাথোন ইজনে সিজনলৈ চাইছে। দুই-তিনি ঘণ্টা পাৰ হৈ গ'লত সম্রাটে ধৈর্য হেৰুৱাই নিজেই ঘোঁৰা চেঁকুৰাই বীৰবলৰ ঘৰ ওলালগৈ। নিলগৰপৰা দেখিলে-সৌৱা বীৰবল, কি কৰিছে বাৰু। দহ হাতমান দীঘল তিনিডাল খুঁটিৰ ওপৰত এটা পাত্ৰ আৰু তাৰ তলতে সৰুকৈ একুৰা জুই। ওচৰ পালত আকবৰে মাত দিলে- "কি কৰিছা বীৰবল?" "ক্ষমা কৰিব জাহাপনা, খিচিৰি ৰান্ধিছোঁ।" "তুমি বলিয়া হোৱা নাইতো, ইমান ওপৰত পাত্ৰ আৰু তলত সৰুকৈ একুৰা জুই?" তেতিয়া বীৰবলে ক'বলৈ ধৰিলে-“ৰাজপ্রাসাদৰ খিৰিকীৰে অহা পোহৰ এটাই যদি একঁকাল পানীত ডুব গৈ থকা এজন মানুহক তাপ দিব পাৰে, তেন্তে মোৰ এই সৰু জুইকুৰাই খিচিৰিখিনি সিজাব নোৱাৰিব কিয়?” সম্রাটে বীৰবলৰ কথাৰ অৰ্থ বুজি পালে আৰু সেই মাছমৰীয়াজনক মতাই আনি পুৰস্কাৰ দিলে লগতে বীৰবলৰ বুদ্ধিৰো শলাগ ল'লে।