ছাত্ৰবৃত্তি ২০২৫-২৬ বৰ্ষৰ বাবে এছচি আৰু অন্যান্যসকলৰ বাবে প্রাক-মেট্রিক ছাত্র বৃত্তি আঁচনিৰ অধীনত ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অনুসূচিত জাতি আৰু অন্যান্য অসুবিধাভোগী গোটৰ শিক্ষার্থীৰ বাবে ছাত্রবৃত্তি ঘোষণা কৰিছে। এছচি শিক্ষার্থীৰ বাবে প্রাক মেট্রিক ছাত্রবৃত্তি— অৰ্হতা : ১. এছচি শ্রেণীৰ অন্তর্ভুক্ত শিক্ষার্থীসকল, ২. বার্ষিক উপার্জন ২.৫০ লাখ টকাৰ অধিক নোহোরা অভিভাৱকসকল সুযোগ : স্বীকৃত বিদ্যালয়ত ৯ম আৰু ১০ম শ্রেণীত অধ্যয়নৰত ছাত্র-ছাত্রীসকল, আবেদনপত্রসমূহ ৰাজ্যিক চৰকাৰ/কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা গ্রহণ আৰু পুনৰীক্ষণ কৰা হ'ব দৰিদ্ৰতম পৰিয়ালসমূহৰ অন্তর্ভুক্তি। অধিকাৰ : দৈনিক শিক্ষার্থীৰ বাবে-৩৫০০ টকা আৰু ছাত্রাবাসত থকাসকলৰ বাবে প্রতি বছৰে ৭০০০ টকাৰ শৈক্ষিক ভাট্টা, দিব্যাংগ (বিশেষভাবে সক্ষম) শিক্ষার্থীলৈ ১০% অতিৰিক্ত ভাট্টা, অপৰিচ্ছন্ন আৰু বিপদৰ সম্ভাবনা থকা বৃত্তিত নিয়োজিত পিতৃ-মাতৃ/অভিভাৱকৰ সন্তানৰ বাবে প্রাক্-মেট্রিক ছাত্রবৃত্তি- অৰ্হতা : ১. অপৰিচ্ছন্ন আৰু বিপদৰ সম্ভাৱনা থকা বৃত্তিত নিয়োজিত পিতৃ-মাতৃ/অভিভাৱকৰ শিক্ষার্থীসকল ২. উপার্জনৰ সীমাৰ কোনো মান নাই। সুযোগ : স্বীকৃত বিদ্যালয়ত ৯ম আৰু ১০ম শ্রেণীত অধ্যয়নৰত ছাত্র-ছাত্রীসকল আবেদনপত্রসমূহ ৰাজ্যিক চৰকাৰ/কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা গ্রহণ আৰু পুনৰীক্ষণ কৰা হ'ব। দৰিদ্ৰতম পৰিয়ালসমূহৰ অন্তর্ভুক্তি। অধিকাৰ : দৈনিক শিক্ষার্থীৰ বাবে-৩৫০০ টক ছাত্রাবাসত থকাসকলৰ বাবে প্রতি ৮০০০ টকাৰ শৈক্ষিক ভাট্টা দিব্যাংগ (বিশেষভাবে সক্ষম) শিক্ষার্থীলৈ ১০% অতিৰিক্ত ভাট্টা। বি: দ্ৰ:— ছাত্র-ছাত্রীসকলৰ বৈধ মোবাইল নম্বৰ, আধাৰ নম্বৰ (ইউআইডি), আধাৰৰে জড়িত বেংক একাউন্ট, উপাৰ্জনৰ প্ৰমাণপত্ৰ পূৰ্বৰ বৰ্ষৰ মার্কশ্বিট আৰু জাতিৰ প্ৰমাণপত্ৰ থাকিব লাগিব। আঁচনিৰ নীতি-নির্দেশনা আৰু অৰ্হতাৰ মাপকাঠিৰ সবিশেষ উপলব্ধ হ'ব নিম্নোক্ত লিংকত: https://socialjustice.gov.in/schemes/23