অসমীয়া বৰ্ণমালা পূব ভাৰতৰ লিপিসমূহৰ ভিতৰত অসমীয়া বৰ্ণমালা বা অসমীয়া লিপিয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। অসমীয়া লিপিৰ বুৰঞ্জী প্ৰায় পোন্ধৰ শ বছৰীয়া পুৰণি। পঞ্চম-ষষ্ঠ শতাব্দীৰ সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপি, খনিকৰ গাঁৱৰ নগাজুৰি লিপি আৰু মহাভূতি বৰ্মাৰ বৰগংগা শিলালিপিৰপৰা আৰম্ভ কৰি বিভিন্ন তাম্ৰশাসন, শিলালিপি, ভূমিদান লিপি, পুৰণি সাঁচিপতীয়া পুথি এই সকলোবোৰত বিভিন্ন সময়ৰ যি লিপি সংৰক্ষিত হৈছে তাৰপৰা কামৰূপী লিপিৰ ক্ৰমবিৱৰ্তন অনুধাৱন কৰা যায়। অসমীয়া লিপিৰ ক্ৰমবিৱৰ্তনৰ ইতিহাস বহলভাৱে দুটা কালত বিভক্ত কৰিব পাৰি : (ক) পঞ্চম-ষষ্ঠ শতাব্দীৰপৰা ত্ৰয়োদশ শতিকালৈকে; (খ) ত্ৰয়োদশ শতিকাৰপৰা বৰ্তমান সময়লৈকে। ৫ম শতিকাৰপৰা ত্ৰয়োদশ শতিকালৈকে সেই সময়ৰ অসমীয়া লিপিক প্ৰাচীন অসমীয়া লিপি বা কামৰূপী লিপি বুলি অভিহিত কৰিব পাৰি। ইয়াৰ উৎপত্তি ব্ৰাহ্মী, আদিম ভাৰতীয় লিপি আৰু ইয়াৰ বিকশিত ৰূপ গুপ্তলিপি। পঞ্চম শতিকাৰ উমাচল/নগাজাৰী খনিকৰগাঁও শিলালিপিৰপৰা অসমত কামৰূপী লিপিৰ প্ৰথম ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধত খোদিত উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলিৰ আখৰেই হ’ল মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন। মধ্যযুগৰ অসমীয়া লিপিক থোৰতে তিনি ভাগ কৰা হয়। প্ৰকৃততে এই তিনিটা ভাগ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা প্ৰধান ৰীতি বা শৈলী, সেই কেইটা হ’ল– কাইথেলী বা লহকৰি লিপি (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি আৰু এই নামকৰণ সাম্প্ৰদায় ভিত্তিকহে) গড়গঞা লিপি (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল আৰু পৰৱৰ্তীকালত পদ পুথি আৰু অভিলেখলৈও ই সম্প্ৰসাৰিত হয়।) আৰু বামুণীয়া লিপি (সংস্কৃত ভাষা-সাহিত্য চৰ্চা চলা টোলবোৰক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ বাবে গা কৰি উঠা এক শৈলী) দৰাচলতে কায়থেলী, বামুণীয়া আৰু গড়গঞাৰ শ্ৰেণীভেদ উপৰুৱা। এই তিনিটাক স্বতন্ত্র লিপি বুলি নকৈ অসমীয়া আখৰ বা লিপিৰ তিনিটা লিখনভংগি বুলি কোৱা হয়। ছপা আখৰৰ সৃষ্টিৰ পিছত আধুনিক লিপিৰ ৰূপ পায়। খ্ৰীষ্টীয় ঊনবিংশ শতাব্দীৰ প্ৰথমার্ধৰেপৰা ছপা পুথিত ব্যৱহাৰ কৰা লিপিক আধুনিক অসমীয়া লিপি ৰূপে সাব্যস্ত কৰা হৈছে। ১৯ শতিকাৰ আৰম্ভণিতে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়াৰ আখৰৰ আৰ্হি অনুসাৰে শ্ৰীৰামপুৰত প্ৰথম অসমীয়া বাইবেল ছপা কৰিছিল। অসমীয়াৰ লিপিত মুঠ ১১টা স্বৰবৰ্ণ আছে, অসমীয়া ভাষাৰ আঠটা প্ৰাথমিক স্বৰধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ এই ১১টা আখৰ ব্যৱহাৰ কৰা হয়। ব্যঞ্জনবৰ্ণৰ ক্ষেত্ৰত মুঠ আখৰৰ সংখ্যা ৪১ টা। ২৩টা প্ৰাথমিক ব্যঞ্জনবৰ্ণক প্ৰতিনিধিত্ব কৰিবলৈ এই ৪১টা ব্যঞ্জন আখৰ ব্যৱহাৰ কৰা হয়। স্বৰবৰ্ণৰ লগতে অসমীয়া বৰ্ণমালাত ব্যৱহৃত ব্যঞ্জনবৰ্ণৰ তালিকা তলত দিয়া হ'ল: স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ পৰিচয় স্বৰবৰ্ণ : ১১ টা অ আ ই ঈ উ ঊ ঋ এ ঐ ও ও ব্যঞ্জনবৰ্ণ : ৪১ টা ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ ড় ঢ় য় ৎ ং ঃ ঁ