শিশু সাহিত্য: শিশুসকলক পাঠক হিচাপে আগত ৰাখি, শিশুৰ মানসিক, বৌদ্বিক আৰু নৈতিক বিকাশৰ বাবে যিধৰণৰ সাহিত্য ৰচনা কৰা হয় তেনে সাহিত্যক ‘শিশু সাহিত্য’ বুলি কোৱা হয়। লোক সাহিত্যৰ এটা অন্যতম ভাগ হৈছে সাধুকথা। সাধুকথা বছৰ বছৰৰ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। অসমীয়া সাহিত্যত আটাইতকৈ বেছি প্ৰচলিত আৰু সমাদৃত সাধুকথাৰ পুথিখন হৈছে বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্যত ‘শিশু সাহিত্য’ৰ শুভাৰম্ভ কৰিছিল। সাধুকথাৰ চলেৰে তেওঁ জোনাকী (১৮৮৯) কাকতত শিশু উপযোগী সাহিত্য লিখিছিল। তেওঁৰ সাধুকথাৰ পুথি ‘বুঢ়ী আইৰ সাধু’, ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’ মূলতঃ শিশুসকলক উদ্দেশ্যি ৰচনা কৰা হৈছে। এই ৰচনাসমূহ ৰসাল, খুহুতীয়াভাৱে শিশুৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা হৈছে। বুঢ়ী আইৰ সাধু বুঢ়ী আইৰ সাধু বেজবৰুৱাৰ অমৰ সৃষ্টি। বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধুকথাৰ সংকলন। গ্ৰন্থখনৰ প্ৰতিটো সাধুৱেই এক বিশেষ তাৎপৰ্য বহন কৰিছে। পুৰণিকলীয়া অন্ধবিশ্বাস, সমাজত প্ৰচলিত অন্যায় আদিবিলাক তেওঁ ধেমালি কৰি সাধুকথাৰ মাজেৰে উপস্থাপন কৰিছে। গ্ৰন্থখনত সততা, নিষ্ঠা, ন্যায়, ভক্তি আদি গুণসমূহ কিদৰে জয় কৰিব পাৰি আৰু অন্যায়, অত্যাচাৰ, হিংসা, বিদ্বেষ আদি বদগুণবিলাকৰ পৰাজয় সুন্দৰ ৰূপত প্ৰতিফলন ঘটাইছে।। এইদিশৰ পৰা বুঢ়ী আইৰ সাধু শিশুৰ সুস্থ মানসিকতা গঠনৰ বাবে সৰ্বাংগসুন্দৰ গ্ৰন্থ। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১১ চনত। বুঢ়ী আই সাধু গ্ৰন্থখনত মুঠ ২১ টা সাধু সন্নিবিষ্ট হৈছে। বিভিন্নজনৰ পৰা পোৱা সাধুসমূহ সংকলন কৰি পৰৱৰ্তী সময়ত বেজবৰুৱাই বুঢ়ী আইৰ সাধু নাম দি গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছিল। এই সম্পৰ্কে বেজবৰুৱাই নিজেই গ্ৰন্থখনৰ পাতনিত এনেদৰে লিখিছে- "শেহত কওঁ যে তলত নাম দিয়া সকলৰ পৰা আমি এই কিতাপত দিয়া সৰহভাগ সাধু পাইছিলোঁ; কিন্তু কোনটো কাৰ পৰা পোৱা গৈছিল সেইটো কোৱা অসাধ্য, কাৰণ নানা ৰকমকৈ লিখা একোটা সাধুকে আমি কেইবাজনৰ পৰা পাইছিলোঁ আৰু সেই এটাইবোৰ পঢ়ি মিলাই বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছোঁ। স্বৰূপাৰ্থত, তেওঁলোকে যি ভাষাত সাধুবোৰ লিখি পঠাইছিল সেই ভাষা এই সাধুবোৰত নাই বুলিলেই হয়, দৈবাৎহে কোনোটোত এশাৰী আদশাৰী আছে। কিছুমান সাধু আমাৰ সমূলি নিজা।" আমাৰ শিশুসকলে “বুঢ়ী আইৰ সাধু” শুনিয়েই শৈশৱ পাৰ কৰিছে। গৰমৰ দিনত জোনাক ৰাতি আইতাৰ কোলাত বহি সাধু শুনা আৰু জাৰকালি জুহালৰ ওচৰত নাইবা শোৱাপাটীত ককা-আইতা, মা-দেউতাৰ বুকুৰ মাজত সোমাই সাধু শুনাৰ আনন্দ অতি মধুৰ। “বুঢ়ী আইৰ সাধু”ৰ মাজত লগ পোৱা চৰিত্রবোৰো কল্পনাৰ জাল ফালি আমাৰ দৈনন্দিন জীৱনৰ লগৰী হৈ পৰে। তেজীমলা, তেজা, কাঞ্চনীৰ দুখৰ কথা শুনি আমি যিমান দুখ পাওঁ, “দীঘলঠেঙীয়া” “নুমলীয়া পো”, “তীখৰ আৰু চুটি বাই”, “লটকন”ৰ সাধু শুনি সিমানেই আনন্দও পাওঁ। আমাৰ শৈশৱত তেজীমলা, তেজা, তীখৰহঁত যেন আমাৰ লগত একেলগে খেলি, একেলগে ধেমালি-ধুমুলা কৰি ডাঙৰ-দীঘল হোৱা আমাৰেই চুবুৰীৰ ল’ৰা-ছোৱালীজাকৰ মাজৰেই একো একোটা চৰিত্র। বেজবৰুৱাৰ “বুঢ়ী আইৰ সাধু”ত কেইবাটাও নাৰীক কেন্দ্ৰ কৰি লিখা গল্পও আছে। সেইবোৰৰ ভিতৰত “মেকুৰীৰ জীয়েকৰ সাধু”, “ঔ-কুঁৱৰী”, “তেজীমলা”, “চিলনীৰ জীয়েকৰ সাধু”, “তুলা আৰু তেজা”, “কটা যোৱা নাক খাৰণি দি ঢাক”, “পানেশৈ”, “লখিমী তিৰোতা”, “কাঞ্চনী” আদি। নাৰী চৰিত্র প্রধান এই সাধুবিলাকত মাক, মাহীমাক, জীয়েক, সতিনীয়েক, জা-ক, শাহুৱেক আদি নাৰী চৰিত্রসমূহৰ প্ৰতিফলন হৈছে। এই চৰিত্রসমূহ অধ্যয়ন কৰিলে তদানীন্তন সমাজ ব্যৱস্থা আৰু সেই সমাজ ব্যৱস্থাত নাৰীৰ স্থান, ভূমিকা সম্পৰ্কে আমি অৱগত হ’ব পাৰোঁ। বুঢ়ী আইৰ সাধুত সন্নিবিষ্ট হৈ থকা কেইটামান সাধুৰ নাম উল্লেখ কৰিছোঁ। শিশুসকল তোমালোকে আজৰি সময়ত এই সাধুবোৰ পঢ়িবা। বুঢ়ী আইৰ সাধুত সন্নিবিষ্ট হৈ থকা সাধুকথাবোৰে তোমালোকৰ মানসিক আৰু বৌদ্বিক বিকাশত সহায় কৰিব। ১. দীঘল ঠেঙীয়া ২. নুমলীয়া পো ৩. ঢোঁৰা কাউৰী আৰু টিপচী চৰাই ৪. বুধিয়ক শিয়াল ৫. তেজীমলা ৬. বান্দৰ আৰু শিয়াল ৭. লটকন ৮. সৰবজান ৯. ভেকুলীৰ বিয়া ১০. এটা শিঙৰা মাছৰ কথা।