বোধিসত্ত্ব আৰু মৰুভূমি পুৰণি কালত বাৰাণসী নগৰত ব্ৰহ্মদত্ত নামেৰে এজন ৰজা আছিল। ৰজা ব্ৰহ্মদত্তৰ ৰাজত্ব কালতে বোধিসত্ত্বই এজন সদাগৰৰ ঘৰত জন্মগ্রহণ কৰিছিল। বোধিসত্ত্ব ডাঙৰ হৈ যেতিয়া নিজৰ ভৰিত নিজে থিয় দিব পৰা হ'ল, তেতিয়া তেওঁ পাঁচশ গৰুৰ গাড়ী লৈ বিভিন্ন ঠাইত ব্যৱসায় কৰি ঘূৰি ফুৰিছিল। এনেদৰে ঘূৰি ফুৰোঁতে বোধিসত্ত্বই এবাৰ এখন বিশাল মৰুভূমিৰ মাজত গৈ সোমাল। সেই মৰুভূমিৰ বালিবোৰ ইমান মিহি আছিল যে সেই বালি মুঠি মাৰি ধৰি ৰাখিব খুজিলে আঙুলিৰ ফাঁকেৰে সৰকি ওলাই গৈছিল। পূব আকাশত সূৰুষে দেখা দিয়াৰ লগে লগে মৰুভূমিৰ বালিবোৰ ধীৰে ধীৰে উত্তপ্ত হৈ পৰে আৰু অলপ সময়ৰ পিছতে সেই ঠাইখণ্ড পকা অঙঠাৰ দৰে হৈ পৰে। তেতিয়া কাৰ সাধ্য সেই মৰুভূমিৰ ওপৰেদি কোনোবাই যাতায়াত কৰিব পাৰে? এই বিশাল মৰুভূমি কোনোব পথিকে অতিক্ৰম কৰিব লগা হ'লে নিশাৰ ভাগতহে অতিক্ৰম কৰিছিল। দিনত পথিকসকলে বিশ্রাম লয়। তেওঁলোকে লগত পানী, চাউল, দালি, খৰি আদি সকলো বস্তু লৈ যায়। যেতিয়া পূবত বেলিয়ে ভুমুকি মাৰে তেতিয়া তেওঁলোকে গাড়ীৰ পৰা বলদবোৰ খুলি দিয়ে। গাড়ীবোৰ বৃত্তৰ দৰে ৰাখি সেই বৃত্তৰ মাজত পথিকসকলে তম্বু আদি তঁৰি লয় আৰু পুৱাতে আহাৰ আদি খাই দিনটো তম্বুৰ তলত থাকি বিশ্রাম কৰে। পুনৰ সন্ধ্যা বেলি বুৰাৰ লগে লগে আহাৰ আদি খাই আঁতাই যাত্ৰা আৰম্ভ কৰে। সাগৰত নাৱিকসকলে যেনেদৰে জাহাজ গৈ থাকোঁতে আকাশৰ তৰা চাই দিশ নিৰ্ণয় কৰে, এই মৰুভূমিৰ মাজতো পথিকসকলে নক্ষত্র চাই পথ নিৰ্ধাৰণ কৰিব লগা হয়। তেওঁলোকৰ লগত এজন পথ-প্রদর্শকো থাকে? তেৱেঁই পথ দেখুৱাই পথিকসকলক আগবঢ়াই নিয়ে। বোধিসত্ত্বই যিদিনা সেই বিশাল মৰুভূমিৰ ঊনষাঠি যোজন অতিক্রম কৰি গ'ল, সেইদিনা তেওঁ এক আনুমানিক হিচাপ কৰি দেখে যে কেৱল সেই নিশাটো যাত্রা কৰিলেই তেওঁলোক মৰুভূমিৰ বাহিৰ হ'ব পাৰিব। সেই কাৰণে বোধিসত্ত্বই সন্ধ্যাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত দলৰ আটাইকে অতিৰিক্ত পানী, কাঠ-খৰি প্ৰভৃতি অনেক দ্রব্য পেলাই দিবলৈ ক'লে। কাৰণ মৰুভূমি অতিক্ৰম কৰাৰ পিছতে সেইবোৰ পৰ্যাপ্ত পৰিমাণে পোৱা যাব। এতেকে সেইবোৰ এনেয়ে ভাৰ বহন কৰাৰ নো কি আৱশ্যক! বোধিসত্ত্বৰ নিৰ্দেশ মতে দলৰ আটায়ে অন্যাৱশ্যক বুলি ভাবি বোজাবোৰ কমাই যাত্ৰা আৰম্ভ কৰিলে। দলটোত যিখন গাড়ী আটাইতকৈ আগত আছিল, সেইখন গাড়ীতে পথ-প্রদর্শকজন আছিল আৰু কোনফালে আগবাঢ়ি যাব লাগিব তেওঁ আকাশৰ তৰা চাই চাই নির্দেশ দি গৈছিল। পথ-প্রদর্শকজন বহুদিন ধৰি ভালদৰে শুব পৰা নাছিল অর্থাৎ তেওঁৰ কেইবাদিনো ধৰি একে লেঠাৰিয়ে টোপনি ক্ষতি হৈছিল। সেই কাৰণে তেওঁ অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছতে টোপনিত লালকাল হৈ গাড়ীত শুই পৰিল। পথত গৰুবোৰে নিজ ইচ্ছাৰে যেনি-তেনি যাবলৈ ধৰিলে। কিন্তু গোটেইবোৰ গাড়ী ঘূৰাই পুনৰ শাৰীবদ্ধ কৰি আগবাঢ়িবলৈ যো-জা কৰোঁতেই পূব আকাশত সূর্যই দেখা দিলে। তেতিয়াহে আটায়ে লক্ষ্য কৰি দেখে যে সন্ধ্যা সময়ত তেওঁলোক যি ঠাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল, পুনৰ আহি সেই ঠাইত উপস্থিত হৈছেহি। আটায়ে হাহাকাৰ কৰিবলৈ ধৰিলে। কাৰণ তেওঁলোকে পর্যাপ্ত পৰিমাণে পানী, খৰি আদি নষ্ট কৰি থৈ গৈছিল। এতিয়া তেওঁলোকে কেনেদৰে জীৱন ধাৰণ কৰিব, ইয়াকে ভাবি আটায়ে হতাশ হৈ পৰিল আৰু গাড়ীৰ পৰা বলদবোৰ খুলি দি গাড়ীবোৰৰ তলে তলে প্রত্যেকেই শুই পৰিল। বোধিসত্ত্বই ভাবিলে- 'মই যদি নিশ্চেষ্ট হৈ বহি থাকোঁ, তেন্তে ইহঁতৰ কোনোৱেই বাচি নাথাকিব। এই পুৱাৰ সময়ত মৰুভূমি উত্তপ্ত হৈ পৰাৰ পূৰ্বেই এবাৰ চাৰিওফালে চাই আহোঁ; জানোছা কৰবাত পানীৰ সন্ধান পাওঁৱেই।' অৱশেষত বোধিসত্ত্বই পানী বিচাৰি আগবাঢ়ি যাওঁতে এঠাইত তেওঁ এজোপা কুশ বন দেখা পালে। মৰুভূমিৰ মাজত এনেদৰে কুশ বন গজি থকা দেখি তেওঁ নিশ্চিত হ'ল যে সেই ঠাইৰ তলত নিশ্চয় পানী আছে। তেওঁ ততালিকে অনুচৰবৰ্গক সেই ঠাইখণ্ড খান্দিবলৈ নির্দেশ দিলে। বোধিসত্ত্বৰ নিৰ্দেশ মানি আটায়ে উৎসাহেৰে সেই ঠাইখণ্ড কোৰেৰে খান্দিবলৈ আৰম্ভ কৰিলে। কিন্তু ষাঠি হাতমান খন্দাৰ পিছতো যেতিয়া পানী পোৱা নগ'ল, তেতিয়া আটায়েই হতাশ হৈ পৰিল। পানীৰ পৰিৱৰ্তে যাঠিহাতৰ তলত প্রকাণ্ড শিলহে পোৱা গ'ল আৰু তললৈ খান্দিব নোৱাৰি আটায়ে সেই ঠাইৰ পৰা আঁতৰি আহিল। কিন্তু বোধিসত্ত্বই আশা এৰি নিদিলে। তেওঁ গাঁতটোৰ ভিতৰলৈ সোমাই গৈ শিলবোৰৰ ওপৰত কাণ পাতি কিবা শুনিবলৈ চেষ্টা কৰিলে আৰু শিলৰ তলেৰে পানী বৈ যোৱাৰ শব্দ শুনি তেওঁৰ মন আনন্দত নাচি উঠিল। তেওঁ লগে লগে ওপৰলৈ উঠি আহিল আৰু তেওঁৰ ব্যক্তিগত ভৃত্যজনক উদ্দেশ্যি ক'লে- 'এতিয়া তোৰ ওপৰতে ভৰসা। তই হতাশ হৈ পৰিলে আটায়ে ভোকে-পিয়াহে প্রাণ হেৰুৱাব। তই এই হাতুৰীটো লৈ তললৈ নামি যা আৰু শিলবোৰৰ ওপৰত আঘাত কৰি ভাঙিবলৈ চেষ্টা কৰ। পানী নিশ্চয় ওলাব।' ভৃত্যটো কমবয়সীয়া আৰু উৎসাহী আছিল। আনবোৰৰ দৰে সহজে আশা এৰি দিয়া বিধৰ নাছিল। সি বোধিসত্ত্বৰ হাতৰ পৰা হাতুৰীটো লৈ তললৈ নামি গ'ল আৰু শিলত আঘাত কৰিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে শিলবোৰ ডোখৰ ডোখৰ কৰি ভাঙিবলৈ সমৰ্থ হ'ল। লগে লগে তলৰ পৰা সজোৰে স্তম্ভৰ আকাৰত পানী ওপৰলৈ উঠি আহিল, যাক প্ৰস্ৰৱণ বুলি কোৱা হয়। এই প্ৰস্ৰৱণ দেখি মানুহবোৰৰ আনন্দ চায় কোনে? আটায়ে সেই পানীত আনন্দ মনেৰে গা-পা ধুলে। তদুপৰি গাড়ীবোৰত যিবোৰ অতিৰিক্ত কাঠৰ ধুৰা আছিল, সেই ধুৰাবোৰ ফালি-ছিৰি ৰন্ধা-বঢ়াও কৰিলে। দিনটো কোনো বিঘিনি নোহোৱাকৈ পাৰ হ'ল। সন্ধ্যাৰ লগে লগে পুনৰ আটায়ে যাত্ৰা আৰম্ভ কৰিলে। গন্তব্যস্থানত উপস্থিত হৈ বোধিসত্ত্ব আৰু অনুচৰবৰ্গই তেওঁলোকৰ পণ্যদ্রব্যসমূহ দুগুণ তিনিগুণ দামত বেচি স্বদেশলৈ উভতিল। --জাতকৰ সাধু