২৪ নৱেম্বৰ-৩০ নৱেম্বৰ ২০১৭

জিলা শিক্ষা তথ্য প্ৰণালীৰ অধীনত চৰকাৰী/প্ৰাদেশীকৃত, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, সাহায্যপ্ৰাপ্ত, ব্যক্তিগত খণ্ড, স্বীকৃতিপ্ৰাপ্ত, পৌৰসভাৰ দ্বাৰা পৰিচালিত, চাহ বাগিচাৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ তলত উল্লেখিত তথ্যসমূহ সংগ্ৰহ কৰা হয়:

ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি, শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা, ছাত্ৰ-শিক্ষকৰ অনুপাত, শ্ৰেণীকোঠা, খোৱাপানীৰ ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ শৌচাগাৰ, বিদ্যালয় খেলপথাৰ, বিদ্যালয় পুথিভঁৰাল, ৰান্ধনিশাল আদি।

জিলা শিক্ষা তথ্য প্ৰণালী সপ্তাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ:

তথ্যসমূহ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে সামৰি প্ৰাথমিক বিদ্যালয়, প্ৰাথমিকৰ লগতে উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা হ’ব।

উপৰিউক্ত জৰীপৰ ভিত্তি তাৰিখ হ’ব ৩০ ছেপ্তেম্বৰ, ২০১৭ চন। প্ৰ-পত্ৰত ইতিমধ্যে পূৰ্বে পূৰাই থোৱা তথ্যসমূহৰ শুদ্ধতা নিশ্চিত কৰিব লাগিব।

এই তথ্যসমূহ ২৪ নৱেম্বৰ তাৰিখৰ পৰা ৩০ নৱেম্বৰ, ২০১৭ তাৰিখলৈ হ’বলগীয়া ‘ইউ-ডাইছ’ জৰীপৰ বিদ্যালয় কৰ্তৃপক্ষই নিৰ্দ্ধাৰিত প্ৰ-পত্ৰ(Data Capture Format)ৰ যোগেদি সংগ্ৰহ কৰি অসম সৰ্বশিক্ষা অভিযান মিছন তথা ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সংশ্লিষ্ট বিষয়াক নিৰ্ধাৰিত সময়মতে যোগান ধৰাটো বাধ্যতামূলক।

স্থানীয় ৰাইজ আৰু সংশ্লিষ্ট বিদ্যালয় পৰিচালনা সমিতিয়ে অঞ্চলটোৰ ‘বিদ্যালয়লৈ নোযোৱা’(Never enrolled) আৰু ‘আধাতে বিদ্যালয় এৰা’(School drop-out) শিশুৰো এখন পৃথক তালিকা প্ৰস্তুত কৰিব। এনে শিশুসকলক বয়স অনুযায়ী বিদ্যালয়ত আৰু ‘বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ’ত নামভৰ্তি কৰাৰ ব্যৱস্থা প্ৰদান কৰিব।

‘ছাত্ৰ-ছাত্ৰীৰ তথ্য ব্যৱস্থাপনা প্ৰণালী’(Student Database Management Information System):

প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ তথ্যসমূহ যেনে- তেওঁলোকৰ ব্যক্তিগত তথ্য, বিদ্যালয়ৰ সামগ্ৰিক তথ্য, বিগত বৰ্ষত লাভ কৰা সা-সুবিধাসমূহ উল্লেখ কৰিবলৈ প্ৰতিখন বিদ্যালয়ক অনুৰোধ জনোৱা হ’ল।

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ অধীনত আগবঢ়োৱা সা-সুবিধাসমূহ যথাযথভাৱে লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ বিতং তথ্য যোগান ধৰাটো বাধ্যতামূলক।

আহক, আমি সকলোৱে জিলা শিক্ষা তথ্য প্ৰণালী(U-DISE) সপ্তাহ পালনত সক্ৰিয় সহযোগিতা আগবঢ়াও আৰু আমাৰ শিশুসকলৰ শিক্ষা গ্ৰহণৰ মৌলিক অধিকাৰ সাব্যস্ত কৰা অভিযানৰ অংশীদাৰ হওঁ।

উৎস: শিক্ষা বিভাগ, অসম চৰকাৰ