এই আঁচনিৰ মূল লক্ষ্য হ’ল ৰাজ্যৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ আওঁতালৈ অনাৰ অসম চৰকাৰৰ এক অভিলাসী পদক্ষেপ। এই আঁচনিৰ মূল উদ্দেশ্য হ’ল: সকলোৰে বাবে উচ্চ শিক্ষা – সকলোকে সামৰি উচ্চ শিক্ষা। পৰিবেশ ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰা। এই আঁচনি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা ঘোষিত অভিনৱ আঁচনি। দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাচুল ৰেহাই: অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱৰ অনুপ্ৰেৰণাত অসমৰ মাননীয় বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ বাজেট ভাষণ ২০১৭-১৮ৰ ১০৮.২ দফাত ঘোষণা কৰে যে অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে যোৱা বছৰ ঘোষণা কৰা মাচুল ৰেহাই আঁচনি স্নাতকোত্তৰ শ্ৰেণীলৈ(এম.এ/এম.এচ.চি/এম.কম) সম্প্ৰসাৰিত কৰা হ’ব। এই ঘোষণা অনুযায়ী চলিত ২০১৭-১৮ শিক্ষা বৰ্ষৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ, স্নাতক প্ৰথম ষান্মাসিক, স্নাতকোত্তৰ(এম.এ/এম.এচ.চি/এম.কম) প্ৰথম ষান্মাসিকত নামভৰ্তি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া হব। ২০১৬-১৭ বৰ্ষত উচ্চতৰ মাধ্যমিক/ স্নাতক প্ৰথম বৰ্ষৰ বাবে মাচুল ৰেহাই পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বিতীয় বৰ্ষৰ(২০১৭-১৮) বাবেও এই বছৰ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছে। এই আঁচনিয়ে সামৰি লোৱা শিক্ষানুষ্ঠানসমূহ: ক)সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়। খ)গুৱাহাটী বিশ্ববিদ্যালয়। গ)ডিব্ৰুগড় বিশ্ববিদ্যালয়। ঘ)বড়োলেণ্ড বিশ্ববিদ্যালয়। ঙ)কটন বিশ্ববিদ্যালয়। চ)কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়। ছ)উইমেনচ ইউনিভাৰ্চিটি, যোৰহাট। এই আঁচনিৰ বৈশিষ্ট্যসমূহ হ’ল: যিসকল ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ বা অভিভাৱকৰ বছৰেকীয়া আয় এক লাখ বা তাতোকৈ কম সেই অভিভাৱকৰ ছাত্ৰ-ছাত্ৰীসকলক এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব। যদিহে কোনো ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ বা অভিভাৱক ৰাজ্যিক/ কেন্দ্ৰীয়/ অৰ্ধ-ৰাজ্যিক/ কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰৰ দ্বাৰা শাসিত কোনো অনুষ্ঠানৰ কৰ্মচাৰী হয়, তেনেহ’লে এই আঁচনিখন তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। তদুপৰি ছাত্ৰ গৰাকীয়ে লিখিতভাৱে জনাব লাগিব যে তেওঁৰ পিতৃ-মাতৃ বা অভিভাৱক কোনো চৰকাৰী বিভাগ বা প্ৰতিষ্ঠানৰ কৰ্মচাৰী নহয়। ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ স্থানীয় ৰাজহ চক্ৰ বিষয়া অথবা মৌজাদাৰে দিব লাগিব। এই আঁচনিৰ সা-সুবিধা গ্ৰহণ কৰিবলৈ প্ৰত্যেক গৰাকী ছাত্ৰই এজোপা গছ পুলি মহাবিদ্যালয় অথবা নিজ বাসগৃহৰ চৌহদত ৰুব লাগিব আৰু সেই পুলিটো ভালদৰে প্ৰতিপালন কৰাৰ প্ৰমাণ আলোকচিত্ৰসহ দিব পাৰিলেহে দ্বিতীয় বৰ্ষৰ মাচুল ৰেহাই হ’ব। ২০১৬-১৭ বৰ্ষত বিনামূলীয়া নামভৰ্তি আঁচনিৰ দ্বাৰা উপকৃত হোৱা ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বৰ্ষৰ বাবেও নামভৰ্তিৰ মাচুল ৰেহাই পাব। তেনে ছাত্ৰ-ছাত্ৰীয়ে পুনৰ আয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰিব নালাগে। এইক্ষেত্ৰত সংশ্লিষ্ট মহাবিদ্যালয়সমূহে এনে শিক্ষাৰ্থীৰ পৰা কেৱল আলোচনী মাচুল, ক্ৰীড়া মাচুল আৰু কলেজ সপ্তাহৰ মাচুলহে আদায় ল’ব পাৰিব। এই মাচুল ১৫০-২৫০ টকাৰ অধিক নহ’ব বুলি আশা কৰা হৈছে। প্ৰত্যেক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ ‘ৱেবচাইট’(website)ত বিনামূলীয়া নামভৰ্তিৰ সুযোগ পোৱা ছাত্ৰ-ছাত্ৰীৰ নাম তালিকা প্ৰকাশ কৰিব লাগিব। যিখন মহাবিদ্যালয়ত ছাত্ৰ গৰাকীয়ে বিনামূলীয়া নামভৰ্তি কৰিব সেই মহাবিদ্যালয়ে ছাত্ৰ গৰাকীৰ নম্বৰ তালিকা(Marksheet)ৰ পিছফালে মোহৰ মাৰি দিব লাগিব। নামভৰ্তিৰ বাচনি সমিতিয়ে সন্দেহৰ আৱৰ্তত থকা দৰিদ্ৰ ৰেখাৰ প্ৰমাণ পত্ৰসমূহ চালি-জাৰি চাব পাৰিব আৰু যদিহে কিবা বিসংগতি ধৰা পৰে তেনেহ’লে নিজাববীয়াকৈ তদন্ত কৰি সিদ্ধান্ত ল’ব পাৰিব। উল্লেখনীয় তথ্য: ২০১৬-১৭ বৰ্ষত উপকৃত হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা= ১৩৮০৮৫ জন। উচ্চ শিক্ষা শিতানত আঁচনিৰ বাবে ব্যয় কৰা ধনৰ পৰিমাণ= ৪৪.১৫ কোটি টকা। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাবে আনুমানিক ব্যয়= ৯০.০০ কোটি টকা। উৎস:অসমীয়া প্ৰতিদিন