সংযোগী ভাষা হিচাপে অসমীয়া ভাষাৰ গুৰুত্ব অসম এখন বহুভাষিক ৰাজ্য। প্ৰাচীন কালৰ পৰাই অসমত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। অসমত প্ৰচলিত ইন্দো-ইউৰোপীয় ভাষা পৰিয়য়ালৰ প্ৰধান ভাষা হ'ল অসমীয়া। অতীজৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ সাক্ষ্য বহন কৰি আহিছে। আৰ্যসকল অসমলৈ অহাৰ বহু বছৰ আগৰ পৰাই অসমত চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ বিভিন্ন ভাষাৰ প্ৰচলন আছিল। কিন্তু এই ভাষিক গোষ্ঠীবিলাকৰ নিজা লিপি নাছিল। গতিকে সেই ভাষাসমূহ কেৱল কথিত ৰূপতে সীমাবদ্ধ আছিল। লিপি অবিহনে সাহিত্যৰ সৃষ্টি নহয়। আৰু যিকোনো এটা ভাষাৰ বিৱৰ্তনৰ ছবিখন সাহিত্যৰ মাজতহে লিপিবদ্ধ হৈ থাকে। ত্ৰয়োদশ শতিকাত অসমলৈ অহা আহোমসকলৰ নিজা ভাষা আৰু নিজা লিপি আছিল । থাই-চীন শাখাৰ আন আন ভাষাসমূহৰো লিপি পোৱা যায়। সেয়েহে আহোম ভাষাত ৰচিত বহু বুৰঞ্জীপুথি আজিও অসমৰ বিভিন্ন সংগ্ৰাহালয়ত সংগৃহীত হৈ আছে। কিন্তু আৰ্যসকলৰ সাহিত্য-সংস্কৃতি অতি চহকী আছিল। সেইবাবে পূৰ্বৰ পৰা বসবাস কৰি অহা ভাষিক জনগোষ্ঠীসমূহৰ ওপৰত আৰ্যমূলীয় অসমীয়া ভাষাই প্ৰভাৱ বিস্তাৰ কৰি এটা শক্তিশালী ভাষা হিচাপে আত্মপ্ৰকাশ কৰিলে আৰু বৰ্তমান অসম ৰাজ্যৰ ৰাজ্য ভাষা হ'ল অসমীয়া। অসমীয়া ভাষা অসমৰ প্ৰধান ভাষা হ'লেও অসমত বসবাস কৰা আন আন ভাষিক গোষ্ঠীৰ লোকৰ সংযোগী ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহৃত হৈ আহিছে। ভাষিক সংঘৰ্ষ: ভাষিক সংঘৰ্ষ বহুভাষিক সমাজৰ এখনৰ বাবে স্বাভাৱিক কথা। ভাষাৰ লগত হোৱা ভাষাৰ সংঘৰ্ষক কোৱা হয় ভাষিক সংঘৰ্ষ। অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত জনগোষ্ঠীয় ভাষাবোৰ পৰস্পৰে পৰস্পৰৰ বাবে দুৰ্বোধ্য। সেয়েহে তেওঁলোকে ঘৰৰ ভিতৰত বা নিজ ভাষিক গোষ্ঠীৰ মানুহৰ মাজত কথা-বাৰ্তা পাতিবৰ বাবে নিজৰ ভাষা ব্যৱহাৰ কৰে। অসমত বসবাস কৰা অনাৰ্যমূলীয় ভাষিক গোষ্ঠীৰ ভিতৰত চীন-তিব্বতীয় গোষ্ঠীৰ ভাষাসমূহেই প্ৰধান। তেওঁলোকে পূৰ্বৰ পৰা স্থায়ী বাসিন্দা হিচাপে অসমত বসবাস কৰি আহিছে। চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষবোৰ দুৰ্বোধ্য হোৱাৰ বাবে সাধাৰণ লোকে বুজিব নোৱাৰে। বজাৰ-হাট কৰিবৰ বাবে, শিক্ষা গ্ৰহণৰ বাবে, সাংস্কৃতিক যোগাযোগৰ বাবে তেওঁলোক ঘৰৰ বাহিৰৰ সমাজখনৰ লগত যোগাযোগ কৰিবলৈ বাধ্য। সেয়েহে তেওঁলোকে বাহিৰৰ সমাজখনত ভাব বিনিময় কৰিবৰ বাবে অসমীয়া ভাষা ব্যৱহাৰ কৰে। ঘৰৰ ভিতৰত এটা ভাষা আৰু ঘৰৰ বাহিৰত আন এটা ভাষা (অসমীয়া ভাষা) ব্যৱহাৰ কৰিব লগা হোৱা পৰিস্থিতিত ভাষাবোৰৰ মাজত পাৰস্পৰিক ভাষিক সংঘৰ্ষ হয়। তাৰ ফলশ্ৰুতিত অসমীয়া ভাষাই সংযোগী ভাষা হিচাপে আন আন ভাষিক লোকৰ মাজত বিকাশ লাভ কৰে। অসমীয়া ভাষা সংযোগী ভাষা হিচাপে ব্যৱহাৰ হোৱাত আন ভাষাৰ বহু উপাদান অসমীয়া ভাষাত সোমাই পৰিল। অসমত অতীজৰে পৰা বসবাস কৰি অহা ভাষিক জনগোষ্ঠীয় লোকসকল, বাংলা ভাষী লোকসলক আৰু কৰ্মসূত্ৰে অসমত বসবাস কৰি অহা আৰ্যমূলীয় আন আন ভাষাৰ লোকসকল যেনে- উড়িয়া, মাৰাঠী, গুজৰাটীভাষীসকলে আৰু অনা-আৰ্যমূলীয় দ্ৰাবিড়, মালায়ালম, কানাড়াভাষী লোকসকলেও অসমীয়া ভাষা সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰে। অসমত দীৰ্ঘদিনৰ পৰা বসবাস কি অহা লোকসকল আৰু কৰ্মসূত্ৰে অসমৰ বাসিন্দা হোৱা সকলো লোকেই দ্বিভাষী (Bio-lingual)। সাধাৰণ দৃষ্টিত অসমীয়া ভাষাক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোকে সামাজিকভাৱে ব্যৱহাৰ কৰিবলৈ লোৱাৰ কাৰণসমূহ যদি আমি বিচাৰ কৰি চাওঁ তেতিয়া এই ভাষাবোৰৰ কিছুমান উমৈহতীয়া বৈশিষ্ট্য চকুত পৰে- ১) এই ভাষা-ভাষী লোকসকল নিজে এটা জনজাতি আৰু জনজাতিটোৰ মাজতে তেওঁলোকৰ ভাষাটো সীমাবদ্ধ। ২) এই জনজাতীয় ভাষাবোৰৰ বেছিভাগেই পৰস্পৰে পৰস্পৰৰ দুৰ্বোধ্য। ৩) ভাষাৰ পিনৰ পৰা এই ভাষাবোৰ সুৰ প্ৰধান। ৪) এই ভাষাবোৰৰ উচ্চাৰণত স্বৰবৰ্ণৰ হ্ৰস্ব দীৰ্ঘৰ ৰূপ সুকীয়া সুকীয়া, যিটো অসমীয়া ভাষাৰ ক্ষেত্ৰত দেখা নাযায়। ৫) অসমীয়া ভাষাত নথকা দুটা সুকীয়া কেন্দ্ৰীয় উচ্চ স্বৰবৰ্ণৰ উচ্চাৰণ পোৱা যায়। ভাষাৰ লগত ভাষাৰ সংঘৰ্ষ বহুভাষিক সমাজত এটা নিয়মীয়া প্ৰথা, যাৰ জৰিয়তে ভাষিক সংঘৰ্ষত লিপ্ত হৈ থকা অৱস্থাতে তৃতীয় অন্য এটা ভাষাই তাত খোপনি পোতে। অসমীয়া ভাষা কেৱল অসমতেই সংযোগী ভাষা হিচাপে ব্যৱহাৰ হোৱা নাই। ই সমগ্ৰ উত্তৰ-পূৰবাঞ্চলতেই সংযোগী ভাষা হিচাপে প্ৰাধান্য লাভ কৰিছে। ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাবিলাকলৈ লক্ষ্য কৰিলে এনে সংঘৰ্ষৰ কথা প্ৰতীয়মান হয়। বহুভাষিক অঞ্চলত যেতিয়া পৰস্পৰে দুৰ্বোধ্য ভাষাবোৰৰ মাজত সংঘৰ্ষ হয় আৰু তেনে সংঘৰ্ষৰ ফলস্বৰূপে কোনোবা এটা ভাষা লাহে লাহে দুৰ্বল হৈ স্তিমিত হৈ যায় অথবা আনটো সবল হৈ উঠে। তেনেস্থলত দুৰ্বল ভাষাটোৰ ভাষা-ভাষীলোকসকলে লাহে লাহে সবল ভাষাটো ক'বলৈ আৰম্ভ কৰে। কেতিয়াবা এনেকুৱাও হয় যে পৰস্পৰ দুৰ্বোধ্য ক্ষুদ্ৰ ভাষাবিলাকৰ মাজত সংঘৰ্ষ চলি থকা অৱস্থাতে তৃতীয় কোনো এটা শক্তিশালী ভাষাৰ লগতো সংঘৰ্ষ হ'ব পাৰে। তেনে অৱস্থাত পৰস্পৰে সংঘৰ্ষ হোৱা ক্ষুদ্ৰভাষাবোৰৰ মাজত তৃতীয় শক্তিশালী ভাষাটোৱে প্ৰভূত্ব বিস্তাৰ কৰিবলৈ সমৰ্থ হয়। শক্তিশালী ভাষা মানে লিখিত সাহিত্য থকা আৰু মৌখিক সাহিত্যৰে পুষ্ট ভাষাৰ কথাহে কোৱা হৈছে। তেনেকুৱা এটা অৱস্থাত অসমীয়া ভাষাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সংযোগী ভাষা হিচাপে স্বীকৃতি পাইছে বুলি ভবাৰ অৱকাশ আছে। ভাষাৰ লগত ভাষাৰ সংঘৰ্ষ চকুৰে দেখা নাযায়। পূৰ্ৱতে অসমত হোৱা ভাষিক সংঘৰ্ষৰ ফলস্বৰূপে অসমৰ ভালে কেইটা জনগোষ্ঠী দ্বিভাষী হৈছিল। অসমীয়া ভাষাৰ শব্দমালা আয়ত্ব কৰি অসমীয়া ভাষাকেই একমাত্ৰ ভাষা হিচাপে গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে, প্ৰাচীন অসমত প্ৰচলিত আহোম ভাষা বৰ্তমান প্ৰচলিত অৱস্থাত নাই। পূৰ্বৰ আহোম ভাষা-ভাষী লোকসকলেও নিজৰ ভাষা বিসৰ্জন দি অসমীয়া ভাষাকেই আপোন ভাষা হিচাপে গ্ৰহণ কৰিছিল। এতিয়া তেওঁলোক হাড়ে হিমজুৰে অসমীয়া। আকৌ মিচিং সকলৰো চামগুৰীয়া, বিহিয়া, বংকোৱাল আৰু তেমাৰ মিচিং সকলে মিচিং ভাষা নকয়। কিন্তু যিসকল মিচিং লোক বৰ্তমানে শিক্ষা-দীক্ষাৰে শিক্ষিত হৈছে, তেওঁলোকে নিজা ভাষাৰ সম্প্ৰসাৰণৰ বাবে কঠোৰ শ্ৰম কৰি আছে। যদিও ই এতিয়াও পূৰ্ণতা পোৱা নাই। আনহাতে আকৌ বড়ো ভাষাই বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে। শিক্ষাৰ মাধ্যম হিচাপে স্নাতকোত্তৰ পৰ্যায়লৈকে বড়ো ভাষাত শিক্ষা গ্ৰহণ কৰিব পৰাকৈ স্কুল, কলেজ, বিশ্ববিদ্যালয় গঢ়ি উঠিছে। তেনেদৰে দেউৰী সকলৰো কেৱল ডিবঙীয়া ফৈদৰ লোকসকলেহে দেউৰী ভাষাটো দৈনন্দিন কথ্য ভাষা ৰূপে ব্যৱহাৰ কৰি আহিছে। থাই-চীন শাখাৰ টাই মূলীয় ভাষাবোৰো প্ৰায় মৃতপ্ৰায় । ব্যৱসায়-বানিজ্য, কৃষি উদ্যোগ, শিক্ষা প্ৰশাসন ইত্যাদিত নিয়োজিত ভাৰতৰ বিভিন্ন সময়ত বিভিন্ন ভাষা-ভাষী লোকৰ আগমন প্ৰাক্ স্বাধীনতা কালৰ পৰা বৰ্তমানলৈকে নিৰবিচ্ছিন্ন গতিৰে হৈয়ে আছে। তেওঁলোকৰ ভিতৰত আৰ্যমূলীয় ভাষা-ভাষী লোকেই সৰ্বাধিক। তেওঁলোকৰ ভিতৰত নেপালী, উড়িয়া, পাঞ্জাবী, গুজৰাটী, উৰ্দ, মাৰাঠী, সিন্ধি, কোঙ্কিনী প্ৰধান। দ্ৰাবিড় মূলৰো কেইবাটাও ভাষা অসমত প্ৰচলন আছে। যেনে- তামিল, তেলেগু, কানাড়া, মালায়ালম আদি। এই লোকসলকে প্ৰধানকৈ ইংৰাজী বা হিন্দীতেই ভাৱৰ আদাৱ-প্ৰদান কৰে যদিও ভঙা অসমীয়া ভাষাটো কথা-বাৰ্তা কয়। তেওঁলোকে অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰে যদিও ৬০শতাংশই হিন্দী আৰু ইংৰাজীৰ শব্দ মিহলি অসমীয়া ভাষা কয়। অসমত পূৰ্বৰ পৰা স্থায়ীভাৱে বসবাস কৰি অহা নেপালী ভাষী লোকসকলে সুন্দৰকৈ অসমীয়া ভাষা ক'ব পাৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত গোৰ্খালোকৰ সংখ্যা ৬ লাখ। বৰ্তমান নেপালী লোকসকলৰো নিজা সাহিত্য-সংস্কৃতিৰ বিকাশ হৈছে। নেপালী ছাত্ৰ সংগঠনৰো জন্ম হৈছে। নেপালী সাহিত্য সভাইয়ো নেপালী ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। অসমীয়া ভাষা সংযোগী ভাষা হিচাপে স্বীকৃতি পোৱাৰ কাৰণ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত চীন-তিব্বতীয় পৰিয়ালৰ ভাষাই সৰ্বাধিক ঠাইত প্ৰচলিত। উদাহৰণস্বৰূপে- অসমৰ বড়োসকল, কাৰ্বি, মিচিং, ডিমাচা, দেউৰী, ৰাভা, তিৱা, আহোম, খামতি, ফাকে, খাময়াং, আইতন, তুৰুং, চিংফৌ, ফাকে আদি। অৰুণাচল প্ৰদেশৰ নক্টে, তাংছা, মিছিমি, খামতি, পাচি, পাজি, পাদাম, মিঞং, টাগিন, আদি হিমমিৰি, বৰী, বোকাৰ, পাইলিবু, চাৰাক, আপাটানি, গালং, মিজি, খাম্বা, মেম্বা, হূছু, মনপা, ছেৰদুকপেন ইত্যাদি। নাগালেণ্ডৰ কন্যাক, আও, চেমা, লোঠা, চাঙ, চংতাম, আঙ্গামী, খেমোংগাম, য়িমছুংমি, চুকৰি, খেজা, ছংতাম-পছুৰি ইত্যাদি। মনিপুৰৰ টাংখুল, কাকুই, কাচ্ছানগা, লামকাং, মেইতেই আদি ভাষাবিলাক চীন-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত এই ভাষাবোৰৰ মাজত থকা সমস্যাসমূহ হ'ল- ক) শ্যাম-চীনীয় ভাষাবোৰৰ বাহিৰে তিব্বত-বৰ্মী ভাষাবোৰৰ লিপি পাবলৈ নাই। কেৱল তিবিবত-বৰ্মী পৰিয়ালৰ মেইতেই ভাষাত পুৰণি লিপিৰ সন্ধান পোৱা গৈছে। খ) পুৰণি লিপি নথকাৰ বাবে এই ভাষাবোৰৰ কোনো লিখিত সাহিত্য সম্পদ পোৱা নাযায়। কিন্তু পৰম্পৰাগতভাৱে চলি অহা মৌখিক সাহিত্য তেওঁলোকৰ মাজত বিদ্যামান। গ) এই তিব্বত-বৰ্মী ভাষাবিলাকৰ সৰহ ভাগৰেই অৱস্থান হয় পাহাৰীয়া ঠাইত ন'হলেবা যোগাযোগৰ অভাৱ ভিতৰুৱা অঞ্চলত। ঘ) এই ভাষাবোৰৰ মাজত মিল নথকাৰ বাবে পাৰস্পৰিক সংঘৰ্ষ বৃদ্ধি হয়। যোগাযোগৰ অভাৱৰ ভাবে এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ভাষা আয়ত্ব কৰিব নোৱাৰে। ঙ) এই ভাষাবোৰত পৰ্যাপ্ত পৰিমাণৰ ব্যাকৰণ, অভিধান আৰু আন আন ছপাপুথিৰ অভাৱৰ বাবে বিস্তৃত পৰিসৰত এই ভাষাবোৰৰ চৰ্চা নাই। চ) সাধাৰণতে জনগোষ্ঠীয় সমাজত শিক্ষাৰ পোহৰ আন বহু সমাজতকৈ কম হোৱাটোও অন্য এক কাৰণ। ছ) সামাজিক আৰু অৰ্থনৈতিক অনগ্ৰসৰতা ইত্যাদি। এনেকুৱা বহুত সমস্যা উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত ভাষাসমূহত দেখা যায়। পৰস্পৰ দুৰ্বোধ্য তিব্বত-বমী ভাষাবিলাক সহ-অৱস্থান কৰি থকা অৱস্থাত সংঘৰ্ষত থাকি কোনো এটা ভাষাই ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত উমৈহতীয়া সংযোগী ভাষাৰ স্থান লাভ কৰিবলৈ সক্ষম ন'হল। তেনে অৱস্থাত প্ৰাচীন লিপিযুক্ত লিখিত আৰু মৌখিক সাহিত্যৰে চহকী অসমীয়া ভাষা এই ভাষা-ভাষীসকলৰ মাজত সোমাই পৰিল। ওপৰত কৈ অহা উত্তৰ-পূৰ্বাঞ্চলত চীন-তিব্বতীয় ভাষাবোৰৰ ক্ষেত্ৰত হোৱা সমস্যা তথা ভাষিক সংঘৰ্ষৰ বাবে অসমৰ ভৈয়াম অঞ্চলত গঢ় লৈ উঠা অসমীয়া ভাষাটো কাষৰীয়া পাহাৰীয়া অঞ্চললৈকো সম্প্ৰসাৰিত হ'ল। ভাষৰ ভাষা-সামাজিক (socio-lingual) দিশটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মানুহ সামাজিক প্ৰাণী। সেই হিচাপে এখন সমাজত বসবাস কৰা বিভিন্ন ভাষিক গোষ্ঠীৰ লোকসকল সামাজিক বা সাংস্কৃতিক কাৰণত মিলামিছা কৰাটো অতি প্ৰয়োজনীয়। চাকৰিসূত্ৰেই হওক বা ব্যৱসায় বানিজ্যিক ক্ষেত্ৰতেই হওক অসমৰ বাহিৰৰ বহু লোক আহি অসমৰ বাসিন্দা হৈছেহি। সেইসকল লোকৰ নিজা নিজা সুকীয়া সুকীয়া ভাষা আছে। তথাপি প্ৰয়োজনৰ তাগিদাত তেওঁলোকে অসমীয়া ভাষা শিকিবলৈ বাধ্য।