মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি অসম চৰকাৰে শেহতীয়াকৈ গৱেষক শিক্ষাৰ্থীসকলৰ বাবে জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰিছে। এই আঁচনিৰ লগত গৱেষণাৰ ক্ষেত্ৰখনত প্ৰোৎসাহনৰ সুদূৰপ্ৰসাৰী চিন্তা সমাহিত হৈ আছে। অসমত অৱস্থিত চৰকাৰী খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ত ২০২১ চনৰ ১ এপ্ৰিলৰপৰা ২০২৫ চনৰ ভিতৰত পিএইচ.ডি কাৰ্যসূচীত নামভৰ্ত্তি কৰা পূৰ্ণকালীন গৱেষকসকললৈ ২৫০০০ টকা আৰু দিব্যাংগ গৱেষকসকললৈ ৪০০০০ টকাৰ এককালীন আৰ্থিক সাহাৰ্য আগবঢ়াইছে। আবেদনকাৰীৰ যোগ্যতা অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। চাকৰিত নিয়োজিত হ’ব নালাগিব। অসমত অৱস্থিত চৰকাৰী খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয়ত ২০২১ চনৰ ১ এপ্ৰিলৰপৰা ২০২৫ চনৰ ভিতৰত পিএইচ.ডি কাৰ্যসূচীত নামভৰ্ত্তি কৰা পূৰ্ণকালীন গৱেষক হ’ব লাগিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ হিতাধিকাৰী হ’ব নালাগিব। পৰিয়ালৰ বাৰ্ষিক আয় ১০ লাখ টকাৰ অধিক হ’ব নালাগিব। অন্য আঁচনিৰ অধীনত উচ্চ মূল্যৰ বৃত্তি বা সুবিধা লাভ কৰা হ’ব নালাগিব। আবেদনৰ সময়ত জমা দিবলগীয়া নথি-পত্ৰসমূহ হ’ল সকলো মাৰ্কশ্বিট পৰিয়ালৰ বছেৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ বেংক পাছবুকৰ ফটোকপি স্থীয়া বাসিন্দাৰ প্ৰমাণপত্ৰ পিএইচ.ডি নামভৰ্ত্তিৰ ৰচিদ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড বিশ্বিদ্যালয়ৰ নাম পঞ্জীয়নৰ প্ৰমাণপত্ৰ আবেদন দাখিল আৰু সবিশেষ তথ্যৰ বাবে www.dids.assam.gov.in লগ ইন কৰক। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ২.০ অসমত স্ত্ৰী শিক্ষাৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা হৈছে অসম চৰকাৰৰ অভিলাষী ‘‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি ।’’ মহিলাৰ উচ্চ শিক্ষাৰ হাৰ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ২.০- দহ লক্ষাধিক ছাত্ৰীৰ সবলীকৰণৰ দিশে এক শক্তিশালী পদক্ষেপ । ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী সকললৈ নিযুত মইনা আঁচনি প্ৰদানৰ আবেদন পত্ৰ বিতৰণ ৬ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই আঁচনিখনৰ জৰিয়তে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে মাহে ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । সেইদৰে স্নাতক মহলাত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব । আনহাতে স্নাতকোত্তৰ মহলাত আৰু বি এডত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব ২৫০০ টকাকৈ । জুন আৰু জুলাই মাহক বাদ দি বাকী ১০ মাহে ছাত্ৰীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব । নিযুত মইনা আঁচনিৰ ধন পাবলৈ হ’ব ছাত্ৰীসকলৰ যোগ্যতা কেনে হ’ব লাগিব ? উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষত নামভৰ্তি কৰিলে এই ধনৰাশি লাভ কৰি থাকিব । এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ আৰু বি.এডৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়ত পঢ়া ছাত্ৰীয়েহে এই সুবিধা লাভ কৰিব। ভেঞ্চাৰ আৰু ছেল্ফ ফাইনেঞ্চত অধ্যয়ন কৰি থকাসকলক এই আঁচনিত সামৰি লোৱা নাই । উত্তীৰ্ণ নহ'লে নাইবা নামভৰ্তি নকৰিলে এই সুবিধা নাপাব । এই আঁচনি কোনো ধৰণৰ অভিযোগ নথকা ছাত্ৰীয়েহে লাভ কৰিব। নিয়মানুবৰ্তিতা বৰ্তাই ৰখা, পৰীক্ষাত পাছ কৰা আৰু উপস্থিতি নিয়মীয়া থকা ছাত্ৰীয়ে আঁচনিখনৰ সুবিধা লাভ কৰিব । বছৰৰ দহ মাহ আঁচনিৰ ধন লাভ কৰিব আৰু গৰম বন্ধৰ বাবে দুমাহ লাভ নকৰিব । ডিগ্ৰী পঢ়ি থকা অৱস্থাত বিয়া হোৱা ছাত্ৰীয়ে এই আঁচনি লাভ নকৰিব। স্নাতকোত্তৰ পৰ্যায়ত বিয়া অৱশ্যে হ'লে আঁচনিখনৰ সুবিধা লাভ কৰিব । অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। আবেদনপত্ৰ ক’ত পাব? ছাত্ৰীগৰাকীয়ে যিখন কলেজ, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়ি আছে তাতে আবেদন পত্ৰ দিয়া হ’ব। ছাত্ৰীসকলে আবেদন পত্ৰ ফিল-আপ কৰি নিজ নিজ কলেজ বা বিশ্ববিদ্যালয়ত জমা দিব লাগিব। সবিশেষ তথ্যৰ বাবে https://directorateofhighereducation.assam.gov.in লগ ইন কৰক।