জোঁৱাইৰ সাধু এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল, সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে-তাৰ লগত তাৰ ছাঁটোও আহিছে। সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি মই এতিয়া ছাটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোক ক'লে, "হেৰৌ তোক কি লাগে, কিয় আহিছ? গুচি যা।” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, "তই নামাত কিয়? চেলেংখন লাগে নেকি?” এইবুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাটোৱেও মূৰ লৰালে। ছাঁটোৱে মূৰ লৰালে দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাত পেলাই গুচি গ'ল। গৈ সি আকৌ ছাঁটো দেখিলে। সি এইবাৰ চোলাটো ছাঁটোক দিলে। এইদৰে তাৰ চুৰিয়া, গামোচা সকলো দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ'ল। তেতিয়া ভাবিলে ছাঁটো গ'ল। সি কুকুৰীকণা আছিল, সেই কাৰণে ই অলপ গৈয়েই বাট নেদেখা হ'ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাব ধৰিলে। অলপ সময়ৰ পিছত সি ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপাতনিত বহি থাকিল। শহুৰেকে জোঁৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল। পিছত নহা দেখি খাই-বৈ শুই থাকিল। শাহুৱেকে চুৱা-তুৱা ধুই এন্ধাৰে-মুগ্ধাৰে চুৱা পানী আনি চুৱাপাতনিলৈ মাৰি পঠিয়ালত জোঁৱায়েকৰ মূৰত পৰিল। জোঁৱায়েকে উস্ উস্ বুলিলত শাহুৱেকে চাকি লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ-কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে এইবিলাক নাখাওঁ বুলি ক'লে। শাহুৱেকে ক'লে, "খোৱা, এই জুলীয়া গুড় খাবলৈ বৰ ভাল।” তেতিয়া সি অলপ খাই চাই সোৱাদ পাই” এইবিলাক ক'ত আছে” বুলি সুধিলে। শাহুয়েকে ক'লে, “সৌৱা বৰচাঙৰ ওপৰত কলহত আছে।” সি ভাত খাই উঠিলত শাহুৱেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল। জোঁৱায়েক শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়তহে পৰি আছিল। যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই আঁতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা এঠা হ'ল। তুলী কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে। সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে। তাৰ পিছত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ'ল। ওচৰতে গোটচেৰেক ছাগলী বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলে নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাল পাই বান্ধি সাঙ্গী কৰি সিহঁতে লৈ গ'ল। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাজ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল। সি চোৰকেইটাক ক'লে- "দাং দাং চোৰ; টিকা তিতিল মোৰ।” তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতি পুৱাল নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাৰ পিছত তাক নিজা ঘৰলৈ পঠিয়াই দিলে। চালত পৰিল ফেঁচা। মোৰ সাধু কথা মিছা। তামোলে মেলিলে ডাবি। কোন ক'লৈ যাবি। সংগ্ৰহ: বেজবৰুৱাৰ ৰচনাৱলী