শহাপহু আৰু তাৰ বন্ধুবোৰ এখন হাবিত এটা শহাপহু আছিল। তাৰ বহুত জন্তুৰ লগত বন্ধুত্ব আছিল। বন্ধুবোৰৰ লগত খেল-ধেমালি কৰি বৰ আনন্দেৰে তাৰ দিনবোৰ পাৰ হৈছিল। পিচে এদিন শহাপহুটো বৰ বিপদত পৰিল। বহুতো চিকাৰী কুকুৰে তাক খেদিবলৈ ধৰিলে। সি দৌৰি পলাবলৈ চেষ্টা কৰিলে যদিও কুকুৰবোৰে কিন্তু তাৰ পিছ নেৰিলে। এনেতে শহাপহুটোৱে তাৰ বন্ধু ঘোঁৰা এটাক দেখি সহায় বিচাৰিলে । ঘোঁৰাই একো সহায় নকৰিলে। তাৰ পাচত শহাপহুটোৱে আন এটা বন্ধু ষাঁড় গৰুক লগ পালে। শহাই ষাঁড় গৰুৰ ওচৰতো সহায় বিচাৰিলে। কিন্তু ষাঁড় গৰুৱে শহাৰ অৱস্থা দেখিও একো মাত নিদি আঁতৰি গ’ল । এইদৰে এটা এটাকৈ ছাগলী, ভেড়া,নেউল,হৰিণা,শিয়াল আৰু আন সকলো বন্ধুৰ ওচৰত সহায় বিচাৰি শহাটো নিৰাশ হ’ল। সকলোৱে নিজৰ গা বচাই শহাৰ ওচৰৰ পৰা আঁতৰি গ’ল। ইতিমধ্যে চিকাৰী কুকুৰ আহি ওচৰ পালেহি আৰু শহাপহুৰ ওপৰত জপিয়াই পৰিল ৷ শহাপহুটোৱে মৰাৰ আগত বৰ দুখ মনেৰে চিঞৰি চিঞৰি ক’লে যে সুখৰ দিনত তাক সকলোৱে লগ দিছিল আৰু সি সিহঁতক বন্ধু বুলি ভাবিছিল। পিচে এতিয়া বিপদৰ সময়ত কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল। শহাই বুজি পালে যে এইবোৰ তাৰ প্ৰকৃত বন্ধু নাছিল। নৈতিক জ্ঞানঃ “বিপদত সহায় কৰাজনহে আচল বন্ধু।” অনুশীলনী ১. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। (ক) শহাপহুটোৱে ক’ত বাস কৰিছিল? (খ) কোনে শহাপহুটোক খেদিবলৈ ধৰিছিল? (গ) ঘোঁৰাই শহাপহুটোক সহায় কৰিছিল নে? (ঘ) ষাড় গৰুটোৱে শহাটোক সহায় কৰিছিল নে? (ঙ) শহাপহুটোৰ বন্ধুবোৰ প্ৰকৃত বন্ধু আছিল নে? ২. খালী ঠাই পূৰ কৰাঁ। (ক) এখন ............ এটা শহাপহু আছিল। (খ) পিচে এদিন শহাপহুটো বৰ ................ পৰিল। (গ) বহুতো চিকাৰী ............. তাক খেদিবলৈ ধৰিলে। (ঘ) শহাপহুটোৱে তাৰ বন্ধু ঘোঁৰা এটাক দেখি ............ বিচাৰিলে। (ঙ) শহাই বুজি পালে যে এইবোৰ তাৰ প্ৰকৃত............... নাছিল। ৩. সঁচা নে মিছা বিচাৰ কৰাঁ। (ক) এদিন শহাপহুটো বৰ বিপদত পৰিল। (সঁচা/মিছা) (খ) বহুতো চিকাৰী কুকুৰে শহাপহুটোক খেদিছিল। (সঁচা/মিছা) (গ) ঘোঁৰাই শহাপহুটোক সহায় কৰিছিল। (সঁচা/মিছা) (ঘ) ষাড় গৰুৱে শহাপহুটোক সহায় কৰা নাছিল। (সঁচা/মিছা) (ঙ) শহাপহুটোৰ বন্ধুবোৰ তাৰ প্ৰকৃত বন্ধু আছিল। (সঁচা/মিছা)