মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি অসম চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান (MMUA) এক ঐতিহাসিক পদক্ষেপ—যাৰ লক্ষ্য ৰাজ্যখনৰ ৩০ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক উদ্যমিতা আৰু আত্মনিৰ্ভৰশীলতাৰ পথত আগবঢ়োৱা। ৰাজ্যত অহা ১ এপ্ৰিল, ২০২৫ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ জৰিয়তে ২৭ লাখ মহিলাক আঁচনিৰ চেক বিতৰণ কৰা হ’ব। বিহালীত ২৩ হাজাৰ মহিলাক চেক বিতৰণেৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হ’ব। ৰাজ্য চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখন দেশৰ ভিতৰতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এখন বৃহৎ আঁচনি । ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা ৩৯ লাখ মহিলাৰ ভিতৰত প্ৰায় ২৭ লাখ মহিলা এই আঁচনিৰ যোগ্য বিবেচিত হ’ব। ইয়াৰ বাবে অহা ৩১ মাৰ্চৰ ভিতৰত হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰা হ’ব। হিতাধিকাৰীসকলে প্ৰথম কিস্তিত লাভ কৰা ১০ হাজাৰ টকা উপযুক্তভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকক দ্বিতীয় কিস্তিতি ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব । এই সুবিধা লাভ কৰিবৰ বাবে যোগ্যতা ১) মহিলা গৰাকী আত্মসহায়ক গোটৰ সদস্যা হ'ব লাগিব। ২) আত্মসহায়ক গোটটো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ অধীনত পঞ্জীয়নভুক্ত হ'ব লাগিব। ৩) মহিলা গৰাকীৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ'ব লাগিব। ৪)হিতাধিকাৰী মহিলা গৰাকীৰ ইতিমধ্যে কোনো ধৰনৰ আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ পৰা পূৰ্বে কোনো ঋণৰ ডিফল্টাৰ হোৱা উচিত নহয়। ৫) মহিলা গৰাকী নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্য্যকলাপত জড়িত হ'ব লাগিব। ৬) সাধাৰণ (General) আৰু অ'বিচি(OBC) শ্ৰেণীৰ হিতাধিকাৰী মহিলা গৰাকী তিনিটাকৈ অধিক সন্তানৰ মাক হ'ব নালাগিব। ৭)অনুসুচিত জাতি (SC,মৰাণ/মটক/চাহ জনজাতিৰ মহিলা গৰাকী চাৰিটাকৈ অধিক সন্তানৰ মাতৃ হ'ব নালাগিব। ৮) মহিলা গৰাকীৰ বিদ্যালয়ত যাবলগীয়া বয়সৰ ছোৱালী থাকিলে বিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক। ৯) মহিলা গৰাকীয়ে "অমৃত বৃক্ষ আন্দোলনৰ"অধীনত ৰোপণ কৰা গছ দুজোপা জীয়াই থাকিব লাগিব । কোনে কেনেকৈ লাভ কৰিব সুবিধা ৰাজ্যৰ আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। ৰাজ্যৰ যোগ্য মহিলাক ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ ৰূপত ৩৫ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ ব্যৱস্থা। হিতাধিকাৰী মহিলাক প্ৰথম বছৰত ১০,০০০ টকা চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য দিয়া হয়। ব্যৱসায়ত উন্নতি দেখুৱালে পৰৱৰ্তী বছৰত আকৌ ১২,৫০০ টকা চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্য আৰু বেংকৰ পৰা ১২,৫০০ টকাৰ ঋণ প্ৰদান কৰা হ’ব। অৰ্থাৎ আগন্তুক দ্বিতীয় বছৰত মুঠ ২৫,০০০(পঁচিশ হাজাৰ) লাভ কৰিব। ফলত মহিলাগৰাকী প্ৰথম আৰু দ্বিতীয় বছৰৰ অন্তত সৰ্বমুঠ ৩৫,০০০ ( পঁয়ত্ৰিশ হাজাৰ) টকা লাভ কৰিব। কেনেকৈ কৰিব আবেদন প্ৰথমে পঞ্চায়ত/পৌৰসভাৰ কাৰ্যালয়লৈ গৈ Free MMUA Form লওক। নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব, বিদ্যালয়ত শিশুৰ যোগ্যতা আৰু ছোৱালী নামভৰ্তিৰ বাবে এম এম ইউ এ পঞ্জীয়ন প্ৰ-পত্ৰ আৰু দুটা সংকল্প পত্ৰ পূৰণ কৰক। সকলো সম্পৰ্কীয় নথিপত্ৰ সংলগ্ন কৰি কাৰ্যালয়ত জমা দিব।